পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ব্ৰাজিলৰ মাজত বিনিয়োগৰ ক্ষেত্ৰত সগযোগিতা (আই চি এফ টি)ৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই চুক্তিৰ ফলত দুয়োখন দেশৰ মাজত বিনিয়োগৰ সোঁত বাঢ়িব।(আই চি এফ টিয়ে ভাৰতত ব্ৰাজিলৰ বিনিয়োগকাৰী আৰু ব্ৰাজিলত ভাৰতীয় বিনিয়োগকাৰীসকললৈ সহায় আগবঢ়াব। ই দুযোখন দেশৰ বিনিয়োগকাৰীসকলৰ মনত আত্মবিশ্বাস দৃঢ় কৰাৰ লগতে বিনিয়োগৰ সুচল পৰিৱেশ ৰচনা কৰিব।ই ভাৰতৰ প্ৰকল্পসমূহৰ বাবে ব্ৰাজিলৰ বিনিয়োগকাৰীৰ পৰা পোনপটীয়া বৈদেশিক বিনিয়োগ আনি দিয়াতো সহায় কৰিব।
*****
AKT/VBA/SH/PRK