পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু মেচিডনিয়াৰ মাজত স্বাস্থ্যক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
এই চুক্তিয়ে তলত উল্লিখিত ক্ষেত্ৰত সহযোগিতা আগবঢ়াবঃ
১. সামৰ্থ বৃদ্ধি আৰু স্বাস্থ্যক্ষেত্ৰত মানৱ সম্পদৰ বাবে হ্ৰস্বম্যাদী প্ৰশিক্ষণ
২. চিকিৎসক, বিষয়া, অন্যান্য স্বাস্থ্য-কৰ্মচাৰী তথা বিশেষজ্ঞৰ আদান প্ৰদান
৩. মানৱ সম্পদৰ বিকাশত সহযোগিতা তথা স্বাস্থ্যসেৱাৰ সুবিধা গঢ়ি তোলা
৪. পাৰস্পৰিকভাৱে সিদ্ধান্ত লৈ অন্য কোনো ক্ষেত্ৰৰ বিকাশ
বিতং সহযোগিতা তথা ৰূপায়ণৰ পৰ্যবেক্ষণৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব।
****
AKT/VBA/PRK