পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত গৃহ আৰু বাসস্থানৰ ক্ষেত্রত তথ্যৰ আদান-প্রদান আৰু কাৰিকৰী সহযোগিতাৰ লক্ষ্যৰে ২০১৯ৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷
এই বুজাবুজি চুক্তি কাৰ্যকৰী হ’লে গৃহ আৰু মানুহৰ বাসস্থানৰ ক্ষেত্রত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় হ’ব৷ চহৰাঞ্চলৰ স্থায়ী অগ্রগতিৰ ক্ষেত্রত চহৰসমূহে সন্মুখীন হৈ থকা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্রতো দুয়োখন দেশক বুজাবুজি চুক্তিয়ে পাৰস্পৰিক সহযোগিতা আগবঢ়াব৷ ইফালে, এই চুক্তিৰ ফলত দুয়ো দেশৰ মাজৰ বাণিজ্যিক লেনদেনো বৃদ্ধি কৰিব৷ তদুপৰি, কম আয়ৰ লোকসকলৰ বাবে সুলভ গৃহ, পানী যোগান আৰু নিষ্কাষণ ব্যৱস্থা, চহৰাঞ্চলৰ পৰিবহণকে ধৰি স্মার্ট চিটী গঢ়ি তোলাৰ বিষয়তো সহযোগিতা আৰু অধিক বৃদ্ধি পাব৷
*****
AKT/DB