Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু মৰক্কোৰ মাজত প্ৰত্যর্পণ চুক্তি স্বাক্ষৰ আৰু সংশোধনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত প্ৰত্যর্পণ চুক্তি স্বাক্ষৰ আৰু ইয়াৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনায়। ১১-১৮ নৱেম্বৰত দুয়ো দেশৰ মাজত একাংশ ভিআইপি লোকৰ প্ৰস্তাৱিত ভ্ৰমণকালত এই চুক্তিখন স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।

এই চুক্তিখন স্বাক্ষৰিত হ’লে অর্থনৈতিক অপৰাধ, সন্ত্রাসবাদ আৰু অন্যান্য গুৰুতৰ অপৰাধত জড়িত পলাতক ব্যক্তিসকলক দুয়ো দেশৰ মাজত প্ৰত্যর্পণৰ বাবে এক শক্তিশালী আইনী ভেঁটি গঢ় লৈ উঠিব। তদুপৰি, এই চুক্তিখনে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু মৰক্কোৰ পাৰস্পৰিক স্বার্থ বিৰোধী কামত জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো সহজ হ’ব।

***

AKT/NW/SH/DB