পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু মৰক্কোৰ মাজত যুৱ সম্পৰ্কীয় বিষয়ক লৈ সহযোগিতা বৃদ্ধি লক্ষ্যৰে ২০১৯ৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰা হয়৷
এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে যুৱ বিনিময়ৰ জৰিয়তে বিভিন্ন অনুষ্ঠান আৰু কাৰ্যসূচীত অংশগ্ৰহণ, তথ্য আৰু জ্ঞানৰ বিনিময় কৰি দুয়োখন দেশৰ যুৱ সম্পৰ্কীয় বিষয়ক সুদৃঢ় কৰাৰ লগতে সহযোগিতাত উৎসাহ যোগোৱা৷
সহযোগিতা আগবঢ়াবলগীয়া যুৱ সম্পৰ্কীয় বিষয়বোৰৰ ভিতৰতঃ
এই বুজাবুজি চুক্তিত উল্লেখ থকা মতে ২০১৯ৰ পৰা দুয়োখন দেশে প্ৰতি বছৰে সৰ্বাধিক ১০ দিনৰ বাবে ২০গৰাকীকৈ যুৱ প্ৰতিনিধিৰ বিনিময়মূলক কাৰ্যসুচী হাতত লৈছে৷.
********
AKT/DB