Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু হেলেনিকৰ মাজত পুনঃনৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু হেলেনিকৰ মাজত পুনঃনৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয়। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজ আৰু হেলেনিকৰ মাননীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী নিকোছ কোটজিয়াছৰ মাজত ২০১৭ চনৰ নৱেম্বৰত তেখেতৰ নতুন দিল্লী ভ্ৰমণৰ সময়ত উক্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।

দুয়োপক্ষই পাৰস্পৰিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি সমানভাৱে নবীন আৰু পুনঃনৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আনুষ্ঠানিক সহযোগিতাৰ মনোভাৱ পোষণ কৰে।

এই চুক্তিৰ ৰূপায়ণৰ বাবে এক যুটীয়া কৰ্মীগোট গঠন কৰি সহযোগিতাৰ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা তথা পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হ’ব। এই চুক্তিৰ জৰিয়তে তথ্য তথা বিশেষজ্ঞৰ আদান প্ৰদানৰো আশা কৰা হৈছে।

*****

AKT/VBA/PRK