Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“ভাৰত-ইজৰাইল ঔদ্যোগিক গৱেষণা আৰু উন্নয়ন তথা প্ৰযুক্তিগত উদ্ভাৱন পুঁজি” সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেট অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত “ভাৰত-ইজৰাইল ঔদ্যোগিক গৱেষণা আৰু উন্নয়ন তথা প্ৰযুক্তিগত উদ্ভাৱন পুঁজি(১৪এফ)” সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়। ২০১৭ৰ জুলাইত এই চুক্তিখন স্বাক্ষৰ কৰা হয়।

পাঁচ বছৰৰ বাবে স্বাক্ষৰিত এই পুঁজিত ভাৰত আৰু ইজৰাইলে প্ৰত্যেকেই বছৰি ৪ নিযুত মাৰ্কিন ডলাৰকৈ বৰঙণি আগবঢ়াব। প্ৰত্যেক দেশৰে চাৰিজনকৈ সদস্যৰে গঠিত যুটীয়া পৰিষদে এই উদ্ভাৱন পুঁজি পৰিচালনা কৰিব।
এই বুজাবুজি চুক্তিয়ে উদ্ভাৱনমূলক বা প্রযুক্তিচালিত বা উন্নত সামগ্ৰী, সেৱা অথবা পদ্ধতিৰ ক্ষেত্রত যৌথ প্রকল্প গ্ৰহণত সহযোগিতা বৃদ্ধিৰ জৰিয়তে বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত দ্বিপাক্ষিক উদ্যোগ গৱেষণা আৰু উন্নয়ন তথা উদ্ভাৱন সহযোগিতাক আগুৱাই নিব। একেদৰে এই প্রকল্পই পানী, কৃষি, বিদ্যুৎ আৰু ডিজিটেল প্রযুক্তিৰ ক্ষেত্রত আহৰণযোগ্য প্রযুক্তিৰ উদ্ভাৱনত বিশেষ গুৰুত্ব প্ৰদান কৰিব। সহযোগিতামূলক এই প্রকল্পৰ জৰিয়তে ভাৰত আৰু ইজৰাইলৰ বিভিন্ন ব্যক্তিগত উদ্যোগ, উদ্যোগ, গৱেষণা আৰু উন্নয়ন প্রতিষ্ঠানসমূহৰ মাজত এটা সংঘ গঢ়ি তুলিবলৈ প্রতিষ্ঠানিগত সহাযোগিতা আগবঢ়াব।

যৌথ পুঁজিৰ জৰিয়তে কৰিব লগা সহযোগিতাই দুই দেশৰ মাজত প্রযুক্তি তথা আর্থিক সহযোগিতাও বৃদ্ধি কৰিব। ই ভাৰত আৰু ইজৰাইলৰ মাজত যৌথ প্রকল্পক উৎসাহিত কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু বৈশ্বিক বজাৰত মূলধন সৃষ্টি লক্ষ্যৰে পৰিপুৰক শক্তি বৃদ্ধি কৰিব, সহায়ক সঁজুলিৰ এক ব্যাপক সম্ভাৰ প্রদান কৰিব, যি “ব্যৱহাৰিক জ্ঞান” (ন’-হাও) ক “কৰি দেখুওৱা” (শ্ব’-হাও)ৰ জ্ঞানলৈ ৰূপান্তৰিত কৰিব। ই ভাৰতত উদ্ভাৱন আৰু প্রযুক্তিনিৰ্ভৰ উদ্যোগক শক্তিশালী কৰিব, তত্বাৱধান লোৱাৰ লগতে ভাৰতৰ ষ্টার্ট-আপ আঁচনিত প্রত্যক্ষভাৱে অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে।

*****

AKT/VBA/SH/DB