পি এম ইণ্ডিয়া
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা “ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব” শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
অনুষ্ঠানৰ আড়ম্বৰপূৰ্ণ আৰম্ভনিৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী লাক্সনে সভাস্থলীত প্ৰদৰ্শিত হোৱা অভিনৱ ক্ৰীড়া সঁজুলিসমূহ পৰিদৰ্শন কৰে।
নিউজিলেণ্ডৰ সফল খেলুৱৈ আৰু উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়াৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলৰ সৈতেও তেওঁলোকে মত বিনিময় কৰে। দুয়োখন দেশৰ মাজত থকা ১০০ বছৰীয়া ক্ৰীড়া সংযোগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ এই ভ্ৰমণৰ সময়ত সম্পন্ন হোৱা ক্ৰীড়া যুটীয়া কাৰ্য্য পৰিকল্পনাই ক্ৰিকেটৰ বাহিৰেও দুয়োখন দেশৰ সম্পৰ্ক অধিক সম্প্ৰসাৰণ কৰাত সহায় কৰিব। ভাৰতে কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু হোৱাৰ সময়তে দুয়োখন দেশৰ ক্ৰীড়া সহযোগিতা বৃদ্ধিৰ ইচ্ছাৰ সৈতে খাপ খুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কৰিছে।
********
MJPS/SS/ST/DM
India and New Zealand are working together to build an even stronger partnership for the future.@chrisluxonmp
— Narendra Modi (@narendramodi) July 11, 2026
https://t.co/BJUTl8Vo6e
आज चालीस वर्षों के बाद भारतीय प्रधानमंत्री की न्यूजीलैंड यात्रा हो रही है।
— PMO India (@PMOIndia) July 11, 2026
यह हमारे संबंधों के एक नए अध्याय का शुभारंभ है: PM @narendramodi
हमने भारत-न्यूजीलैंड संबंधों को Strategic Partnership के स्तर पर ले जाने का ऐतिहासिक निर्णय लिया है।
— PMO India (@PMOIndia) July 11, 2026
इसके अंतर्गत हम हर क्षेत्र में स्पष्ट लक्ष्यों और ठोस परिणामों के साथ आगे बढ़ेंगे: PM @narendramodi
इस वर्ष हमने record समय में Free Trade Agreement किया।
— PMO India (@PMOIndia) July 11, 2026
इस उपलब्धि से दोनों देशों के उद्योगों, किसानों और युवाओं के लिए नए द्वार खुलेंगे: PM @narendramodi
आज हमने Indo-Pacific में maritime cooperation के लिए एक framework पर सहमति बनाई है।
— PMO India (@PMOIndia) July 11, 2026
Bilateral naval exercises, logistics support और hydrography में सहयोग से हमारा आपसी तालमेल बढ़ेगा: PM @narendramodi
वैश्विक मंच पर भी भारत और न्यूज़ीलैंड भरोसेमंद साझेदार और करीबी मित्र हैं।
— PMO India (@PMOIndia) July 11, 2026
हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए UN सहित अन्य वैश्विक संस्थानों में reform आवश्यक है: PM @narendramodi