পি এম ইণ্ডিয়া
মহামান্য, প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সন,
ভাৰত আৰু নিউজিলেণ্ডৰ ব্যৱসায়িক নেতাবৃন্দ
নমস্কাৰ
কিয়া অ’ৰা
আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।
আপোনালোক সকলোৰে উপস্থিতি নিউজিলেণ্ডৰ উদ্ভাৱন, উদ্যোগ আৰু ভৱিষ্যতমুখী চিন্তাধাৰাৰ প্ৰতীক। ভাৰতৰ তৰফৰ পৰা মই ১৪০ কোটি লোকৰ আকাংক্ষা আৰু উচ্চাকাংক্ষাৰ বাৰ্তা লৈ আহিছো।
বন্ধুসকল,
ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ সম্পৰ্ক এক সন্ধিক্ষণত উপনীত হোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে। আজি আমি আমাৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ সূত্ৰত বান্ধি ৰাখিছো। এয়া কেৱল কূটনৈতিক মাইলৰ খুঁটি নহয়। এয়া আমাৰ অংশীদাৰী ভৱিষ্যতৰ বাবে এক নতুন সংকল্প।
চলিত বৰ্ষত ন মাহৰ অভিলেখ সময়ৰ ভিতৰত দুয়োখন দেশৰ মাজত এখন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। ই আপোনালোক সকলোৰে বাবে বজাৰ প্ৰৱেশাধিকাৰ, বিনিয়োগ, সেৱা, প্ৰযুক্তি আৰু প্ৰতিভাৰ গতিশীলতাৰ বাবে নতুন সুযোগ আনিব। মই আত্মবিশ্বাসী যে নতুন উদ্যম আৰু উৎসাহেৰে কাম কৰি আমি ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰিম।
নিউজিলেণ্ডে অহা পোন্ধৰ বছৰত ভাৰতত ২০ বিলিয়ন ডলাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। এয়া কেৱল বিনিয়োগৰ বাবেই নহয়, ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হোৱাৰ বাবেও এক প্ৰতিশ্ৰুতি।
বন্ধুসকল,
আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি। আমাৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণী, বৃহৎ পৰিমাণৰ ডিজিটেল গ্ৰহণ আৰু আন্তঃগাঁথনিৰ প্ৰচেষ্টাই ভাৰতক এক অনন্য বিকাশৰ কাহিনী হিচাপে গঢ়ি তুলিছে।
ভাৰতত আমি শাসনৰ আধাৰত সংস্কাৰ, সম্পাদন আৰু পৰিৱৰ্তন সাধন কৰিছো। আজি ভাৰতত নীতিগত স্থিৰতা, ৰাজনৈতিক স্থিৰতা আৰু বিকাশৰ ধাৰাবাহিকতা আছে।
সেয়েহে আজি বিশ্বৰ প্ৰতি আমাৰ বাৰ্তা হ’লঃ ভাৰত কেৱল এখন বজাৰ নহয়; ভাৰত হৈছে বিশ্বৰ বিকাশৰ বাবে এখন আৰাম্ভণিৰ মঞ্চ।
ভাৰতত সৃষ্টি হোৱা এই সুযোগসমূহৰ সুবিধা ল’বলৈ মই আপোনালোকক কেইটামান উদাহৰণ দিব বিচাৰো। ভাৰতত উৎপাদনক উৎসাহিত কৰিবলৈ, আমি উৎপাদন সংযুক্ত উৎসাহ আঁচনি আৰম্ভ কৰিছো। ইয়াৰ অধীনত খাদ্য প্ৰক্ৰিয়াকৰণৰ পৰা আৰম্ভ কৰি বস্ত্ৰলৈকে ১৪ টা খণ্ডত প্ৰায় ২০ বিলিয়ন ডলাৰৰ সাহাৰ্য আগবঢ়োৱা হৈছে। মই আপোনালোক সকলোকে এই উৎপাদনৰ গতিৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছো।
ভাৰতত বিমানবন্দৰ, আঞ্চলিক সংযোগ, বিমান কাৰ্গো আৰু পৰ্যটন দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ঘৰুৱা বিমান পৰিবহণ বজাৰ। আমি একেলগে কাৰ্গো কৰিডৰ, বিমান সংযোগ আৰু যুটীয়া পৰ্যটন পেকেজ সৃষ্টি কৰিব পাৰো।
কিউি, আপেল, মৌ আৰু সাগৰীয় খাদ্যৰ বাবে পচনশীল কাৰ্গো সমাধান বিকশিত কৰিব পাৰি। নিউজিলেণ্ডৰ উদ্যানপালন, দুগ্ধ বিজ্ঞান আৰু বনবিদ্যাৰ ক্ষেত্ৰত বিশাল দক্ষতা আছে। ভাৰতত উপভোক্তা বজাৰ, খাদ্য উদ্যান আৰু কৃষি-প্ৰযুক্তিৰ প্ৰতিভাৰ শক্তি আছে। আমি একেলগে খেতিৰ পৰা বজাৰলৈ মূল্য শৃংখল আৰু বিশ্বব্যাপী ৰপ্তানি মঞ্চ সৃষ্টি কৰিব পাৰোঁ।
আজি ভাৰত ফিনটেকৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ। আজি, বিশ্বৰ প্ৰকৃত সময়ৰ ডিজিটেল পৰিশোধৰ ৫০শতাংশ ভাৰতত হয়। আমি ডিজিটেল পেমেণ্টৰ লগতে গ্ৰীণ বণ্ড আৰু মিশ্ৰিত বিত্তৰ সৈতে আগবাঢ়ি যাব পাৰো। আমি মহাকাশ খণ্ডক ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰি দিছো।
আজি ভাৰতত ৪০০ ৰো অধিক মহাকাশ ষ্টাৰ্ট-আপ আছে আৰু ই এখন ইউনিকৰ্ণ হৈ পৰিছে। দুয়োখন দেশৰ কোম্পানীয়ে ভাৰতৰ মহাকাশ পৰিৱেশতন্ত্ৰৰ সৈতে সৰু উপগ্ৰহ, ৰিম’ট চেঞ্চিং আৰু মহাসাগৰ নিৰীক্ষণত কাম কৰিব পাৰে।
ভাৰতত স্মাৰ্ট চিটি মিছনৰ অধীনত ১০০ খন চহৰত ৮,০০০ ৰো অধিক প্ৰকল্পৰ ওপৰত কাম কৰি আছে। আমি নগৰীয়া গতিশীলতা, পানী ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰত একেলগে কাম কৰিব পাৰোঁ।
বন্ধুসকল,
মই মাওৰি ব্যৱসায়িক নেতাসকলক বিশেষ শুভেচ্ছা জনাইছো। ভাৰতৰ সভ্যতা আৰু মাওৰী পৰম্পৰা দুয়োটাতে প্ৰকৃতি, সম্প্ৰদায় আৰু বহনক্ষমতাৰ প্ৰতি গভীৰ সন্মান আছে। আমাৰ এফ টি এ-ত মাওৰি ব্যৱসায়ৰ বাবে থকা সুযোগবোৰো গুৰুত্বপূৰ্ণভাৱে দেখা যায়। এই অংশীদাৰী মূল্যবোৰ একত্ৰিত কৰি, আমি অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম বাণিজ্যৰ এক নতুন আৰ্হি সৃষ্টি কৰিব পাৰোঁ।
বন্ধুসকল,
মই পৰামৰ্শ দিওঁ যে আমি একেলগে এক অতি উচ্চাকাংক্ষী ব্যৱসায়িক নীতি তৈয়াৰ কৰো। আহক আমি কমেও পাঁচটা ধ্বজাবাহী প্ৰকল্প চিনাক্ত কৰো, আমাৰ শক্তি বৃদ্ধি কৰো আৰু সেইবোৰ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে এক পৰ্যালোচনা ব্যৱস্থা সৃষ্টি কৰো। তেতিয়াহে আমি আমাৰ সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰিব পাৰিম আৰু দুয়োখন দেশৰ জনসাধাৰণৰ আকাংক্ষা তথা আশা পূৰণ কৰিব পাৰিম।
মই আপোনালোক সকলোকে এই যাত্ৰাত কান্ধত কান্ধ মিলাই খোজ কাঢ়িবলৈ আমন্ত্ৰণ জনাইছো।
আহক আমি আমাৰ অংশীদাৰিত্বক সমৃদ্ধিৰ বাবে এখন মঞ্চ, উদ্ভাৱনৰ বাবে এক সেতু আৰু বিশ্বৰ ভালৰ বাবে এক শক্তি হিচাপে গঢ়ি তোলো।
মই বিচাৰো যে ভাৰত আৰু নিউজিলেণ্ড একেলগে এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰক।
আৰু মোৰ আন এটা অনুৰোধ আছে। আপোনালোকে এইমাত্ৰ উল্লেখ কৰাৰ দৰে, আমাৰ ক্ৰীড়া সম্পৰ্কৰ এশ বছৰ পাৰ হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান।
আমি এইটো উদযাপন কৰিম। কিন্তু আমি ৩৫ বছৰৰ তলৰ ব্যৱসায়ীৰ ইমান ডাঙৰ প্ৰতিনিধি দল ভাৰতলৈ অহাৰ কথা ভাবিব পাৰোঁনে, আৰু ভাৰতৰ পৰা ৩৫ বছৰৰ তলৰ ব্যৱসায়িক প্ৰতিনিধি দলো নিউজিলেণ্ডলৈ অহাৰ কথা ভাবিব পাৰোঁনে? যাতে আমি নতুন প্ৰজন্মক প্ৰস্তুত কৰিব পাৰোঁ? এই এটা ইচ্ছাৰে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।
***
MJPS/SS/ST/MK
A stronger economic partnership between India and New Zealand will create new opportunities for businesses, innovators and our youth. Delighted to interact with industry leaders in Auckland.@chrisluxonmp
— Narendra Modi (@narendramodi) July 11, 2026
https://t.co/Zlkc3VYcDa
भारत और न्यूज़ीलैंड के संबंध एक turning point पर हैं।
— PMO India (@PMOIndia) July 11, 2026
आज हम अपने संबंधों को Strategic Partnership के सूत्र में बांध रहे हैं।
यह केवल एक diplomatic milestone नहीं है। यह हमारे साझा भविष्य का एक नया संकल्प है: PM @narendramodi
इस वर्ष दोनों देशों के बीच 9 महीनों के record समय में Free Trade Agreement किया गया।
— PMO India (@PMOIndia) July 11, 2026
यह आप सभी के लिए market access, investment, services, technology और talent mobility के नए अवसर लेकर आएगा: PM @narendramodi
India is not only a market; India is a launchpad for global growth: PM @narendramodi
— PMO India (@PMOIndia) July 11, 2026
न्यूज़ीलैंड के पास horticulture, dairy science, और forestry में विशाल expertise है।
— PMO India (@PMOIndia) July 11, 2026
भारत के पास consumer market, food parks और agri-tech talent की ताकत है।
हम मिलकर farm-to-market value chains और global export platforms बना सकते हैं: PM @narendramodi