পি এম ইণ্ডিয়া
কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!
বন্ধুসকল,
আজি মহাকাশ খণ্ডত দেশত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ হৈছে। আজি ভাৰতৰ মহাকাশ বাতাবৰণত ব্যক্তিগত খণ্ডই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। স্কাইৰুটৰ ইনফিনিটি কেম্পাছত ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু সৰ্বোপৰি যুৱ শক্তি প্ৰতিফলিত হৈছে। আমাৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, ৰিস্ক লোৱাৰ ক্ষমতা, উদ্যমিতাই আজি নতুন শিখৰত আৰোহণ কৰিছে। আৰু আগন্তুক সময়ত ভাৰতে বিশ্বব্যাপী উপগ্ৰহ উৎক্ষেপণৰ বাতাবৰণত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আজিৰ এই অনুষ্ঠানে সংকল্প গ্ৰহণ কৰিছে। পৱন কুমাৰ চন্দনা আৰু নগা ভাৰত ঢাকালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোক দুয়োজনেই বহু যুৱ মহাকাশ উদ্যোগীৰ বাবে আৰু দেশৰ প্ৰতিজন যুৱক-যুৱতীৰ বাবে এক বৃহৎ প্ৰেৰণা। আপোনাসৱে নিজকে বিশ্বাস কৰিছিল, ৰিস্ক ল’বলৈ কুণ্ঠাবোধ কৰা নাছিল। আৰু আজি সমগ্ৰ ৰাষ্ট্ৰই ইয়াৰ ফল দেখিবলৈ পাইছে। দেশে আপোনালোকক লৈ গৌৰৱ কৰে।
বন্ধুসকল,
অতি সীমিত সম্পদেৰে ভাৰতৰ মহাকাশ যাত্ৰা আৰম্ভ হৈছিল। কিন্তু আমাৰ উচ্চাকাংক্ষা কেতিয়াও সীমাবদ্ধ নাছিল। এটা সময়ত আমি চাইকেলেৰে ৰকেটৰ অংশ সৰবৰাহ কৰিছিলো, আজি ভাৰতে প্ৰমাণ কৰিলে যে সপোনৰ উচ্চতা সম্পদৰ দ্বাৰা নহয়, সংকল্পৰ দ্বাৰা নিৰ্ধাৰিত হয়। ইছৰোয়ে ভাৰতৰ মহাকাশ যাত্ৰাক দশক-দশক ধৰি নতুন উদ্দীপনা যোগাই আহিছে। বিশ্বাসযোগ্যতা, ক্ষমতা, মূল্যৰ ক্ষেত্ৰত ভাৰতে নিজৰ বাবে এক অনন্য পৰিচয় গঢ়ি তুলিছে।
বন্ধুসকল,
আমি সকলোৱে জানো যে এই পৰিৱৰ্তিত সময়ত মহাকাশ খণ্ডৰ দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে। এয়া যোগাযোগ ব্যৱস্থা, কৃষি, সামুদ্ৰিক নিৰীক্ষণ, নগৰ পৰিকল্পনা, বতৰৰ ভৱিষ্যদ্বাণী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভেটি হৈ পৰিছে। সেইবাবেই আমি ভাৰতৰ মহাকাশ খণ্ডত ঐতিহাসিক সংস্কাৰ সাধন কৰিছো। চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিছিল আৰু নতুন মহাকাশ নীতিৰ খচৰা যুগুত কৰিছিল। আমি ষ্টাৰ্টআপ আৰু উদ্যোগক উদ্ভাৱনৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিছিলো। আমি ইন-স্পেচ (IN-SPACe) স্থাপন কৰিছিলো আৰু আমাৰ ষ্টাৰ্টআপসমূহক ইছৰোৰ সুবিধা তথা প্ৰযুক্তি প্ৰদান কৰিছিলো। যোৱা ৬-৭ বছৰত ভাৰতে নিজৰ মহাকাশ খণ্ডক মুকলি, সমবায় আৰু উদ্ভাৱন-চালিত বাতাবৰণলৈ ৰূপান্তৰিত কৰিছে। আজিৰ অনুষ্ঠানে আমাক ইয়াৰ আভাস দিয়ে আৰু আমাক গৌৰৱেৰে ভৰাই তোলে।
বন্ধুসকল,
ভাৰতৰ যুৱক-যুৱতীসকলে সদায় ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ স্থান প্ৰদান কৰে। প্ৰতিটো সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰে। চৰকাৰে মহাকাশ খণ্ড মুকলি কৰাৰ সময়ত আমাৰ যুৱক-যুৱতী, বিশেষকৈ আমাৰ জেন-জেড যুৱক-যুৱতীসকলে ইয়াৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আগবাঢ়ি আহিছিল। আজি ভাৰতৰ ৩০০-ৰো অধিক মহাকাশ ষ্টাৰ্টআপে ভাৰতৰ মহাকাশ যাত্ৰাৰ ভৱিষ্যতলৈ নতুন আশাৰ সঞ্চাৰ কৰিছে। আৰু বিশেষ কথাটো হ’ল আমাৰ বেছিভাগ মহাকাশ ষ্টাৰ্টআপৰ আৰম্ভণি হৈছিল অতি সৰু টীমৰ পৰা। আৰু যোৱা ৫-৬ বছৰত এইসমূহৰ বহুতকে লগ পোৱাৰ সুযোগ পাইছো। কেতিয়াবা ভাড়াতীয়া সৰু কোঠা এটাত মাত্ৰ দুজন, কেতিয়াবা পাঁচজন সহকৰ্মী আছিল। টীমসমূহ সৰু আছিল, সম্পদ সীমিত আছিল যদিও তেওঁলোকৰ উচ্চাকাংক্ষা আকাশলংঘী আছিল। এই আত্মাই ভাৰতৰ ব্যক্তিগত মহাকাশ বিপ্লৱৰ জন্ম দিছে। আজি জেন-জেড অভিযন্তা, জেন-জেড ডিজাইনাৰ, জেন-জেড ক’ডাৰ, জেন-জেড বিজ্ঞানীসকলে নতুন প্ৰযুক্তিৰ সৃষ্টি কৰিছে। প্ৰপালচন চিষ্টেমেই হওক, কম্প’জিট মেটেৰিয়েলেই হওক, ৰকেট ষ্টেজেই হওক বা চেটেলাইট প্লেটফৰ্মেই হওক, ভাৰতৰ যুৱক-যুৱতীসকলে এনে কেতবোৰ ক্ষেত্ৰত কাম কৰি আছে যিসমূহ মাত্ৰ কেইবছৰমানৰ আগতে কল্পনাও কৰিব নোৱাৰা বিধৰ আছিল। ভাৰতৰ ব্যক্তিগত মহাকাশ প্ৰতিভাই সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিছে। আজি ভাৰতৰ মহাকাশ খণ্ড বিশ্ব বিনিয়োগকাৰীৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থানত পৰিণত হৈছে।
বন্ধুসকল,
আজি সমগ্ৰ বিশ্বতে ক্ষুদ্ৰ উপগ্ৰহৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। উৎক্ষেপণ কাৰ্য্য বৃদ্ধি পাইছে আৰু নতুন কোম্পানীয়ে উপগ্ৰহ সেৱাৰ স্থানত প্ৰৱেশ কৰিছে। আৰু মহাকাশক এতিয়া কৌশলগত সম্পদ হিচাপে প্ৰতিষ্ঠা কৰিছে। গতিকে আগন্তুক বছৰসমূহত বিশ্ব মহাকাশ অৰ্থনীতি বহুগুণে বৃদ্ধি পাব। ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এয়া এক বৃহৎ সুযোগ।
বন্ধুসকল,
মহাকাশ খণ্ডত ভাৰতৰ যি সামৰ্থ্য আছে সেয়া বিশ্বৰ কেইখনমান দেশৰহে আছে। আমাৰ বিশেষজ্ঞ অভিযন্তা, উচ্চমানৰ উৎপাদন বাতাবৰণ, বিশ্বমানৰ লঞ্চ ছাইট আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ মানসিকতা আছে। ভাৰতৰ মহাকাশ সামৰ্থ্য ব্যয়বহুল আৰু নিৰ্ভৰযোগ্য উভয়ে। এই কাৰণেই ভাৰতৰ পৰা বিশ্ববাসীয়ে বহু বেছি আশা কৰিছে। গ্ল’বেল কোম্পানীসমূহে ভাৰতত উপগ্ৰহ নিৰ্মাণ কৰিব বিচাৰে, ভাৰতৰ পৰা উৎক্ষেপণ সেৱা আহৰণ কৰিব বিচাৰে, ভাৰতৰ সৈতে প্ৰযুক্তিৰ অংশীদাৰিত্ব বিচাৰে। গতিকে এই মুহূৰ্তটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব লাগিব।
বন্ধুসকল,
আজি মহাকাশ খণ্ডত আমি যি পৰিৱৰ্তন দেখিবলৈ পাইছো, সেয়া ভাৰতত ঘটি থকা ষ্টাৰ্টআপ বিপ্লৱৰ অংশ। বিগত দশকত ভিন্ন খণ্ডত ষ্টাৰ্টআপৰ এক নতুন ঢৌৰ উন্মেষ ঘটিছে। ফিনটেক, এগ্ৰিটেক, হেল্থটেক, ক্লাইমেটটেক, এডুটেক বা ডিফেন্সটেক, ভাৰতৰ যুৱক-যুৱতী, আমাৰ জেন-জেডে প্ৰতিটো ক্ষেত্ৰতে নতুন সমাধান আগবঢ়াইছে। আৰু আজি মই বিশ্বৰ জেন-জেডক নিশ্চিতভাৱে ক’ব পাৰো যে তেওঁলোকে যদি প্ৰকৃত প্ৰেৰণা বিচাৰে তেন্তে ভাৰতৰ জেন-জেডৰ পৰা পাব পাৰে। ভাৰতৰ জেন-জেডৰ সৃষ্টিশীলতা, তেওঁলোকৰ ইতিবাচক মানসিকতা আৰু তেওঁলোকৰ সামৰ্থ্য বিকাশ সমগ্ৰ বিশ্বৰে জেন-জেডৰ বাবে এক আৰ্হি হ’ব পাৰে। আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ইক’চিষ্টেম হিচাপে পৰিগণিত হৈছে। এটা সময় আছিল যেতিয়া ষ্টাৰ্টআপসমূহ কেৱল কেইখনমান ডাঙৰ চহৰতহে সীমাবদ্ধ আছিল। কিন্তু আজি ভাৰতৰ সৰু-সৰু চহৰ-গাঁৱৰ পৰাও ষ্টাৰ্টআপৰ উন্মেষ ঘটিছে। আজি দেশত ডেৰ লাখৰো অধিক পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আছে আৰু বহুতেই ইউনিকৰ্ণ হৈ পৰিছে।
বন্ধুসকল,
আজি ভাৰত কেৱল এপ আৰু সেৱাৰ মাজতে সীমাবদ্ধ নহয়। আমি দ্ৰুতগতিত ডিপ-টেক, উৎপাদন আৰু হাৰ্ডৱেৰ উদ্ভাৱনৰ দিশত আগবাঢ়িছো—জেন-জেডৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। উদাহৰণস্বৰূপে অৰ্ধপৰিবাহী খণ্ডটো লওক। চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপে ভাৰতৰ টেক ভৱিষ্যতৰ ভেটি সুদৃঢ় কৰি তুলিছে। দেশত অৰ্ধপৰিবাহী নিৰ্মাণ ইউনিট, চিপ নিৰ্মাণ আৰু ডিজাইন হাবৰ দ্ৰুত বিকাশ ঘটিছে। চিপৰ পৰা সম্পূৰ্ণ চিষ্টেমলৈকে ভাৰতে ইলেক্ট্ৰনিকছৰ এক শক্তিশালী মূল্য শৃংখল গঢ়ি তুলিছে। এয়া আমাৰ আত্মনিৰ্ভৰতাৰ সংকল্পৰ অংশ আৰু ই ভাৰতক বিশ্ব যোগান শৃংখলৰ এক শক্তিশালী তথা নিৰ্ভৰযোগ্য স্তম্ভ হিচাপেও গঢ়ি তুলিব।
বন্ধুসকল,
আমাৰ সংস্কাৰ সাধনৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আমি যেনেকৈ ব্যক্তিগত খণ্ডৰ বাবে মহাকাশ উদ্ভাৱন মুকলি কৰিছিলো, ঠিক তেনেকৈ আমি এতিয়া আন এটা অতিশয় গুৰুত্বপূৰ্ণ খণ্ডত পদক্ষেপ গ্ৰহণ কৰিছো। আমি পাৰমাণৱিক খণ্ডটোও মুকলি কৰাৰ দিশত আগবাঢ়িছো। আমি এই ক্ষেত্ৰতো ব্যক্তিগত খণ্ডৰ বাবে এক শক্তিশালী ভূমিকাৰ ভেটি স্থাপন কৰিছো। ইয়াৰ ফলত সৰু মডিউলাৰ ৰিয়েক্টৰ, উন্নত ৰিয়েক্টৰ আৰু পাৰমাণৱিক উদ্ভাৱনত সুযোগ সৃষ্টি হ’ব। এনে সংস্কাৰ সাধনে আমাৰ শক্তি সুৰক্ষা আৰু প্ৰযুক্তিগত নেতৃত্বক নতুন শক্তি প্ৰদান কৰিব।
বন্ধুসকল,
ভৱিষ্যৎ কেনেকুৱা হ’ব সেয়া আজি অব্যাহত গৱেষণাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। সেইবাবেই আমাৰ চৰকাৰে যুৱক-যুৱতীসকলক সৰ্বাধিক গৱেষণাৰ সুযোগ প্ৰদান কৰাত গভীৰ মনোনিৱেশ কৰিছে। আমি নেচনেল ৰিচাৰ্চ ফাউণ্ডেচন স্থাপন কৰিছো, যিয়ে যুৱক-যুৱতীসকলক আধুনিক গৱেষণাত সহায় কৰে। “এক ৰাষ্ট্ৰ, এক চাবস্ক্ৰিপচন”-এ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় আলোচনীসমূহৰ উপলব্ধতা সহজ কৰি তুলিছে। ১ লাখ কোটি টকা মূল্যৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন পুঁজিয়ে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলক যথেষ্ট সহায় কৰিব। আমি ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেবো মুকলি কৰিছো, যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গৱেষণা আৰু উদ্ভাৱনৰ মনোভাৱৰ প্ৰেৰণা যোগাইছে। আমি অদূৰ ভৱিষ্যতে ৫০ হাজাৰ নতুন অটল টিংকাৰিং লেব স্থাপনৰ কাম কৰি আছো। চৰকাৰৰ এই প্ৰচেষ্টাই ভাৰতত নতুন-নতুন উদ্ভাৱনৰ ভেটি গঢ়ি তুলিছে।
বন্ধুসকল,
আগন্তুক যুগ ভাৰতৰ, ভাৰতৰ যুৱ শক্তিৰ, ভাৰতৰ উদ্ভাৱনৰ। কেইমাহমানৰ আগতে মহাকাশ দিৱস উপলক্ষে আমাৰ মহাকাশ আকাংক্ষাৰ কথা কৈছিলো। আমি অহা পাঁচ বছৰত ভাৰতে নিজৰ উৎক্ষেপণ ক্ষমতাক নতুন শিখৰলৈ নিব বুলি সংকল্প গ্ৰহণ কৰিছিলো। আমি এই সিদ্ধান্ত লৈছিলো যে ভাৰতৰ মহাকাশ খণ্ডৰ পৰা পাঁচটা নতুন ইউনিকৰ্ণ ওলাই আহিব। স্কাইৰুটৰ টীমটোৱে যিদৰে আগবাঢ়িছে, সেয়া দেখি ভাৰতে যে নিজৰ সকলো লক্ষ্যত উপনীত হ’ব তাৰ উমান পাইছো।
বন্ধুসকল,
মই প্ৰতিজন ভাৰতীয় যুৱক-যুৱতী, প্ৰতিটো ষ্টাৰ্টআপ, বিজ্ঞানী, অভিযন্তা আৰু উদ্যোগী তথা মোৰ যুৱ বন্ধুসকলক আশ্বস্ত কৰিব খুজিছো আৰু এয়াই মোৰ নিশ্চয়তা যে চৰকাৰে প্ৰতিটো খোজতে আপোনালোকৰ কাষত থিয় দি আহিছে। আকৌ এবাৰ সমগ্ৰ স্কাইৰুট টীমটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। ভাৰতৰ মহাকাশ যাত্ৰাক নতুন গতি প্ৰদান কৰা সকলোকে মোৰ শুভেচ্ছাও জ্ঞাপন কৰিছো। আহক, পৃথিৱী আৰু মহাকাশ উভয়তে একবিংশ শতিকাক ভাৰতৰ শতিকা কৰি তোলো। সকলোকে অশেষ ধন্যবাদ জনালো। আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জনাইছো!
****
MJPS/VJ/VK/AK/SB
Speaking at the inauguration of Skyroot’s Infinity Campus. It is a significant leap forward for India’s space sector and its future. @SkyrootA https://t.co/EcLEWEcdIx
— Narendra Modi (@narendramodi) November 27, 2025
Our youth power, with its innovation, risk-taking ability and entrepreneurship, is reaching new heights. pic.twitter.com/zpPkT3g4IG
— PMO India (@PMOIndia) November 27, 2025
ISRO has powered India's space journey to new heights for decades. Through its credibility, capacity and value, India has carved out a distinct identity in the global space landscape. pic.twitter.com/50wE3B9cPh
— PMO India (@PMOIndia) November 27, 2025
In just the last six to seven years, India has transformed its space sector into an open, cooperative and innovation-driven ecosystem. pic.twitter.com/SHPWkZXNnN
— PMO India (@PMOIndia) November 27, 2025
When the government opened the space sector, our youth and especially Gen Z, came forward to make the most of the opportunity. pic.twitter.com/alb2rRvNjH
— PMO India (@PMOIndia) November 27, 2025
India possesses capabilities in the space sector that few nations in the world possess. pic.twitter.com/nSr0cQBXNt
— PMO India (@PMOIndia) November 27, 2025
Be it FinTech, AgriTech, HealthTech, Climate Tech, or Defence Tech, India's youth, especially our Gen Z, are delivering new solutions across every field. pic.twitter.com/eLOmePiQRZ
— PMO India (@PMOIndia) November 27, 2025