Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভিডিঅ’ কনফাৰেন্সযোগে আইআইএম কোঝিকোড়েত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


 

ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আইআইএম কোঝিকোড়ত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

বিশিষ্ট অতিথিবৃন্দ, ভদ্ৰ পুৰুষমহিলা আৰু বন্ধুসকল৷

আইআইএম কোঝিকোড়ৰ দৰে মর্যাদাপূর্ণ প্ৰতিষ্ঠানত গ্লবেলাইজিং ইণ্ডিয়ান থট সন্মিলনত ভাষণ দিবলৈ পাই মই অতিশয় আনন্দিত হৈছো৷ এইটো অতি আনন্দৰ বিষয় যে উচ্চ শিক্ষাৰ ক্ষেত্রৰ বাবে বিখ্যাত প্ৰতিষ্ঠান আইআইএম কোঝিকোড় দেশীয় চিন্তাভাৱনাৰ বিশ্বায়নৰ ক্ষেত্রত আগ্ৰহ দেখুৱাই আহিছে৷ ভাৰতীয় চিন্তাভাৱনাৰ বিশ্বায়নক লৈ আলোচনাৰ লগতে প্ৰতিষ্ঠানটোৰ চৌহদত স্বামী বিবেকানন্দৰ এক মমৰ মূর্তি উন্মোচন কৰা হৈছে৷ ভাৰতীয় চিন্তাভাৱনাৰ বিশ্বায়নৰ ক্ষেত্ৰত স্বামী বিবেকানন্দৰ অবদান কিদৰে পাহৰিব পাৰি! বহু বছৰৰ পূৰ্বে ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত স্বামী বিবেকানন্দই চিকাগোত তেওঁৰ আবেগিক বক্তৃতাত ভাৰতৰ মূল্যবোধৰ আদর্শসমূহৰ এক আলোকপাত বিশ্বৰ সন্মুখত দাঙি ধৰিছিল৷ আমি সকলোৱে এই কথা জানো স্বামী বিবেকানন্দই তেওঁৰ ভাষণ আৰম্ভ কৰছিল আমেৰিকাৰ ভাইভনীসকল বুলি সম্বোধন কৰে৷ স্বামীজীৰ এই কথা শুনাৰ পাছত উপস্থিত সকলোৱে হাততালিৰে তেওঁক অভিনন্দন জনাইছিল৷ এয়াই আছিল স্বামীজীৰ যাদু! এই যাদু কেৱল শব্দ বন্ধনতে সীমাৱদ্ধ নাছিল৷ স্বামীজীয়ে তেওঁৰ ভাষণত সার্বজনীন ভ্রাতৃত্ববোধৰ প্ৰতি ভাৰতৰ আন্তৰিকতা আৰু প্ৰতিশ্ৰুতিৰ নিদর্শন দাঙি ধৰিছিল৷

বন্ধুসকল, ভাৰতীয় চিন্তাভাৱনা প্ৰগতিশীল আৰু বৈচিত্র্যপূৰ্ণ৷ এই চিন্তাভাৱনাৰ ক্ৰমান্বয়ে বিৱর্তন  হৈ আহিছে। সেয়েহে, ভাৰতীয় চিন্তাভাৱনাক এখন আলোচনাচক্ৰৰ আলোচনাতে বা গ্ৰন্থৰ পাততে সীমাৱদ্ধ ৰাখিব পৰা নাযায়, বৰঞ্চ এই চিন্তাভাৱনাত এনে কেতবোৰ আদর্শ আৰু মূল্যবোধ আছে, যিবোৰ ভাৰতীয় নৈতিকতাৰ কেন্দ্ৰস্থলত বিৰাজমান। এই মূল্যবোধসমূহ কৰুণা, সম্প্রীতি, ন্যায়বিচাৰ, সেৱা আৰু উদাৰতা।

বন্ধুসকল, ভাৰতে কিয় বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰে, এই ক্ষেত্ৰত মই কিছু ব বিচাৰিছো৷ প্ৰথমে কও যি কথা প্ৰথমে মনলৈ আহে, সেয়া শান্তি, একতা আৰু ভ্রাতৃত্ববোধৰ আদর্শ। বহু ৰাজ্য, বহু ভাষা, বহু উপভাষা, বহু আস্থা, বিবিধ ৰীতিনীতি আৰু ঐতিহ্য, বৈচিত্র্যময় খাদ্যাভাস আৰু জীৱনশৈলী, সাজপাৰৰ বিভিন্নতা এইখন দেশত আছে৷ তথাপি, দশকৰ পাছত দশক ধৰি মই শান্তিত বসবাস কৰি আহিছো৷ কেইবা শতিকা ধৰি মই সমগ্ৰ বিশ্বক আমাৰ পবিত্ৰ ভূমিলৈ আদৰণি জনাইছো৷ আমাৰ সভ্যতা সমৃদ্ধ হৈছে যদিও বহু সভ্যতা ব্যর্থ হৈছে৷ কিন্তু কিয়? ইয়াৰ উত্তৰ হৈছেএজন লোকে ইয়াত আহি শান্তিসম্প্রীতিৰ পৰিৱেশ বিচাৰি পায়৷

বন্ধুসকল, আমাৰ ভূমি এনে এক পবিত্ৰ স্থান, যি বিশ্বক হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধর্মৰ দৰে প্ৰগতিশীল আস্থাৰ অৱদান আছে। পবিত্ৰ এই ভূমিত ছুফি পৰম্পৰা বিকশিত হৈছে৷ এই সকলোবোৰৰ কেন্দ্ৰবিন্দু হৈছে অহিংসা। বিংশ শতিকাত মহাত্মা গান্ধী এই আদর্শৰ প্ৰকৃত স্বৰূপ আছিল৷ তেওঁ ভাৰতৰ স্বাধীনতা সংগ্রামত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷ একেদৰে গান্ধীজীৰ আদর্শই দেশৰ বাহিৰতো লাখ লাখ লোকক প্রেৰণা যোগাইছে। মার্টিন লুথাৰ কিং জুনিয়ৰৰ পৰা নেলছন মেণ্ডেলালৈকে, এইসকলৰ দৰে বহু বিশিষ্ট ব্যক্তিয়ে গান্ধীজীৰ আদর্শৰ প্ৰতি অনুপ্রাণিত হৈছে৷ আনকি, আফ্রিকাৰ বহু দেশৰ স্বাধীনতা সংগ্রামত গান্ধীজীৰ আদর্শই শক্তি যোগাইছে। দুখন বিশ্ব যুদ্ধত বহু ভাৰতীয় জোৱানে প্রাণ বিসর্জন দিছিল৷ এই যুদ্ধসমূহ প্ৰত্যক্ষভাৱে ভাৰতৰ কোনো স্বার্থ নাথাকিলেও তেওঁলোকে সাহসেৰে সৈতে ৰণভূমিত অৱতীর্ণ হৈছে৷ মই কেতিয়াও অন্য কোনো দেশৰ ভূখণ্ড বা সম্পদ বিচৰা নাই৷ কিন্তু, আমাৰ দেশৰ সৈনিকসকলে শান্তিৰ বাবে যুঁজি আহিছে৷ বহু দশক ধৰি ভাৰতে সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা কাৰ্যসূচীত সর্বাধিক অৱদান আগবঢ়াই আহিছে।

বন্ধুসকল, যেতিয়া মই কও ভাৰতে শান্তিসম্প্রীতিত বিশ্বাস কৰে, তেতিয়া প্ৰকৃতি মাতৃ আৰু পৰিৱেশৰ সৈতে সম্প্রীতি বজাই ৰখাৰ বিষয়টোও ইয়াত সামৰি লয়৷

বেদত কৈছে यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम्

আমাৰ ঐতিহ্য আৰু পৰম্পৰাই বিশ্বক মা হিচাপে বিবেচনা কৰে৷ ভাৰতত বহু জীৱজন্তুৰ সৈতে দেৱত্বৰ বিষয়টো জড়িত৷ কৌটিল্যই উদ্ভিদ আৰু প্রাণীকূলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশদভাৱে লিখিছিল৷ বর্তমানে যিবোৰ প্ৰচেষ্টা লোৱা হৈছে, তাতো উদ্ভিদ আৰু প্রাণীকূলৰ সুৰক্ষাৰ প্ৰতি লোৱা প্ৰচেষ্টা দৃষ্টিগোচৰ হৈছে৷ সৌৰশক্তিক কামত লগাই উজ্জ্বল আৰু প্ৰদূষণমুক্ত ভৱিষ্য গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন কৰি অগ্ৰণী ভূমিকা লৈছে। আমি এতিয়া নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷ এলইডি বাল্ব ব্যৱহাৰৰ লক্ষ্যৰে ভাৰতৰ গণআন্দোলন বিদ্যু ৰাহিৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছে। এতিয়ালৈকে ৩৬ কোটি এলইডি বাল্ব বিতৰণ কৰা হৈছে৷ পথ পোহৰাই তোলাৰ বাবে কোটি এলইডি বাল্ব ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰ ফলত প্ৰায় ২৫ হাজাৰ কোটি টকা ৰাহি হৈছে৷ তদুপৰি, কোটি টন কার্বন ডাই অক্সাইড নির্গমন হ্ৰাস পাইছে। একেদৰে, ব্যাপক পৰিমাণে বিদ্যু ৰাহি হৈছে৷

বিশিষ্ট অতিথিবৃন্দ, ভাৰতত বন্য পৰিৱেশত বাঘৰ সংখ্যা ২০০৬ চনৰ তুলনাত এখন দুগুণ হৈছে৷ আজি ভাৰতত বন্য পৰিৱেশত বাঘৰ সংখ্যা ,৯৭০টা৷ বিশ্বত বন্য পৰিৱেশত থকা বাঘৰ ৭৫ শতাংশই আছে ভাৰত৷ আমি এতিয়া বাঘৰ অন্যতম নিৰাপদ দেশ হৈ উঠিছো৷ ২০১০চনত সমগ্ৰ বিশ্বত ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণ কৰাৰ প্ৰতিশ্ৰুতি লৈছিল৷ আমি, ইয়াৰ পূৰ্বেই এই লক্ষ্যত উপনীত হৈছো৷

একেদৰে, ভাৰতত বন্য পৰিৱেশত সিংহৰ সংখ্যা ২০১০ৰ পৰা ২০১৫ চনত ৩০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে৷ ২০১০ চনত এই সংখ্যা আছিল ৪১১৷ মোক জনোৱা মতে এতিয়া সিংহ প্ৰজাতিৰ এই প্রাণীৰ সংখ্যা ৬০০তকৈও অধিক৷

বন্ধুসকল, ভাৰতত বনাঞ্চলৰ পৰিমাণ বাঢ়িছে। দেশত ২০১৪ চনত সংৰক্ষিত বনাঞ্চল আছিল ৬৯২ ২০১৯ চনত এই সংখ্যা ৮৬০তকৈও অধিক হৈছে৷ একেদৰে, ২০১৪ চনত কমিউনিটী ৰিজার্ভৰ সংখ্যা আছিল ৪৩, সেয়া এতিয়া ১০০তকৈও বৃদ্ধি হৈছে৷ বনাঞ্চলৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৰিৱেশবিদ আৰু বন্যপ্রেমীসকল ভাৰতৰ প্ৰতি আকৃষ্ট হৈছে৷ আপোনালোকে নিশ্চয়মেন ভাৰ্ছেছ ৱাইল্ডঅনুষ্ঠানটি চায়৷ এই অনুষ্ঠানৰো ভাৰতৰ প্ৰতি আগ্ৰহ আৰু অধিক বৃদ্ধি পাইছে।

বন্ধুসকল, আজি সচেতন জীৱনযাপন, স্বাস্থ্যসন্মত খাদ্যাভাস, বিভিন্ন ধৰণৰ ফিটনেছ চর্চা অতি জনপ্রিয় হৈ পৰিছে৷ আপোনালোকে জানে যে সমগ্ৰ বিশ্বত জনপ্রিয় এই স্বাস্থ্যসন্মত অভ্যাসৰ হৈছে ভাৰত৷ কেইবা দশকৰ পূৰ্বে ভাৰতত যোগচর্চাৰ সূচনা হৈছিল আৰু বিশ্বক আয়ুর্বেদ পদ্ধতি উপহাৰ দিছিল। যোগচর্চা কেৱল শাৰীৰিক অনুশীলন নহয়, তাতকৈও বহুত কিবাকিবি পোৱা যায়৷ প্ৰকৃততে যোগচর্চা ফিটনেছ আৰু নিৰোগী দুয়োটাই। যোগচর্চাই শৰীৰক সতেজ আৰু মানসিক প্ৰফুল্লতা বজা ৰাখে। মই আইআইএম প্ৰতিষ্ঠানৰ সৈতে জড়িত সকলোকে দৈনন্দিন কামৰ চাপৰ পৰা মানসিক প্ৰশান্তি পাবলৈ কিছু সময়ত যোগ্যাভাস কৰাৰ আহ্বান জনাইছো৷ নিয়মীয়া যোগাভ্যাস কৰিলে আপোনালোক প্ৰত্যেকেই জীৱনত ইতিবাচক পৰিৱর্তন উপলব্ধি কৰিব পাৰিব৷

বন্ধুসকল, পবিত্ৰ এই ভূমিৰ আন এটি উল্লেখযোগ্য দিশ মহিলাসকলৰ প্ৰতি সন্মান, গুৰুত্ব আৰু মর্যাদা প্ৰদান কৰা৷নাৰী টু নাৰায়ণীঅর্থা নাৰীসকলেই দেৱী লক্ষ্মীৰ ৰূপ। নাৰীসকলেই ঈশ্বৰৰ মূর্ত প্ৰতীক। ভাৰতীয় চিন্তাধাৰাত শতিকা শতিকা ধৰি মহিলাসকলৰ সবলীকৰণত সমর্থন জনাই আহিছে৷ ভাৰতত ভক্তিবাদী সাধুসন্তৰ কথা কেতিয়াও পাহিৰব নোৱাৰি৷

ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ বিদ্যসাগৰৰ দৰে মহান লোকসকলক জানো পাহৰিব পাৰি? আনকি, মহাত্মা ফুলে আৰু সাবিত্রীবাই ফুলেৰ কথাও পাহৰাটো অসম্ভৱ৷

মহিলাসকলৰ ভোটাধিকাৰ প্ৰদানত পাশ্চাত্যৰ দেশবোৰে বহু দশক সময় লৈছে। কিন্তু আমাৰ সংবিধান প্ৰণেতাসকলে প্ৰথম দিনৰ পৰাই মহিলাৰ ভোটাধিকাৰৰ বিষয়টো সুনিশ্চিত কৰিছে৷

আজি মুদ্রা ঋণ সহায্য কাৰ্যসূচীত ৭০ শতাংশতকৈ অধিক হিতাধিকাৰী মহিলা। আমাৰ সেনাবাহিনীসমূহতো মহিলাসকলে গুৰুত্বপূর্ণ বৰঙণি আগবঢ়াইছে৷ নৌসেনাৰ কেইবাগৰাকী মহিলা বিষয়াই এতিয়া জলপথেৰে সমগ্ৰ বিশ্ব পৰিভ্ৰমণ কৰি আহিছে৷ এয়া এক ঐতিহাসিক ঘটনা।

বৰ্তমান ভাৰতত সৰ্বাধিক মহিলা সাংসদ আছে৷ ২০১৯ চনত মহিলা ভোটদাতাৰ সংখ্যা সৰ্বাধিক আছিল৷

বন্ধুসকল, ভাৰতে উদাৰ মানসিকতাক বিশ্বাস কৰে৷ মহাত্মা গান্ধীয়ে এই প্ৰসংগত যথাৰ্থভাৱে কৈছিল,

মই নিবিচাৰো মোৰ ঘৰৰ চৌপাশে বেৰি থওক আৰু মোৰ ঘৰৰ খিড়িকী বন্ধ থাকক। মই বিচাৰো, সকলো স্থানৰ কৃষ্টি সংস্কৃতিয়ে মোৰ ধৰ ভৰি থাকক। কিন্তু মই নিবিচাৰো মোৰ মানসিকতা নির্দিষ্ট এক ৰীতিনীতিতে আবদ্ধ হৈ যাওক।

গান্ধীজীয়ে দেখিছিল, আমাৰ নিজৰ সংস্কৃতি লৈয়েই গর্বিত হোৱাটো সম্ভৱ। আনকি, অন্য সংস্কৃতিৰ প্ৰতিও উদাৰতা দেখুৱাব লাগিব৷ সেয়ে, উদাৰতা দেখুৱাৰ ক্ষেত্ৰত অন্য সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদর্শন কৰাটো প্ৰয়োজন।

ভাৰত তীৰ্থত কাম কৰাৰ সময়ত গুৰুদেৱ ঠাকুৰে ভাৰতৰ বিষয়ে লিখিছিলঃ

সকলোৱে দিয়া লোৱা

মিলাপ্ৰীতিসম্প্ৰীতিয়ে থাকক

কোনেও আঁতৰি যাব নালাগে

এই ভাৰত সাৰৰ ব্যাপক মানৱীয়তাৰ সংস্পৰ্শৰ পৰা৷

বন্ধুসকল, উদাৰতা থাকে, ভিন্ন মতবাদৰ প্ৰতি শ্ৰদ্ধা থাকে, তাত সৃজনশীলতা স্বাভাৱিক ঘটনা। ভাৰতীয়সকলৰ উদ্ভাৱনমূলক আগ্ৰহে বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে। শূন্য সংখ্যাটিৰ হৈছিল আমাৰ দেশৰ পৰা৷ সম্ভৱতঃ এয়াই আছিল আটাইতকৈ সার্বজনীন আৰু সহজাত ধাৰণা। এই শূন্য সংখ্যাটো গণিত শাস্ত্রৰ ধাৰণাই সলনি কৰিছিল। আজি আমি এনে এখন দেশত আছো, এক প্ৰগতিশীল তৰুণ প্ৰজন্ম আছে৷ আমাৰ জনসংখ্যাগত বৈশিষ্ট্যই আমাক বিনিয়োগৰ ক্ষেত্ৰত অন্যতম গন্তব্য কৰি তুলিছিল৷ আজি প্ৰত্যেকেই ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী। দুই দশক পূৰ্বে আমাৰ ছফট্ৱেৰ উদ্যোগ ক্ষেত্ৰৰ সৃজনশীলতা আৰু বর্তমানৰ ষ্টার্ট আপ ব্যৱস্থাই ভাৰতীয় যুৱসম্প্ৰদায়ৰ অন্তর্নিহিত শক্তিকে প্ৰতিফলিত কৰিছে।

বন্ধুসকল, মই বিশ্বায়ন আৰু ভাৰতীয় চিন্তাভাৱনাৰ বিষয়ে কৈছো৷ একেদৰে, চিন্তাভাৱনাৰ প্ৰকৃত প্ৰয়োগো প্ৰয়োজন। আপোনালোক সকলোৱে দেখিছে, দ্রুত গতিতে ভাৰতে কিদৰে আর্থিক অন্তর্ভুক্তিকৰণৰ লক্ষ্যত উপনীত হৈছে। আমি কিদৰে বিশ্বৰ সর্ববৃহ স্বাস্থ্য সেৱা আঁচনি আৰম্ভ ৰিছো, সেয়া সকলোৱে দেখিছে৷ দেশত লাখ লাখ মানুহক ধোঁয়ামুক্ত ৰন্ধনগৃহৰ সুবিধা প্ৰদান কৰা হৈছে৷ দৰিদ্ৰ আৰু আর্থিকভাৱে পিছপৰা লোকৰ বাবে লাখ লাখ ঘৰ নির্মাণ কৰা হৈছে৷

আমাৰ নির্বাচন প্ৰক্রিয়াৰ প্ৰতি লক্ষ্য কৰক৷ লাখ লাখ ভোটদাতাই শান্তিপূর্ণভাবে ভোটাধিকাৰ সাব্যস্ত কৰে৷ দুৰ্গম অঞ্চল, কেৱল এজন ভোটদাতা আছে, তাতো ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়। ইয়াত আচৰিত হবলগীয়া একো নাই যে বিশ্বৰ ক্ৰম তালিকাত ভাৰতৰ স্থানত ক্ৰমে উন্নতি হৈছে।

বন্ধুসকল, ভাৰতীয় চিন্তাভাৱনাই বিশ্বক বহু দিছে। অনাগত দিনত ইয়াতকৈ অধিক অৱদান আগবঢ়োৱাৰ বিপুল সম্ভাৱনা আছে৷ আমাৰ বিশ্বত বর্তমানে যিবোৰ জটিল সমস্যাৰ সম্মুখীন, তাৰ সমাধানসূত্ৰ বিচাৰি উলিওৱাৰ সম্ভাৱনাও ভাৰতীয় চিন্তাভাৱনাৰ মাজতে নিহিত আছে৷

আপোনালোক সকলো ভালে থাকক৷ আপোনালোক সকলো ৰোগমুক্ত হৈ থাকক৷ কেতিয়াও যেন হতাশ নহয়৷ ইয়াত কোনেও কেৱল ভাৰত আৰু ভাৰতীয়ত্বৰ কথা কোৱা নাই৷ সমগ্ৰ বিশ্বৰ কথা কয়৷ ভাৰতে বিশ্বাস কৰে যে যেতিয়া ভাৰতৰ অগ্ৰগতি , তেতিয়া সমগ্ৰ বিশ্বৰো অগ্ৰগতি ব৷ যেতিয়া সমগ্ৰ বিশ্বৰ সমৃদ্ধি ব৷ তেতিয়া ভাৰতো লাভবান ব৷ মই আশা কৰো এই ধৰণৰ সন্মিলনে ভাৰতীয় চিন্তাভাৱনাৰ সূত্ৰক জনমানসত আৰু অধিক জনপ্রিয় কৰি তুলিব৷

এই কথাকে কৈ মই মোৰ বক্তব্য শেষ কৰিছো আৰু আইআইএম কোঝিকোড়ক মোৰ শুভকামনা জনাইছো৷

ধন্যবাদ!
বহুত বহুত ধন্যবাদ!

***

VRRK/AK/BJ/JS/DB