Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভিডিঅ’ কনফাৰেন্সিংযোগে তৃতীয় বিশ্ব আলু সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


গুজৰাটৰ জনপ্রিয় মুখ্যমন্ত্রী শ্রী বিজয় ৰূপানিজী, মোৰ কেন্দ্রীয় মন্ত্রিপৰিষৰ সদস্য শ্রী নৰেন্দ্ৰ সিং তোমাৰজী, শ্রী পুৰুষোত্তম ৰূপালাজী, গুজৰাটৰ কৃষি মন্ত্রী শ্রী আৰ চি ফালদুজী, মঞ্চত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকল, দেশবিদেশৰ বিভিন্ন প্রান্তৰ পৰা অহা বৈজ্ঞানিকসকল তথা মোৰ প্রিয় কৃষক ভাইভনীসকল,

মহাত্মা গান্ধীৰ ভূমিত, মহাত্মা মন্দিৰলৈ আপোনালোক সকলোকে বহুত বহুত অভিনন্দন তথা আদৰণি জনাইছো৷

মোক জনাইছে যে বিশ্ব আলু সন্মিলনত বিশ্বৰ বহু দেশৰ পৰা একাংশ বিজ্ঞানী আজি এই সন্মিলনলৈ আহিছে, হাজাৰ হাজাৰ কৃষক বন্ধু আৰু অন্যান্য সংশ্লিষ্ট ব্যক্তিয়েও এই সমাৰোহত অংস লৈছে৷ অহা তিনি দিনত আপোনালোক সকলোৱে সমগ্ৰ বিশ্বৰ খাদ্য আৰু পুষ্টিৰ চাহিদাৰ সৈতে জড়িত গুৰুত্বপূর্ণ বিষয়বোৰক লৈ আলোচনা কৰিব, কিছু নতুন সমাধান সুত্ৰ উলিয়াব৷

এই সন্মিলনৰ বৈশিষ্ট্য এইটোও যে ইয়াত আলু সন্মিলন’, ‘কৃষি মেলাআৰু আলু ক্ষেত্ৰ দিৱস’, তিনিওটা একেলগে আয়োজিত কৰা হৈছে। মোক জনাইছে যে প্রায় ৬ হাজাৰ কৃষকে ক্ষেত্ৰ দিৱসৰ সুযোগত সমগ্ৰ গুজৰাটৰ ক্ষেত্ৰসমূহ দেখিবলৈ যাব৷ মই ভাৱো ই নিঃসন্দেহে এক প্ৰশংসনীয় প্ৰচেষ্টা।

বন্ধুসকল, এইটো অতি আনন্দৰ কথা যে এইবাৰ আলু সন্মিলনদিল্লীৰ বাহিৰত আয়োজিত হৈছে, হাজাৰ হাজাৰ আলু উপাদনকাৰী কৃষকৰ মাজত হৈছে৷ গুজৰাটত এই সন্মিলন আয়োজন কৰাটো এইবাবেই গুৰুত্বপূর্ণ কাৰণ ৰাজ্যখন আলু উপাদনৰ ক্ষেত্রত দেশৰ ভিতৰতে প্ৰথম।

বন্ধুসকল,

বিগত দুটা দশক ধৰি গুজৰাট আলু উপাদন আৰু আলু ৰপ্তানিৰ হাবহৈ উঠিছে। বিগত ১০১১ বছৰত ভাৰতৰ মুঠ আলু উপাদনেৰ হাৰ যেতিয়া প্রায় ২০ শতাংশ বৃদ্ধি পাইছে, সেই সময়ত গুজৰাটত আলু উপাদনৰ হাৰ ১৭০ শতাংশ বৃদ্ধি পাইছে। আলু উপাদনৰ পৰিমাণ বৃদ্ধিৰ লগতে মানৰ উকর্ষ বৃদ্ধিৰ কাৰণ হ, বিগত দুই দশক ধৰি এই ৰাজ্যখনৰ কৃষকৰ অনুকূলে বিভিন্ন নীতিগত সিদ্ধান্ত গ্ৰহণ তথা কৃষিৰ আধুনিক আৰু পর্যাপ্ত সুবিধা সৃষ্টি কৰা। উন্নত নীতিগত সিদ্ধান্তৰ ফলতে আজি দেশৰ বৃহ আলু প্ৰক্রিয়াকৰণ কেন্দ্ৰবোৰ গুজৰাটতে গঢ়ি উঠিছে আৰু অধিকাংশ আলু ৰপ্তানিকাৰকো গুজৰাটৰে মানুহ। গুজৰাটত অত্যাধুনিক গুদাম ঘৰ আৰু শীতলীগৃহৰ এটি ডাঙৰ আৰু আধুনিক নেটৱর্ক আছে। ইয়াৰে ভিতৰত অধিকাংশতে বিশ্বমানৰ সুবিধা আছে।

তদুপৰি, আজি সুজলাম সুফলামআৰু ছেউনী যোজনাৰ মাধ্যমেৰে গুজৰাটেই সেই ক্ষেত্ৰবোৰত জলসিঞ্চন ব্যৱস্থা প্ৰদান কৰি গৈছে, যিবোৰ আগতে খৰাং কবলিত আছিল৷

চর্দাৰ সৰোবৰ বান্ধৰ ফলত গুজৰাটৰ এক ডাঙৰ অংশ কৃষিৰ আওতাত অন্তৰ্ভূক্ত হৈছে। ইমান বৃহ জলসিঞ্চনৰ নেটৱর্ক ইমান কম সময়ৰ ভিতৰতে গঢ়ি তোলাটো এক অন্যতম সাফল্য।

কৃষিৰ ক্ষেত্রতো বৈজ্ঞানিক আৰু প্ৰযুক্তিনির্ভৰ দৃষ্টিকোণ ক্ৰমে সংস্কাৰৰ পথত অগ্ৰসৰ হৈছে৷ প্ৰতি টোপাল পানীত অধিক ফচলএই মন্ত্ৰক সাৰোগত কৰি প্ৰয়োজনীয় সংস্কাৰ সাধন কৰা হৈছে। ক্ষুদ্ৰ জলসিঞ্চনক অগ্রাধিকাৰ দিয়া হৈছে। ড্রিপআৰু স্প্রিংকলাৰজলসিঞ্চন বৃদ্ধি কৰা হৈছে৷

বন্ধুসকল,

গুজৰাটৰ এই প্ৰচেষ্টা বিগত ৫ বছৰত সমগ্ৰ দেশত প্ৰয়োগ কৰা হৈছে৷ ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে আমি একেৰাহে আগুৱাই গৈছো আৰু বহুত সাফল্য অর্জন কৰিছো৷ গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে, কৃষকৰ প্ৰচেষ্টা আৰু চৰকাৰৰ নীতিৰ সমন্বয়ৰ পৰিণাম হল যে বহুত শস্য আৰু অন্যান্য খাদ্য উপাদনত ভাৰত বিশ্বৰ শ্রেষ্ঠ তিনি দেশৰ অন্যতম হৈছে৷ এটা সময়ত আমাৰ দাইলৰ সংকট হৈছিল, প্ৰচুৰ পৰিমাণে দাইল বিদেশৰ পৰা আমদানি কৰিব লাগিছিল৷ কিন্তু বছৰৰ বাগৰাৰ লগে লগে দেশৰ কৃষকসকলে এই সংকট মোচনৰ সংকল্প লৈ দাইলৰ খেতিত মনোনিৱেশ কৰাৰ লগতে সফল হৈছে৷

বন্ধুসকল,

কৃষিক লাভজনক কৰিবলৈ চৰকাৰে পথাৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰক্রিয়াকৰণ আৰু বিতৰণ কেন্দ্ৰলৈকে এক আধুনিক আৰু ব্যাপক নেটৱর্ক গঢ়ি তুলিছে। অহা পাঁচ বছৰত কেৱল জলসিঞ্চন আৰু কৃষিৰ সৈতে জড়িত অন্যান্য পৰিকাঠামো উন্নয়নত কেইবা হাজাৰ কোটি টকা ব্যয় কৰা হব৷

কেৱল ইমানেই নহয়, খাদ্য প্ৰক্রিয়াকৰণৰ সৈতে জড়িত খণ্ডক উন্নত কৰিবলৈ কেন্দ্রীয় চৰকাৰেও বহু পদক্ষেপ গ্ৰহণ কৰিছে। এই খণ্ডত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগেৰ আওতালৈ অনাৰ সিদ্ধান্ত গ্ৰহণৰ পৰা আৰম্ভ কৰি পিএম কৃষক সম্পদা যোজনাৰ জৰিয়তে মূল্য সংযোজন আৰু মূল্য শৃঙ্খল উন্নয়নত সহায়, প্ৰতিটো স্তৰত চেষ্টা কৰা হৈছে৷ এই পৰিকল্পনাৰ জৰিয়তে বহু কম সময়ত হাজাৰ হাজাৰ কোটি টকাৰ বহুত প্ৰকল্প দেশত ৰূপায়ণ কৰা হৈছে৷

চৰকাৰে বিচাৰে কৃষি বিনিয়োগ হ্রাস পাওক, কৃষকৰ খৰচ কম হওক। সেইবাবে চৰকাৰে প্ৰধানমন্ত্রী কিষাণ সন্মান নিধিৰ জৰিয়তে, কৃষকৰ বহু সৰু সৰু ব্যয়ৰ ক্ষেত্রত সাহায্য কৰিছে৷ ইতিমধ্যে ৮ কোটি কৃষকৰ বেংক একাউণ্টত টকা প্ৰদান কৰা হৈছে। চলিত মাহতে প্রায় ৬ কোটি কৃষকৰ বেংক একাউণ্টত প্রায় ১২ হাজাৰ কোটি টাকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে৷

বন্ধুসকল,

কৃষক আৰু উপভোক্তাৰ মাজৰ পৰ্যায়ত কমকৈ উপাদিত ফচল প্ৰদানৰ জৰিয়তে খাদ্য দ্ৰব্যৰ অপচয় হ্রাস কৰাটো আমি অগ্রাধিকাৰ দিছো৷ সেইবাবে পৰম্পৰাগত কৃষিক উসাহ যোগোৱা হৈছে৷ কৃষকৰ বাবে ঋণ, উন্নত প্ৰযুক্তি আৰু বিপণন সেৱা সহজ কৰিবলৈ কৃষক উপাদন সংগঠনগঢ়ি তোলাত উসাহ যোগোৱা হৈছে৷ চৰকাৰে চেষ্টা কৰিছে যাতে অহা পাঁচ বছৰত এনে ১০ হাজাৰ নতুন কৃষক সংগঠন গঢ় লৈ উঠে। কেৱল ইমানেই নহয়, নাম নামৰ এক ৰাষ্ট্ৰীয় পর্যায়ত কৃষি বজাৰ কৃষকৰ মাজত জনপ্রিয় হৈছে৷

বন্ধুসকল,

চৰকাৰে কৃষি প্ৰযুক্তিভিত্তিক ষ্টার্ট আপসমূহৰ উন্নয়নত জোৰ দিছে, যাতে স্মার্টআৰু প্রিছিজনবা নিখুঁত কৃষিৰ বাবে প্ৰয়োজনীয় কৃষকৰ ডাটাবেছ আৰু এগ্রিষ্টেকৰ প্ৰযোগ কৰিব পৰা যায়। ফলত কৃষকসকলে জলসিঞ্চনৰ জল, খাদ্য আৰু কীটনাশকৰ সঠিক ব্যৱহাৰত সাহায্য পাব। ইয়াত বিনিয়োগ হ্রাস পাব আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় কৃষকৰ অধিক অংশীদাৰিত্বও সুনিশ্চিত হব৷

বন্ধুসকল,

চৰকাৰৰ এই প্ৰচেষ্টা তেতিয়াই সফল হ, যেতিয়া আপোনালোকৰ দৰে বিজ্ঞানী আৰু গৱেষকে পচনশীল শাকপাচলিক আৰু অধিক সময়ৰ বাবে পচি যোৱাৰ পৰা ৰক্ষা কৰাৰ সুলভ উপায় আৱিষ্কাৰ কৰিব পাৰিব৷ অহা দশকবোৰত সম্ভাব্য প্ৰয়োজন আৰু সমস্যাৰ কথা ভাবি উপাদন বৃদ্ধি, সুলভ আৰু দীর্ঘকালীন সংৰক্ষণ ক্ষমতা বৃদ্ধি, কৃষকসকলে যাতে ফচলৰ সঠিক দাম পায়এইধৰণৰ সমাধান বিচাৰি উলিয়াব পাৰে৷

সেইবাবে আমি এনে বীজো তৈয়াৰ কৰিব লাগিব, যি কম পানীত অধিক ফল দিয়ে আৰ উপন্ন ফচলৰ পচনশীলতা হ্রাস পায়। আমি এই প্ৰচেষ্টা লোৱা উচি, যাতে বীজৰ দামো কম হয় আৰ ইয়াৰ সৈতে জড়িত পাদনব্যয়ো অধিক নহয়৷

ইয়াৰ লগতে কৃষি ক্ষেত্রত আধুনিক জৈৱ প্ৰযুক্তি, কৃত্রিম বুদ্ধিমত্তা, ব্লক চেন আৰু দ্ৰোণ প্ৰযুক্তিৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কিদৰে সুলভ মুল্যত বৃদ্ধি কৰিব পৰা যায়, তাক লৈ আপোনালোকৰ পৰামর্শ আৰু সমাধান গুৰুত্বপূর্ণ হব৷ আলুৰ উপযোগিতা বিশ্লেষণ কৰি আলু উপকেন্দ্ৰক উসাহ যোগোৱাৰ বাবে নতুন নীতি আৰু গৱেষণা প্ৰকল্প ৰচনা কৰাৰ সময় সমাগত। এই নীতি আৰু প্ৰকল্পৰ ভিত্তি হব ক্ষুধা আৰু দাৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজা আৰু আন্তর্জাতিক খাদ্য নিৰাপত্তা সুনিশ্চিত কৰা৷

আপোনালোকৰ দৰে মেধাৱী বন্ধুসকলেহে এইটো কৰিবলৈ সক্ষম। আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে ঊনবিংশ শতিকাত ইউৰোপ আৰু আমেৰিকাত আলুৰ বিভিন্ন ৰোগত যি কঠিন পৰিস্থিতি সৃষ্টি হৈছিল, সেই বিপর্যয় যাতে আকৌ ঘুৰি নাহে৷

একবিংশ শতিকাত যাতে কোনো ভোকত নাথাকে আৰু অপুষ্টিত নোভোগে, সেয়া সুনিশ্চিত কৰাৰ দায়িত্বও আপোনালোকৰে৷ কৃষক, কৃষি ব্যৱসায়ী, বৈজ্ঞানিক, খাদ্য প্ৰস্তুতকৰ্তাই অনাগত দিনত আপোনালোকে এই লক্ষ্যৰে ফলপ্ৰসূ চিন্তাচৰ্চা আৰু আলোচনা কৰিব৷ পুনৰবাৰ গুজৰাট তথা ভাৰতলৈ অহাৰ বাবে আপোনালোকৰ সকলোকে কৃতজ্ঞতা জনাইছো৷ মই দিল্লীৰ বাহিৰত এই সন্মিলন আয়োজনৰ বাবে কেন্দ্রীয় কৃষি বিভাগকো অভিনন্দন জনাইছো৷ আপোনালোকে ইয়াত কেৱল ইমান বৃহ সন্মিলনেই আয়োজন কৰা নাই, দেশবিদেশৰ প্ৰতিনিধিসকল আপোনালোকৰ কৃষি ক্ষেত্রলৈও নিব, কৃষকৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতিব৷ এই ভূমিৰ সৈতে জড়িত কর্মসূচি ভৱিষ্যতে কিমান সফল হ, সেয়া মই অনুমান কৰিব পাৰিছো৷ মই পুনৰবাৰ গুজৰাটলৈ আপোনালোকক আদৰণি জনাইছো৷ আপোনালোকৰ এই সফল মংগলময় হওক। আপোনালোকে গুজৰাটৰ অদ্ভূত আতিথ্যক উপভোগ কৰক, গান্ধীজীৰ স্মৃতি বিজড়িত স্থানবোৰ পৰিদৰ্শন কৰক৷ ষ্টেচু অফ ইউনিটীৰ স্মৃতি লৈ আহক, এই কামনাৰে আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা জনাইছো৷

জয় জোৱান, জয় কিষাণ!

ধন্যবাদ!!!

*****

VRRK/VJ/DP/DB