Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভিডিঅ’ কনফাৰেন্সিংৰ যোগেদি স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ ৰ গ্ৰেণ্ড ফিনালেত প্ৰধানমন্ত্ৰীৰ ভাষণ; মত-বিনিময় কৰিলে বিভিন্ন কেন্দ্ৰৰ অংশগ্ৰহণকাৰীৰে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ চূড়ান্ত অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে৷
তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৮ত অংশগ্ৰহণকাৰী সকলোকে ‘জনভাগীদাৰী প্ৰশাসন’ বা Participative Governance ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে৷ দেশৰ যুৱ প্ৰজন্মৰ ওপৰত তেওঁ যথেষ্ট আশা প্ৰকাশ কৰে আৰু নৱ ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে, স্বপ্ন সাকাৰ কৰিবৰ বাবে তেওঁলোককো অৱদান আগবঢ়োৱাৰ আহ্বান জনায়৷ তেওঁ কয়, ‘‘যুৱ পেছাদাৰী, যুৱ মুখ্য কাৰ্যবাহী বিষয়া, যুৱ বিজ্ঞানী আৰু যুৱ আমোলা বিষয়াসকলৰ সৈতে মত-বিনিময় কৰাৰ সুযোগ মই কেতিয়াও নেহেৰুৱাও৷’’

বিগত বৰ্ষৰ হেকাথনতকৈ এই বছৰৰ হেকাথনত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি হোৱাত আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, ‘‘মোক জনোৱা হৈছে যে পূৰ্বৰ হেকাথনত হাতত লোৱা অধিকাংশ প্ৰকল্পই ইতিমধ্যে সম্পূৰ্ণ হৈছে৷’’

প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱনীয়তা আৰু IPPP মন্ত্ৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে এই IPPP হৈছে Innovate (উদ্ভাৱন), Patent (আৱিস্কাৰৰ স্বত্ত্ব), Produce (উৎপাদন) আৰু Prosper (সমৃদ্ধি)৷ তেওঁ কয়, ‘‘এই চাৰিটা পদক্ষেপেই আমাৰ দেশক ক্ষীপ্ৰতম উন্নয়ন প্ৰদান কৰিব, তাৰ বাবে আমি উদ্ভাৱন কৰিব লাগিব, সেই উদ্ভাৱনসমূহক স্বত্ত্বসহ বিপণন কৰিব লাগিব, উৎপাদন প্ৰক্ৰিয়া সুচল কৰি তুলিব লাগিব আৰু সেই সামগ্ৰীসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব যাতে তেওঁলোকে ক্ষীপ্ৰতাৰে উন্নয়ন সাধন কৰিব পাৰে৷’’ তেওঁ লগতে কয়, ‘‘কিন্তু আমি প্ৰয়োজনীয়তাভিত্তিক উদ্ভাৱনৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগিব, লোভৰ বাবে নহয়৷’’

ভাষণৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মেক ইন ইণ্ডিয়া কাৰ্যসূচী কেনেদৰে এক ব্ৰেণ্ডত পৰিণত হ’ল আৰু এতিয়া সমগ্ৰ বিশ্বতে কেনেদৰে জনপ্ৰিয় হৈ পৰিল, সেয়া আলোকপাত কৰিবৰ বাবে এক সুন্দৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ কয় যে মাত্ৰ দুবছৰ পূৰ্বে ভাৰতত মোবাইল ফোন প্ৰস্তুতকাৰী কাৰখানা মাত্ৰ দুটা আছিল, পিছে এতিয়া সমগ্ৰ দেশতে মোবাইল ফোন প্ৰস্তুতকাৰী কাৰখানা আছে প্ৰায় ১২০ টা৷

প্ৰধানমন্ত্ৰীয়ে এই হেকাথনত অংশগ্ৰহণকাৰীসকলক বিভিন্ন হেকাথন যেনে হেল্থ হেকাথন, ল-হেকাথন, আৰ্কিটেকশ্যাৰ হেকাথন, এগ্ৰিকালছাৰ হেকাথন আৰু ৰুৰেল হেকাথনৰ সম্ভাৱনীয়তা বিচাৰি উলিওৱাৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এইসমূহ হেকাথনৰ বাবে আমাক লাগে উদ্ভাৱনশীলতা গুণেৰে সমৃদ্ধ কৃষিবিদ, অভিযন্তা, স্থপতিবিদ, চিকিৎসক, আইনজ্ঞ আৰু প্ৰবন্ধক৷ তেনে হেকাথনে উদীয়মান প্ৰতিভাসমূহক একো একোখন শক্তিশালী মঞ্চ লাভ কৰিব৷’’ প্ৰগতি বৈঠকসমূহৰ যোগেদি উন্নয়নমূলক প্ৰকল্পসমূহ কেনেদৰে পোনপটীয়াভাৱে তদাৰক কৰি থাকিব পাৰি তাৰে অভিজ্ঞতাৰ বিষয়েও উপস্থিত অভ্যাগতৰ সমূখত ব্যক্ত কৰে৷

এই গ্ৰেণ্ড ফিনালে অনুষ্ঠানত বিভিন্ন কেন্দ্ৰত থকা স্মাৰ্ট ইণ্ডিয়া হেকাথনত অংশগ্ৰহণকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে৷

***

AKT/KP/RD