পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশজুৰি ‘মুদ্রা যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। চৰকাৰী আঁচনিসমূহৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এয়া প্রধানমন্ত্রীৰ দ্বিতীয় বাৰ্তালাপ।
এই যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা মত-বিনিময়ত সন্তোষ প্রকাশ কৰি প্রধানমন্ত্রীয়ে কয় যে মুদ্রা যোজনা বিভিন্ন ধৰণৰ কর্মসংস্থাপনৰ উৎস হৈ উঠিছে। তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে সুদখোৰ আৰু দালালৰ জালৰ পৰা উদ্যোগীসকলে ৰেহাই পাইছে। অই আঁচনিয়ে যুৱক-যুৱতী, মহিলা আৰু নিজৰ ব্যৱসায় আৰম্ভ অথবা ইয়াৰ পৰিধি সম্প্ৰসাৰিত কৰিব খোজাসকলক নতুন সুযোগ প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
প্রধানমন্ত্রী মুদ্রা যোজনাৰ জৰিয়তে বৰ্তমানলৈকে ৫.৭৫ লাখ কোটি টকা মূল্যৰ ১২ কোটি ঋণ দিয়া হৈছে। ইয়াৰ জৰিয়তে ২৮ শতাংশ অর্থাৎ ৩.২৫ লাখ কোটি টকা মূল্যৰ ঋণ প্রথমবাৰ উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰা উদ্যোগীক দিয়া হৈছে। বৰ্তমানলৈকে প্রদান কৰা মুঠ ঋণ সাহায্যৰ ভিতৰত ৭৪ শতাংশই মহিলা হিতাধিকাৰী আৰু ৫৫% অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ লোক আছে।
মুদ্রা যোজনাৰ হিতাধিকাৰীসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয় যে এই প্ৰচেষ্টাই দুখীয়া লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। সৰু আৰু অতিক্ষুদ্র ব্যৱসায়কো এই প্ৰচেষ্টাত অন্তৰ্ভূক্ত কৰাৰ ফলত মানুহৰ আর্থ-সামাজিক দিশটো শক্তিশালী কৰাত সহায় কৰাৰ সমান্তৰালভাৱে সফলতাও আনি দিছে বুলি প্রধানমন্ত্রীয়ে কয়।
আত্মসংস্থাপনৰ ওপৰত জোৰ দি প্রধানমন্ত্রীয়ে কয় যে নিজেই নিজৰ কর্মসংস্থাপনৰ ব্যৱস্থা কৰাটো অতি গৌৰৱৰ বিষয় আৰু ই পূৰ্বতে অসম্ভৱ বুলি ভবাৰ বিপৰীতে লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে।
মত-বিনিময়ৰ সময়ত প্রধানমন্ত্রীয়ে কয় যে মুদ্রা যোজনা যদি কেইবা বছৰ আগতেই ৰূপায়ন কৰা হ’লেহেতেন, তেতিয়া লাখ লাখ লোকে নিজৰ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিলেহেতেন। তদুপৰি, কামৰ সন্ধানত মানুহে আন ঠাইলৈ যাব লগা নহ’লহেতেন।
প্রধানমন্ত্রীৰ সৈতে বাৰ্তালাপৰ সময়ত হিতাধিকাৰীসকলে মুদ্রা যোজনাই কিদৰে তেওঁলোক নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰা তথা আন একাংশক কর্মসংস্থাপন দিয়াত সহায় কৰিছে, সেই সন্দৰ্ভত জনায়।
কর্পোৰেট বহির্ভুত, অতিক্ষুদ্র আৰু সৰু উদ্যোগীসকলক ১০ লাখ টকা ঋণ সাহায্য প্রদানৰ লক্ষ্যৰে ২০১৫ৰ ৮ এপ্রিলত প্রধানমন্ত্রী মোদীয়ে ‘মুদ্রা যোজনা’ৰ শুভাৰম্ভ কৰে। এই ঋণক পিএমএমৱাইৰ অধীনত মুদ্ৰা ঋণ হিচাপে ধৰা হয়। বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ক্ষুদ্ৰ বিত্তীয় বেংক, সমবায় বেংক, এমএইআই আৰু এনবিএফচিয়ে এই ঋণসমূহ আগবঢ়ায়।.
******
AKT/AP/DB
During today's interaction with Mudra Yojana beneficiaries, I heard entrepreneurs from Maharashtra, Karnataka, Assam, West Bengal, Jammu and Kashmir, and Himachal Pradesh share their life journeys. Due to Mudra, the entrepreneurial potential of young Indians is being harnessed.
— Narendra Modi (@narendramodi) May 29, 2018
Mudra Yojana has emerged as a job multiplier. Entrepreneurs, particularly in smaller towns and villages who were forced to depend on middlemen or moneylenders are relieved due to Mudra Yojana. This initiative places faith on the skills and strengths of 125 crore Indians.
— Narendra Modi (@narendramodi) May 29, 2018
Thanks to Mudra Yojana there is a spirit of self-reliance, especially among women, youngsters of SC, ST and OBC communities. I urged beneficiaries to increase the use of digital payments and inspire others to do so. https://t.co/KnKY9HUjGd
— Narendra Modi (@narendramodi) May 29, 2018