পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ভিভাটেকৰ পঞ্চম সন্মিলনত মূল ভাষণ প্ৰদান কৰিব৷ ২০২১ৰ ভিভাটেকত সন্মানীয় অতিথি হিচাপে প্রধানমন্ত্রীক আমন্ত্রণ জনোৱা হয়। পেৰিছত ২০১৬চনৰ পৰা প্রতিবছৰ ইউৰোপৰ আটাইতকৈ ডাঙৰ ডিজিটেল আৰু ষ্টার্টআপৰ এই অনুষ্ঠান আয়োজন কৰা হৈছে৷
প্রধানমন্ত্রীয়ে এই অনুষ্ঠানত কয় যে ভাৰত আৰু ফ্রান্সে বিভিন্ন বিষয়ত একেলগে কাম কৰি আহিছে। সহযোগিতাৰ এই ক্ষেত্রসমূহৰ মাজত আছে প্রযুক্তি আৰু ডিজিটেল ব্যৱস্থাপনা। সংকটৰ এই সময়ত এই ধৰণৰ সহযোগিতা আৰু বৃদ্ধি পাব৷ ইয়াৰ ফলত আমাৰ দেশসমূহ যিমান উপকৃত হোৱাৰ লগতে সমগ্ৰ বিশ্বও ইয়াৰ জৰিয়তে লাভবান হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ফ্ৰান্স অ’পেন টুর্নামেণ্টত ভাৰতীয় সংস্থা ইনফ’ছিছে কাৰিকৰী সহায় আগবঢ়াইছে৷ একেদৰে ভাৰতত দ্রুততম ছুপাৰ কম্পিউটাৰ প্ৰস্তুতৰ কামত ফ্ৰান্সৰ এটোছো জড়িত৷ ফ্রান্সৰ কেপজেমিনি অথবা ভাৰতৰ টিচিএছ আৰু উইপ্রোত আমাৰ আইটি ক্ষেত্রত বিশেষজ্ঞসকলে এই সমস্ত সংস্থাসমূহ কাম কৰিছে।
প্রধানমন্ত্রীয়ে কয় যে যেতিয়া কোনো নিয়ম ব্যর্থ হয় সেই সময়ৰ পৰিস্থিতি চম্ভালি লোৱা নতুন উদ্ভাৱনে সহায় কৰে৷ মহামাৰীৰ সময়ত ডিজিটেল প্রযুক্তিয়ে আমাক পৰিস্থিতিৰ মোকাবিলা কৰা, পৰস্পৰৰ মাজত যোগাযোগ গঢ়ি তোলা, স্বস্তি আৰু সান্তনা যোগাইছে। ভাৰতৰ সার্বজনীন আৰু অনন্য বায়’মেট্রিক ডিজিটেল পৰিচিতি ব্যৱস্থা আধাৰ দৰিদ্রসকলৰ সঠিক সময়ত আর্থিক সাহায্য নিশ্চিত কৰিছে। প্রধানমন্ত্রীয়ে অনুষ্ঠানত জনায় “আমি ৮০ কোটি লোকক বিনামূলীয়া খাদ্য-সামগ্ৰী যোগান ধৰিছো। বহুসংখ্যক ঘৰত ৰন্ধনৰ ইন্ধনৰ ৰাজসাহাৰ্য প্ৰদান কৰিছো৷ ভাৰতত স্বয়ম আৰু দীক্ষা নামেৰে দুটা ডিজিটেল জনশিক্ষা ব্যৱস্থা আৰম্ভ কৰিছো। যাৰ ফলত ছাত্র-ছাত্রীসকলৰ সুবিধা হৈছে।“
প্রধানমন্ত্রীয়ে ষ্টার্টআপ সংস্থাৰ ভূমিকাৰ প্রশংসা কৰি মহামাৰীৰ সময়ত তেওঁলোকে কিদৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে, সেইবিষয়ত বিস্তৃতভাৱে জনায়৷ মাস্ক, পিপিই, নমুনা পৰীক্ষাৰ সৰঞ্জামকে ধৰি বিভিন্ন উপাদানৰ ঘাটি পুৰণত বেচৰকাৰী সংস্থাসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। আমাক বেচৰকাৰী সংস্থাসমূহে এই ঘাটি পুৰণ কৰিবলৈ গুৰুত্বপূর্ণ ভূমিকা লয়৷ চিকিৎসকসকলে ক’ভিড আৰু অক’ভিড ধৰণৰ ৰোগৰ চিকিৎসা কৰিবলৈ ভার্চুৱেলী টেলি-মেডিচিন ব্যৱস্থাক কামত লগাইছে৷ ভাৰতত ইতিমধ্যে দুটা টিকা প্ৰস্তুত কৰিছে। কেইবাটাও টিকা পৰীক্ষা-নিৰীক্ষাৰ পৰ্যায়ত আছে। প্রধানমন্ত্রীয়ে লগতে জনায় যে সংক্রমিত লোকসকলৰ সংস্পর্শত কোনসকল লোক আহিছে তেওঁলোকৰ চিনাক্ত কৰিবলৈ, দেশীয় তথ্য প্রযুক্তি ব্যৱস্থাপনা আৰোগ্য সেতুৱে সহায় কৰিছে। লাখ লাখ মানুহে যাতে টিকা লাভ কৰে সেই কামত সহায় কৰিবলৈ আমাক ক’উইন ডিজিটেল প্লেটফৰ্মে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।
প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ বৃহত্তম ষ্টার্টআপ ব্যৱস্থাপনা আমাৰ দেশত আছে। বৰ্তমান আমাৰ দেশত এইবোৰে যথেষ্ট সফলতা লাভ কৰাটো গুৰুত্বপূৰ্ণ। উদ্ভাৱক আৰু বিনিয়োগকাৰীসকলে যি যি বিচাৰে ভাৰতত সেই সকলোবোৰ পোৱা যাব৷ মেধা, বজাৰ, মূলধন, পাৰিপার্শ্বিক ব্যৱস্থা আৰু মুক্ত চিন্তা- এই পাঁচটা স্তম্ভৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বক তেওঁ ভাৰতত বিনিয়োগৰ আহ্বান জনাইছে৷ প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত ভাৰতৰ মেধা শক্তিৰ প্রসংগ উল্লেখ কৰি কয় যে দেশত বহু লোকে ম’বাইল ফোন ব্যৱহাৰ কৰে৷ ৭৭ কোটি ৫০ লাখ লোকে ইণ্টাৰনেট সেৱাৰ সুযোগ গ্রহণ কৰিছে৷ ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক তথ্য প্রযুক্তি ব্যৱহাৰ কৰা হয় আৰু এই ব্যৱস্থা যথেষ্ট কম খৰচী।
ভাৰতীয়সকলে আটাইতকৈ বেছি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে৷ প্রধানমন্ত্রীয়ে জনাইছে যে ভাৰতত ডিজিটেল ব্যাপ্তিয়ে অত্যাধুনিক ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলাত সহায় কৰিছে। দেশত ১.৫৬লাখ গাঁও পঞ্চায়তত ৫.২৩লাখ কিলোমিটাৰ ফাইবাৰ অপটিক নেটৱর্ক গঢ়ি তোলা হৈছে। দেশজুৰি ৱাইফাই নেটৱর্ক গঢ়ি তোলা হৈছে। তেওঁ দেশত উদ্ভাৱনী সংস্কৃতিক উৎসাহিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে৷ ৭,৫০০ বিদ্যালয়ত অটল ইন’ভেচন মিচনৰ অধীনত অত্যাধুনিক গৱেষণাগাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। বিগত এবছৰ ধৰি বিভিন্ন ক্ষেত্রত কিদৰে কামত বিঘিনি ঘটিছে, সেই প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী কয় যে বিঘিনি ঘটাৰ অর্থ এইটো নহয় যে আমি হতাশাত ভুগিছো, আচলতে আমি মেৰামত কৰা আৰু প্রস্তুত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰিছো৷ প্ৰধানমন্ত্ৰীয়ে কয় যে “বিগত বছৰ এই সময় সমগ্ৰ বিশ্বই ভেকচিনৰ গৱেষণা কৰছিল। আজি আমাৰ ওচৰত যথেষ্ট টিকা আহিছে। একেদৰে আমি স্বাস্থ্য আন্তঃগাঁথনি আৰু অর্থনীতিৰ মেৰামতিৰ কাম কৰিছো৷ ভাৰতত আমি খনিশিল্প, মহাকাশ, বেংকি ব্যৱস্থা, আণৱিক শক্তি আৰু বিভিন্ন ক্ষেত্রত প্রচুৰ সংস্কাৰ বাস্তবায়িত কৰিছো৷ ইয়াৰ জৰিয়তে মহামাৰীৰ সময়তো ভাৰতৰ কর্মতৎপৰতা অনুভূত হৈছে।“
প্রধানমন্ত্রীয়ে বিশ্বক ভৱিষ্যতে কোনো মহামাৰীৰ পৰা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছে৷ তেওঁ কয় যে সুস্থিৰ জীৱন-যাপনৰ মাজেৰে বাস্তুতন্ত্রত ক্ষয় ৰোধ কৰাৰ ওপৰত আমি গুৰুত্ব দিছো৷ গৱেষণা আৰু উদ্ভাৱনৰ বাবে সহযোগিতাক আমি শক্তিশালী কৰিছো৷ আমাৰ পৃথিৱীয়ে যিবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তাৰ পৰা ওলাই আহিবলৈ হ’লে সামগ্ৰিক প্ৰচেষ্টা আৰু জনমুখী ব্যৱস্থাপনা গ্রহণৰ প্রয়োজন। প্ৰধানমন্ত্ৰীয়ে কয় যে “ষ্টার্টআপ জগতত তৰুণ-তৰুণীৰ প্রাধান্যই অধিক৷ এওঁলোকে অতীতৰ সংস্কাৰৰ পৰা মুক্ত। বিশ্বৰ পৰিৱর্তন অনাৰ ক্ষমতা এওঁলোকৰ মাজত সৰ্বাধিক৷ স্বাস্থ্য সেৱা, পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰৰ দৰে পৰিৱেশ অনুকূল প্রযুক্তি, কৃষি, অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ শিকাৰৰ দৰে ক্ষেত্রত আমাৰ ষ্টার্টআপ বা নতুন উদ্যোগীসকলে নিশ্চিতভাৱে কাম কৰিব৷“
ফ্রান্স আৰু ইউৰোপ ভাৰতত গুৰুত্বপূর্ণ অংশীদাৰ বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে ৰাষ্ট্রপতি মেক্রোঁৰ সৈতে আৰু মে’ মাহত ইউৰোপীয়ান ইউনিয়নৰ নেতৃবৃন্দৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে তেওঁলোকৰ মাজৰ আলোচনাত ডিজিটেল অংশীদাৰিত্ব, ষ্টার্টআপ, কোৱাণ্টাম কম্পিউটিঙে স্থান পাইছে কাৰণ এই বিষয়সমূহে এতিয়া অগ্রাধিকাৰ পাইছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে “নতুন প্রযুক্তিয়ে যি আর্থিক শক্তি, কর্মসংস্থাপন আৰু সমৃদ্ধিক নিশ্চিত কৰে সেয়া ইতিহাসত প্রমাণিত। সেয়েহে, আমাৰ অংশীদাৰিত্ব মানৱ জাতিৰ কল্যাণত কাম কৰিব৷ এই মহামাৰী আমাৰ প্রাণশক্তিক খালি পৰীক্ষাই কৰা নাই, একেদৰে আমাৰ কল্পনা শক্তিৰো পৰীক্ষা লৈছে৷ সকলোৰে বাবে আৰু অধিক সমন্বিত, যত্নবান আৰু সুস্থিৰ ভৱিষ্যৎ গঢ়ি তোলাৰ এক সুযোগ আজি আহিছে।“
*****
DS/DB
Addressing @VivaTech Summit. https://t.co/AIC6Zkcju5
— Narendra Modi (@narendramodi) June 16, 2021
India and France have been working closely on a wide range of subjects.
— PMO India (@PMOIndia) June 16, 2021
Among these, technology and digital are emerging areas of cooperation: PM @narendramodi
I believe - Where convention fails, innovation can help.
— PMO India (@PMOIndia) June 16, 2021
This has been seen during the COVID-19 global pandemic, which is the biggest disruption of our age: PM @narendramodi
COVID-19 put many of our conventional methods to test.
— PMO India (@PMOIndia) June 16, 2021
However, it was innovation that came to the rescue.
By innovation I refer to:
Innovation before the pandemic.
Innovation during the pandemic: PM @narendramodi
When I speak about innovation before the pandemic, I refer to the pre-existing advances which helped us during the pandemic.
— PMO India (@PMOIndia) June 16, 2021
Digital technology helped us cope, connect, comfort and console.
Through digital media we could work, talk with our loved ones and help others: PM
The second part, innovation for the pandemic refers to how humanity rose to the occasion and made the fight against it more effective.
— PMO India (@PMOIndia) June 16, 2021
In this, the role of our start-up sector, has been paramount: PM @narendramodi
India's strides in the world of tech and start-up are well-known.
— PMO India (@PMOIndia) June 16, 2021
Our nation is home to one of the world's largest start-up eco systems.
Several unicorns have come up in the recent years: PM @narendramodi
India offers what innovators and investors need.
— PMO India (@PMOIndia) June 16, 2021
I invite the world to invest in India based on the five pillars of:
Talent
Market
Capital
Eco-system
And, culture of openness: PM @narendramodi
Over the past year, we have witnessed a lot of disruption in different sectors.
— PMO India (@PMOIndia) June 16, 2021
Much of it is still there.
Yet, disruption does not have to mean despair.
Instead, we must keep the focus on the twin foundations of repair and prepare: PM @narendramodi
We in India implemented huge reforms across sectors, be it mining, space, banking, atomic energy and more.
— PMO India (@PMOIndia) June 16, 2021
This goes on to show that India as a nation is adaptable and agile, even in the middle of the pandemic: PM @narendramodi
Where conventions fail, innovation helps. pic.twitter.com/TM2vHD1TxZ
— Narendra Modi (@narendramodi) June 16, 2021
Here is why India is the ideal destination for start-ups to flourish. pic.twitter.com/u1ZQ7ZybsP
— Narendra Modi (@narendramodi) June 16, 2021
Our planet’s challenges can be overcome with a collective spirit and human centric approach. pic.twitter.com/Zxlf3v1jPj
— Narendra Modi (@narendramodi) June 16, 2021