পি এম ইণ্ডিয়া
মাননীয় প্ৰধানমন্ত্ৰী ডাঃ লোটে শ্বেৰিং
ভূটানৰ পৰা ইয়ালৈ বিশিষ্ট অতিথিগণ,
বন্ধুসকল,
এই বৰ্ষটো ভাৰত আৰু ভূটানৰ ৰাজনৈতিক সম্বন্ধৰ স্বৰ্ণ জয়ন্তীৰ বৰ্ষ৷ এই ঐতিহাসিক শুভ মুহূৰ্তত প্ৰধানমন্ত্ৰী ডাঃ লোটেক ভাৰতত স্বাগতম জনাবলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছোঁ৷ ভূটানত এই বৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচনৰ সফল সঞ্চালনৰ বাবে ভূটান চৰকাৰ আৰু ভূটানৰ জনতাক মই হৃদয়েৰে অভিনন্দন জনাইছোঁ৷ এই নিৰ্বাচনৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী ডাঃ লোটেক মোৰ তৰফৰ পৰা অশেষ অভিনন্দন জনালো৷ মোৰ বিশ্বাস যে তেওঁৰ নেতৃত্বত ভূটান সাফল্য আৰু প্ৰগতিৰ পথত অগ্ৰসৰ হ’ব পাৰিব৷
বন্ধুসকল,
প্ৰধানমন্ত্ৰী ডাঃ লোটেয়ে ভূটানৰ বাবে তেওঁৰ “narrowing the gap” দৃষ্টিভংগীৰ বিষয়ে মোক জানিবলৈ দিছে৷ মই তেওঁৰ দূৰদৃষ্টিক প্ৰশংসা জনাইছোঁ কিয়নো তেওঁৰ এই চিন্তাধাৰা মোৰ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’ৰ সৈতে সামঞ্জস্য আছে৷ মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আশ্বস্ত প্ৰদান কৰিছোঁ যে ভূটানৰ বিকাশত ভাৰত সদায়েই বিশ্বাসযোগ্য বন্ধু তথা সহযোগীৰ ৰূপত অৱতীৰ্ণ হ’ব৷ ভূটানৰ ১২তম পঞ্চবৰ্ষীয় যোজনাত ভাৰতে চাৰি হাজাৰ পাঁচশ কোটি টকাৰ সাহায্য প্ৰদান কৰিব৷ এই সাহায্যই ভূটানৰ প্ৰাথমিকতা পূৰণ কৰাত সহায় কৰিব৷
বন্ধুসকল,
ভাৰত আৰু ভূটানক সহযোগিতাৰ দীৰ্ঘদিনীয়া ইতিহাসত হাইড্ৰ’ প্ৰকল্পৰ সহযোগিতা এক গুৰুত্বপূৰ্ণ বিষয়৷ আজি আমি এই গুৰুত্বপূৰ্ণ বিষয়ত সৰ্বেক্ষণ কৰিছোঁ৷ মাগ্ন-দেছু প্ৰকল্পৰ কাম অতি শীঘ্ৰেই সমাপ্ত হোৱাৰ পথত৷ এই প্ৰকল্পৰ টাৰিফ সন্দৰ্ভতো সহমতি প্ৰকাশ কৰা হৈছে৷ অন্য প্ৰকল্পৰো সন্তোষজনক অগ্ৰগতি হৈছে৷ আৰু আমি দুয়ো সকলো প্ৰকল্প আগুৱাই নিব বিচাৰিছোঁ৷ আমাৰ সহযোগিতাত মহাকাশ বিজ্ঞানো অন্তৰ্ভুক্ত আছে৷ মই সন্তোষিত হৈছোঁ যে দক্ষিণ এছিয়ান উপগ্ৰহৰ সুবিধা গ্ৰহণ কৰাৰ বাবে ইছৰ’ৰ দ্বাৰা ভূটানত নিৰ্মিত গ্ৰাউণ্ড ষ্টেচন শীঘ্ৰেই নিৰ্মাণৰ পথত৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ দ্বাৰা ভূটানৰ দুৰ্গম ক্ষেত্ৰসমূহতো জলবায়ুৰ বাতৰি, টেলিমেডিচিন আৰু দুৰ্যোগ প্ৰশমন আদি কামত সহায় লাভ হ’ব৷
বন্ধুসকল,
আজি প্ৰধানমন্ত্ৰী ডাঃ লোটেয়ে মোক এটা সুখবৰ প্ৰদান কৰিছে৷ ভূটান চৰকাৰে শীঘ্ৰেই ৰুপে’ কাৰ্ড মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্তৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মোৰ বিশ্বাস যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্বন্ধ শক্তিশালী হ’ব৷
বন্ধুসকল,
আপুনি আপোনাৰ প্ৰথমটো বিদেশ ভ্ৰমণ হিচাপে ভাৰতক নিৰ্বাচিত কৰিছে৷ আৰু চাৰি বছৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ৰূপ মোৰ বিদেশ যাত্ৰাও ভূটানেই আছিল৷ পৰস্পৰে পৰস্পৰৰ মাজত সম্বন্ধ শক্তিশালী কৰাৰ বাবে, বিকাশৰ প্ৰতিটো পথত থোজত খোজ মিলাই আগবঢ়াৰ বাবে আমাৰ এই সহযোগিতাৰ ই এক প্ৰতীক স্বৰূপ৷ মোৰ বিশ্বাস যে আপোনাৰ এই ভাৰত যাত্ৰাই আমাৰ সম্বন্ধক এক নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ সৈতে মই পুনৰ বাবে ভাৰতত আপোনাক তথা আপোনাৰ প্ৰতিনিধিবৰ্গক স্বাগতম জনাইছোঁ৷
ধন্যবাদ৷
তাশী দেলেগ!
*****
एकेटी/एसएच/एसबीपी/MANN
यह वर्ष भारत और भूटान के राजनयिक संबंधों की स्वर्ण जयंती का वर्ष है।
— PMO India (@PMOIndia) December 28, 2018
इस ऐतिहासिक और शुभ वर्ष में, प्रधानमंत्री डॉक्टर लोटे का भारत में हार्दिक स्वागत करना मेरे लिए हर्ष का विषय है: PM @narendramodi
भारत और भूटान के सहयोग के लंबे इतिहास में hydro projects में सहयोग एक अहम हिस्सा रहा है।
— PMO India (@PMOIndia) December 28, 2018
आज हमने इस महत्वपूर्ण sector में सभी संबंधित projects में अपने सहयोग की समीक्षा की: PM @narendramodi
आज प्रधानमंत्री डॉक्टर लोटे ने मुझे एक खुशखबरी भी दी है। भूटान सरकार ने शीघ्र ही RuPay Cards को launch करने का निर्णय लिया है: PM @narendramodi
— PMO India (@PMOIndia) December 28, 2018
हमारे सहयोग में एक नया आयाम अंतरिक्ष विज्ञान का है। मुझे प्रसन्नता है कि South Asian Satellite से लाभ उठाने के लिए ISRO द्वारा भूटान में बनाया जा रहा Ground Station भी शीघ्र तैयार होने वाला है: PM @narendramodi
— PMO India (@PMOIndia) December 28, 2018