Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূটানৰ প্ৰধানমন্ত্ৰী ড. লোটে’ ছিৰিংৰ শুভেচ্ছাসূচক ফোনকল প্ৰধানমন্ত্ৰী মোদীলৈ


ভাৰতৰ লোকসভা নিৰ্বাচনত ব্যাপক ফলাফল প্ৰদৰ্শনেৰে বিজয়ী হোৱাৰ পিছতেই ২৩ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাসূচক ফোনকল কৰি অভিনন্দন জ্ঞাপন কৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী লিয়নচেন ড. লোটে’ ছিৰিঙে।

প্ৰধানমন্ত্ৰী ড. লোটে’ ছিৰিঙে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বক উচ্চ প্ৰসংশা কৰাৰ লগতে তেওঁৰ দূৰদৃষ্টি আৰু সুনেতৃত্বতে ভাৰতে অনবদ্য সাফল্য লাভ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে।

ইফালে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়েও প্ৰধানমন্ত্ৰী ড. লোটে’ ছিৰিংক তেওঁৰ উষ্ম অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আৰু দুয়োখন দেশৰেই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক মজবুত কৰিবলৈ প্ৰধানমন্ত্ৰী ড. লোটে ছিৰিং আৰু ভূটান চৰকাৰৰ সৈতে অনাগত সময়ত কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

***

AKT/SH/VK/RD