পি এম ইণ্ডিয়া
ভূটানৰ মহামহিম ৰজা,
মহামহিম চতুৰ্থ ৰজা,
ৰাজ পৰিয়ালৰ সন্মানীয় সদস্যসকল,
ভূটানৰ প্ৰধানমন্ত্ৰী,
আন-আন গণ্যমান্য ব্যক্তি,
আৰু ভূটানৰ মোৰ ভ্ৰাতৃ-ভগ্নীসকল!
নমস্কাৰ!
আজি ভূটানৰ বাবে, ভূটানৰ ৰাজপৰিয়ালৰ বাবে আৰু বিশ্ব শান্তিত বিশ্বাসী সকলোৰে বাবে এটি অতিশয় গুৰুত্বপূৰ্ণ দিন।
ভাৰত আৰু ভূটানে যুগ-যুগ ধৰি গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পৰ্ক গঢ়ি তুলিছে। গতিকে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ভাৰতৰ আৰু মোৰ আগ্ৰহৰ উপলক্ষ।
কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।
মই ওৰে ৰাতি সংশ্লিষ্ট সকলো এজেন্সী আৰু গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখোঁ। আমি আলোচনা-বিলোচনা কৰাৰ লগতে তথ্যসমূহ সংগ্ৰহ কৰোঁ।
আমাৰ এজেন্সীসমূহে এই ষড়যন্ত্ৰৰ শুংসূত্ৰ বিচাৰি উলিয়াব। ইয়াৰ আঁৰৰ দোষীক ৰেহাই দিয়া নহ’ব।
দায়ী সকলোকে আইনৰ অধীনলৈ অনা হ’ব।
বন্ধুসকল,
আজি আমি ইয়াত এফালে গুৰু পদ্মসম্ভৱৰ আশীৰ্বাদত বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱৰ বাবে সমবেত হৈছোঁ আৰু আনফালে প্ৰদৰ্শিত হৈছে ভগৱান বুদ্ধৰ পবিত্ৰ পিপ্ৰহোৱা অৱশিষ্ট। ইয়াৰ লগে-লগে আমি মহামহিম চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিনো উদযাপন কৰিছোঁ।
এই কাৰ্য্যসূচী আৰু আপোনালোকৰ মৰ্য্যাদাপূৰ্ণ উপস্থিতিয়ে ভাৰত আৰু ভূটানৰ মাজত থকা দৃঢ় বন্ধনকে প্ৰতিফলিত কৰিছে।
বন্ধুসকল,
ভাৰতত আমাৰ পূৰ্বপুৰুষসকলে আমাক শিকাইছিল, “বসুধৈব কুটুম্বকম” অৰ্থাৎ সমগ্ৰ বিশ্বখনেই এটা পৰিয়াল।
আমি কওঁ – সর্বে ভবন্তু সুখিনঃ, ইয়াৰ অৰ্থ হৈছে এই ধৰাৰ সকলো সুখী হওঁক।
আমি কওঁ-
স্বৰ্গ শান্তি
অন্তৰীক্ষম শান্তি
পৃথিৱী শান্তি
জল শান্তি
ভেষজ শান্তি
অৰ্থাৎ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত, আকাশত, মহাকাশত, পৃথিৱীত, পানীত, ভেষজত আৰু সকলো জীৱৰ মাজত যেন শান্তিয়ে বিৰাজ কৰে। এই মনোভাৱেৰে ভাৰতে আজি ভূটানত অনুষ্ঠিত হোৱা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱত যোগদান কৰিছে।
আজি বিশ্ব শান্তিৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তৰ সন্তসকলে একেলগে প্ৰাৰ্থনা কৰিছে। আৰু ইয়াৰ মাজত আছে ১.৪ বিলিয়ন ভাৰতীয়ৰো প্ৰাৰ্থনা আছে।
বহুতৰ হয়তো জ্ঞাত নহয়, কিন্তু মোৰ জন্মস্থান বদনগৰ দীৰ্ঘদিন ধৰি বৌদ্ধ ঐতিহ্যৰ পবিত্ৰ কেন্দ্ৰ হৈ আহিছে। আৰু মোৰ কৰ্মস্থলী বাৰাণসীও বৌদ্ধ ভক্তিৰ এক পূজনীয় আসন। সেইবাবেই এই অনুষ্ঠানৰ অংশ হোৱাৰ বিশেষ অৰ্থ আছে। এই শান্তিৰ প্ৰদীপে ভূটানৰ লগতে সমগ্ৰ বিশ্বৰ প্ৰতিঘৰ গৃহস্থীলৈকে পোহৰ বিয়পাওঁক বুলি মই প্ৰাৰ্থনা কৰিছোঁ।
বন্ধুসকল,
মহামহিম ভূটানৰ চতুৰ্থ ৰজাৰ জীৱনত প্ৰজ্ঞা, সৰলতা, সাহস আৰু ৰাষ্ট্ৰৰ প্ৰতি নিস্বাৰ্থ সেৱাৰ সমন্বয় ঘটিছে।
মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ গুৰু দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ এক দৃষ্টিৰে নিজৰ দেশক পিতৃসুলভ মৰম দি আগুৱাই আনিছে। ৩৪ বছৰীয়া ৰাজত্বকালত তেওঁ ভূটানৰ ঐতিহ্য আৰু উন্নয়ন উভয়কে আগুৱাই নিছে।
ভূটানত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিষ্ঠা আৰু সীমান্ত অঞ্চলত শান্তি প্ৰতিষ্ঠাকৰণত মহামহিমে নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।
আপুনি প্ৰৱৰ্তন কৰা “মুঠ ৰাষ্ট্ৰীয় সুখ”-ৰ ধাৰণাটো আজি সমগ্ৰ বিশ্বতে উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পৰিমাপ হৈ পৰিছে। আপুনি দেখুৱাইছে যে ৰাষ্ট্ৰ গঠন কাৰ্য্য কেৱল জিডিপিতে সীমাবদ্ধ নহয়, বৰঞ্চ মানৱতাৰ মংগলৰ কথাও নিহিত হৈ থাকে।
বন্ধুসকল,
ভাৰত আৰু ভূটানৰ মাজৰ বন্ধুত্বক সুদৃঢ়কৰণৰ ক্ষেত্ৰতো মহামহিমে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ স্থাপন কৰা ভেটিৰ আধাৰত আমাৰ দুয়োখন দেশৰ মাজৰ বন্ধন গভীৰ হৈ পৰিছে।
সকলো ভাৰতীয়ৰ হৈ মহামহিমলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপনৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।
বন্ধুসকল,
ভাৰত আৰু ভূটান কেৱল সীমাৰেখাৰে নহয়, বৰঞ্চ সংস্কৃতিৰ দ্বাৰাও সংযুক্ত। আমাৰ সম্পৰ্ক প্ৰমূল্যবোধ, আৱেগ, শান্তি আৰু প্ৰগতি আধাৰিত।
২০১৪-ত মই প্ৰধানমন্ত্ৰী হওঁতে মোৰ প্ৰথম বিদেশ ভ্ৰমণ আছিল ভূটানলৈ। এতিয়াও সেই স্মৃতিৰাজিয়ে মোৰ অন্তৰ ভৰাই তোলে। ভাৰত আৰু ভূটানৰ মাজৰ বন্ধুত্বৰ গভীৰতা আৰু শক্তি অতিশয় বেছি। আমি অসুবিধাৰ সময়ত পৰস্পৰে-পৰস্পৰক সহায় কৰিছিলোঁ, আমি একেলগে প্ৰত্যাহ্বানৰাজিৰ মুখামুখি হৈছিলোঁ আৰু আজি আমি উন্নয়ন তথা সমৃদ্ধিৰ দিশত আগবাঢ়ি যোৱাৰ লগে-লগে এই বন্ধন অধিক গাঢ় হৈ পৰিছে।
মহামহিম ৰজাই ভূটানক নতুন শিখৰত উপনীত কৰিছে। ভাৰত আৰু ভূটানৰ মাজৰ আস্থা আৰু উন্নয়নৰ অংশীদাৰিত্ব সমগ্ৰ অঞ্চলটোৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে।
বন্ধুসকল,
আজি আমাৰ দুয়োখন দেশেই দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে-লগে আমাৰ শক্তি অংশীদাৰিত্বই এই বিকাশক অধিক ত্বৰান্বিত কৰি তুলিছে। ভাৰত–ভূটান জলবিদ্যুৎ অংশীদাৰিত্বৰ ভেটিও মহামহিম চতুৰ্থ ৰজাৰ নেতৃত্বতে স্থাপন কৰা হৈছে।
মহামহিম চতুৰ্থ ৰজা আৰু মহামহিম পঞ্চম ৰজা দুয়োজনেই বহনক্ষম উন্নয়ন আৰু পৰিবেশ সুৰক্ষাৰ ধাৰণাক প্ৰচাৰ কৰিছে। এই দৃষ্টিভংগীৰ বাবেই ভূটান বিশ্বৰ প্ৰথমখন কাৰ্বন-নিগেটিভ দেশত পৰিণত হৈছে – এয়া এক উল্লেখযোগ্য সাফল্য। আজি ভূটান জনমূৰি নবীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্ৰতো শীৰ্ষস্থানীয় দেশসমূহৰ অন্যতম।
বন্ধুসকল,
বৰ্তমান ভূটানে নবীকৰণযোগ্য শক্তিৰ পৰা ১০০% বিদ্যুৎ উৎপাদন কৰে। এই অগ্ৰগতিক আগুৱাই নি আজি আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ১০০০ মেগাৱাটৰো অধিক শক্তিৰ নতুন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰা হৈছে, ইয়াৰ ফলত ভূটানৰ জলবিদ্যুৎ ক্ষমতা প্ৰায় ৪০% বৃদ্ধি পাব। ইয়াৰ উপৰিও দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা আন এটা জলবিদ্যুৎ প্ৰকল্পৰ কামো পুনৰ আৰম্ভ কৰা হৈছে।
আৰু আমাৰ অংশীদাৰিত্ব কেৱল জলবিদ্যুততে সীমাবদ্ধ নহয়। আমি এতিয়া সৌৰশক্তিৰ ক্ষেত্ৰত একেলগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ চুক্তিসমূহো আজি সম্পন্ন কৰা হৈছে।
বন্ধুসকল,
আজি শক্তি সহযোগিতাৰ সমান্তৰালকৈ ভাৰত আৰু ভূটানৰ মাজৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনতো আমি গুৰুত্ব প্ৰদান কৰিছোঁ।
আমাৰ সকলোৰে জ্ঞাত যেঃ
সংযোগে সুযোগৰ সৃষ্টি কৰে
আৰু সুযোগে সমৃদ্ধিৰ সূচনা কৰে।
এই লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বিস্তৃত ৰে’ল নেটৱৰ্কৰ সৈতে গেলেফু আৰু সামচেক সংযুক্তকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত ভূটানৰ উদ্যোগ আৰু কৃষকসকলে ভাৰতৰ বৃহৎ বজাৰসমূহত সহজে প্ৰৱেশৰ সুবিধা প্ৰশস্ত হ’ব।
বন্ধুসকল,
ৰেল আৰু পথ সংযোগৰ লগতে সীমান্তৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আমি দ্ৰুতগতিত আগবাঢ়িছোঁ।
ভাৰতে মহামহিমৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ দৃষ্টিভংগীলৈয়ো সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আজি আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিব বিচাৰিছোঁ। অদূৰ ভৱিষ্যতে ভাৰতে ইয়ালৈ অহা দৰ্শনাৰ্থী আৰু বিনিয়োগকাৰীক অধিক সুবিধা প্ৰদানৰ বাবে গেলেফুৰ ওচৰত এটা ইমিগ্ৰেচন চেকপইন্ট স্থাপন কৰিব।
বন্ধুসকল,
ভাৰত আৰু ভূটানৰ প্ৰগতি আৰু সমৃদ্ধিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এই মনোভাৱেৰেই যোৱা বছৰ ভাৰত চৰকাৰে ভূটানৰ পঞ্চবাৰ্ষিক পৰিকল্পনাক সমৰ্থন কৰিবলৈ দহ হাজাৰ কোটি টকাৰ বৰঙণিৰ কথা ঘোষণা কৰিছিল। এই ধনৰাশি সকলো খণ্ডতে ব্যৱহাৰ কৰা হৈছে – পথৰ পৰা আৰম্ভ কৰি কৃষি, বিত্তৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱালৈকে, যিয়ে ভূটানৰ জনসাধাৰণৰ ইজ অৱ লিভিঙৰ অগ্ৰগতি সাধনত সহায় কৰিছে।
বিগত সময়ছোৱাত ভাৰতে ভূটানৰ জনসাধাৰণলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ অবিৰত যোগান নিশ্চিতকৰণৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে।
আৰু এতিয়া ইউপিআই পেমেন্টৰ উপলব্ধতা ইয়াত সম্প্ৰসাৰিত হৈছে। ভূটানৰ নাগৰিকসকলেও ভাৰত ভ্ৰমণৰ সময়ত যাতে ইউপিআই-ৰ সুবিধা লাভ কৰে, সেই অৰ্থেও আমি কাম কৰি আছোঁ।
বন্ধুসকল,
ভাৰত আৰু ভূটানৰ মাজৰ শক্তিশালী অংশীদাৰিত্বৰ সৰ্বাধিক হিতাধিকাৰীৰ আমাৰ যুৱক-যুৱতীসকলো অন্যতম। মহামহিমে ৰাষ্ট্ৰীয় সেৱা, স্বেচ্ছাসেৱী কাৰ্য্যসূচী আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসাধাৰণ পদক্ষেপ গ্ৰহণ কৰিছে। যুৱক-যুৱতীসকলক সবলীকৰণ আৰু প্ৰযুক্তিৰে সমৃদ্ধকৰণৰ অৰ্থে তেওঁৰ দৃষ্টিভংগীয়ে ভূটানৰ যুৱক-যুৱতীসকলক উল্লেখযোগ্যভাৱে অনুপ্ৰাণিত কৰিছে।
ভাৰত আৰু ভূটানৰ যুৱক-যুৱতীসকলৰ মাজত শিক্ষা, উদ্ভাৱন, দক্ষতা বিকাশ, ক্ৰীড়া, মহাকাশ আৰু সংস্কৃতিৰ দৰে বহু ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। আজি আমাৰ যুৱক-যুৱতীসকলে আনকি এটা উপগ্ৰহ নিৰ্মাণৰ বাবেও একেলগে কাম কৰি আছে। আমাৰ উভয় ৰাষ্ট্ৰৰ বাবে এয়া এক গৌৰৱৰ বিষয়।
বন্ধুসকল,
ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ – ভূটানৰ বন্ধুত্ব হৈছে আমাৰ উমৈহতীয়া আধ্যাত্মিক ঐতিহ্য। মাত্ৰ দুমাহ পূৰ্বে ৰাজগীৰত ৰয়েল ভূটানী মন্দিৰ উদ্বোধন কৰা হৈছিল আৰু এতিয়া এই পদক্ষেপ ভাৰতৰ আন-আন অঞ্চলসমূহতো বিয়পি পৰিছে।
ভূটানৰ জনসাধাৰণেও বাৰাণসীত ভূটানী মন্দিৰ আৰু অতিথিশালাৰ কামনা প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি যোগান ধৰিছে। এই মন্দিৰসমূহে আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজৰ আদৰৰ সাংস্কৃতিক বন্ধনক সুদৃঢ় কৰি ৰাখিব।
বন্ধুসকল,
মই ভাৰত আৰু ভূটানে শান্তি, সমৃদ্ধি, পাৰস্পৰিক বিকাশৰ ক্ষেত্ৰত যেন একেলগে আগবাঢ়ি যায়, সেই প্ৰাৰ্থনা কৰিছোঁ। ভগৱান বুদ্ধ আৰু গুৰু ৰিনপোচেৰ আশীৰ্বাদে আমাৰ দুয়োখন দেশক পথ-প্ৰদৰ্শন আৰু ৰক্ষা কৰে যেন।
আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ যাচিছোঁ।
ধন্যবাদ!!!
***
MJPS/SR/SB
Speaking in Thimphu, Bhutan. Watch. https://t.co/nLu0f5q5WY
— Narendra Modi (@narendramodi) November 11, 2025
The horrific blast in Delhi last evening has deeply pained everyone. India stands with those who have suffered.
— Narendra Modi (@narendramodi) November 11, 2025
I assure everyone that the agencies will get to the bottom of the entire conspiracy.
All those involved will be brought to justice. pic.twitter.com/gwFzSVwD2Q
कल शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित किया है। मैं पीड़ित परिवारों का दुख समझता हूं। पूरा देश उनके साथ खड़ा है।
— Narendra Modi (@narendramodi) November 11, 2025
मैं हर किसी को आश्वस्त करता हूं कि हमारी जांच एजेंसियां इस षड्यंत्र की तह तक जाएंगी। जो भी लोग इसके लिए जिम्मेदार हैं, उन्हें किसी भी कीमत पर नहीं… pic.twitter.com/RnjaEbLuzA
His Majesty the Fourth King is admired as a father figure in Bhutan. His vision has ensured Bhutan scales new heights of progress. pic.twitter.com/qhpWkTzV3M
— Narendra Modi (@narendramodi) November 11, 2025
India and Bhutan have a deep rooted connect, seen in the diverse cooperation between our nations. pic.twitter.com/A1agMw4DhM
— Narendra Modi (@narendramodi) November 11, 2025
Energy and connectivity are two areas where India-Bhutan cooperation is deepening. pic.twitter.com/Nom6uV1Kt6
— Narendra Modi (@narendramodi) November 11, 2025