Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূপালৰ পৰিৱৰ্তে ছিহোৰ জিলাত মানসিক ৰোগী পুনৰ সংস্থাপনৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপনত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ১৬.০৫.২০১৮ত গ্ৰহণ কৰা পূৰ্বৰ সিদ্ধান্তৰ আংশিক সংশোধন কৰি মধ্যপ্ৰদেশৰ ভূপালৰ পৰিৱৰ্তে ছিহোৰ জিলাত(ভূপাল-ছিহোৰ ঘাইপথ)মানসিক ৰোগী পুনৰ সংস্থাপনৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান(এনআইএমএইচআৰ) স্থাপনত অনুমোদন জনায়।

মানসিক স্বাস্থ্য পুনৰ সংস্থাপনৰ দৰে ক্ষেত্ৰত এনআইএমএইচআৰ হৈছে এইধৰণৰ প্ৰথমখন প্ৰতিষ্ঠান। এইখনে মানসিক ৰোগী পুনৰ সংস্থাপনৰ ক্ষেত্ৰত মানৱ সম্পদ আৰু গৱেষণাৰ অত্যাধূনিক প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়োৱাৰ লগতে ফলপ্ৰসূভাৱে মানসিক ৰোগীৰ পুনৰ সংস্থাপনৰ বাবে আৰ্হি/প্ৰ’ট’কলৰ পৰামৰ্শ আগবঢ়াব।

****

NW/AKT/SH/DB