Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভূপাল বিমানবন্দৰত এএআইৰ দখল কৰা ১০৬.৭৬ একৰ ভূমি মধ্য প্ৰদেশ চৰকাৰক হস্তান্তৰ কৰাৰ বাবে এএআইৰ প্ৰস্তাৱক কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভূপালৰ গান্ধীনগৰস্থিত এএআইৰ দখল কৰা ১০৬.৭৬ একৰ ভূমি মধ্য প্ৰদেশ চৰকাৰক হস্তান্তৰ কৰাৰ বাবে এএআইৰ প্ৰস্তাৱক অনুমোদন জনাইছে৷ এই ভূমি মধ্য প্ৰদেশৰ চৰকাৰৰ দ্বাৰা পূৰ্বে হস্তান্তৰ কৰা ৯৫.৫৬ একৰ ভূমিৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছে৷ মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা শেষৰ প্ৰায় ১০.২০ একৰ ভূমি এএআইক প্ৰদান কৰা হ’ব৷

লাভঃ

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ দখল কৰা ১০৬.৭৬ একৰ ভূমিৰ পৰিৱৰ্তে মধ্য প্ৰদেশ চৰকাৰে প্ৰায় ৯৫.৫৬ একৰ ভূমি প্ৰদান কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে যি ভূপাল বিমানবন্দৰৰ বিদ্যমান ভূমিৰ সৈতে সংযোজিত হৈ আছে আৰু এএআইৰ দ্বাৰা বিমান প্ৰয়োজনৰ বাবে ইয়াৰ ব্যৱহাৰ কৰিব পৰা হ’ব৷ ইয়াৰ দ্বাৰা এএআইৰ ১০৬.৭৬ একৰ ভূমিক মুক্ত কৰাত সহায় হ’ব যাৰ ব্যৱহাৰ মধ্য প্ৰদেশৰ ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যৰ বাবে ব্যৱহাৰ কৰি আছে৷ এই পৰ্যন্ত ভূপাল বিমানবন্দৰৰ পৰা ৯৬.৫৬ একৰ ভূমি এএআইক প্ৰদান কৰাৰ বাবে সন্মতি প্ৰকাশ কৰা হৈছে৷ ইয়াৰ পিছত এই ভূমিৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ভূমিৰ ন্যায়সংগত ব্যৱহাৰ এএআইৰ দ্বাৰা বিমানসম্বন্ধীয় গতিবিধিৰ বাবে ব্যৱহাৰ কৰা হ’ব পাৰে৷ ইয়াৰ ফলস্বৰূপে জনসাধাৰণ যথেষ্ট উপকৃত হ’ব৷

*****

AKT/SH/MANN