Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ পৰা ফোন কল লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভেনিজুৱেলা বলিভাৰ গণৰাজ্যৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী ডেলচি এলোইনা ৰড্ৰিগেজ গোমেজৰ পৰা এটি ফোন কল লাভ কৰে।

এই বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, শক্তি, ডিজিটেল প্ৰযুক্তি, স্বাস্থ্য, কৃষি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে প্ৰমুখ্য কৰি সকলো ক্ষেত্ৰতে ভাৰত-ভেনিজুৱেলাৰ অংশীদাৰিত্বৰ অধিক সম্প্ৰসাৰণ আৰু ইয়াক গভীৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থৰ ভিন্ন আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত মত-বিনিময় কৰি গ্ল’বেল চাউথৰ ক্ষেত্ৰত তেওঁলোকৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বত আলোকপাত কৰে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

***

MJPS/VJ/SB