পি এম ইণ্ডিয়া
‘মন কী বাত ২.০’ৰ দশম খণ্ডত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰা কেতবোৰ কঠিন সিদ্ধান্তৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে৷
তেওঁ কয় যে ক’ভিড-১৯ক প্ৰতিৰোধ কৰাৰ বাবে ভাৰতবাসীক সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰাটো আৱশ্যক আছিল৷
‘‘লক্-ডাউনে জনসাধাৰণ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক সুৰক্ষিত কৰি ৰাখিব আৰু যিসকলে এয়া পালন নকৰিব তেওঁ বিপদত পৰিব’’, তেওঁ এইদৰে সকিয়াই দিয়ে৷
মন কী বাতত নিজৰ অনুভৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণে বিশেষকৈ দৰিদ্ৰ শ্ৰেণীয়ে সমস্যা ভুগিবলগীয়া হোৱা বাবে দুখ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে৷ তেওঁ জনসাধাৰণৰ সৈতে সহানুভূতি প্ৰদৰ্শন কৰি কয় যে ভাৰতৰ দৰে ১৩০ কোটি জনসাধাৰণৰ দেশত ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ ব্যতিৰেকে অন্য উপায় নাছিল৷ সমগ্ৰ বিশ্বই অনুভূত কৰা ঘটনাৰাজি লক্ষ্য কৰি এয়া জীৱন মৃত্যুৰ প্ৰশ্ন হৈ উঠাৰ পৰিপ্ৰেক্ষিতত এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে৷
‘এবম এবম বিকাৰঃ, অপী তৰুনহা সাধ্যতে সুখম’ অৰ্থাৎ ৰোগ আৰু ৰোগৰ প্ৰকোপৰ পৰা আৰম্ভণীতেই মোকাবিলা কৰিব লাগে বুলি উদ্ধৃতি উল্লেখ কৰি তেওঁ ই জ্ঞান, বিজ্ঞান, দুখীয়া, ধনী, দুৰ্বলী, শক্তিশালী সকলোকে প্ৰত্যাহ্বান জনাইছে তথা ই ৰাষ্ট্ৰৰ সীমাতো আৱদ্ধ হৈ থকা নাই, ইয়াৰ কোনো ক্ষেত্ৰ নাই, নাই ইয়াৰ কোনো জলবায়ুৰ সীমা নাই বুলি উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভাইৰাছে মানৱক মৃত্যু মুখত পেলাই, তেওঁলোকক সমাপ্ত কৰাৰ বাবে জেদী হৈ উঠিছে আৰু সেইবাবে প্ৰত্যেকে, সমগ্ৰ মানৱ জাতিয়ে এই ভাইৰাছক নিঃশেষ কৰাৰ বাবে ঐক্যৱদ্ধবাৱে সংকল্প গ্ৰহণ কৰিব লাগিব৷ তেওঁ জনসাধাৰণক নিজক আৰু নিজৰ পৰিয়ালক সুৰক্ষিত কৰি আগন্তুক কেইটামান দিনলৈ লক্ষ্মণ ৰেখা মানি চলিবলৈ আহ্বান জনায়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান লোকে এই লক্-ডাউন উলংঘা কৰি বিষয়টোক গুৰুত্বহীন কৰি তুলিছে৷ তেওঁ জনসাধাৰণক লক-ডাউনৰ নীতি পালন কৰিহলৈ আহ্বান জনায়৷ ‘আৰোগ্যম পৰম ভাগ্যম স্বাস্থ্যম স্বাৰ্থ সাধনম’ অৰ্থাৎ আৰোগ্যই হ’ল সবাতোকৈ ডাঙৰ ভাগ্য বুলি উদ্ধৃতি দি তেওঁ স্বাস্থ্যক বিশ্বৰ সকলো সুখৰ ভাণ্ডাৰ বুলি মন্তব্য কৰে৷
***
VRRK/AK/MANN
#MannKiBaat begins with an important message by PM @narendramodi. pic.twitter.com/ZmrgbPpNN6
— PMO India (@PMOIndia) March 29, 2020
Together, India will defeat COVID-19.
— PMO India (@PMOIndia) March 29, 2020
The Lockdown will keep you as well as your families safe. #MannKiBaat pic.twitter.com/OoSIRtz05r
In times such as these, precautions are most important. #MannKiBaat pic.twitter.com/KWsp6JU47Z
— PMO India (@PMOIndia) March 29, 2020
Hearing of some things that are making me sad.
— PMO India (@PMOIndia) March 29, 2020
Social distance does not mean emotional distance. #MannKiBaat pic.twitter.com/Apmo70g14u
Together, India will defeat COVID-19. #MannKiBaat pic.twitter.com/hJUppMJvT0
— PMO India (@PMOIndia) March 29, 2020