Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মল্লযুঁজত স্বৰ্ণ পদক জয় কৰা ভিনেশ ফোগাটক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছৰ ৫০ কেজি ৰেষ্টলিং ইভেণ্টত স্বৰ্ণ পদক জয় কৰা ভিনেশ ফোগাটক অভিনন্দন জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—আন এক প্ৰতিযোগিতা, আন এক পদক৷ ভিনেশ ফোগাটৰ জয়ক লৈ ভাৰতবৰ্ষ উৎফুল্লিত৷ এছিয়ান গেমছৰ ৫০ কেজি ৰেষ্টলিং ইভেণ্টত স্বৰ্ণ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰিছো৷ ভিনেশৰ ধাৰাবাহিক সাফল্যই উদীয়মান এথলীটসকলক নিশ্চয়কৈ উৎসাহিত কৰিব৷

*****

AKT/KP/MS