পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী- এখন নতুন ক্ষেত্ৰত আপোনালোকে সাহস দেখুৱাইছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল আপোনালোকে চৰকাৰক বিশ্বাস কৰিছিল। মোৰ এটা নীতি হৈছে যে আমি যিয়েই সিদ্ধান্ত লওঁ, আমি তাত ঐকান্তিকতাৰে জড়িত হ’ব লাগে আৰু সঘনাই সেই মত পৰিৱৰ্তন কৰা উচিত নহয়। কোনোবাই যদি ৰিস্ক ল’ব বিচাৰে তেন্তে নিশ্চিত হ’ব পাৰে যে মোৰ বাবে কিবা ভুল হ’লে ঠিকেই আছে, কিন্তু মোক যাতে কোনেও পৰিত্যাগ নকৰে। আৰু এইটোৱেই আছিল আমাৰ মাজত বিশ্বাস গঢ়ি তোলাৰ প্ৰয়াস।
চিইঅ’– আমি ভাৰতৰ প্ৰথমটো মহাকাশ প্ৰযুক্তি ইউনিকৰ্ণ। মাত্ৰ ১৮ জুলাইত আমি ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট সফলতাৰে উৎক্ষেপণ কৰি উপগ্ৰহ পৃথক কৰিলোঁ। আৰু এয়া মাত্ৰ আৰম্ভণিহে। সাধাৰণতে আমি কওঁ যে স্কাইৰুটৰ বাবে সেয়া মাত্ৰ অনুশীলন, এটা মাত্ৰ আৰম্ভণিহে। আৰু অহা বছৰৰ মাজভাগলৈকে আমি প্ৰতিমাহে এটাকৈ ৰকেট উৎক্ষেপণ কৰিম। ইয়াৰ লগতে আপোনাক ধন্যবাদ ছাৰ, এই খণ্ডটো মুকলি কৰাৰ বাবে। তিনিটা কাৰখানা নিৰ্মাণ কৰা হৈছে। প্ৰতিমাহে ইয়াত এটা ৰকেট উৎক্ষেপণৰ ক্ষমতা আছে। আৰু এয়া মাত্ৰ আৰম্ভণিহে। আমাৰ ভৱিষ্যতৰ সপোন প্ৰতি সপ্তাহত এটাকৈ উৎক্ষেপণ কৰাই নহয় আনকি প্ৰতিদিনে কেইবাটাও উৎক্ষেপণ সফল কৰাও।
চিইঅ’– আমি এনে এটা ইঞ্জিন প্ৰস্তুত কৰিছোঁ যিটো বিশ্বৰ আটাইতকৈ উন্নত ইঞ্জিনৰ ভিতৰত অন্যতম। ছাৰ, আমি মাত্ৰ এই কাম সমাপ্ত কৰিলোঁ আৰু পৰীক্ষা-নিৰীক্ষা চলি আছে।
প্ৰধানমন্ত্ৰী– ইয়াৰ ওপৰত বিনিয়োগকাৰীৰ আস্থা আছেনে?
চিইঅ’– ছাৰ, স্কাইৰুটৰ প্ৰথমটো উৎক্ষেপণৰ পিছতে ইয়াৰ প্ৰতি আস্থা বৃদ্ধি পাইছে।
প্ৰধানমন্ত্ৰী– ঠিক আছে। সেইটো আপোনালোকৰ বাবে উপযোগী বিবেচিত হৈছেনে?
চিইঅ’– এয়া অতি উপযোগী বুলি প্ৰমাণিত হৈছে।
প্ৰধানমন্ত্ৰী– নিশ্চয় সমগ্ৰ বিশ্বই এতিয়া ভাৰতীয় ষ্টাৰ্টআপ বিচাৰিছে, তাৰ ভিতৰত কোন কোন আছে? কাৰণ যেতিয়া কোনো এক বৃহত্ পট পৰিৱৰ্তন হয় তেতিয়া মানুহে লগে লগে ইয়াক লক্ষ্য কৰে।
চিইঅ’– মই ভাবো, মহাকাশ উদ্যোগটো মুকলি হোৱাৰ পিছৰে পৰা আমি এটা অতি ইতিবাচক ধাৰা দেখিছোঁ। আমেৰিকা আৰু ইউৰোপত থকা আমাৰ বহু নাগৰিকে এতিয়া ঘূৰি আহি আমাৰ সৈতে কাম কৰিবলৈ বিচাৰিছে।
প্ৰধানমন্ত্ৰী- আমি বহু লোকৰ সৈতে সংযোগ স্থাপন কৰিব লাগিব আৰু মেহতাই কোৱাৰ দৰে বহিঃৰাজ্যলৈ যোৱা লোকসকল এতিয়া ঘূৰি আহিবলৈ ওলাইছে। মোৰ বিশ্বাস, আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা উচিত যে বিশ্বৰ মানুহে অনুভৱ কৰে যে যদি তেওঁলোকে এই ক্ষেত্ৰত জীৱিকা নিৰ্বাহ কৰিব বিচাৰে তেন্তে ভাৰতলৈ যাব লাগে। ভাৰতীয় ষ্টাৰ্টআপত যোগদান কৰক। ভাৰতীয় মহাকাশ এজেন্সী এটাত যোগদান কৰক। মোৰ দৃঢ় বিশ্বাস, আমি এই সমগ্ৰ প্ৰতিভাৰ পুলটোক চুম্বকৰ দৰে আকৰ্ষণ কৰিব পাৰিম আৰু সেয়া আমাৰ বাবে এক বৃহৎ শক্তি হ’ব পাৰে।
চিইঅ’– আমাৰ দৃষ্টিভংগী হৈছে অহা ১৮ মাহত গ্লোবেল গ্ৰাউণ্ড ষ্টেচন নেটৱৰ্ক স্থাপন কৰা।
চিইঅ’– ছাৰ, আমি উপগ্ৰহৰ বাবে ইঞ্জিন প্ৰস্তুত কৰি আছোঁ, যি মহাকাশত উপগ্ৰহক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লৈ যায়, যিবোৰ ৫ৰ পৰা ১৫ বছৰলৈকে সক্ষম হৈ থাকে। আমি বিশ্বজুৰি অতি ভাল আগ্ৰহ লাভ কৰিছো আৰু ভাৰতীয় কোম্পানীসমূহে যাতে বৰ্তমান ৰপ্তানিৰ ক্ষেত্ৰত চৰকাৰী সমৰ্থন লাভ কৰে সেইক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাও উল্লেখযোগ্য ছাৰ।
প্ৰধানমন্ত্ৰী– খৰচৰ ক্ষেত্ৰত আমি প্ৰতিযোগীসুলভ মানসিকতাৰ অধিকাৰী, প্ৰতিভাৰ বিষয়ে কোনো প্ৰশ্নই উত্থাপন নহয়, আৰু আমাৰ দেশৰ জনসাধাৰণৰ ৰিস্ক লোৱাৰ ক্ষমতাও অধিক। আৰু তাৰ বাবেই আমি অতি সোনকালে আমাৰ স্থান নিৰ্ণয় কৰিব পাৰো।
চিইঅ’– এই ৰবটিক মহাকাশযানখনে মহাকাশলৈ গৈ মৃত উপগ্ৰহটোক প্ৰত্যক্ষভাৱে ধৰিব আৰু কক্ষপথৰ পৰা ইয়াক আঁতৰাই পেলাব।
চিইঅ’– মহাকাশত ইন্ধন কেন্দ্ৰ স্থাপনৰ দৃষ্টিভংগীৰে ইন্ধন ভৰোৱা প্ৰযুক্তিৰ অধীনত ডকিং কাম কৰা আমি প্ৰথমটো ভাৰতীয় কোম্পানী।
চিইঅ’– মোৰ নাম অন্তৰীক্ষ, মোৰ সহ-প্ৰতিষ্ঠাপক মণিকাও ইয়াত আছে। ছাৰ, আমি ভাৰতৰ প্ৰথম স্পেচ ফাৰ্মা ষ্টাৰ্টআপ। আমি এনে উপগ্ৰহ নিৰ্মাণ কৰি আছোঁ যিয়ে মহাকাশলৈ যাব পাৰে, ঔষধ নিৰ্মাণ কৰিব পাৰে আৰু মহাকাশৰ পৰা সেয়া ঘূৰাই আনিব পাৰে।
প্ৰধানমন্ত্ৰী– আপোনাৰ নাম অন্তৰীক্ষ ৰাখিছে, আপোনাৰ পৰিয়ালৰ কোনো সদস্য আগৰে পৰা ইয়াৰ সৈতে জড়িত আছিল নেকি?
চিইঅ’ – নাই ছাৰ, মায়ে মোৰ এই নাম ৰাখিলে ছাৰ।
চিইঅ’ – এটা উৎক্ষেপণৰ পিছত যোৱা এমাহত আমি আঠটা উৎক্ষেপণৰ চুক্তি লাভ কৰিলোঁ।
প্ৰধানমন্ত্ৰী– ভাল, ভাল।
চিইঅ’– আৰু সেইবোৰৰ বেছিভাগেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ।
চিইঅ’– ছাৰ, বৰ্তমান আমি ১০ লাখ কৃষকৰ সৈতে এই উদ্ভাৱন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ।
চিইঅ’– ছাৰ, এইটো আপোনাৰ বাবে যাতে এটা স্মৃতি হৈ ৰৈ যায়।
প্ৰধানমন্ত্ৰী– বাহ্।
চিইঅ’– এয়া মাথোঁ আৰম্ভণিহে, য’ত আপুনি ব্যক্তিগত খণ্ডক দিয়া সুবিধাৰে, ব্যক্তিগত উপগ্ৰহৰ জৰিয়তে ভাৰতৰ সৌন্দৰ্য দেখা গৈছে।
*****
MJPS/ST/DK/RK/KD
Met India’s brightest space StartUps.
— Narendra Modi (@narendramodi) August 23, 2026
As always, came away impressed by their energy and ambition.
You would love their insights and optimism.
Do tell me...what excites you most about India’s space journey? #NationalSpaceDay pic.twitter.com/d1pDC0UZ6p