Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাত্মা গান্ধীৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, স্বদেশীৰ প্ৰচাৰৰ আহ্বান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ চিন্তাধাৰাই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে আৰু যেতিয়ালৈকে ইয়াৰ প্ৰবাহ মানৱতাৰ সৈতে সংযুক্ত হৈ থাকিব তেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব।

তেওঁ লগতে মহাত্মা গান্ধীয়ে স্বদেশী বস্তু গ্ৰহণ কৰাৰ ওপৰত আলোকপাত কৰে, যাৰ ভিতৰত খাদী আছিল প্ৰধান।

শ্ৰী মোদীয়ে জনসাধাৰণক ২ অক্টোবৰত কমেও এবিধ খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইয়াক স্বদেশী বুলি অভিহিত কৰি গৌৰৱ অনুভৱ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে আশা প্ৰকাশ কৰে যে বাপুৰ কালজয়ী বাৰ্তাই সমাজখনক এখন উন্নত সমাজ আৰু বিকশিত ভাৰতৰ দিশত পথ প্ৰদৰ্শন কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে কয়;

‘বাপুৰ কালজয়ী বাৰ্তাই আমাক এখন উন্নত সমাজ আৰু বিকশিত ভাৰতৰ দিশত পথ প্ৰদৰ্শন কৰি থাকক।’

 

MJPS/SS/ST/MK