পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত মহানদীৰ পানী বিবাদৰ ক্ষেত্ৰত আলোচনা কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। এই প্ৰাধিকৰণে মহানদীৰ সম্পূৰ্ণ অৱবাহিকাত পানীৰ সামগ্ৰিক পৰিমাণৰ ওপৰত ভিত্তি কৰি প্ৰতিখন অৱবাহিকা থকা ৰাজ্যত বৰ্তমানৰ জলসম্পদৰ ব্যৱহাৰ তথা ভৱিষ্যতৰ উন্নয়নৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কিমান পানীৰ ভাগ বটোৱাৰা কৰা হ’ব সেইকথা নিৰ্দ্ধাৰণ কৰিব।
১৯৫৬ চনৰ আন্তঃৰাজ্যিক নদী বিবাদ আইনৰ সুবিধা অনুযায়ী এজন অধ্যক্ষ আৰু ভাৰতৰ মূখ্য ন্যায়াধীশে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ বিচাৰকসকলৰ মাজৰ পৰা মনোনীত কৰা দুজন সদস্যৰে এই প্ৰাধিকৰণ গঠন হ’ব। পিছলৈ প্ৰাধিকৰণক সংবেদনশীল পানী সম্পৰ্কীয় সমস্যা সমাধানৰ অভিজ্ঞতা থকা দুজন জলসম্পদ বিশেষজ্ঞ পৰামৰ্শ প্ৰদানৰ বাবে দিয়া হ’ব।
১৯৫৬ চনৰ আন্তঃৰাজ্যিক নদী বিবাদ আইনৰ সুবিধা অনুযায়ী প্ৰাধিকৰণে ৩ বছৰৰ ভিতৰত প্ৰতিবেদন জমা কৰিব লাগিব যিটো অতিৰিক্ত কোনো এৰাব নোৱাৰা কাৰণবশতঃ অতি বেছি দুবছৰলৈ বঢ়াই দিয়া হ’ব পাৰে।
এই আলোচনাৰ যোগেদি দীৰ্ঘদিন ধৰি উৰিষ্যা আৰু ছত্তীশগড়ৰ মাজত মহানদীৰ পানীকলৈ চলি থকা বিবাদৰ চূড়ান্ত সমাধান লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
***
AKT/VBA/SH/PRK