Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহান সাধু শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান সাধু শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ চিন্তাধাৰাত ন্যায় আৰু সহানুভূতিৰ মনোভাৱ সৰ্বোচ্চ আছিল, যি জনসাধাৰণৰ কল্যাণৰ বাবে আমাৰ আঁচনিসমূহৰ মূল ভেটি গঠন কৰে। ‘তেওঁ প্রজ্জ্বলিত কৰা সামাজিক সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰদীপে দেশবাসীৰ পথ সদায়ে আলোকিত কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।

 

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 

 ‘মানৱতাৰ অনন্য উপাসক মহান সাধু শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীক তেওঁৰ জয়ন্তী উপলক্ষে কোটি কোটি প্ৰণাম জনাইছো। তেওঁৰ চিন্তাধাৰাত ন্যায় আৰু সহানুভূতি সৰ্বোচ্চ আছিল, যিবোৰ হৈছে ৰাজহুৱা কল্যাণৰ বাবে আমাৰ পৰিকল্পনাৰ মূল বিষয়। তেওঁ প্ৰজ্বলিত কৰা সামাজিক সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰদীপে সদায় দেশবাসীৰ পথ আলোকিত কৰি ৰাখিব’।

***

MJPS/VJ/MK