Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহামান্য ৰাজকুমাৰ ৰহিম আগা খান পঞ্চমক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ, আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ সৈতে অংশীদাৰিত্ব শক্তিশালীকৰণ সন্দৰ্ভত আলোচনা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ইছমাইলি সম্প্ৰদায়ৰ ৫০সংখ্যক ইমাম ৰাজকুমাৰ ৰহিম আগা খান পঞ্চমক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত শ্ৰী মোদীয়ে ৰাজকুমাৰ ৰহিম আগা খান পঞ্চমৰ পিতৃ প্ৰয়াত আগা খান চতুৰ্থ আৰু উন্নয়নমূলক প্ৰচেষ্টাত তেওঁৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যসেৱা, কৃষি, গ্ৰাম্য উন্নয়ন, যুৱ সবলীকৰণ আৰু মহিলা সবলীকৰণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ সৈতে অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

“মহামান্য ৰাজকুমাৰ ৰহিম আগা খান পঞ্চম-ক সাক্ষাৎ কৰি আনন্দিত হৈছো। তেওঁৰ পিতৃ প্ৰয়াত আগা খান চতুৰ্থ আৰু বিভিন্ন উন্নয়নমূলক প্ৰচেষ্টাত তেওঁৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰো।

স্বাস্থ্যসেৱা, কৃষি, গ্ৰাম্য উন্নয়ন, যুৱ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ সৈতে আমাৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত বিষয় আলোচনা কৰা হয়।

@akdn”

******

MJPS/SS/ST/NB