Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত প্ৰধানমন্ত্ৰীয়ে সমবেদনা জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“মহাৰাণী দ্বিতীয় এলিজাবেথক আমাৰ সময়ৰ এগৰাকী শক্তিশালী ব্যক্তি হিচাপে স্মৰণ কৰা হ’ব। তেওঁ তেওঁৰ দেশ আৰু মানুহক অনুপ্ৰেৰণাৰে নেতৃত্ব প্ৰদান কৰিছিল। তেখেতে ৰাজহুৱা জীৱনত মৰ্যাদা আৰু শালীনতাপ্ৰকাশ কৰি আহিছিল। তেখেতৰ মৃত্যুত মৰ্মাহত। এই দুখৰ সময়ত তেখেতৰ পৰিয়াল আৰু ইংলেণ্ডৰজনসাধাৰণৰ প্ৰতি মোৰ সমবেদনা।”

“২০১৫ আৰু ২০১৮ চনত মোৰ ইউকে ভ্ৰমণৰ সময়ত মহাৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে মোৰ স্মৰণীয় বৈঠক হৈছিল। মই তেখেতৰ উষ্ম আতিথ্য কেতিয়াও পাহৰিব নোৱাৰিম। এখন সভাৰ সময়ত তেখেতে মোকমহাত্মা গান্ধীয়ে তেওঁৰ বিয়াত উপহাৰ হিচাপে দিয়া ৰুমালদেখুৱাইছিল। মই সদায়ে সেই সময়কণ কঢ়িয়াই ফুৰিম।”