পি এম ইণ্ডিয়া
ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়!
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰীমান বিদ্যাসাগৰ ৰাও, লোকপ্ৰিয় তথা যশস্বী যুৱ মুখ্যমন্ত্ৰী শ্ৰীমান দেৱেন্দ্ৰ ফাডনাবিছ, কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মোৰ সতীৰ্থ শ্ৰী নীতিন জী, শ্ৰীমান হংসৰাজ অহিৰ জী, মহাৰাষ্ট্ৰ চৰকাৰ মন্ত্ৰী শ্ৰীমান মদন য়েৰবাৰজী, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ লগতে বিশাল হাৰত মোক আশীৰ্বাদ দিবলৈ অহা ভাই-ভনী, বিশেষকৈ ভগ্নীসকল৷
পাণ্ডৰকোড়াৰ এই ভূমিৰ পৰা মই সাধু সৰ্বলাল মহাৰাজ, মুক্ষা জী মহাৰাজৰ দৰে কেইবাগৰাকী সাধু আৰু পুৰুষক মই প্ৰণাম জনাইছো৷ কেইমাহমান পূৰ্বে এই অঞ্চলৰ এগৰাকী আদিবাসী যুৱকে এভাৰেষ্ট বিজয় কৰিছিল৷ দিল্লীত মই এই যুৱ সতীৰ্থসকলক লগ পোৱাৰ সৌভাগ্য হৈছিল৷ তেওঁলোকৰ পৰিশ্ৰম, তেওঁলোকৰ সপোনৰ বিষয়ে জানি মোৰ যৱটমল চন্দ্ৰপুৰৰ শক্তিৰ সুখ অনুভৱ কৰিলো৷ ইয়াৰে কোলাম জনজাতিৰ স্বচ্ছতাৰ প্ৰতি থকা আগ্ৰহক মই মোৰ ‘মন কী বাত’তো অনুষ্ঠানতো প্ৰশংসা কৰিছো৷ চন্দ্ৰপুৰৰ যুৱক-যুৱতীসকলে যিধৰণে তাৰ পৰিস্কাৰ কৰিলে, সেইটোৱে দেশৰ বহু যুৱক-যুৱতীক স্বচ্ছতা অভিযান চলাবলৈ প্ৰেৰণা যোগাইছে৷
তেতিয়া মই ‘চাই পে চর্চা’ কৰিছিলো আৰু দেশৰ বিভিন্ন সমস্যা দূৰ কৰাৰ বাবে নিৰন্তৰ কাম কৰাৰ প্ৰতিশ্রুতি দিছিলো। বিগত চাৰে চাৰ বছৰত সম্পূর্ণ সততাৰে মই আপোনালোকক দিয়া প্ৰতিশ্রুতি পালনৰ চেষ্টা কৰিছো। আপোনালোক তাক লৈ সুখীনে? আপোনালোকৰ পৰা এই আশীর্বাদকে মই বিচাই। আশা কৰো, ভৱিষ্যতেও এই আশীর্বাদ অব্যাহত থাকিব।
আজিও পাণ্ডৰকোৰাৰ যৱটমলৰ উন্নয়নৰ স্বার্থত কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পসমূহ দুখীয়া লোকসকলৰ বাবে গৃহ নির্মাণ, আপোনালোকৰ যাতায়াতৰ সুবিধাৰ বাবে পথ, ৰে’লপথ, চাকৰি আৰু কর্মসংস্থাপন আৰু শিক্ষাৰ সৈতে জড়িত।
ভাই-ভনীসকল, উন্নয়নৰ এইসমূহ প্ৰকল্পৰ মাজত মই এইটোও জানো যে আপোনালোক সকলোৱে কেনে নিদাৰুণ যন্ত্ৰণা অনুভৱ কৰিছে। পুলৱামাত যি হৈছে, আমাৰ জোৱানসকলৰ ওপৰত সন্ত্রাসবাদীৰ আক্ৰমণক লৈ দেশবাসী ক্ষোভত ফাটি পৰিছে। এফালে, দেশবাসীৰ ক্ষোভ আৰু আনফালে সকলোৰ চুকুত চকুপানী। মহাৰাষ্ট্রৰ এই ভূমিয়েও কেইবাজনো সুসন্তানক হেৰৱাইছে। খান্দেশৰ ভূমিত থিয় হৈ মই দেশৰ সকলো পৰাক্ৰমী বীৰ সন্তানৰ আৰু তেওঁলোকৰ জন্মদাত্রী মাতৃসকলক আন্তৰিক শ্ৰদ্ধা জনাইছো৷
বন্ধুসকল, আমাৰ সৈনিকসকলে সদায়েই নিঃস্বার্থভাৱে দেশৰ সেৱা কৰি গৈছে। তেওঁলোক মুখেৰে একো নকয়৷ কিন্তু নীৰৱে কাম কৰি যায়। যিসকলে নিজৰ সর্বস্ব ত্যাগ কৰিছে, তেওঁলোকৰ পৰিয়ালৰ কাষত আমি সকলো সদায় থাকিম। এখন দেশ হিচাপে আমাৰ কাম এতিয়াৰে পৰাই আৰম্ভ হৈছে৷ চৰকাৰ প্ৰশাসনৰ যি দায়িত্ব আছে, তাতকৈও একো একোজন নাগৰিক হিচাপে আমাৰ দায়িত্ব বহুগুণে বেছি।
বন্ধুসকল, এটা সংযম, সংবেদনশীলতা আৰু শোকৰ সময়। কিন্তু প্ৰত্যেক পয়ালক মই আশ্বাস দিও যে পৰিয়ালসমূহে তেওঁলোকৰ প্রিয়জনক হেৰুৱাইছে, আপোনালোকৰ চকুপানীৰ প্ৰতিটো টোপালৰ উত্তৰ আমি দিম। কিদৰে ক’ত আৰু কেনেকৈ উত্তৰ দিম, সেয়া আমাৰ সেনাবাহিনীয়ে ঠিক কৰিব। ভাৰত যি নতুন ৰীতি-নীতিৰ মাজেৰে আগুৱাই গৈছে, বিশ্ববাসীয়ে এতিয়া সেয়া অনুভৱ কৰিব।
আমাৰ সাহসী নিৰাপত্তাৰক্ষীসকলে আক্ৰমণকাৰীসকলক নিশ্চিন্তে শুবলৈ নিদিয়ে। ভাৰতে কোনো লোকক আমনি কৰিব নিবিচাৰে। কিন্তু মই স্পষ্টভাৱে কৈছো, ভাৰতক যদি কোনোবাই আমনি কৰে আমি তেওঁলোক সুদাই নেৰো৷ আমাৰ নিৰাপত্তা বাহিনীসমূহে পূৰ্বতেও এইটো কৰি দেখুৱাইছে আৰু এতিয়াও প্ৰত্যুত্তৰ নিদিয়াকৈ নেৰে৷
ভাই-ভনীসকল, দেশৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাৰ জীৱনযাত্রাৰ মান আৰু অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে আপোনালোকৰ এই চৰকাৰে নিৰন্তৰ কাজ কৰি আহিছে। এই বাবে উন্নয়নৰ পঞ্চধাৰা অর্থাৎ সন্তানৰ পঢ়া-শুনা, যুৱক-যুৱতীসকলৰ কর্মসংস্থাপন, জ্যেষ্ঠসকলৰ ঔষধ, কৃষকৰ জলসিঞ্চনৰ ব্যৱস্থা আৰু প্ৰত্যেকৰে অভাৱ-অভিযোগ শুনাটোত অগ্রাধিকাৰ দিয়া হৈছে৷
ভাই-ভনীসকল, যি কোনো অঞ্চলৰ উন্নয়নত যোগাযোগ ব্যৱস্থাই আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। আজি যৱটমলত পথ আৰু ৰে’ল যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ সৈতে জড়িত কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্প ইয়াত উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰা হৈছে। পথ উন্নয়নৰ বাবে ৫০০ কোটি টকা বিনিয়োগেৰে এটি নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। তদুপৰি, পুনে–অজনী–পুনে হামচফৰ এক্সপ্রেছৰ উদ্বোধন কৰা হৈছে। এই ৰে’ল দ্রোণী, মনমাড, ভুছাৱাল আৰু বড়নেৰা হৈ চলিব। এই সকলো অঞ্চলৰ জনতাৰ যাতায়াতৰ সমস্যা দূৰ হ’ব।
বন্ধুসকল, পথ আৰু ৰে’ল যোগাযোগ উন্নয়নক বাদ দিও যৱটমলৰ ১৪,৫০০তকৈও দুখীয়া গৃহহীন লোকে আজি নিজৰ গৃহত প্ৰৱেশ কৰিছে, যিসকলে নতুন পকী গৃহ পাইছে, তেওঁলোকক মই বহুত বহুত শুভেচ্ছা জনাইছো। এই পকীগৃহ পোৱাৰ পাছত মই নিশ্চিত যে আপোনালোকৰ সপোনবোৰো আৰু অধিক পকী হ’ব। ২০২২ চনৰ ভিতৰত কেন্দ্রীয় চৰকাৰে দেশৰ সকলো গৃহহীনক পকী ঘৰ দিয়াৰ সিদ্ধান্ত লৈ কাম কৰি আহিছে। ইতিমধ্যে দেশৰ গাওঁ আৰু চহৰত প্রায় ডেৰ কোটি মানুষক গৃহ প্ৰদান কৰা হৈছে। বিগত চাৰি বছৰত মহাৰাষ্ট্রতো কেন্দ্রীয় চৰকাৰে প্রায় আঢ়ৈ লাখ গৃহ নির্মাণ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও ৫০ হাজাৰ গৃহ নির্মাণ কৰিছে। এই যৱটমলতো আৰু ১২ হাজাৰ গৃহ নির্মাণৰ কাম চলি আছে। এই আৱাসসমূহ গৃহ মুৰব্বীৰ নামত নথিভুক্ত কৰাৰ জৰিয়তে আমাৰ মা-ভগ্নীসকলৰ মৰ্যাদাক সন্মান জনোৱা হৈছে। নাৰী সবলীকৰণত যৱটমল দেশৰ অন্যতম অগ্ৰণী জিলা। যৱটমলকৈ ধৰি সমগ্ৰ মহাৰাষ্ট্রত মহিলা ‘বচতগট’ৰ এক ডাঙৰ নেটৱর্ক আছে। আমাৰ চৰকাৰে এই মহিলা ‘বচতগট’ সম্প্ৰসাৰণত সহায়কাৰী ভূমিকা পালন কৰিছে। এইবোৰক গ্রামীণ অর্থ ব্যৱস্থাৰ ভেটি কৰি তুলিবলৈ পূৰ্বৰ তুলনাত আঢ়ৈ গুণৰো অধিক ধনৰ যোগান দিয়া হৈছে।
ভাই-ভনীসকল, মোৰ মনত আছে যে যোৱাবাৰ যেতিয়া ইয়ালৈ আহিছিলো, তেতিয়া ইয়াৰ শেতকাৰী সমাজৰ সৈতে দীঘলীয়া আলাপ-আলোচনা কৰাৰ সৌভাগ্য হৈছিল। আজি দ্বিতীয়বাৰ অহাৰ সৌভাগ্য হোৱাত মই আপোনালোকক জনাব বিচাৰিছো যে এইবাৰৰ বাজেটত এই ধৰণৰ আঞ্চলিক সমাজৰ উন্নয়নৰ সমান্তৰালভাৱে আমাৰ দেশৰ যাযাবৰ সমাজৰ লোকসকল তথা অসংগঠিত ক্ষেত্রৰ শ্ৰমিক আৰু কৃষি শ্ৰমিকৰ বাবেও কেইবাটাও ডাঙৰ আঁচনি ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্রী কিষাণ সন্মাননিধি। ইয়াৰ জৰিয়তে যিসকল কৃষকৰ ৫ একৰ অথবা তাতকৈ কম ভূমি আছে, সেইবোৰ তিনিটা কিস্তিকৈ বছৰত মুঠ ৬ হাজাৰ টকাকৈ অনুদান দিয়া হ’ব। এইদৰে অহা ১০ বছৰত কেন্দ্রীয় চৰকাৰে পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টত মুঠ চাৰে সাত লাখ কোটি টকা জমা কৰিব। এই টকাৰে তেওঁলোকে যথাসময়ত বীজ, সাৰ আৰু নিজৰ অসুখ-বিসুখৰ ক্ষেত্রত ঔষধ কিনিব পাৰিব। আৰু মহাজনৰ পৰা উচ্চ সুদত ঋণ লোৱাৰ প্ৰয়োজন নহয়। ইয়াৰ জৰিয়তে দেশৰ প্রায় ১২ কোটি কৃষক, পশুপালক, দুগ্ধ উৎপাদক শ্ৰেণী উপকৃত হবে।
বন্ধুসকল, পথ আৰু গৃহ নির্মাণ খণ্ডত কোটি কোটি লোকে কর্মসংস্থাপন লাভ কৰিছে। এওলোকৰ ভিৰতত অধিকাংশই অসংঠিত খণ্ডৰ। এই অসংগঠিত খণ্ডৰৰ বন্ধুসকলৰ ভিতৰত যিসকলৰ আয় মাহত ১৫ হাজাৰ টকাতকৈ কম, তেওঁলোকৰ ৬০ বছৰ বয়সৰ পাছত মাহে তিনি হাজাৰ টকা পেন্সন সুনিশ্চিত কৰা হৈছে। এই আঁচনিৰ সৈতে জড়িত হ’বলৈ এই শ্ৰমিকসকলে মাহে গড়ে ১০০ টকাকৈ জমা কৰিব লাগিব, আৰু একেই পৰিমাণৰ টকা কেন্দ্রীয় চৰকাৰেও তেওঁলোকৰ পেন্সন একাউণ্টত জমা কৰিব।
ভাই-ভনীসকল, সামাজিক সুৰক্ষাৰ বাবে দায়বদ্ধ আমাৰ চৰকাৰে আদিবাসী সমাজৰ কল্যাণাৰ্থে বাজেটত প্রায় ৩০ শতাংশ আৱণ্টন বৃদ্ধি কৰিছে। ইয়াৰ ফলত যৱটমলকে ধৰি মহাৰাষ্ট্রৰ বিভিন্ন জিলাৰ লোকসকল উপকৃত হ’ব৷। এই সিদ্ধান্তই জনজাতি ভাইভনীসকলৰ বাবে বিজেপি চৰকাৰৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰমাণ।
বন্ধুসকল, ভূমি, অৰণ্য সম্পদ, পঢ়া-শুনা, ক্রীড়া প্ৰতিভা – এই সকলো স্তৰত জনজাতি কল্যাণৰ বাবে ব্যাপক প্ৰচেষ্টা হাতত লোৱা হৈছে। জন ধনৰ পৰা আৰম্ভ কৰি বন ধন যোজনালৈকে সাধাৰণ লোক আৰু বিভিন্ন জনজাতিৰ ভাই-ভনীসকলৰ বাবে সু-পৰিকল্পিতভাবে উন্নয়নৰ কাম কৰা হৈছে। আগেয়ে জনধন যোজনাৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্ট খোলা হৈছে, যাতে চৰকাৰৰ প্ৰত্যেক অনুদান আপোনালোকৰ একাউণ্টত পোনপটীয়াকৈ সোমায়৷ মাজত কোনো দালালে আপোনালোকৰ ধন আত্মসাৎ কৰিব নোৱাৰে। সেইদৰে বন ধন কেন্দ্ৰসমূহৰ জৰিয়তেও আপোনালোকে অৰণ্য সম্পদৰ উন্নত মূল্য লাভ কৰিব। চৰকাৰে অৰণ্য সম্পদক মূল্য সংযোজনৰ জৰিয়তে আপোনালোকৰ হাতত অধিক অর্থ তুলি দিব বিচাৰে।
বন্ধুসকল, বিগত চাৰে চাৰি বছৰত বনজ সম্পদৰ ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰা হৈছে। যোৱা ডিচেম্বৰ মাহত ২৩বিধ বনজ সম্পদৰ সহায়ক মূল্য বৃদ্ধি কৰা হৈছে। চাৰে চাৰি বছৰৰ আগতে মাত্ৰ ১০বিধ বনসম্পদৰ বিক্রীত হে জনজাতি ভাই-ভনীসকলে ন্যূনতম সহায়ক মূল্য লাভ কৰিছিল, এতিয়া ৫০বিধ বনজ সম্পদৰ বিপৰীতে ন্যূনতম সহায়ক মূল্য পাইছে।
বন্ধুসকল, বিজেপি চৰকাৰে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ ৰোজগাৰ বৃদ্ধিৰ কথা ভাবি বাঁহ উৎপাদন আৰু বিক্রী সম্পৰ্কীয় আইনত পৰিৱর্তন আনিছে। আগতে বাঁহক গছৰ শ্রেণীত ধৰা হৈছিল বাবে বাঁহ কাটি বিক্রী কৰিবলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। নতুন আইনত বাঁহৰ প্ৰকৃত বৈজ্ঞানিক প্ৰজাতি অনুসৰি একে তৃণৰ শ্রেণীত অন্তৰ্ভূক্ত কৰাত এতিয়া আপোনালোকে যিমান পাৰে বাঁহৰ খেতি কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ আয় বহু গুণে বৃদ্ধি পাব।
বন্ধুসকল, জনজাতি অধ্যুষিত অঞ্চলত শিক্ষা, দক্ষতা বিকাশ আৰু কর্মসংস্থাপন বৃদ্ধিৰ বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। জনজাতি এলেকাত একলব্য মডেল স্কুল খোলাৰ ব্যাপক অভিযান হাতত লোৱা হৈছে। ২০ হাজাৰতকৈ অধিক প্ৰতিটো জনজাতি অধ্যুষিত অঞ্চলত বিদ্যালয় খোলা হৈছে আজি ইয়াতো তেনে এখন একলব্য মডেল স্কুলৰ নতুন চৌহদৰ উদ্বোধন কৰা হয়। এই নতুন চৌহদত ৪০০তকৈও অধিক ছাত্ৰ-ছাত্রীয়ে তেওঁলোকৰ ভৱিষ্যৎ গঢ়ি তুলিব পাৰিব।
বন্ধুসকল, জনজাতি সমাজত স্বাস্থ্য উন্নয়নত আজি যৱটমলত তিনিখন স্বাস্থ্য প্ৰতিষ্ঠানৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। জনজাতি এলেকাত ‘ছিকল চেল’ নামৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। বিশেষকৈ, বিধর্ব অঞ্চলত এই ৰোগৰ সমস্যা অধিক। এই ৰোগ সম্পর্কে গৱেষণাৰ বাবে চন্দ্ৰপুৰত এটি গৱেষণা আৰু চিকিৎসা কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্রী জন-আৰোগ্য যোজনা অতি কম সময়ৰ ভিতৰত দেশৰ দুখীয়ালোকসকলৰ মনত চিকিৎসা বিষয়ে এক নিৰাপত্তাৰ আশ্বাস যোগাব পাৰিছে। আজি দেশৰ প্রায় ৫০ কোটি দুখীয়া ভাই-ভনীৰ মনত আস্থা জাগিছে যে জটিল ৰোগৰ সময়ত চৰকাৰে তেওঁলোকৰ কাষত থিয় হ’ব। নিজৰ ঘৰ বন্ধকত ৰখাৰ প্ৰয়োজন নহয়। পকেটত টাকা নাথাকিলেও চিকিৎসা সম্ভৱ! দুখীয়া লোকসকলৰ মনত আজি এই বিশ্বাস জাগিছে। এই আঁচনিৰ জৰিয়তে দেশত প্ৰতিদিনে গড়ে দহ হাজাৰ দুখীয়া লোকৰ বিনামুলীয়া চিকিৎসা চলে।
বন্ধুসকল, ভাৰতক বিশ্বত ক্রীড়া মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন জনজাতি সমাজৰ যুবসম্প্ৰদায়ৰ সামর্থ্যই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনজাতি অধ্যুষিত অঞ্চলসমূহত আধুনিক ক্রীড়া পৰিকাঠামো বিস্তাৰৰ বাবে চৰকাৰে গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছে। দেশত ১৫০খনতৈও অধিক জনজাতি অধ্যুষিত জিলাত ক্রীড়া পৰিকাঠামোৰ উন্নয়নক অগ্রাধিকাৰ প্ৰদান কৰা হৈছে। এই জিলাসমূহক ২০২২ চনলৈকে ক্রীড়া পৰিকাঠামো উন্নয়নত ৫ হাজাৰ কোটি টকা কৈ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
বন্ধুসকল, ইতিহাস সাক্ষী যে স্বাধীনতা সংগ্রামৰ পৰা আৰম্ভ কৰি দেশৰ উন্নয়নত আদিবাসী বীৰসকলৰ যথেষ্ট অৱদান আছে। বিজেপি চৰকাৰে এই অৱদানক সন্মান জনোৱাৰ বাবে মহান জনজাতি বীৰসকলৰ স্মৰণত সমগ্ৰ দেশত স্মাৰক নিৰ্মাণ কৰিছে।
ভাই-ভনীসকল, চাৰে চাৰি বছৰ পূৰ্বে আপোনালোকে কেন্দ্রত এখন শক্তিশালী সংখ্যাগৰিষ্ঠ চৰকাৰক দায়িত্ব দিছিল বাবেই দেশৰ নিৰাপত্তা, মহিলা সবলীকৰণ, জনজাতি কল্যাণ আৰু উন্নয়নৰ অন্যান্য কাম আজি ইমান দ্রুতগতিত হৈছে। আজি চৰকাৰে সঠিক লক্ষ্য আৰু স্পষ্ট নীতি লৈ কাম কৰি আহিছে। আপোনালোকে যদি আমাক দায়িত্ব নিদিয়া হ’লে, সেয়া আগৰ দৰেই অন্ধকাৰত জীৱনযাপন কৰিবলগীয়া হ’লহেতেন। আশা কৰো, আগন্তুক নির্বাচনত আপোনালোকে এই উন্নয়নৰ ধাৰাক আৰু শক্তিশালী কৰি তোলাৰ সপক্ষে ভোটদান কৰিব। আপোনালোকৰ এই প্ৰধান সেৱকৰ ওপৰ আশীর্বাদ বজাই ৰাখিব। এই আশাৰে পুনৰবাৰ আপোনালোকক সকলো উন্নয়ন পৰিকল্পনাৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো। মোৰ সৈতে উচ্চ স্বৰত কওক–
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
ভাৰত মাতা কী জয়!
বহুত বহুত ধন্যবাদ৷
*****
অতুল কুমাৰ তিৱাৰী/বন্দনা যাদৱ/বাল্মীকি মাহাতো/দিগন্ত বৈৰাগী
कुछ महीने पहले इस क्षेत्र के आदिवासी युवाओं ने एवरेस्ट पर विजय प्राप्त की थी।
— PMO India (@PMOIndia) February 16, 2019
दिल्ली में मुझे इन युवा साथियों से मिलने का अवसर भी मिला था।
उनके परिश्रम, उनके सपनों के बारे में जानकर मुझे यवतमाल-चंद्रपुर की ऊर्जा का सुखद अनुभव हुआ था: PM
यहां की कोलाम जनजाति का स्वच्छता के प्रति जो
— PMO India (@PMOIndia) February 16, 2019
आग्रह है, उसका जिक्र मैंने मन की बात कार्यक्रम में भी किया था।
चंद्रपुर के युवाओं ने जिस तरह वहां के किले को साफ किया था,
उससे देश के अनेक युवाओं को ऐसे ही स्वच्छता अभियान की प्रेरणा मिली है: PM
आज पांढरकवड़ा के, यवतमाल के विकास से जुड़ी सैकड़ों करोड़ की परियोजनाओं का शिलान्यास और लोकार्पण किया गया है।
— PMO India (@PMOIndia) February 16, 2019
इनमें गरीबों के घर से जुड़े,
सड़कों से जुड़े,
रेलवे से जुड़े,
रोज़गार और स्वरोज़गार से जुड़े,
शिक्षा से जुड़े अनेक प्रोजेक्ट्स हैं: PM
मैं जानता हूं कि हम सभी किस गहरी वेदना से गुजर रहे हैं।
— PMO India (@PMOIndia) February 16, 2019
पुलवामा में जो हुआ, उसको लेकर आपके आक्रोश को मैं समझ रहा हूं।
यहां महाराष्ट्र के 2 वीर सपूतों ने पुलवामा में अपने प्राणों की आहूति दी है।
जिन परिवारों ने अपने लाल को खोया है, उनकी पीड़ा मैं अनुभव कर सकता हूं: PM
इन शहीदों का बलिदान व्यर्थ नहीं जाएगा।
— PMO India (@PMOIndia) February 16, 2019
आतंकी संगठनों ने, आतंक के सरपरस्तों ने जो गुनाह किया है, वो चाहे जितना छिपने की कोशिश करें,
उन्हें सज़ा जरूर दी जाएगी।
सैनिकों में और विशेषकर CRPF में जो गुस्सा है, वो भी देश समझ रहा है। इसलिए सुरक्षाबलों को खूली छूट दी गई है: PM
देश की सुरक्षा के साथ ही देश की समृद्धि के लिए भी हमारी सरकार पूरी तरह प्रतिबद्ध है।
— PMO India (@PMOIndia) February 16, 2019
इसलिए विकास की पंचधारा यानि
बच्चों को पढ़ाई,
युवाओं को कमाई,
बुजुर्गों को दवाई,
किसान को सिंचाई और
जन-जन की सुनवाई पर बल दिया जा रहा है: PM
थोड़ी देर पहले सड़क से जुड़े करीब 500 करोड़ रुपए के प्रोजेक्ट्स का शिलान्यास किया गया है,
— PMO India (@PMOIndia) February 16, 2019
इसके अलावा पुणे- अजनी-पुणे हमसफर एक्सप्रेस को भी हरी झंडी दिखाई गई है।
ये ट्रेन दौंड, मनमाड, भुसावल और बडनेरा होते हुए जाएगी।
इससे इन सभी जगहों के लोगों को बहुत सुविधा होने वाली है: PM
यवतमाल के साढ़े 14 हज़ार से अधिक गरीब परिवारों ने आज अपने नए घर में प्रवेश भी किया है।
— PMO India (@PMOIndia) February 16, 2019
केंद्र सरकार ने 2022 तक हर बेघर को पक्का घर देने का लक्ष्य रखा है और सरकार तेज़ी से अपने लक्ष्य की तरफ बढ़ रही है।
अब तक देश के गांव और शहरों में 1.5 करोड़ गरीबों के घर बनाए जा चुके हैं: PM
मुझे याद है कि पिछली बार जब मैं यहां आया था, तो शेतकरी समाज से लंबा संवाद किया था।
— PMO India (@PMOIndia) February 16, 2019
आज ये जानकारी देना चाहता हूं कि हाल के बजट में शेतकरी समाज के साथ-साथ, जो हमारे घुमंतु समाज के लोग हैं, हमारे श्रमिक हैं, इन सभी के लिए बड़ी योजनाओं का ऐलान किया गया है: PM
पीएम किसान सम्मान निधि के नाम से सरकार ने किसानों की सीधी आर्थिक मदद करने की योजना बनाई है।
— PMO India (@PMOIndia) February 16, 2019
इस के तहत ऐसे किसान जिनके पास 5 एकड़ से कम जमीन है, उन किसानों के बैंक खाते में हर वर्ष 6 हज़ार रुपए जमा किए जाएंगे।
महाराष्ट्र के लगभग 1.2 करोड़ किसान परिवारों को सीधा लाभ होगा: PM
ज़मीन हो,
— PMO India (@PMOIndia) February 16, 2019
जंगल की पैदावार हो,
पढ़ाई लिखाई हो,
खेल से जुड़ी प्रतिभा हो,
हर स्तर पर आदिवासियों के कल्याण के लिए व्यापक प्रयास हो रहे हैं।
जनधन से लेकर वनधन योजना तक,
जनजातीय समुदाय के बहन-भाइयों के लिए काम किया जा रहा है: PM
वन-उपज पर जो समर्थन मूल्य सरकार देती है, उसमें बीते साढ़े 4 वर्ष में 3 बार बढ़ोतरी की गई है।
— PMO India (@PMOIndia) February 16, 2019
सरकार द्वारा MSP के दायरे में आने वाली फसलों को बढ़ाया गया है।
जहां साढ़े 4 वर्ष पहले जंगल से मिलने वाली 10 उपजों पर MSP मिलता था,
अब वो संख्या बढ़कर करीब-करीब 50 हो चुकी है: PM
हमारे जनजातीय इलाकों में सिकल सेल की एक बीमारी बहुत सामान्य है,
— PMO India (@PMOIndia) February 16, 2019
विशेषतौर पर विदर्भ में इस बीमारी की बहुत अधिक समस्या है।
इस बीमारी के इलाज के लिए बेहतर चिकित्सा सुविधा हो, रिसर्च की सुविधा हो, इसके लिए चंद्रपुर में
रिसर्च से जुड़ा सेंटर स्थापित किया जा रहा है: PM