Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলাৰ ৫৩ কেজি ভাৰত্তোলন প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী সঞ্জিতা চানুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছত ভাৰত্তোলনত সোণৰ পদক বিজয়ী কে সঞ্জিতা চানুক অভিনন্দন জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ বাবে এয়া দ্বিতীয়টো সোণ! মহিলাৰ ৫৩ কেজি ভাৰত্তোলন প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী কে সঞ্জিতা চানুক অভিনন্দন জনাইছোঁ৷ এই আদৰ্শমূলক পাৰদৰ্শিতা সমগ্ৰ ৰাষ্ট্ৰই উপভোগ কৰিছে৷’’

অষ্ট্ৰেলিয়াত উদযাপিত ২০১৮ চনৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ ভাৰত্তোলক খুমুকচাম সঞ্জিতা চানুৱে দ্বিতীয়টো সোণৰ পদক লাভ কৰে৷

****

AKT/HS/MANN