Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মাদক দ্ৰব্য, নিচাজাতীয় পদাৰ্থ আৰু ইয়াৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটত অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মাদক দ্ৰব্য, নিচাজাতীয় পদাৰ্থ আৰু ইয়াৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনোৱা হয়৷

এই বুজাবুজি চুক্তিয়ে মাদক দ্ৰব্য আৰু নিচাজাতীয় পদাৰ্থ নিষিদ্ধ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াত পাৰস্পৰিক সহযোগিতা আগবঢ়াব৷ এই চুক্তিখন স্বাক্ষৰ কৰা দিনৰ পৰা পৰৱৰ্তী পাঁচ বছৰলৈ কাৰ্যকৰী হ’ব৷
ভাৰতে আন ৩৭খন দেশৰ সৈতেও এনে বুজাবুজি চুক্তি/চুক্তি স্বাক্ষৰ কৰিছে৷

এই বুজাবুজি চুক্তিখনৰ মুল বৈশিষ্ট্যসমূহ হৈছেঃ

• এই বুজাবুজি চুক্তিখনে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ নিয়ন্ত্ৰণ সন্মিলনৰ দ্বাৰা নিৰ্ধাৰিত মাদক দ্ৰব্য, নিচাজাতীয় পদাৰ্থ আৰু ইয়াৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব৷

• এই বুজাবুজি চুক্তিৰ অধীনত মাদক দ্ৰব্য, নিচাজাতীয় পদাৰ্থ আৰু ইয়াৰ অবৈধ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে দুয়োখন দেশৰ মাজত নিৰ্দিষ্ট আইনী তথ্যৰ বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লগতে মাদক দ্ৰব্য, নিচাজাতীয় পদাৰ্থ আৰু ইয়াৰ অবৈধ সৰবৰাহ, প্ৰয়োজনীয় ৰাসায়ণিক দ্ৰব্য আৰু ধন সৰবৰাহ কাৰ্যৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি ইয়াৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণত সহায় কৰিব৷

• এই বুজাবুজি চুক্তিৰ অধীনত তথ্য আৰু নথি-পত্ৰৰ গোপনীয়তা বজাই ৰাখিব লাগিব৷

******

AKT/DB