পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ভাৰত আৰু ৰাছিয়াৰ মাজত মানৱ মহাকাশযান কাৰ্যসূচীৰ অধীনত যৌথ সহযোগিতাৰ বাবে সম্পন্ন হোৱা চুক্তিপত্ৰ সন্দৰ্ভত অৱগত কৰোৱা হয়৷ এই চুক্তিপত্ৰ নতুন দিল্লীত ১৫ অক্টোবৰ ২০১৫ তাৰিখে স্বাক্ষৰিত হৈছিল৷
প্ৰধান প্ৰভাৱঃ
এই বুজাবুজিৰ চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ জৰিয়তে ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা শক্তিশালী হোৱাৰ লগতে মানৱ মহাকাশযান কাৰ্যসূচীৰ বাবে প্ৰয়োজন হোৱা অত্যাধুনিক প্ৰণালী যেনে বিকিৰণ সুৰক্ষা কৱচ, জীৱনদায়িনী ব্যৱস্থা, ক্ৰু’ ব্যৱস্থাপনা, নিৰ্দিষ্ট মিলনস্থান আৰু ড’কিং ব্যৱস্থা, মহাকাশৰ পোছাক, নভোচ্ছৰৰ প্ৰশিক্ষণ ইত্যাদিৰ প্ৰযুক্তি বিকাশত অৰিহণা যোগাব৷
লাভসমূহঃ
এই বুজাবুজিৰ চুক্তিপত্ৰই মানৱতাৰ লাভৰ বাবে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰখনত যৌথ সহযোগিতাৰ উত্তৰণ কৰিব৷ ই যৌথ কৰ্মদল স্থাপন নেতৃত্ব প্ৰদান কৰাৰ জৰিয়তে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পৰিকল্পনা কাৰ্যকৰী কৰা আৰু এই চুক্তিৰ অধীনত বিভিন্ন ব্যৱস্থা প্ৰণয়ন কৰাত সহায় কৰিব৷
*****
AKT/SH/MANN