পি এম ইণ্ডিয়া
মহামহিম ৰাষ্ট্ৰপতি ছ’লীহ,
মালদ্বীপৰ পৰা অহা অন্যান্য মন্ত্রীবৰ্গ তথা অতিথিবৃন্দ,
আপোনালোক সকলোকে ভাৰতলৈ আন্তৰিক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত। ৰিপাবলিক অফ মালডিভ্ছ’ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে আপোনাক পুনৰ শুভেচ্ছা জনাইছো। কেৱল মালদ্বীপেই নহয়, সমগ্ৰ বিশ্বত আপোনাৰ গণতন্ত্রৰ বাবে সংগ্রাম আৰু সাফল্য প্রেৰণাৰ উৎস হৈ পৰিব। যোৱা মাহত আপোনাৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকিবলৈ পোৱাটো কেৱল মোৰ বাবেই নহয়, ভাৰতৰ বাবেও ডাঙৰ সন্মানৰ বিষয় আছিল। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ এমাহৰ ভিতৰতে আুপনি বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছনি কৰে। আমাৰ বাবে এয়া ডাঙৰ সন্মান আৰু গৌৰৱৰ বিষয়। আপোনাৰ এই ভ্ৰমণ সেই সুদৃঢ় পাৰস্পৰিক ভৰসা আৰু বন্ধুত্বৰ ভেঁটীৰ ওপৰত প্ৰতিষ্ঠিত। আমাৰ বন্ধুত্ব কেৱল ভৌগোলিক প্ৰতিৱেশীৰ ফলত নহয়, সাগৰৰ ঢৌৱে উভয় দেশৰ ইপাৰ–সিপাৰক একেলগ কৰিছে৷
আমাৰ ইতিহাস, সংস্কৃতি, ব্যৱসায় আৰু সামাজিক সম্পর্কও ক্ৰমান্বয়ে আৰু অধিক কাষ চাপিছে। উভয় দেশৰ লোকসকলে আজি গণতন্ত্রৰ প্ৰতি নিজৰ আস্থা আৰু উন্নয়নৰ আকাংক্ষা লৈ পৰস্পৰৰ সৈতে জড়িত হৈছে৷ আপোনাৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ সম্পর্কৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।
বন্ধুসকল,
ৰাষ্ট্ৰপতি ছ’লীহ আৰু মোৰ মাজত আজি অতি সৌহাদ্যপূর্ণ আৰু বন্ধুতপূর্ণ পৰিৱেশত আলোচনা হৈছে। উভয় দেশৰ মাজত পৰম্পৰাগত শক্তিশালী আৰু মৈত্রীপূর্ণ সম্পর্ক আৰু অধিক নিবিড় কৰাৰ প্ৰতি আমি দৃঢ়তাৰে এই আলোচনাক আগুৱাই নিছো৷
মহামহিম ৰাষ্ট্ৰপতি,
আপোনাৰ চৰকাৰৰ জনতাকেন্দ্রিক উন্নয়নৰ লক্ষ্যক মই অনেক প্ৰশংসা জনাইছো। এক ঘনিষ্ঠ বন্ধু তথা প্ৰতিৱেশী হিচাপে আমি মালদ্বীপৰ সফলতা কামনা কৰো। মালদ্বীপৰ জনগণৰ জীৱন সলনি কৰিবলৈ আপোনাৰ চৰকাৰৰ অভিলাসী প্ৰকল্পসমূহ বাস্তবায়িত কৰি মালদ্বীপৰ উন্নয়নৰ মানৱীয় ৰূপ আৰু অধিক উজ্জ্বল কৰি তুলিছে। ভাৰত সদায়েই আপোনাৰ সৈতে আছে।
মই আনন্দিত যে এই দায়বদ্ধতাৰ প্ৰত্যক্ষ অভিব্যক্তি ৰূপে মালদ্বীপৰ সামাজিক, আর্থিক উন্নয়নৰ বাবে আর্থিক সাহায্য, কাৰেন্সি সোৱাইপ আৰু ন্যূনতম সুদৰ হাৰত লাইন্ছ অৱ ক্রেডিট ৰূপত ভাৰতে মালদ্বীপক ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ আর্থিক সাহায্য প্ৰদান কৰিব।
উভয় দেশৰ মাজত যোগাযোগ ব্যৱস্থা উন্নয়নত ভাৰতে সম্পূর্ণ সহযোগিতা আগবঢ়াব। উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সামগ্ৰী পৰিবহণ সেৱা, তথ্য, ভাৱনা, সংস্কৃতি আৰু জনগণৰ মাজত ভাৱৰ আদানপ্ৰদানক উৎসাহ যোগোৱা হ’ব। ৰাষ্ট্ৰপতি ছ’লীহক স্বাস্থ্য, মানৱসম্পদ উন্নয়ন, আন্তঃগাঁথনি, কৃষি, দক্ষতা আৰু সক্ষমতা বৃদ্ধি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা পর্যটনত আমাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্রুতি দিছো৷
আমি অহা পাঁচ বছৰত মালদ্বীপৰ নাগৰিকসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু সক্ষমতা বৃদ্ধিৰ বাবে অতিৰিক্ত ১,০০০খন আসন প্ৰদানৰো সিদ্ধান্ত লৈছো। আমাৰ নাগৰিকসকলৰ মাজ সৌহার্দ্র্য আমাৰ পাৰস্পৰিক সম্পর্কক নতুন মাত্রা দিছে। সেইবাবে আজি আমি নতুন ভিছা চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱক আজৰণি জনাইছো। আমি পাৰস্পৰিক বাণিজ্যিক সম্পর্কৰ উন্নতি তথা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব বিচাৰো। এয়া উভয় দেশৰ বাবে লাভজনক।
মালদ্বীপত স্বচ্ছ, জবাবদিহিতা আৰু আইনী প্ৰশাসনৰ লক্ষ্যৰে ভাৰতীয় ব্যৱসায়ীসকলৰ এক আদৰণি বার্তা প্ৰদান কৰে। ৰাষ্ট্ৰপতি ডাঙৰীয়া, আমাৰ প্ৰতিৱেশী আৰু মিত্ৰ দেশ মালদ্বীপ ‘এলভিচি’ শ্রেণীৰ পৰা উন্নীত হৈ এতিয়া মধ্যবিত্ত গোষ্ঠীৰ দেশ হৈ উঠাৰ দৃষ্টান্ত প্ৰতিষ্ঠা কৰাত আমি ভাৰতবাসী গৌৰবান্বিত। দীর্ঘস্থায়ী সুদূৰপ্ৰসাৰী উন্নয়ন আৰু পৰিৱেশ পৰিৱর্তনৰ কঠিন প্ৰত্যাহ্বান মোকাবিলা কৰি মালদ্বীপে এই সাফল্য লাভ কৰিছে। এইবোৰ সমস্যাৰ মোকাবিলা আৰ সমুদ্ৰ–সম্পদৰ সুদূৰপ্ৰসাৰী উন্নয়নত মালদ্বীপৰ ভূমিকা বিশ্বত গুৰুত্বপূর্ণ হৈ পৰিব। সেয়েহে ভাৰত আৰু মালদ্বীপৰ মাজত সামুদ্রিক সহযোগিতাৰ বিবিধ মাত্রাত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে আমি সহমত প্ৰকাশ কৰিছো।
মহামহিম,
আপোনালোকে পুনৰ কমনৱেল্থৰ সৈতে যুক্ত হোৱাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। আমি ইয়াক সমর্থন কৰিম। আমি ভাৰত মহাসাগৰ ৰিম এছোচিয়েচন (আইঅ’আৰএ) পৰিয়াললৈও আপোনাক স্বাগতম জনাইছো। ৰাষ্ট্ৰপতি ছ’লীহ আৰু মই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছো যে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ পাৰস্পৰিক সহযোগিতা আৰু নিবিড় কৰাৰ প্ৰয়োজন আছে। উভয় দেশৰ নিৰাপত্তা পৰস্পৰৰ স্বার্থ জড়িত হৈ আছে। এই অঞ্চলৰ স্থিতিশীলতা বজাই ৰাখিবলৈ পৰস্পৰৰ হিতাৰ্থে সদায় সজাগ হৈ থকাৰ ক্ষেত্রতো আমি একমতত উপনীত হৈছো।
ইয়াৰ সমান্তৰালভাৱে এনে কোনো গতিবিধি আমি নিজৰ দেশত হ’বলৈ নিদিও, যি আনৰ ক্ষতি কৰিব পাৰে। এই অঞ্চলৰ উন্নয়ন আৰু সুস্থিৰতাৰ ক্ষেত্রত ভাৰত আৰু মালদ্বীপৰ অংশীদাৰিত্ব সমান থাকিব। সেইবাবে মই ৰাষ্ট্ৰপতি ছ’লীহৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰাৰ ক্ষেত্রত সহমত প্ৰকাশ কৰিছো যাতে দুয়োখন দেশৰ সম্পর্কৰ অসীম সম্ভাৱনা বিকশিত হয় আৰু উভয় দেশৰ জনতাৰ ইয়াৰ দ্বাৰা উপকৃত হয়।
সকলোকে বহুত বহুত ধন্যবাদ।
***
অতুল কুমাৰ তিৱাৰী/শ্বাহবাজ হচিবি/বাল্মীকী মাহাতো /দিগন্ত
राष्ट्रपति सोलिह आपका, श्रीमती सोलिह और आपके शिष्टमंडल के सदस्यों का भारत में हार्दिक स्वागत करते हुए मुझे प्रसन्नता हो रही है: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
Republic of Maldives के राष्ट्रपति का पद ग्रहण करने पर एक बार फिर से आपको बधाई। मालदीव के लिए ही नहीं, बल्कि पूरे विश्व में लोकतंत्र के लिए आपका संघर्ष और आपकी सफलता प्रेरणा का स्रोत हैं: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
पिछले महीने आपके शपथ ग्रहण समारोह में शामिल होना मेरे लिए ही नहीं, भारत के लिए बहुत सम्मान का विषय था: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
राष्ट्रपति का पद ग्रहण करने के एक महीने के भीतर अपनी पहली विदेश यात्रा के लिए आपने भारत को चुना है। यह हमारे लिए बहुत सम्मान और गर्व का विषय है: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
आपकी इस यात्रा से उस गहरे आपसी भरोसे और दोस्ती की झलक मिलती है जिनपर भारत- मालदीव सम्बन्ध आधारित हैं: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
हमारी मित्रता सिर्फ हमारी भौगोलिक समीपता के कारण ही नहीं है। सागर की लहरों ने हमारे तटों को जोड़ा है। इतिहास, संस्कृति, व्यापार और सामाजिक सम्बन्ध हमें हमेशा और भी नजदीक लाए हैं: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
दोनों देशों के लोग आज लोकतंत्र में अपनी आस्था और विकास की आकांक्षा से भी आपस में जुड़े हैं।
— PMO India (@PMOIndia) December 17, 2018
आपकी इस यात्रा से दोनों देशों के बीच इन संबंधों के इतिहास में एक नए अध्याय की शुरुआत होगी: PM @narendramodi to President @ibusolih
राष्ट्रपति सोलिह और मेरे बीच आज बहुत ही सौहार्द्रपूर्ण और मित्रता भरे वातावरण में बहुत सफल चर्चा हुई। हमने दोनों देशों के बीच परंपरागत मजबूत तथा मैत्रीपूर्ण संबंधों को और अधिक प्रगाढ़ करने की हमारी दृढ़ प्रतिबद्धता को दोहराया: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
मालदीव के लोगों के जीवन को बदलने की आपकी सरकार की महत्वाकांक्षी योजनाओं को अंजाम देने में और मालदीव में विकास का मानवीय रूप यानि human face और भी निखारने के आपके प्रयास में भारत हमेशा आपके साथ है: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
मुझे ख़ुशी है कि इस प्रतिबद्धता की प्रत्यक्ष अभिव्यक्ति के तौर पर, मालदीव के सामाजिक-आर्थिक विकास के लिए budget support, करेन्सी स्वाप और रियायती lines of credit के रूप में 1.4 बिलियन अमेरिकी डॉलर की आर्थिक सहायता भारत मालदीव को प्रदान करेगा: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
दोनों देशों के बीच connectivity को बेहतर बनाने के लिए भी भारत का पूर्ण सहयोग रहेगा। बेहतर connectivity से goods और services, information, विचारों, संस्कृति और लोगों के आदान-प्रदान को बढ़ावा मिलेगा: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
स्वास्थ्य, human resource development, infrastructure, agriculture, capacity building, ICT और tourism में भी हमारी भागीदारी को और मजबूत बनाने का मैंने राष्ट्रपति @ibusolih को आश्वासन दिया: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
हमने अगले पांच वर्षों में मालदीव के नागरिकों के प्रशिक्षण और क्षमता निर्माण के लिए अतिरिक्त 1000 सीटें देने का भी निर्णय किया है।
— PMO India (@PMOIndia) December 17, 2018
हमारे नागरिकों के बीच सौहार्द हमारे संबंधों का विशेष पहलू है। इसलिए आज हम नए वीज़ा समझौते पर हस्ताक्षर का स्वागत करते हैं: PM @narendramodi
हम अपने वाणिज्यिक संबंधों तथा द्विपक्षीय व्यापार को बढ़ते हुए देखना चाहते हैं। मालदीव में विभिन्न क्षेत्रों में भारतीय कंपनियों के निवेश के लिए बढ़ते अवसरों का मैं स्वागत करता हूँ: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
यह दोनों देशों के लिए परस्पर लाभकारी है। मालदीव में पारदर्शी, जवाबदेह और नियमों पर आधारित प्रशासन का विजन भारतीय कारोबारियों को एक स्वागत योग्य संदेश देता है: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
राष्ट्रपति सोलिह और मैं, इस पर भी सहमत हैं कि हिंद महासागर क्षेत्र में शांति और सुरक्षा बनाए रखने के लिए हमें अपने सहयोग को और गहन बनाने की ज़रूरत है: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
दोनों देशों के सुरक्षा हित एक-दूसरे से जुड़े हुए हैं। इस क्षेत्र की स्थिरता के लिए एक-दूसरे के हितों और चिंताओं के प्रति सचेत रहने पर भी एकमत हैं । साथ ही, ऐसी किसी भी गतिविधि के लिए हम अपने देशों का उपयोग नहीं होने देंगे जिससे एक दूसरे को नुकसान हो: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
हमारे क्षेत्र के विकास और स्थिरता में भारत और मालदीव दोनों की बराबर की रूचि और हिस्सेदारी है: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018
मैं मालदीव और हमारे क्षेत्र के ऐसे उज्जवल भविष्य के लिए राष्ट्रपति Solih के साथ मिलकर काम करना चाहता हूँ जिसमें भारत और मालदीव के सम्बंधों की अनन्त सम्भावनाओं का पूरा विकास हो । और उनका पूरा-पूरा लाभ दोनों देशों के नागरिकों को और इस क्षेत्र के लोगों का मिले: PM @narendramodi
— PMO India (@PMOIndia) December 17, 2018