পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কোচীত অনুষ্ঠিচ মালায়ালা মনোৰমা নিউজ কনক্লেভ ২০১৯ত ভাষণ আগবঢ়ায়৷
ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমৰ্থনত মালায়ালা মনোৰমাই আগবঢ়োৱা বৰঙণিৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে সংবাদ প্ৰতিষ্ঠানটোক প্ৰশংসা কৰে৷
নতুন ভাৰতৰ প্ৰাণকেন্দ্ৰ হ’ল সামূহিক আকাংক্ষাঃ
কনক্লেভৰ বিষয়বস্তু ‘নিউ ইণ্ডিয়া’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিগত আকাংক্ষা, সন্মিলিত প্ৰচেষ্টা আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ বাবে কাম কৰাৰ নিজস্ব উদ্যমে নিউ ইণ্ডিয়াৰ প্ৰাণককেন্দ্ৰ৷ তেওঁ উল্লেখ কৰে যে নতুন ভাৰতৰ অৰ্থ হ’ল অংশগ্ৰহণমূলক গণতন্ত্ৰ, নাগৰিক কেন্দ্ৰিক চৰকাৰ আৰু সক্ৰিয় নাগৰিকত্ব৷ নতুন ভাৰত হ’ল দায়িত্বশীল নাগৰিক আৰু দায়িত্বশীল চৰকাৰৰ যুগ৷
প্ৰধানমন্ত্ৰীয়ে কয়, নতুন ভাৰতৰ উদ্যম এতিয়া ক্ৰীড়া অথবা ষ্টাৰ্ট-আপৰ দৰে বিভিন্ন খণ্ডত দেখিবলৈ পোৱা গৈছে৷ তেওঁ উল্লেখ কৰে যে সৰু চহৰ আৰু গাওঁৰ উৎসাহী যুৱ প্ৰজন্মই তেওঁলোকৰ আকাংক্ষাক পাৰদৰ্শিতালৈ ৰূপান্তৰিত কৰিছে আৰু ভাৰতক গৌৰৱান্বিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয় যে নতুন ভাৰত হ’ল ১৩০কোটি ভাৰতীয়ৰ প্ৰত্যেকৰে কন্ঠ আৰু সংবাদ মাধ্যমে জনসাধাৰণৰ এই কন্ঠ শুনাটো অতি প্ৰয়োজন৷
চৰকাৰে কৰি থকা কাম সন্দৰ্ভত তেওঁ কয় যে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰখা, পাঁচ বছৰত ১.২৫কোটি ঘৰ নিৰ্মাণ, সকলো গাওঁত বিদ্যুৎ সংযোগ, প্ৰতিটো পৰিয়ালক খোৱা পানীৰ সুবিধা আগবঢ়োৱা, স্বাস্থ্যসেৱা আৰু শিক্ষা আন্তঃগাথনি উন্নত কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ৩৬ কোটি বেংক একাউণ্ট মুকলি, ক্ষুদ্ৰ ব্যৱসায়ীক ২০ কোটিৰ ঋণ প্ৰদান, ৮কোটিৰো অধিক গেছ সংযোগ আৰু পথ নিৰ্মাণৰ গতি দুগুণ হোৱাৰ কথাও প্ৰধানমন্ত্ৰীয়ে লগতে উত্থাপন কৰে৷
‘আমি পাৰিমনে?’ৰ পৰা ‘আমি পাৰিম’
প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতৰ উদ্যম কিদৰে সলনি হৈছে, সেয়া মাত্ৰ দুটা শব্দৰদ্বাৰা অনুভৱ কৰিব পাৰি৷ পাঁচ বছৰ পূৰ্বে মানুহে সুধিছিল—আমি পাৰিমনে? আমি কেতিয়াবা লেতেৰামুক্ত হ’ব পাৰিমনে? আমি কেতিয়াবা পলিচী পেৰালাইছিছ দূৰ কৰিব পাৰিমনে? আমি কেতিয়াবা দুৰ্নীতি নাশ কৰিব পাৰিমনে? আজি মানুহে কয়—আমি পাৰিম৷ আমি এখন স্বচ্ছ ভাৰত নিৰ্মাণ কৰিব পাৰিম৷ আমি এখন দুৰ্নীতিমুক্ত দেশ গঢ়িব পাৰিম৷ আমি সুপ্ৰশাসনক এক গণ আন্দোলন হিচাপে গঢ়ি তুলিব পাৰো৷’
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এখন নতুন ভাৰতৰ বাবে সৰ্বাংগীন ৰূপত কাম কৰি আছে৷ এই দিশত চৰকাৰৰ পদক্ষেপ হিচাপে দৰিদ্ৰৰ বাবে ১.৫কোটি আৱাসগৃহ নিৰ্মাণ কৰা হৈছে৷ তেওঁলোকে এক সৰ্বাংগীন পদক্ষেপ অনুসৰণ কৰি জনসাধাৰণক কম সময়ৰ ভিতৰত কোনো অতিৰিক্ত ব্যয় অবিহণে অধিক সুবিধা আগবঢ়াইছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, নতুন ভাৰতৰ বাবে আমাৰ দৃষ্টি কেৱল দেশত বাস কৰা সকলৰ প্ৰতিয়ে নহয়, দেশৰ বাহিৰত থকাসকলৰ প্ৰতিও আমাৰ দায়িত্ব আছে৷ আমাৰ প্ৰৱাসী ভাৰতীয়সকল হ’ল আমাৰ গৌৰৱ৷ ভাৰতৰ অৰ্থনৈতিক বিকাশলৈ তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে৷
শেহতীয়া বাহৰেইন ভ্ৰমণৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে দেশখন ভ্ৰমণৰ গৌৰৱ অৰ্জন কৰিছে৷ এই ভ্ৰমণৰ এটা উল্লেখনীয় দিশ আছিল ৰজাৰ পৰিয়ালে দেশখনত কাৰাবাস খাটি থকা ২৫০গৰাকী ভাৰতীয় লোকক ক্ষমা কৰি দিয়া৷ প্ৰধানমন্ত্ৰীয়ে লগতে ইউএইত ভাৰতৰ ৰুপে’ কাৰ্য মুকলি কৰাৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে এই কাৰ্ডে উপসাগৰীয় দেশখনত বাস কৰা ভাৰতীয় লোকসকলক ঘৰলৈ ধন পঠোৱাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব৷
প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰত, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন, জল সংৰক্ষণ, ফিট ইণ্ডিয়া মুভমেণ্ট আদিৰ দৰে গণ আন্দোলন মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ইতিবাচক ভূমিকাক আলোকপাত কৰে৷
ভাষাই ঐক্য-সংহতি গঢ়িব পাৰেঃ
ভাৰতক ঐক্য-সংহতিৰ ডোলেৰে বন্ধাত ভাষাৰ শক্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে সংবাদ মাধ্যমে পৃথক ভাষা-ভাষীৰ লোকসকলৰ মাজত সেতুৰ দৰে কাম কৰিব নোৱাৰেনে? তেওঁ পৰামৰ্শ আগবঢ়ায় যে সংবাদ মাধ্যমে এটা শব্দক ১০-১২টা পৃথক ভাষাত প্ৰকাশ কৰিব পাৰে৷ এইদৰে এটা বছৰত এগৰাকী ব্যক্তিয়ে ৩০০ নতুন শব্দ শিকিব পাৰে৷ এগৰাকী ব্যক্তিয়ে যেতিয়া আন ভাৰতীয় ভাষা শিকে, তেতিয়া তেওঁ উমৈহতীয়া যোগসূত্ৰসমূহৰ বিষয়ে অৱগত হয় আৰু ভাৰতীয় সংস্কৃতিৰ একতাক অনুধাৱন কৰিবলৈ সক্ষম হয়৷
*****
VRRK/KP/MS
Kerala is also special for me, personally.
— PMO India (@PMOIndia) August 30, 2019
I have had numerous opportunities to visit Kerala.
One of the first things I did after the people blessed me yet again with a big responsibility is visiting the Guruvayur Sri Krishna Temple: PM
Of course, I also cherish being among such surroundings but at the same time, I believe there must be a constant and continuous dialogue between individuals and organisations irrespective of one’s thought process: PM
— PMO India (@PMOIndia) August 30, 2019
New India is about participative democracy, a citizen- centric government and pro-active citizenry: PM
— PMO India (@PMOIndia) August 30, 2019
It is youngsters from small towns and villages. They do not belong to established families or have big bank balances.
— PMO India (@PMOIndia) August 30, 2019
What they have is dedication and aspiration. They are converting that aspiration into excellence and making India proud.
This is the New India Spirit: PM
How the spirit has changed in India can be summed up using just two words.
— PMO India (@PMOIndia) August 30, 2019
Five years ago, people would ask- will we?
Will we ever be free from dirt?
Will we ever remove policy paralysis?
Will we ever eliminate corruption?: PM
We were conscious of the fact that we were not creating houses, but were building homes. We needed to move away from the concept of merely constructing four walls.
— PMO India (@PMOIndia) August 30, 2019
Our approach was deliver more facilities, deliver more value, deliver in less time and deliver at no extra cost: PM
One of the highlights was the compassionate decision of the Royal Family to pardon 250 Indians serving sentences there.
— PMO India (@PMOIndia) August 30, 2019
Similar pardons have been granted by Oman and Saudi Arabia.
Earlier this year, Saudi Arabia increased India’s Haj quota: PM
Today, I have a humble suggestion. Can we not use the power of language to unite? Can media play the role of a bridge and bring people speaking different languages closer. This is not as difficult as it seems: PM
— PMO India (@PMOIndia) August 30, 2019
We can simply start with publishing one word in 10-12 different languages spoken across the country. In a year, a person can learn over 300 new words in different languages: PM
— PMO India (@PMOIndia) August 30, 2019
Imagine a group in Haryana learning Malayalam and a group in Karnataka learning Bengali! All big distances were covered only after taking the first step, can we take the first step?: PM
— PMO India (@PMOIndia) August 30, 2019