Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি তেওঁক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰীয়ে নৱবৰ্ষ উপলক্ষে ৰাষ্ট্ৰপতি ট্ৰাম্প, তেওঁৰ পৰিয়ালবৰ্গ আৰু আমেৰিকাবাসীক সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বাস, পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ আধাৰত গঢ়া ভাৰত-মাৰ্কিন সম্পৰ্ক দিনক দিনক শক্তিশালী হৈ গৈ আছে৷ বিগত বছৰত দুয়োখন দেশৰ মাজত উল্লেখনীয়ভাৱে বৃদ্ধি পোৱা কৌশলগত অংশীদাৰিত্বৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উনুকিয়ায়৷ তেওঁ লগতে সকলো ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ আগ্ৰহ ব্যক্ত কৰে৷

ৰাষ্ট্ৰপতি ট্ৰাম্পেও ভাৰতবাসীক নৱবৰ্ষ উপলক্ষে সমৃদ্ধি আৰু প্ৰগতিৰ বাবে শুভকামনা জনায়৷ বিগত কেইবছৰত ভাৰত-মাৰ্কিন সম্পৰ্কই অৰ্জন কৰা সফলতাক লৈও ট্ৰাম্পে সন্তুষ্টি প্ৰকাশ কৰে৷ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ তেওঁ অত্যন্ত আগ্ৰহী৷

******

VRRK/AK/MS