Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুখ্য আন্তঃগাঁথনিমুলক খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

মুখ্য আন্তঃগাঁথনিমুলক খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

মুখ্য আন্তঃগাঁথনিমুলক খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে প্রধানমন্ত্রী গ্রাম সড়ক যোজনা(পিএমজিএছৱাই), গৃহ, কয়লা আৰু শক্তিৰ মুখ্য আন্তঃগাঁথনিমুলক খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। প্রায় আঢ়ৈ ঘন্টাজোৰা পর্যালোচনা বৈঠকত প্রধানমন্ত্রীৰ দপ্তৰ, নীতি আয়োগ আৰু কেন্দ্রীয় চৰকাৰৰ আন্তঃগাঁথনিমুলক মন্ত্রালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

নীতি আয়োগৰ মুখ্য কাৰ্যাবাহী বিষয়াৰ উপস্থাপনৰ সময়ত জনায় যে কেইবাটাও গুৰুত্বপূর্ণ ক্ষেত্রত ইতিমধ্যে উল্লেখযোগ্য অগ্রগতি পৰিলক্ষিত হৈছে। প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত ধার্য লক্ষ্য ৮১ শতাংশ কাজ প্ৰায় সম্পূর্ণ। সংখ্যাৰ হিচাপত ১.৪৫ লাখ হাজাৰ গাওঁ এই কার্যসূচীৰে সামৰি লোৱা হৈছে। বাকী গাওঁ তথা অঞ্চলসমূহতো নির্দিষ্ট সময়সীমাৰ ভিতৰত কার্যসূচী ৰূপায়ণ কৰা হ’ব বুলি পর্যালোচনা বৈঠকত প্রধানমন্ত্রীক অৱগত কৰে সংশ্লিষ্ট বিষয়াসকলে।

এই প্রসংগত প্রধানমন্ত্রীয়ে কয় যে গোটোই বছৰতে এই কামৰ বাবে প্রাপ্ত সহায়ক সম্পদক সর্বোচ্চ ৰূপত ব্যৱহাৰ কৰি যাব লাগিব। কেন্দ্রীয় বাজেট উত্থাপনৰ দিন আগুৱাই অনাৰ ফলত কাৰ্যকৰীণৰ অগ্রগতিতো বিশেষভাবে উৎসাহিত হ’ব বুলি ভাৱে প্ৰধানমন্ত্ৰীয়ে। ‘মেৰি সড়ক এপ’ সন্দৰ্ভত যিবোৰ অভিযোগ পোৱা গৈছে, সেইবোৰ ক্ষীপ্ৰতাৰে নিষ্পত্তিৰ ব্যবস্থা কৰা বুলি প্ৰধানমন্ত্ৰীক সদৰি কৰে সংশ্লিষ্ট বিষয়াসকলে। এই সকলো অভিযোগ পুংখানুপুংখভাবে বিশ্লেষণ কৰি প্রতিকাৰমূলক ব্যৱস্থা গ্রহণৰ উপযোগী পদক্ষেপ গ্ৰহণৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকক পৰামর্শ আগবঢ়ায়।

২০১৯ চনৰ ভিতৰত দেশৰ গ্রামাঞ্চলত ১ কোটি আবাস নির্মাণ কৰি তাৰ সেয়া হিতাধিকীৰূসকলক হস্তান্তৰৰ যি ৰূপৰেখা প্ৰস্তুত কৰা হৈছে, তাৰ অগ্রগতি সম্পর্কেও খতিয়ান লয় প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয় যে এই সকলো আবাসে হিতাধিকাৰীসকলৰ দৈনন্দিন জীবনযাত্রাত কিমান ইতিবাচক সুফল প্ৰদান কৰিব, সেয়া বিশেষভাবে পৰীক্ষা কৰি চোৱা প্রয়োজন। কাৰণ আমাৰ মূল লক্ষ্য হৈছে সাধাৰণ আৰু দৰিদ্র জনসাধাৰণৰ জীবনধাৰণৰ মান উন্নয়ন নিশ্চিত কৰি তোলা।
বৈঠকত কয়লা খণ্ডৰ কাম-কাজৰ লগতে আধুনিক প্রযুক্তি ব্যৱহাৰৰ জৰিয়তে খনি সংক্রান্তীয় কাং-কাজ আৰু কয়লাৰ পৰা গেছ আহৰণৰ প্রচেষ্টাত পূর্ণ উদ্যমে কাম কৰি যোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। গ্রামীণ বৈদ্যুতিকীকৰণ আৰু গৃহত বিদ্যুতৰ সংযোগ প্ৰদানৰ ক্ষেত্রত অগ্রগতিৰ সম্পর্কেও পর্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীক অৱগত কৰা।

*****

AKT/AK/DB