Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ  তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।

শ্ৰী মোদীয়ে কয় যে, “এই হেট্ৰিকে দেখুৱাইছে যে আপোনালোক  এখন  বিকশিত ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ, আপোনালোকৰ কাম কিমান গুৰুত্বপূৰ্ণ।”

ফিনটেক পৰিৱেশৰ গতিশীল বিৱৰ্তনক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে খণ্ডটোৰ ভিতৰত বৰ্ধিত শক্তি, যুৱ অংশগ্ৰহণ  আৰু প্ৰত্যাহ্বান গ্ৰহণৰ ক্ষমতাৰ দ্বাৰা পৰিচালিত সম্ভাৱনাৰ বিস্তাৰিত দিগন্তৰ বিষয়ে পৰ্যবেক্ষণ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে পৰিৱেশতন্ত্ৰৰ সজীৱ বৃদ্ধিয়ে দেশৰ  ভৱিষ্যত সন্দৰ্ভত তেওঁৰ আশাবাদক অধিক শক্তিশালী কৰি তুলিছে। শ্ৰী মোদীয়েকয়, ‘ বিকশিত ভাৰতৰ ভৱিষ্যত সন্দৰ্ভত মোৰ বিশ্বাস অধিক শক্তিশালী হৈ আহিছে।

প্ৰযুক্তিগত উদ্ভাৱন আৰু সাংস্কৃতিক উদযাপনৰ মাজত এক সুন্দৰ সমান্তৰালতা অংকন কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ মহাৰাষ্ট্ৰ আৰু দেশৰ বহু প্ৰত্যাশিত গণেশোৎসৱৰ পূৰ্বে মুম্বাইৰ উৎসৱমুখৰ পৰিৱেশৰ কথা উল্লেখ কৰে। শুভ প্ৰচেষ্টাৰ আগত ঐশ্বৰিক আশীৰ্বাদ বিচৰাৰ পৰম্পৰাৰ কথা উল্লেখ কৰি তেওঁ ভগৱান গণেশক প্ৰণাম জনায়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “গণপতি বাপ্পাৰ ওচৰত প্ৰণাম জনাই মই আপোনালোকক গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ৰ বাবে শুভকামনা জনাইছো।”

সংঘাত, বাণিজ্যিক উত্তেজনা, শক্তি আৰু সামগ্ৰীৰ যোগান শৃংখলৰ ক্ষেত্ৰত তীব্ৰ চাপে  জটিল বিশ্ব পৰিৱেশৰ কথাই  প্ৰতিফলিত  কৰিছে।  প্ৰধানমন্ত্ৰীয়ে প্ৰত্যাহ্বানেৰে ভৰা এপ্ৰিল মাহৰ পৰা জুন মাহলৈ ত্ৰৈমাসিকৰ সময়ছোৱাত ভাৰতৰ ৭.৮ শতাংশ শক্তিশালী বৃদ্ধিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক অনিশ্চয়তাৰ বিপৰীতমুখী ছবিখনো  দাঙি ধৰে। তেওঁ ভাৰতীয় অৰ্থনীতিৰ স্থিতিস্থাপকতাক প্ৰশংসা কৰে, যিয়ে বিশ্ব সমাজক নৱীকৃত আত্মবিশ্বাস প্ৰদান কৰিছে। “আৰু এই আত্মবিশ্বাস, মই ইয়াত আপোনালোকৰ সকলোৰে মুখত স্পষ্টকৈ দেখা পাইছো,” শ্ৰী মোদীয়ে কয়।

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কাহিনী সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে তিনিটা দশকৰ পাছত জাপানৰ এটা ক্ৰেডিট ৰেটিং এজেন্সীয়ে দেশৰ সাৰ্বভৌম ৰেটিং এ-শ্ৰেণীলৈ উন্নীত কৰাৰ কথা উল্লেখ  কৰে। তেওঁ এই ঐতিহাসিক মাইলৰ খুঁটিৰ কাৰণ গাঁথনিগত সংস্কাৰ আৰু সামষ্টিক অৰ্থনৈতিক স্থিতিশীলতা বুলি কয়, যাৰ ফলত দেশৰ বৃদ্ধিৰ গতিবেগ ৰুদ্ধ কৰিব নোৱাৰা হৈ পৰিছে। “ মই পুনৰ ক’ম যে ভাৰতৰ এই সংস্কাৰ এক্সপ্ৰেছ আৰু অধিক দ্ৰুত গতিত আগবাঢ়িব,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

ভাৰতৰ প্ৰযুক্তিগত উত্থানৰ উল্লেখযোগ্য আখ্যানক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই)ক এই ৰূপান্তৰৰ অগ্ৰদূত  হিচাপে চিনাক্ত কৰে।

তেওঁ কয় যে এই মঞ্চৰ প্ৰভাৱ স্বীকাৰ নকৰাকৈ ৰাষ্ট্ৰীয় ফিনটেক বিপ্লৱক কেন্দ্ৰ কৰি হোৱা যিকোনো আলোচনা অসম্পূৰ্ণ, যিটো কথা তেওঁ যোৱা বছৰৰ অনুষ্ঠানত কোৱাৰ কথা স্মৰণ কৰে। “কিন্তু এয়া ইমানেই বৃহৎ পৰিৱৰ্তন যে যেতিয়াই ফিনটেকৰ আলোচনা হ’ব, তেতিয়াই ইউপিআই অবিহনে ই অসম্পূৰ্ণ হৈ থাকিব,” শ্ৰী মোদীয়ে কয়।

২৫ আগষ্টত উদযাপন কৰা ইউপিআইৰ দশম বৰ্ষপূৰ্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াকলৈ  বিত্তীয় অভিজাত শ্ৰেণীৰ আৰম্ভণিৰ সন্দেহৰ বিপৰীতে বৰ্তমানৰ বাস্তৱতাৰ ছবি খনৰ কথা কয়, য’ত পূৰ্বতে লাখ লাখ বেংক একাউণ্ট বিহীন নাগৰিকে এতিয়া ডিজিটেল অৰ্থনীতিক পৰিচালিত কৰিছে। তেওঁ স্মৰণ কৰে যে বেংকিঙক আঙুলিৰ মূৰত অনাৰ তেওঁৰ প্ৰাৰম্ভিক দৃষ্টিভংগী কেনেকৈ এসময়ত কিছু লোকে অসম্ভৱ বুলি গণ্য কৰিছিল। “সেই একে লাখ লাখ লোক, যিসকল প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বেংকিং ব্যৱস্থাৰ বাহিৰত আছিল, ভাৰতত ফিনটেক বৃদ্ধিৰ প্ৰধান চালিকা শক্তি  হৈ পৰিছে,” শ্ৰী মোদীয়ে কয়।

এই সন্দৰ্ভত  কাৰ্য্যকৰী তথ্য উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে কেৱল আগষ্ট মাহত ২৪ বিলিয়নতকৈ অধিক ইউপিআই লেনদেন সংঘটিত হৈছে, অৰ্থাৎ  মাত্ৰ প্ৰথম দহ মিনিটতে প্ৰায় ৫০ লাখ লেনদেন প্ৰক্ৰিয়াকৰণ কৰা হৈছিল। তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ উদ্ধৃতি দি এই অসাধাৰণ হাৰে প্ৰযুক্তিক অতিক্ৰম কৰা বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই প্ৰভাৱৰ বাবেই ৰাষ্ট্ৰপতি মেক্ৰনে কৈছিল যে ইউ পি আই কেৱল প্ৰযুক্তিৰ  কাহিনী নহয়, ই এক সভ্যতাৰ কাহিনী।

ভাৰতৰ ফ্লেগশ্বিপ ডিজিটেল পেমেণ্ট চিষ্টেমৰ বিশ্বজোৰা সম্প্ৰসাৰণৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে ঘোষণা কৰে যে ইউ পি আই এতিয়া ১১খন দেশত সক্ৰিয় হৈ আছে, যি কথা  এসময়ত কল্পনা কৰিব পৰা নাছিল, ই এতিয়া  আন্তৰ্জাতিক পেমেণ্টৰ বাবে দৈনন্দিন বাস্তৱলৈ ৰূপান্তৰিত হৈছে। তেওঁ উল্লেখ কৰে যে এই আচৰিত পৰিসংখ্যাই দেশখনে  অতিক্ৰম কৰা অবিশ্বাস্য দূৰত্বক প্ৰতিফলিত কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘এইবোৰ আচৰিত ধৰণৰ পৰিসংখ্যা যিয়ে আমাক কয় যে আমি কিমান দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিছো। ভৱিষ্যতৰ উচ্চাকাংক্ষাৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উদ্যোগটোক কয় যে বৰ্তমানৰ কৃতিত্বক চূড়ান্ত গন্তব্যস্থানৰ পৰিৱৰ্তে কেৱল আৰম্ভণিৰ বিন্দু হিচাপেহে চাব লাগিব। তেওঁ নীতি আৰু শাসনৰ ২৫ বছৰীয়া অভিজ্ঞতাৰ সহায় লৈ নিজৰ অদম্য প্ৰগতিৰ দৰ্শনৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, “যেতিয়া এটা লক্ষ্যত উপনীত হওঁ , তেতিয়া মই আৰু ডাঙৰ লক্ষ্যৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰো।

আন্তঃৰাষ্ট্ৰীয় ডিজিটেল পেমেণ্টৰ বাবে পৰৱৰ্তী কৌশলগত পৰ্যায়ৰ ৰূপৰেখা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ সৈতে ইতিমধ্যে স্থাপন কৰা সংযোগৰ সীমা অতিক্ৰম কৰি অংশীদাৰ দেশসমূহৰ ঘৰুৱা পেমেণ্ট ব্যৱস্থাৰ সৈতে ইউপিআইক একত্ৰিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ অংশীদাৰসকলক য’তেই বৃহৎ ভাৰতীয় জনসংখ্যাই বাস কৰে বা ব্যাপক বাণিজ্য সংঘটিত হয় তাতেই বিত্তীয় নেটৱৰ্ক সক্ৰিয়ভাৱে সংযোগ কৰিবলৈ কয়। শ্ৰী মোদীয়ে কয়, ‘য’তেই ভাৰতীয়সকল বৃহৎ সংখ্যাত  বাস কৰে, য’তেই ভাৰতে বৃহৎ পৰিসৰত ব্যৱসায় কৰে, পৃথিৱীৰ যিখন দেশ আমাৰ লগত খোজ কাঢ়িবলৈ সাজু হয়, আমি সেই সকলোকে সংযোগ কৰিবলৈ কাম কৰিব লাগিব। প্ৰব্ৰজনকাৰীসকলৰ বাবে অৰ্থনৈতিক লাভৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে বিশ্বৰ সৰ্বাধিক ৰেমিটেন্স প্ৰেৰণ কৰা জনসংখ্যাৰ বাবে লেনদেনৰ খৰচ হ্ৰাস কৰাটো এক  অগ্ৰাধিকাৰৰ বিষয়। তেওঁকয় যে বিশ্বজুৰি ডিজিটেল পেমেণ্ট ব্যৱস্থাসমূহ একত্ৰিত কৰিলে ঘৰলৈ উভতি অহা পৰিয়ালসমূহলৈ ধন হস্তান্তৰৰ প্ৰক্ৰিয়া যথেষ্ট ত্বৰান্বিত হ’ব। শ্ৰী মোদীয়ে কয় যে, “ইয়াতো ইউপিআইয়ে ভাৰতীয়সকলৰ বাবে ৰাহি কৰিব পাৰে  আৰু এই ধন ভাৰতীয় পৰিয়ালসমূহৰ ওচৰলৈ দ্ৰুতগতিত উপনীত হ’ব পাৰে।”

বিত্তীয় আন্তঃগাঁথনিৰ পৰিৱৰ্তনৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে বিদেশী ডিজাইনৰ কাৰ্ড পেমেণ্ট ষ্টেণ্ডাৰ্ডৰ প্ৰতি থকা  ঐতিহাসিক নিৰ্ভৰশীলতাক সমালোচনা কৰে আৰু  থলুৱা নিয়ম তথা  প্ৰট’কল সৃষ্টিৰ আহ্বান জনায়। তেওঁ  আস্থা প্ৰকাশ কৰে যে ঘৰুৱা উদ্যোগটোৱে বিশ্বজুৰি  মান  গঢ়ি তুলিব পৰাকৈ ক্ষমতা লাভ কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘এতিয়া আমি নিজৰ নিয়ম আৰু মান নিজে তৈয়াৰ কৰিব পাৰিম আৰু সেইবোৰক বিশ্বৰ সৈতে সংযোগ কৰিব পাৰিম।

প্ৰযুক্তিগত সবলীকৰণৰ মূল দৰ্শনৰ কথা  পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইউপিআইক বিত্তীয় অন্তৰ্ভুক্তিৰ চূড়ান্ত আহিলা হিচাপে প্ৰশংসা কৰে, পৰম্পৰাগত বেংকিং মডেলে আওকাণ কৰা ক্ষেত্ৰসমূহত ই সফলতাৰে প্ৰৱেশ কৰা বুলি কয়। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে উদ্ভাৱনৰ প্ৰকৃত চিন হ’ল ব্যক্তিৰ ওচৰলৈ পোনপটীয়াকৈ সেৱা প্ৰদান কৰাটো নিশ্চিত কৰা। শ্ৰী মোদীয়ে  কয় যে, “য’ত পৰম্পৰাগত বেংকে যাব নোৱাৰিলে, য’ত বেংকৰ শাখাই ঢুকি পাব নোৱাৰিলে, ইউপিআইয়ে বেংকিং ব্যৱস্থাক সেই ঠাইলৈ লৈ গৈছে, সেই ব্যক্তিজনৰ ওচৰলৈ লৈ গৈছে।”

ঘৰুৱা ফিনটেক বজাৰৰ ভৱিষ্যতৰ গতিপথ নিৰ্ধাৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কেৱল পেমেণ্ট প্ৰচেছিঙৰ বাহিৰেও ক্ৰেডিট, বীমা, সঞ্চয়, বিনিয়োগ, আৰু পেঞ্চন সামগ্ৰীৰ ফুটপ্ৰিণ্ট সক্ৰিয়ভাৱে সম্প্ৰসাৰণৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে এই খণ্ডটোৱে নিজৰ সেৱা প্ৰদানক দ্ৰুতগতিত পৰৱৰ্তী পৰ্যায়লৈ উন্নীত কৰিব লাগিব। “এতিয়া ফিনটেক বজাৰত পেমেণ্টৰ লগতে ক্ৰেডিট লেনদেনৰ অংশও বৃদ্ধি পাব লাগিব,” শ্ৰী মোদীয়ে কয়।

সমাজৰ প্ৰান্তীয় খণ্ডসমূহৰ অনাবৃত সম্ভাৱনাৰ  বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্ভাৱনীমূলক বিত্তীয় প্ৰযুক্তিয়ে বৰ্তমান পৰম্পৰাগত অৰ্থনৈতিক আৰ্হিৰ দ্বাৰা আওকাণ কৰা জনগাঁথনিক উন্নীত কৰিবলৈ পৰ্যাপ্ত সহায় কৰিছে। তেওঁ কয় যে এই লুকাই থকা শক্তিক একত্ৰিত কৰাটো ৰাষ্ট্ৰীয় উন্নতিৰ বাবে খুবেই প্ৰয়োজনীয়। “এখন  বিকশিত ভাৰতৰ বাবে এই শক্তিৰ উত্থান অতি প্ৰয়োজনীয়,” শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

অন্তৰ্ভুক্ত বিত্তৰ স্পষ্ট প্ৰভাৱৰ কথা উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি আঁচনিৰ উদাহৰণ দিয়ে, যাক তেওঁ চহৰসমূহৰ মেৰুদণ্ড বুলি অভিহিত কৰে আৰু  লাখ লাখ ৰাজপথৰ বিক্ৰেতাক আনুষ্ঠানিক ঋণ ব্যৱস্থাত সফলতাৰে একত্ৰিত কৰি তেওঁলোকৰ গড় বাৰ্ষিক আয় ২০ শতাংশতকৈ অধিক বৃদ্ধি কৰিছে বুলি কয়। তেওঁ উল্লেখ কৰে যে এই আৰ্থিক সবলীকৰণে তেওঁলোকৰ গৃহ, পুষ্টি, স্বাস্থ্যসেৱা আৰু সন্তানৰ  শিক্ষাৰ সুবিধা যথেষ্ট উন্নত কৰিছে, যাৰ ফলত চৰকাৰে এই আঁচনিখন ২০৩০ চনলৈকে বৃদ্ধি কৰিবলৈ বাধ্য হয়।

এই সামাজিক কাৰ্যসূচীসমূহৰ অপৰিহাৰ্য প্ৰযুক্তিগত মেৰুদণ্ডৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি পদক্ষেপৰ ব্যাপক সফলতাৰ বাবে ইউপিআইক এক প্ৰধান অনুঘটক হিচাপে কৃতিত্ব দিয়ে। তেওঁ উদ্যোগটোক এই অভিজ্ঞতাৰ সহায় লৈ তৃণমূল পৰ্যায়ৰ অৰ্থনৈতিক কাৰ্যকলাপক অধিক উদ্দীপিত কৰিবলৈ আহ্বান জনায়। “এই অভিজ্ঞতাৰ পৰা শিকি আমি ফিনটেকৰ শক্তিৰে অৰ্থনৈতিক কাৰ্যকলাপ আৰু অধিক বৃদ্ধি কৰিব লাগিব,” শ্ৰী মোদীয়ে কয়।

ক্ষুদ্ৰ ব্যৱসায়িক পৰ্যায়ত ঋণৰ ব্যৱধানৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে এগৰাকী সৰু দোকানৰ মালিকৰ কথা উল্লেখ কৰে, যাৰ স্পষ্ট ডিজিটেল লেনদেনৰ ইতিহাসে তেওঁৰ ব্যৱসায়িক কাৰ্য্যক্ষমতা প্ৰমাণ কৰে যদিও তেওঁৰ ব্যৱসায়  পৰম্পৰাগত বেংক ঋণৰ বাবে অতি সৰু হৈয়েই আছে। তেওঁ বুজাই দিয়ে  যে তেওঁৰ সফল উদ্যোগটো বৃদ্ধি কৰিবলৈ সামগ্ৰী আৰু সঁজুলিৰ বাবে অলপ বেছি মূলধনৰ প্ৰয়োজন। শ্ৰী মোদীয়ে মন্তব্য কৰে যে, “এই ধৰণৰ ব্যৱসায় আছে যাৰ প্ৰয়োজনীয়তা ফিনটেকে বিশ্লেষণ কৰিব পাৰে, আগতীয়াকৈ অনুমান কৰিব পাৰে আৰু সমস্যাৰ সমাধান কৰিব পাৰে।”

এই গাঁথনিগত ঋণ ঘাটি সমস্যাৰ সমাধানৰ বাবে উদ্যোগটোক আহ্বান  জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ অৰ্থনৈতিক কাৰ্যকলাপ অধ্যয়ন আৰু বিপুল সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে নিৰ্বাচিত বিত্তীয় আৰ্হি ডিজাইন কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব। তেওঁ ঘোষণা কৰে যে এই ব্যৱধান দূৰ কৰিলে খণ্ডটোৰ ভৱিষ্যতৰ পথ  নিৰ্ধাৰণ কৰা হ’ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘মই বিশ্বাস কৰোঁ যে ফিনটেকৰ পৰৱৰ্তী অধ্যায়টো ইয়াতেই লিখা হ’ব।

ব্যাপক বিত্তীয় সেৱাৰ গণতান্ত্ৰিককৰণৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে উদ্যোগটোক স্বতন্ত্ৰ উপাৰ্জনকাৰীসকলৰ বাবে সঞ্চয়, পেঞ্চন, আৰু বীমা সামগ্ৰীৰ নিৰৱচ্ছিন্ন সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ  কয় যে এই নন-পেমেণ্ট লেনদেনবোৰ কিউআৰ ক’ড স্কেন কৰাৰ দৰেই অনায়াসে হ’ব লাগিব। শ্ৰী মোদীয়ে লক্ষ্য কৰে যে, “আজিৰ তাৰিখত কিউআৰ ক’ডৰ জৰিয়তে ধন পৰিশোধ কৰাটো সহজ আৰু সুলভ হ’ব পাৰে।”

একবিংশ শতিকাৰ দ্বিতীয় চতুৰ্থাংশৰ প্ৰযুক্তিগত উন্নতিক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে এজেণ্টিক এআই, টোকেনাইজেচন আৰু কোৱাণ্টাম কম্পিউটিঙক বিত্তীয় খণ্ডত নতুন দুৱাৰ মুকলি কৰা বৈপ্লৱিক শক্তি হিচাপে চিনাক্ত কৰে। এই উদীয়মান প্ৰযুক্তিসমূহক স্পষ্ট সমাজৰ লাভলৈ ৰূপান্তৰিত কৰিবলৈ তেওঁ উদ্যোগটোক আহ্বান জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এতিয়া আমাৰ সন্মুখত প্ৰত্যাহ্বান হৈছে এই সম্ভাৱনাসমূহক কেনেকৈ প্ৰকৃত প্ৰভাৱলৈ ৰূপান্তৰিত কৰিব পাৰি। উদ্যোগটোৰ বাবে কৌশলগত চাৰি-বিন্দুৰ ৰ’ডমেপ প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে ফিনটেক কোম্পানীসমূহক শীৰ্ষ পৰ্যায়ৰ চাইবাৰ সুৰক্ষা, নৈতিক তথ্য সুৰক্ষাৰ মান, শক্তিশালী নিয়ন্ত্ৰণমূলক উদ্ভাৱন পৰিৱেশতন্ত্ৰ  আৰু স্বচ্ছ ফিনটেক গ্ৰাহক সুৰক্ষা সূচকাংক স্থাপন কৰিবলৈ কয় । তেওঁ  কয় যে এই মাপকাঠীসমূহৰ কঠোৰ আনুগত্যশীলতাই বিশ্বজুৰি  অগণন  সুযোগ মুকলি কৰিব। শ্ৰী মোদীয়ে   কয় যে যদি আমি এই মাপকাঠীসমূহৰ আধাৰত  নিজকে পৰীক্ষা কৰো তেন্তে ভাৰতৰ ফিনটেক খণ্ড অগণন সম্ভাৱনাৰ দুৱাৰমুখ হৈ পৰিব পাৰে।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ কাহিনী গঢ়ি তোলা পৰিসৰ, সুৰক্ষিত ব্যৱস্থা, গণতন্ত্ৰীকৰণ আৰু জনবিশ্বাসৰ মূল মূল্যবোধসমূহ বজাই ৰাখি  পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱনৰ দিশত আগবাঢ়ি যাবলৈ এই খণ্ডটোক আহ্বান জনায়।উদ্যোগটোৰ অবিৰত বিৱৰ্তনৰ বাবে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এই মূল মূল্যবোধসমূহৰ কথা মনত ৰাখি ফিনটেক খণ্ডই পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱনৰ বিষয়ত গুৰুত্ব দিব লাগিব।”

******

MJPS/SS/PRK/DM