পি এম ইণ্ডিয়া
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি বিদ্যাসাগৰ ৰাও, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিচ, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী বিনোদ টাওৰে, মুম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দেৱেন্দ্ৰ শ্বিণ্ডে, ৰমেশ ৱাধৱানী জী, সুনীল ৱাধৱানী জী, সদাশয় ৰাইজ আৰু আইসকল, ৱাধৱানী ইনষ্টিটিউট অব্ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ শুভাৰম্ভ ঘোষণা কৰিবলৈ পাই মই আজি সঁচাকৈয়ে আনন্দিত হৈছো। এনে এখন বিদ্যায়তনিক প্ৰতিষ্ঠানৰ স্বপ্ন সাকাৰ কৰিবলৈকে আগবাঢ়ি অহা ৰমেশ ৱাধৱানী জী, সুনীল ৱাধৱানী জীৰ সৈতে একেলগে কাম কৰাৰ বাবে মুম্বাই বিশ্ববিদ্যালয়ে লোৱা পদক্ষেপৰ বাবে মই তেওঁলোক আটাইকে অভিনন্দন জ্ঞাপন কৰিছো। দেশৰ সৰ্বসাধাৰণ ৰাইজৰ কল্যাণৰ বাবে ৰাজহুৱা খণ্ডৰ সৈতে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে জোঁট বান্ধি কেনেকৈ এক বিশ্বমানৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিব পাৰে এই প্ৰতিষ্ঠান তাৰে এক উত্কৃষ্ট নিদৰ্শন। বিগত চাৰে তিনিটা বছৰত পৃথিৱীৰ ভিন্ন প্ৰান্তত বসবাস কৰি থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰাৰ মোৰ বহু অভিজ্ঞতা হৈছে। মাতৃভূমি ভাৰতৰ প্ৰতি কিবা এটা কৰাৰ তেওঁলোক প্ৰতিগৰাকীৰ মনত যে একোটা দুৰ্বাৰ ইচ্ছা আছে এই কথা মই সদায়ে অনুভৱ কৰি আহিছো। এইখন প্ৰতিষ্ঠানৰ নিৰ্মাণেৰে ৰমেশ জী আৰু সুনীল জীয়ে প্ৰবাসী ভাৰতীয়সকলে এখন সমৃদ্ধ আৰু উজ্জীৱিত ভাৰত গঢ়াৰ বাবে পোষণ কৰি অহা সেই হাবিয়াসকে যেন পূৰণ কৰাৰ প্ৰয়াস কৰিছে। এয়া নিশ্চয় এক প্ৰশংসা যোগ্য অৱদান।
বন্ধুসকল, আজিৰ পৃথিৱীত ভাৰত হৈছে অৰ্থনৈতিক ক্ষেত্ৰত সৰ্বাধিক দ্ৰুততাৰে প্ৰগতি লাভ কৰা অন্যতম দেশ। কৃষিৰ পৰা বিমান পৰিবহণলৈ, মহাকাশ অভিযানৰ পৰা সেৱা প্ৰৱন্ধনলৈ সকলো ক্ষেত্ৰতে আমি অভূতপূৰ্ব ভাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰিছো। ক্ষুদ্ৰৰ পৰা বৃহত্ পৰিসৰৰ বিনিয়োগ সমৃদ্ধ উদ্যোগীকৰণৰ এক জোঁৱাৰ আজি আমি প্ৰত্যক্ষ কৰিছো। ইতিমধ্যে আৰম্ভ হোৱা চতুৰ্থ ঔদ্যোগীক ক্ৰান্তিৰ ক্ষেত্ৰত দৰাচলতে আমি কিমান সঠিক ভাবে পদক্ষেপ গ্ৰহণ কৰিছো এয়া মাত্ৰ তাৰে দুটামান উদাহৰণহে। বন্ধুসকল, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, বটছ আৰু ৰবটছ-ৰ আগমনে যে আমাৰ উত্পাদনশীলতাক দুগুণে মাত্ৰা প্ৰদান কৰিব তাত কোনো সন্দেহ নাই। পিছে, ইয়ে এক শংকাৰ অৱকাশো সৃষ্টি কৰিছে। সেয়া হৈছে মানৱীয়তাৰে সংঘাতৰ শংকা, কিয়নো, এনেবোৰ সম্ভাৱনাৰ আগমনে স্বাভাৱিক ৰূপতে মগজু আৰু যন্ত্ৰৰ মাজত প্ৰতিযোগিতাৰ এক অনাহূত পৰিবেশ গঢ়ি তুলিব। অৱশ্যে এই শংকা অনাৱিষ্কৃত অথবা নতুনো নহয়। প্ৰযুক্তিৰ বিৱৰ্তনৰ প্ৰতিটো পৰ্যায়তে আমি এনে সন্দেহ আৰু প্ৰশ্নৰ সন্মুখীন হৈ আহিছোৱেই। ইয়ে ভৱিষ্যতৰ দুটা দিশৰ ইংগিত বহণ কৰে। ইয়াৰে প্ৰথমটোৱে আশা আৰু আকাংক্ষা কঢ়িয়াই অনাৰ বিপৰীতে দ্বিতীয়টোৱে আকৌ ভয় আৰু ধ্বংশৰ আশংকা কঢ়িয়াই আনে।
প্ৰযুক্তিয়ে প্ৰগতিৰ একেবাৰে নতুন খণ্ড আৰু স্তৰ একোটাৰ দুৱাৰ মুকলি কৰে। ইয়ে সম্পূৰ্ণভাবে নতুন একোটা সম্ভাৱনাৰো পৰিৱেশ সৃষ্টি কৰে। প্ৰতিটো নতুন প্ৰযুক্তিৰ উদ্ভাৱনৰ লগে লগেই অলেখ সম্ভাৱনাৰ দ্বাৰ মুকলি হয়। নতুন সুযোগবোৰে ইতিমধ্যে হেৰুওৱাবোৰৰ অভাৱ সম্পূৰ্ণ ৰূপে পূৰণ কৰে। মানুহৰ উদ্ভাৱনশীলতা সদায় থাকে আৰু ই ভৱিষ্যতেও আব্যাহত থাকিব। বিজ্ঞান আৰু আধ্যাত্মিকতাৰে সংপৃক্ত প্ৰাচীন ভাৰতীয় চিন্তা আৰু মানৱসমাজৰ বৃহত্তৰ মংগলৰ বাবে এই দুয়োটাৰ মাজত সমন্বয় স্থাপনৰ ওপৰত থকা মোৰ দৃঢ় বিশ্বাসেই এই আশাবাদৰ সঞ্চাৰ কৰিছে।
মোৰ মনত পৰিছে–যজুৰ্বেদৰ তৈত্ৰেয় আৰণ্যকৰ জ্ঞান সুক্তত কোৱা হৈছেঃ ‘সত্যে সৰ্বম প্ৰতিষ্ঠিতম’। অৰ্থাত বৈজ্ঞানিক অনুসন্ধানৰ মূলতে আছে সত্য অন্বেষণৰ আকাংক্ষা। আমাৰ প্ৰাচীন শাস্ত্ৰৱলীয়ে আৰু অধিক আগুৱাই গৈ এই সত্য অন্বেষণৰ যাত্ৰাক সহযোগিতা আগবঢ়োৱা মানসিক প্ৰমূল্যৰ এক তালিকাও প্ৰণয়ন কৰিছে। সেয়া হৈছে—শ্ৰদ্ধা অৰ্থাত্ উত্সৰ্গা, মেধা অৰ্থাত্—মগজুৰ সামৰ্থ্যতা, মনীষা অৰ্থাত্—তীক্ষ্ণ বুদ্ধি, মন অৰ্থাত্ মগজু, শান্তি, চিত্ত অৰ্থাত্ সচেতনতাৰ উন্নত পৰ্যায়, স্মৃতি, স্মৰণ আৰু বিজ্ঞান অৰ্থাত্ জ্ঞানৰ সদপ্ৰয়োগ। এই বৈজ্ঞানিক অনুসন্ধান তথা সত্য-অন্বেষণৰ যাত্ৰাৰ জৰিয়তেই অৱশেষত মানৱ সমাজৰ বৃহত্তৰ কল্যাণ সাধনৰ বাবে পৰম প্ৰাপ্তি হয়। বিকাশৰ বাবে প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ লক্ষ্য আৰু বৈজ্ঞানিক অগ্ৰগতিৰ আকাংক্ষাই মোক ভৱিষ্যতৰ প্ৰতি আশাবাদী কৰি তোলে।
মানুহৰ অভিপ্ৰায়ৰ ওপৰতহে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ অৰ্থাত্ ‘কৃত্ৰিম মনীষা’-ৰ অগ্ৰগতি নিৰ্ভৰ কৰিব। আমাৰ আগ্ৰহ আৰু অভিপ্ৰায়েহে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ পৰিণতি নিশ্চিত কৰিব। প্ৰতিটো ঔদ্যোগীক বিপ্লৱৰ হাত ধৰি প্ৰযুক্তিয়েও শ্ৰীবৃদ্ধি লাভ কৰে, প্ৰযুক্তিয়ে বহুমুখী পোখা মেলে। ইয়ে প্ৰযুক্তিৰ জৰিয়তে কৰিব খোজা কামবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত মানুহক অধিক শক্তি প্ৰদান কৰে। এয়াই হ’ল বিকাশৰ নীতি, যিয়ে নিশ্চিত কৰে সকলো মানুহৰ অংশীদাৰিত্ব। প্ৰযুক্তিৰ আহৰণৰ নামত সমাজত মতৰ বিভাজন সৃষ্টি কৰি প্ৰযুক্তিৰ অন্বেষণ কৰিব নোৱাৰি। প্ৰযুক্তিৰ বিৱৰ্তন সম্ভৱ কৰিবলৈ ‘সকলোৰে সৈতে সকলোৰে বিকাশ’ৰ মন্ত্ৰ জপিব লাগিব।
বন্ধুসকল, আমি বাৰু মানুহক অপ্ৰাসংগিক কৰাৰ পৰিৱৰ্তে মানুহৰ দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি কৰিব পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ সৃষ্টিৰ ক্ষেত্ৰত পৃথিৱীক নেতৃত্ব দিয়াৰ প্ৰয়াস কৰিব নোৱাৰোনে? আমি বাৰু অনাগত ভৱিষ্যতত মানুহক অপসাৰিত কৰিব পৰা যন্ত্ৰৰ পৰিৱৰ্তে মানুহৰ দোষ-ত্ৰুতি আঁতৰাই উন্নত মানৱ হিচাপে গঢ়ি তোলাৰ লগতে মানুহৰ দুৰ্বলতাক মানৱ সমাজৰ বৃহত্তৰ কল্যাণ সাধনৰ শক্তিলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসত ব্ৰতী হ’ব নোৱাৰোনে?
বন্ধুসকল, এই আৰ্টিফিচিয়েল আণ্টেলিজেন্স, বিগ ডাটা আৰু মানৱীয় বোধ-ৰ ব্যৱচ্ছেদৰ অন্তৰালতে আমি সন্মুখীন হৈ অহা বহু সমস্যাৰ সমাধান সূত্ৰ লুকাই আছে। সেয়ে আমি ভাৰতত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তৈয়াৰ কৰাৰ লগতে এই কৃত্ৰিম মনীষাক ভাৰতৰ হকে কাম কৰাৰ বাবে ব্যৱহাৰ কৰিব লাগিব। ভাৰতৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আঁতৰাব পৰা বৃহত্তম প্ৰত্যাহ্বানসমূহক বিচাৰি উলিয়াবলৈ মই আপোনালোক আটাইকে আহ্বান জনাব খুজিছো। বহু ভাষা, উপভাষা, কেইবা শতাধিক দোৱানৰে আমাৰ ভাৰত বিভিন্নতাৰে ভৰা এখন দেশ। আমি বাৰু এই সকলো ভাষা-উপভাষা আৰু দোৱানৰ মাজত সংযোগ স্থাপনেৰে সকলোৰে মাজত কথা-বতৰা পাতিব পৰা, সকলোৱে বুজিব পৰা বুদ্ধিদীপ্ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নিৰ্মাণ কৰি উলিয়াব পাৰিমনে? দিব্যাংগসকলক আমাৰ সম্পদ আৰু তেওঁলোকক সবল কৰি তোলাটো ৰাষ্ট্ৰৰে কৰ্তব্য বুলি মই সদায়ে গণ্য কৰি আহিছো। আমি বাৰু এনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অথবা ৰব’টিক্স গঢ়ি উলিয়াব নোৱাৰিমনে, যিয়ে তেওঁলোকৰ সৱলীকৰণ সম্ভৱ কৰি কৰ্ম দক্ষতা বৃদ্ধিৰে তেওঁলোকৰ মাজত নিহিত হৈ থকা বিপুল সম্ভাৱনীয়তাক বিকশাই তুলিব পাৰিব। শিক্ষক আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স-ৰ যৌথ প্ৰচেষ্টাত আমি বাৰু দেশত থকা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ আনুপাতিক বৈষম্য আঁতৰাব পাৰিমনে? ইয়ে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক উত্কৃষ্ট শিক্ষা প্ৰদানৰ স্বপ্নক সাৰ্থকতা প্ৰদান কৰাত সহায় কৰিব। দেশৰ প্ৰতিটো প্ৰান্তত কৰ্মৰত স্বাস্থ্য-কৰ্মীসকলৰ কৰ্ম দক্ষতা বঢ়াই জনসাধাৰণক উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বাৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সহায় কৰিব লোৱাৰিবনে? প্ৰাকৃতিক দুৰ্যোগৰ আগলি বতৰা দিয়াৰ ক্ষেত্ৰত বাৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সহায় কৰিব নোৱাৰিবনে। আমাক জৰাগ্ৰস্ত কৰাৰ আগতেই ৰোগৰ সম্ভাৱনা ফঁহিয়াই হেখুৱাই বাৰু এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাক সুৰক্ষা দান কৰিব নোৱাৰিবনে? বতৰ, শস্য আৰু বিধান সন্দৰ্ভত সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত খেতিয়ক ৰাইজক এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সহায়ৰ হাত আগবঢ়াব নোৱাৰিবনে বাৰু?
একৈশ শতিকাৰ প্ৰযুক্তিৰ শক্তিক সদ্ব্যৱহাৰ কৰি দেশৰ পৰা দাৰিদ্ৰ আৰু ৰোগৰ প্ৰাদুৰ্ভাৱ আঁতৰাই পঠাব পাৰিম বুলি আমাৰ চৰকাৰে দৃঢ়তাৰে বিশ্বাস কৰে। আৰু তাকে সম্ভৱ কৰি আমি আমাৰ দুখীয়া আৰু সমাজৰ বঞ্চিতসকলৰ সমৃদ্ধি নিশ্চিত কৰিব পাৰিম। আমি এই লক্ষ্যত উপনীত হোৱাৰ বাবে দায়বদ্ধতা স্বীকাৰ কৰি লৈছো। ডিজিটেল ইণ্ডিয়া অভিযানৰে এখন ডিজিটেলী সমৃদ্ধ সমাজ নিৰ্মাণ কৰাৰ লগতে ‘নলেজ- ইকনমী’–ৰ ৰূপত ভাৰতৰ ৰূপান্তৰ সাধনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। সেইদৰে ‘ভাৰত নেট’ আঁচনিৰ জৰিয়তে আমি আমাৰ গাঁওসমূহক ব্ৰড-বেণ্ড ইণ্টাৰনেটেৰে সংযোজিত কৰিব খুজিছো। এই ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে সেৱা খণ্ডৰ লগতে উদ্ভাৱনশীলতাৰ বাবে প্ৰয়োজনীয় তথ্য-প্ৰযুক্তিগত সমাধান সূত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইফালে, আগন্তুক দশক দিয়েকত পৃথিৱীজুৰি সৃষ্টি হ’ব লগা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযান’ৰ জৰিয়তে দেশত প্ৰকৃতাৰ্থতে পেছাদাৰী দক্ষতাৰে দক্ষ এক কৰ্ম-বাহিনী গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেইদৰে ‘অটল বিহাৰী উদ্ভাৱনশীলতা অভিযান’ৰ জৰিয়তে দেশত এক উদ্ভাৱনী আৰু উদ্যমশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। দেশত বিশ্ব মানৰ এলানি উদ্ভাৱনশীলতা কেন্দ্ৰ, ষ্টাৰ্ট আপ বাণিজ্যিক কেন্দ্ৰ তথা বিশেষকৈ প্ৰযুক্তি-সঞ্চালিত ক্ষেত্ৰত আত্ম-সংস্থাপনমূলক কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ বাবে এই অভিযানক এক মঞ্চ হিচাপে ব্যৱহাৰ কৰা হ’ব। ‘অটল উদ্ভাৱনী অভিযান’ৰ অধীনত এক কোটি শিশুক যুৱ-উদ্ভাৱক হিচাপে বিকশাই তোলাৰ লক্ষ্যৰে দেশৰ বিদ্যালয়সমূহত এলানি অটল মেৰামতি পৰীক্ষা কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। এনেবোৰ পদক্ষেপৰ জৰিয়তে আমি উদীয়মান প্ৰযুক্তিৰ সৈতে খোজত খোজ মিলাই খুজিছো যাতে, এইবোৰক আমাৰ জন-সাধাৰণৰ ভালৰ বাবে সঠিক ভাবে ব্যৱহাৰ কৰিব পাৰিম।
বন্ধুসকল, এই প্ৰতিষ্ঠানৰ বিজ্ঞানী, গৱেষক আৰু প্ৰতিষ্ঠাপক আটায়ে দেশৰ সাধাৰণ জনতাৰ কল্যাণৰ কথা অন্তৰত ৰাখি তেওঁলোকৰ কামত অগ্ৰসৰ হব বুলি মই নিশ্চয়তা প্ৰদান কৰিব পাৰো। মই তেওঁলোক আটাইলৈ এই মহত প্ৰয়াসৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক কিমান নিৰাপদে, কিমান দায়বদ্ধতাৰে জনতাৰ বল্যাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি তাৰ এক উতকৃষ্ট নিদৰ্শন ভাৰতে দাঙি ধৰিব পাৰিব বুলি মই অতিকে আশাবাদী।
এই প্ৰতিষ্ঠানৰ শুভাৰম্ভ ঘোষণা কৰিবলৈ পাই মই আক্ষৰিক অৰ্থতে আনন্দিত হৈছো আৰু সৰ্ব-সাধৰণ জনতাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে এই প্ৰতিষ্ঠানে নিজৰ দায়বদ্ধতা সদায়ে অক্ষুণ্ণ ৰাখিব বুলি মই আশা পৰ্কাশ কৰিলো।
বহুত বহুত ধন্যবাদ।
*****
KB
This institute is a prime example of how the public sector and the private sector, can combine with good intention, to build a world-class institute, aimed at benefiting the poor: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
With the arrival of Artificial Intelligence, Bots and Robots, there is no doubt that our productivity will further go up. But, there are also rising fears of human redundancy because there is a competition between the mind and the machine: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
Technology opens entirely new spheres and sectors for growth, It also opens up an entirely new paradigm of opportunities. With each wave of new technology, many new opportunities arise: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
New opportunities have always out-numbered the lost ones: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
The road ahead for Artificial Intelligence depends on and will be driven by Human Intentions. It is our intention that will determine the outcomes of artificial intelligence: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
The march of Technology cannot be at the expense of further increasing the difference between societies over access to technology. The evolution of Technology has to be rooted in the ethic of Sabka Saath, Sabka Vikas: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
Can we take the global lead on creating Artificial Intelligence that is less about making humans redundant and more about enhancing human abilities and expanding human capacities: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
Can we make the future less about machines displacing humans to a future about humans becoming better humans by converting their weaknesses into their strengths for the greater good of mankind: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
We need to Make Artificial Intelligence in India and Make Artificial Intelligence work for India! I would urge all of you to identify the grand challenges that Artificial Intelligence can solve for India: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
Can the combination of teachers and AI help us bridge the gap in teacher student ratio. This will help us deliver quality education to every student across India. Can AI help take quality healthcare to every corner of India by expanding capacities of healthcare workers: PM
— PMO India (@PMOIndia) February 18, 2018
Can Artificial Intelligence help us predict natural calamities?
— PMO India (@PMOIndia) February 18, 2018
Can Artificial Intelligence help us detect serious health conditions before they manifest physically? Can Artificial Intelligence help our farmers/ make the right decisions regarding weather, crop & sowing cycle: PM
Our Government is of the firm belief, that we can use this power of twenty-first century technology to eradicate poverty and disease. In doing so we can bring prosperity to our poor and under-privileged sections: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018