পি এম ইণ্ডিয়া
মহাৰাষ্ট্ৰৰ গৱৰ্ণৰ শ্ৰী বিদ্যাসাগৰ ৰাও, প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাণ্জাৱিছ, ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত সুভাষ ভামৰে, ফ্ৰান্সৰ ৰাষ্ট্ৰদূত শ্ৰীযুত আলেকজেণ্ডাৰ জিগাৰাল লগতে আন ফৰাচী অতিথি, নৌবাহিনীৰ অধিনায়ক সুনীল লাম্বা, পশ্চিমাঞ্চলৰ গিৰিশ লুথ্ৰা, এডমিৰেল ডি.এম দেশপাণ্ডে, চিএমডি, এমডিএল, শ্ৰীযুত ৰাকেশ আনন্দ, কেপ্টেইন এচ ডি মেহেনডালে, নৌসেনাৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰী, মাজগন ডক শ্বিপবিলডাৰ্ছ লিমিটেডৰ বিষয়া আৰু কৰ্মচাৰীৰ উপৰিও বহুতো ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে৷
১২৫ কোটি ভাৰতীয়ৰ বাবে আজিৰ দিনটো এক বিশেষ দিন, গৌৰৱোজ্জ্বল দিন৷ এই ঐতিহাসিক সাফল্যৰ বাবে মই দেশবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আইএনএছ কালভাৰীক দেশবাসীলৈ উচৰ্গা কৰাটো মোৰ বাবে এক পবিত্ৰ মুহূৰ্ত৷ মই দেশবাসীৰ তৰফৰ পৰা ভাৰতীয় নৌবাহিনীলৈ শুভেচ্ছা জনাইছোঁ৷
দুটা দশকৰ ব্যৱধানৰ অন্তত ভাৰতে এই ছাবমেৰিণ লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিৰক্ষাখণ্ডত কালভাৰীয়ে নৌখণ্ডলৈ এক বৃহৎ পদক্ষেপ আনিবলৈ সক্ষম হৈছে৷ ভাৰতীয়সকলে নিজৰ শক্তি প্ৰয়োগেৰে মুৰৰ ঘাম মাটিত পেলাই এইটো নিৰ্মাণ কৰি উলিয়াইছে৷ ‘মেক ইন ইণ্ডিয়া’ৰ ই এক বৃহৎ উদাহৰণ৷ কালভাৰী নিৰ্মাণৰ সৈতে জড়িত সকলো কৰ্মচাৰীকে অভিনন্দন জনাইছোঁ৷ কালভাৰী নিৰ্মাণৰ বাবে ফ্ৰান্সে জনোৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্ৰুতভাৱে বৃদ্ধি হোৱা কৌশলগত সম্পৰ্কৰ এই ছাবমেৰিণখন এক উজ্বল উদাহৰণ৷
বন্ধুসকল, এয়া ভাৰতীয় নৌসেনাৰ ছাবমেৰিণ শাখাৰ স্বৰ্ণজয়ন্তী বৰ্ষ৷ বিগত সপ্তাহত ছাবমেৰিণ শাখাক পুৰষ্কৃত কৰা হৈছে৷ কালভাৰীৰ শক্তি অথবা ইয়াকো ক’ব পাৰি যে টাইগাৰ শ্বাৰ্কৰ শক্তিয়ে আমাৰ ভাৰতীয় নৌসেনাক শক্তিশালী কৰিব৷ ভাৰতবৰ্ষৰ সামুদ্ৰিক পৰম্পৰা প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি৷ গুজৰাটৰ ল’থাল পৃথিৱীৰ এক প্ৰাচীন বন্দৰ৷ বুৰঞ্জীবিদসকলৰ মতে এই ল’থাল বন্দৰেদি প্ৰায় ৮৪খন দেশে বাণিজ্য কৰিছিল৷ এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ সৈতে আমাৰ সম্পৰ্ক সামুদ্ৰিক পথেদিহে সম্ভৱ হৈছিল৷ কেৱল বাণিজ্যিক দিশতেই নহয় ভাৰত মহাসাগৰে আমাক আন দেশৰ সৈতে যোগাযোগ স্থাপনত সহায় কৰি সাংস্কৃতিক দিশতো তেওঁলোকৰ সৈতে সমানে খোজ দিবলৈ সক্ষম হৈছোঁ৷
ভাৰত মহাসাগৰে ভাৰতৰ ইতিহাস নিৰ্মাণত সহায় কৰিছে আৰু আধুনিক ভাৰতক শক্তি প্ৰদান কৰিছে৷ আমাৰ ৭৫০০ কিলোমিটাৰতকৈও অধিক সামুদ্ৰিক পথ প্ৰায় ১৩০০ সৰু দ্বীপ প্ৰায় ২৫ লাখ বৰ্গ কিলোমিটাৰৰ স্বতন্ত্ৰ বাণিজ্যিক/অৰ্থনৈতিক অঞ্চলে এক অপ্ৰতীম সামুদ্ৰিক ক্ষমতা সৃষ্টি কৰিছে৷ ভাৰতৰ মহাসাগৰ কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ ভৱিষ্যতৰ বাবেও গুৰুত্বপূৰ্ণ৷ পৃথিৱীৰ দুই তৃতীয়াংশ তেল পৰিবহণ, এক তৃতীয়াংশ বৃহৎ জাহাজী সামগ্ৰী পৰিবহণ, পৃথিৱীৰ কণ্টেইনাৰ ট্ৰেফিকৰ অৰ্ধাংশ এই মহাসাগৰৰ কান্ধতেই আছে৷ তিনি চতুৰ্থাংশ যাতায়াত এই পথেদিয়েই পৃথিৱীৰ আন অংশৰ সৈতে সমাপন হয়৷ এই মহাসাগৰে ৪০খন দেশক স্পৰ্শ কৰি আছে৷ ইয়াৰ উপকূলত পৃথিৱীৰ প্ৰায় ৪০ শতাংশ জনসংখ্যাই বাস কৰে৷
বন্ধুসকল, এইদৰে কোৱা হৈছে যে একবিংশ শতিকাটো এছিয়াৰ বাবে৷ এইটোও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে একবিংশ শতিকাৰ উন্নতিৰ ধাৰা ভাৰত মহাসাগৰেদি আহিব৷ সেয়ে আমাৰ চৰকাৰৰ নীতিসমূহত ভাৰত মহাসাগৰক এক বিশেষ স্থান প্ৰদান কৰা হৈছে৷ আমাৰ প্ৰচেষ্টা আমাৰ দূৰদৰ্শিতাত প্ৰতিফলিত হ’ব৷ মই এক বিশেষ নামেৰে ইয়াক সম্বোধন কৰিছোঁ S-A-G-A-R অথবা SAGAR হিচাপে ইয়াৰ অৰ্থ হ’ল ‘প্ৰতিৰক্ষা আৰু বিকাশ সকলো দিশত’৷ আমি ভাৰত মহাসাগৰৰ সন্দৰ্ভত বিশ্বজনীন, কৌশলগত আৰু অৰ্থনৈতিক আগ্ৰহৰ প্ৰতি সম্পূৰ্ণ সজাগ আৰু সাৱধান হোৱাৰ লগতে আধুনিক আৰু বহুমাত্ৰিক ৰূপত ভাৰতীয় নৌবাহিনীক শান্তি তথা সমগ্ৰ অঞ্চলৰ অখণ্ডতা ৰক্ষাৰ বাবে তৎপৰ কৰি তুলিব৷ ভাৰতীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক সামুদ্ৰিক অংশীদাৰীয়ে আঞ্চলিক ফ্ৰেমৱৰ্ক সুদৃঢ় কৰি তুলিব আৰু ইয়াৰ দ্বাৰা লক্ষ্যত উপনীত হোৱাত সহজ হ’ব৷
বন্ধুসকল, সাগৰে আমাক দেশ নিৰ্মাণৰ বাবে শক্তি প্ৰদান কৰিছে, সেয়ে ভাৰতে নিজৰ লগতে বাকীসকল দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ নিবাৰণৰ চেষ্টা কৰিছে৷ সাগৰীয় পথেৰে উগ্ৰবাদীসকলৰ আগমণ, ড্ৰাগছ সৰবৰাহ, পাইৰেচীৰ সমস্যা আদিৰ দৰে প্ৰত্যাহ্বানসমূহক দূৰ কৰিবলৈ ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ সকলোৰেই একলগেই উন্নয়ন, মন্ত্ৰ, মাটি, পানী আৰু বায়ু সকলোতে একেই৷
সমগ্ৰ পৃথিৱীখনকে এটা পৰিয়াল বুলি মানি ভাৰতে বসুদৈৱ কুটুম্বকম ধাৰণাক সৰোগত ৰাখে৷ ভাৰতে বিশ্বজনীন দায়বদ্ধতা পালনৰ দিশে আগবাঢ়িছে৷ চুবুৰীয়া দেশসমূহৰ বিপদৰ সময়ত প্ৰথম সাহায্য প্ৰদানকাৰীৰূপে ভাৰতে সদায় থিয় দিব৷ শ্ৰীলংকাৰ বানপানীৰ সময়ত ভাৰতীয় নৌসেনাই তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়াইছিল৷ মালদ্বীপত পানীৰ সংকটৰ সময়ত টেংকভৰ্তি পানী ভাৰতে ততালিকে প্ৰেৰণ কৰিছিল৷ বাংলাদেশৰ ঘূৰ্ণীৰ কালচোৱাত ভাৰতীয় নৌসেনাই বাংলাদেশী নাগৰিকক উদ্ধাৰ কৰিছিল৷ মানৱীয়তাৰ খাতিৰতে ভাৰতীয় নৌসেনাই ম্যানমাৰত ধুমুহাত আৱদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ য়েমেনৰ সংকটৰ সময়ত নৌসেনাই চাৰি হাজাৰ পাঁচশ ভাৰতীয় নাগৰিকৰ লগতে আন আঠচল্লিশখন দেশৰ নাগৰিককো উদ্ধাৰ কৰিছিল৷ নেপালৰ ভূইকঁপৰ সময়ত ভাৰতীয় সেনা আৰু বায়ুসেনাই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছিল৷ প্ৰায় ৭০০ খন উৰাজাহাজ, হাজাৰ টল সাহায্য সামগ্ৰী, ভূইকঁপত ক্ষতিগ্ৰস্তসকলক এঠাইৰ পৰা আনঠাইলৈ নিয়া, শতাধিত বিদেশী নাগৰিকক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াইছিল৷ ভাৰতীয় মানসিকতা, ভাৰতীয় সৌহাৰ্দ্য এনেকুৱাই৷ মানৱীয়তাৰ প্ৰমূল্যবোধ সুৰক্ষিত হোৱা কোনো ধৰণৰ কৰ্মৰ পৰাই ভাৰত বিৰত নাথাকে৷
বন্ধুসকল, এখন সক্ষম আৰু শক্তিশালী ভাৰতবৰ্ষ কেৱল নিজৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ মানৱীয়তাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ বৰ্তমান আমি ভিন্ন দেশৰ সৈতে একেলগে কাম কৰিছোঁ৷ বিভিন্ন দেশৰ সেনাবাহিনী আমাৰ সেনাৰ সৈতে অনুভৱ আদান-প্ৰদান কৰি সামঞ্জস্য বৃদ্ধি কৰাৰ বাবে উৎসাহী হৈ উঠিছে৷ বিগত বৰ্ষত ৫০ খন দেশৰ নৌবাহিনীৰ সৈতে আন্তৰ্জাতিক দ্ৰুত ভ্ৰমণ পৰ্যালোচনাত মিলিত হয়৷ বিশাখাপট্টনমৰ সেই মনোৰম দৃশ্য পাহৰাটো কঠিন৷
এইবছৰ ভাৰতীয় নৌবাহিনীয়ে ভাৰত মহাসাগৰত দেখুওৱা অদমনীয় সাহসিকতাৰ বাবে বিশ্ববাসীৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে৷ জুলাইত অনুষ্ঠিত মালাবাৰ কুচকাৱাজৰ সময়ত ভাৰতীয় নৌসেনাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান নৌবাহিনীৰ সৈতে অনবদ্য প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে৷ একেদৰে ভাৰতে অষ্ট্ৰেলিয়া, ছিংগাপুৰ, ম্যানমাৰ, জাপান, ইণ্ডোনেছীয়া আদি দেশৰ নৌসেনাৰ সৈতে কুচকাৱাজৰ শৃংখলা অব্যাহত ৰাখে৷ ভাৰতীয় সেনাবাহিনীয়ে শ্ৰীলংকা, ৰাছিয়া, আমেৰিকা, গ্ৰেট ব্ৰিটেইন, বাংলাদেশ, ছিংগাপুৰ আদি দেশৰ সৈতে যুটীয়াভাৱে কুচকাৱাজৰ আয়োজন কৰে৷
ভ্ৰাতৃ আৰু ভগ্নীসকল, এই সমগ্ৰ দৃশ্যাৱলীয়ে বিশ্বৰ সকলো দেশে ভাৰতৰ সৈতে শান্তি আৰু সমন্বয়ৰ যাত্ৰাত একেলগে থকাৰ কথা সূচায়৷
বন্ধুসকল, প্ৰতিৰক্ষাৰ প্ৰতি থকা বাধাসমূহত প্ৰকৃতি সলনি হৈছে, সেয়ে আমি অধিক সচেতন হোৱাটো প্ৰয়োজন৷ আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ যাতে আমাৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত থকা এই বাধাসমূহ প্ৰতিহত কৰিবলৈ ব্যৱস্থা ল’ব পাৰোঁ৷ অৰ্থনৈতিক ক্ষমতা, কাৰিকৰী ক্ষমতা, আন্তৰ্জাতিক সম্পৰ্কৰ ক্ষমতা, জনসাধাৰণৰ আস্থাৰ শক্তি আৰু দেশৰ নম্ৰ শক্তিৰ মাজত সামঞ্জস্যতা ৰাখিবলৈ সক্ষম হ’ব৷ বৰ্তমান সময়ৰ এয়ে আহ্বান৷
ভ্ৰাতৃ আৰু ভগ্নীসকল, বিগত তিনি বছৰত প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ সৈতে জড়িত পৰিস্থিতি তন্ত্ৰ সালসলনি হৈছে৷ বহুতো নতুন উদ্যোগ গ্ৰহণ কৰা হৈছে৷ এহাতে যিদৰে আমি প্ৰাথমিক আৱশ্যকসমূহৰ ওপৰত প্ৰাধান্য দিছোঁ, আনহাতেদি দেশত প্ৰয়োজনীয় প্ৰযুক্তি বিকশিত কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে৷ সামগ্ৰী পঞ্জীয়নৰ পৰা ৰপ্তানি প্ৰক্ৰিয়ালৈকে আমি স্বচ্ছতা আৰু সামঞ্জস্যতাৰে কাম কৰিছোঁ৷ চৰকাৰে বিদেশী বিনিয়োগকাৰীসকলৰ বাবে বহুতো পদক্ষেপ হাতত লৈছে৷ এতিয়া প্ৰত্যক্ষ বিদেশী বিনিয়োগে ৪৯ শতাংশলৈকে স্বয়ংক্ৰিয়ভাৱে পৰিচালিত কৰিব পৰা যাব৷ প্ৰতিৰক্ষা শিতানত ১০০ শতাংশলৈকে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে শিতান মুকলি কৰা হৈছে৷ আমি মেক ইন ইণ্ডিয়াক জনাবৰ বাবে প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় প্ৰক্ৰিয়াত বৃহৎ সালসলনি কৰিছোঁ৷ ইয়ে নিয়োগৰ নতুন সুযোগ প্ৰদানত সহায় কৰিব৷
মই এই কথা জনাইছিলোঁ যে আইএনএছ কালভেৰী নিৰ্মাণৰ বাবে প্ৰায় ১২ লাখ মানুহ তথা দিনৰ প্ৰয়োজন হৈছে৷ ইয়াক নিৰ্মাণৰ কালচোৱাত প্ৰযুক্তিগত ক্ষমতাৰে ভাৰতীয় সেনানীসমূহ, ক্ষুদ্ৰ উদ্যোগসমূহে আৰু অভিযন্তাসকলে মিলি দেশৰ বাবে ‘প্ৰতিভাৰ আকৰ’ সৃষ্টি কৰিছিল৷ এই সাংগাঠনিক কৌশল আমাৰ বাবে এক শক্তি যিয়ে ভৱিষ্যতে আমাক ক্ৰমান্বয়ে মুনাফা দিয়াত সহায়ক হ’ব৷
বন্ধুসকল, আমি আমাৰ প্ৰতিৰক্ষা সম্পৰ্কীয় ৰপ্তানিৰ নীতি কঠোৰতাৰে পৰিৱৰ্তন কৰি যাৰ বাবে ভাৰতীয় উদ্যোগসমূহে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰিব পাৰিব আৰু পৃথিৱীৰ আন দেশলৈ ৰপ্তানি কৰিব পাৰিব৷ প্ৰায় ১৫০ বিধ সাধাৰণ সামগ্ৰী নিৰ্মাণ সম্ভৱ হৈছে গতিকে আমাৰ সেনাবাহিনীয়ে ইয়াৰ পৰাই সামগ্ৰী ক্ৰয় কৰি অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিব পাৰিব৷ সেনাবাহিনীক কাৰখানাসমূহৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ কোনো ধৰণৰ অনুমোদনৰ প্ৰয়োজন নহ’ব, তেওঁলোকে ব্যক্তিগত উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব৷
দেশৰ প্ৰতিৰক্ষা খণ্ডক অধিক আত্মনিৰ্ভৰশীল কৰাৰ বাবে চৰকাৰে ব্যক্তিগত খণ্ডৰ সৈতে সামৰিক বুজা-পৰা আদি প্ৰচলনৰ ব্যৱস্থা লৈছে৷ আন বিদেশী ৰাষ্ট্ৰসমূহক দৰে ভাৰতীয় উদ্যোগসমূহেও যুদ্ধ বিমানৰ পৰা আৰম্ভ কৰি হেলিকপ্টাৰলৈকে, যুঁজাৰু টেংকৰ পৰা ছাবমেৰিনলৈ নিৰ্মাণ কৰিব পাৰিব৷ এই কৌশলী ধাৰণা ভৱিষ্যতে ভাৰতীয় প্ৰতিৰক্ষা ক্ষেত্ৰখনক আৰু অধিক শক্তিশালী কৰি তুলিব৷
প্ৰতিৰক্ষা সম্পৰ্কীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত ক্ষিপ্ৰতা আনিবলৈ চৰকাৰে বহুতো নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেৱা আৰু প্ৰতিৰক্ষাৰ মুখ্য কাৰ্যালয়সমূহত বিত্তীয় সহায়ৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ আপোনালোকে দেখিছে কিদৰে সন্ত্ৰাসবাদীসকলে ভাৰতৰ বিৰুদ্ধে ভুৱা সংঘৰ্ষ কৰি আহিছে৷ আমাৰ চৰকাৰৰ নীতি আৰু সেনা জোৱানসকলৰ সাহসিকতাৰ বাবেই আমি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বিফল কৰিব পাৰিছোঁহক৷ জম্মু আৰু কাশ্মীৰত চলিত বৰ্ষত ২০০ত কৈও অধিক সন্ত্ৰাসবাদী নিহত হৈছে৷ শিল দলিওৱা ঘটনাও হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷
পূৰ্বোত্তৰ ৰাজ্যসমূহতো পৰিস্থিতি উন্নত হোৱা দেখা গৈছে৷ মাওবাদী তথা নক্সালবাদী কাৰ্যকলাপো বন্ধ হৈছে৷ ইয়াৰ দ্বাৰা এই কথা প্ৰতীয়মান হৈছে যে এই অঞ্চলৰ উগ্ৰপন্থী সংগঠনৰ সদস্যসমূহ মূলসুঁতিলৈ উভতি আহি দেশৰ উন্নয়নত অৰিহণা যোগাইছে৷ দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
বন্ধুসকল, আমাৰ দেশৰ শক্তি দেশৰ সুৰক্ষা বলৰ সৈতে সংযোজিত হৈ আছে আৰু সেয়ে সুৰক্ষা বলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি, বিলম্ব নোহোৱাকৈ তেওঁলোকৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা, তেওঁলোকৰ সৈতে থিয় হোৱাটো চৰকাৰৰ অগ্ৰাধিকাৰযোগ্য কৰ্ম আৰু এয়া চৰকাৰৰ স্বভাৱ৷ এয়া আমাৰ প্ৰতিশ্ৰুতি আছিল, যি দশক জুৰি অব্যাহত থকা ৱান ৰেংক ৱান পেঞ্চন সমস্যাটো আমি সমাধা কৰিলোঁ৷ সেয়ে ২০ লাখৰো অধিক অৱসৰ গ্ৰহণ কৰা সেনা বিভাগৰ লোকক ১১ হাজাৰ কোটি টকা বকেয়া হিচাপে প্ৰদান কৰা হৈছে৷
ভ্ৰাতৃ আৰু ভগ্নীসকল, এই উপলক্ষে মই ৬জন সাহসী ভাৰতীয় নৌসেনা বিষয়াক স্মৰণ কৰিবলৈ বিচাৰিম যি বৰ্তমানে সাগৰত অভিযানত ব্যস্ত৷ মই তেওঁলোকক সন্মান প্ৰদৰ্শনৰ কৰিবলৈ বিচাৰিম৷ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা মহোদয়াৰ অনুপ্ৰেৰণাত আৰু ভাৰতীয় মহিলা শক্তিৰ বাৰ্তা হিচাপে এই ছয়গৰাকী সাহসী হৃদয় আগবাঢ়ি যাওক৷
বন্ধুসকল, কেৱল আপোনালোকেই ভাৰতৰ ভূমি, সাগৰ আৰু বায়ুৰ সামৰ্থ ধাৰণ কৰি আছে৷ আজি আইএনএছ কালভেৰীৰ সৈতে এক নতুন যাত্ৰা আৰম্ভ হ’ল৷
সাগৰৰ দেৱতাই আপোনাক নিৰাপদে ৰাখক আৰু শক্তিশালী কৰি তোলক৷ ‘‘ছমাহ নৌ বৰুণাহ’’ এয়াই কেৱল আপোনালোকৰ মূলমন্ত্ৰ৷ এই শুভেচ্ছাৰ সৈতে মই পুনৰ আপোনালোকক চালাম জনাইছো৷ মই সোণালী জয়ন্তী বৰ্ষৰ প্ৰৱেশৰ বাবে আপোনালোকক অভিনন্দন জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ৷
বহুত বহুত ধন্যবাদ৷
ভাৰত মাতাৰ জয় (ভাৰত মাতা দীৰ্ঘজীৱি হওক)
AKT/AK/KT/DG/AK/MANN
आज सवा सौ करोड़ भारतीयों के लिए बहुत गौरव का दिन है। मैं सभी देशवासियों को इस ऐतिहासिक उपलब्धि पर बहुत-बहुत बधाई देता हूं: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
INS कलवरी पनडुब्बी को राष्ट्र को समर्पित करना, मेरे लिए बहुत सौभाग्य की बात है। मैं देश की जनता की तरफ से भारतीय नौसेना को भी बहुत-बहुत शुभकामनाएं अर्पित करता हूं: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
ये 'Make In India' का उत्तम उदाहरण है। मैं कलवरी के निर्माण से जुड़े हर श्रमिक, हर कर्मचारी का भी हार्दिक अभिनंदन करता हूं: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
कलवरी के निर्माण में सहयोग के लिए मैं फ्रांस को भी धन्यवाद देता हूं। ये पनडुब्बी भारत और फ्रांस की तेजी से बढ़ती स्ट्रैटेजिक पार्टनरशिप का भी एक उत्कृष्ट उदाहरण है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
कलवरी की शक्ति, या कहें टाइगर शार्क की शक्ति हमारी भारतीय नौसेना को और मजबूत करेगी: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
कहा जाता है कि 21वीं सदी एशिया की है। ये भी तय है कि 21वीं सदी के विकास का रास्ता हिंद महासागर से होकर ही जाएगा। इसलिए हिंद महासागर की हमारी सरकार की नीतियों में विशेष जगह है। ये अप्रोच, हमारे विजन में झलकती है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
मैं इसे एक स्पेशल नाम से बुलाता हूं- S. A. G. A. R.- “सागर” यानि सेक्योरिटी एंड ग्रोथ फॉर ऑल इन द रीजन: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
हम हिंद महासागर में अपने वैश्विक, सामरिक और आर्थिक हितों को लेकर पूरी तरह सजग हैं, सतर्क हैं। इसलिए भारत की Modern और Multi-Dimentional नौसेना पूरे क्षेत्र में शांति के लिए, स्थायित्व के लिए आगे बढकर नेतृत्व करती है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
जिस तरह भारत की राजनीतिक और आर्थिक Maritime Partnership बढ़ रही है, क्षेत्रीय Framework को मजबूत किया जा रहा है, उससे इस लक्ष्य की प्राप्ति और आसान होती है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
समुद्र में निहित शक्तियां हमें राष्ट्र निर्माँण के लिए आर्थिक ताकत प्रदान करती हैं। इसलिए भारत उन चुनौतियों को लेकर भी गंभीर है, जिनका सामना भारत ही नहीं बल्कि इस क्षेत्र के अलग-अलग देशों को करना पड़ता है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
चाहे समुद्र के रास्ते आने वाला आतंकवाद हो, Piracy की समस्या हो, ड्रग्स की तस्करी हो या फिर अवैध फिशिंग, भारत इन सभी चुनौतियों से निपटने में महत्वपूर्ण भूमिका निभा रहा है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
सबका साथ-सबका विकास का हमारा मंत्र जल-थल-नभ में एक समान है। पूरे विश्व को एक परिवार मानते हुए, भारत अपने वैश्विक उत्तरदायित्वों को लगातार निभा रहा है। भारत अपने साथी देशों के लिए उनके संकट के समय first responder बना है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
भारतीय डिप्लोमैसी और भारतीय सुरक्षा तंत्र का मानवीय पहलू हमारी विशिष्ठता है...समर्थ और सशक्त भारत सिर्फ़ अपने लिए नहीं संपूर्ण मानवता के लिए एक महत्वपूर्ण भूमिका रखता है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
दुनिया के देश, शांति और स्थायित्व के मार्ग में भारत के साथ चलना चाहते हैं: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
पिछले तीन साल में रक्षा और सुरक्षा से जुड़े पूरे eco system में बदलाव की शुरुआत हुई है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
INS कलवरी के निर्माण में लगभग 12 लाख Mandays लगे हैं। इसके निर्माण के दौरान जो तकनीकि दक्षता भारतीय कंपनियों को, भारतीय उद्योगों को, छोटे उद्यमियों को, हमारे इंजीनियरों को मिली है, वो देश के लिए एक तरह से “Talent Treasure” है। ये SkillSet हमारे लिए एक asset है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
हमारी सरकार की सुरक्षा नीतियों का अनुकूल प्रभाव बाहरी ही नहीं बल्कि देश की आंतरिक सुरक्षा पर भी पड़ा है। आप सभी जानते हैं कि किस प्रकार आतंकवाद को भारत के खिलाफ एक प्रॉक्सी वॉर के रूप में इस्तेमाल किया जा रहा है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
सरकार की नीतियों और हमारे सैनिकों की वीरता का परिणाम है कि जम्मू-कश्मीर में हमने ऐसी ताकतों को सफल नहीं होने दिया। जम्मू-कश्मीर में इस साल अब तक 200 से ज्यादा आतंकी, जम्मू-कश्मीर पुलिस और सुरक्षाबलों के सहयोग से मारे जा चुके हैं। पत्थरबाजी की घटनाओं में भी काफी कमी आई है: PM
— PMO India (@PMOIndia) December 14, 2017
इस अवसर पर हर उस व्यक्ति का आभार व्यक्त करता हूं जिसने देश की सुरक्षा में अपना जीवन समर्पित कर दिया है। राज्यों के पुलिस बल, अर्ध सैनिक बल, हमारी सेनाएं, सुरक्षा में लगी हर वो एजेंसी जो दिखती है, हर वो एजेंसी जो नहीं दिखती है, उनके प्रति इस देश के सवा सौ करोड़ लोग कृतज्ञ हैं: PM
— PMO India (@PMOIndia) December 14, 2017
ये हमारा ही कमिटमेंट था जिसके कारण कई दशकों से लंबित 'One Rank One Pension' का वायदा हकीक़त में बदल चुका है: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017
आज INS कलवरी के साथ एक नए सफर की शुरुआत हो रही है। समुद्र देव आपको सशक्त रखें, सुरक्षित रखें: PM @narendramodi
— PMO India (@PMOIndia) December 14, 2017