পি এম ইণ্ডিয়া
মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰীমান চি বিদ্যাসাগৰ ৰাওজী, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিচ, উদ্যোগপতিসকলৰ লগতে দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা আহি আজিৰ সমাৰোহত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, আপোনালোক আটাইকে মই ‘মেগ্নেটিক মহাৰাষ্ট্ৰ’ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
‘সম্ৰুদ্ধ অনি সম্পন্ন মহাৰাষ্ট্ৰচ নিৰ্মিতি কৰ্তা হোনৰা মেগ্নেটিক মহাৰেষ্ট্ৰালা মাঝে খুপ খুপ শুভেচ্ছা।
বন্ধু ভগিনিনো সৰ্বনা মাঝা নমস্কাৰ’।
বিজ্ঞানৰ সবিশেষ বাখ্যা নাজানিলেও মোক কোৱা হৈছে যে চৌম্বকীয় ক্ষেত্ৰ একোখনৰ দিশ-দৰ্শন আৰু আয়তন দুয়োটাই থাকে। ইয়ালৈ অহাৰ আগতে মই ‘নয়ী মুম্বাই বিমান বন্দৰ’ আৰু ‘জেএনপিটি’-ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ গৈছিলো। এই দুয়োটা কাৰ্যসূচীয়ে দৰাচলতেই মহাৰাষ্ট্ৰৰ চৌম্বকীয় ক্ষেত্ৰৰ দিক-দৰ্শন আৰু আয়তনৰ স্বৰূপ প্ৰকাশ কৰিছে। ইয়াৰ কেন্দ্ৰৰ যিমানেই কাষ চাপি যোৱা যায় সিমানেই অধিক ভাবে এই চৌম্বকীয় ক্ষেত্ৰৰ শক্তি অনুভৱ কৰিব পৰা যায়। আজি আপোনালোকৰ উপস্থিতি, আপোনালোকৰ উত্সাহ আৰু এই উদ্দীপনাময় পৰিৱেশটোৱে স্বাভাৱিকতেই ‘মেগ্নেটিক মহাৰাষ্ট্ৰৰ’ চৌম্বকীয় ৰেখাসমূহৰ প্ৰচণ্ড শক্তিকে প্ৰতিপন্ন কৰিছে বুলি ক’ব লাগিব।
বন্ধুসকল, এইটো কাৰ্যসূ্চী সহযোগিতা আৰু প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ এক উত্কৃষ্ট নিদৰ্শন। আজিৰ তাৰিখত দেশৰ প্ৰতিখন ৰাজ্যৰ মাজত একধৰণৰ অঘোষিত প্ৰতিযোগিতা অব্যাহত আছে। দেশৰ প্ৰতিখন ৰাজ্যই আন্তঃগাঁথনি নিৰ্মাণ, কৃষি, বস্ত্ৰ শিল্প, স্বাস্থ্য, শিক্ষা, সৌৰ শক্তিৰ লগতে এনে বহু ক্ষেত্ৰত পুঁজি নিবেশ কৰাৰ বাবে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ লক্ষ্যৰে নিজ নিজ ৰাজ্যত বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতা অথবা নতুন নতুন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লৈছে। প্ৰত্যেক ৰাজ্যই নিজৰ নিজৰ প্ৰয়োজনীয়তা সাপেক্ষে পৃথক পৃথক খণ্ডত বিনিয়োগ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰি আহিছে।
অলপতে মই ‘এডভাণ্টেজ আছাম-ইনভেষ্টৰ্ছ ছামিট’-ত অংশ গ্ৰহণ কৰাৰ সুযোগ পাইছিলো। বছৰচেৰেক আগলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ দৰে অঞ্চলত এনেদৰে বিনিয়োগ সন্ধানী সন্মিলন অনুষ্ঠিত কৰাৰ কথা কোনেও ভাবিবই পৰা নাছিল। শেহতীয়া ভাবে ঝাৰখণ্ড, মধ্য-প্ৰদেশ আদিৰ দৰে আন বহুকেইখন ৰাজ্যইও এনে সন্মিলন অনুষ্ঠিত কৰিছে। এনে প্ৰেক্ষাপটত গুজৰাটত সূচনা হোৱা অৰ্থনৈতিক বিনিয়োগৰ পৰিৱেশ এটাই অচিৰেই সামগ্ৰীকভাবে গোটেই দেশতে গা কৰি উঠা দেখিবলৈ পোৱা যাব বুলি আশা কৰিব পাৰি।
বন্ধুসকল, এনে এটা অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মই মহাৰাষ্ট্ৰ চৰকাৰক অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। ৰাজ্যখনত বিনিয়োগ বৃদ্ধি কৰাৰ লক্ষ্যৰে বিগত তিনিটা বছৰত মহাৰাষ্ট্ৰ চৰকাৰে বহুবোৰ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰয়াসৰ সুবদতে বিশ্ব বেংকৰ ‘ইজ অব ডুয়িং বিজনেছ’-ৰ সমীক্ষাত ৰাজ্যখনৰ স্থানৰ বহু উত্তৰণ ঘটা দেখা গৈছে। ফড়নবিচ চৰকাৰে অনা সংস্কাৰমূলক কাৰ্যক্ৰমে মহাৰাষ্ট্ৰৰ ৰূপান্তৰত বিশেষ ভূমিকা পালন কৰিছে। ‘ইজ অব ডুয়িং বিজনেছ’ৰ দৰেই ‘ইজ অব গেটিং ইলেক্ট্ৰিচিটী’ অথবা ‘ইজ অব পেয়িং টেক্সেছ’ৰ দৰে ১০টা শিতানৰ ভিতৰত ৯টা সূচ্যাংকতে উত্তৰণৰ নিদৰ্শন দাঙি ধৰা কথাই চৰকাৰখনে প্ৰদৰ্শন কৰা পাৰদৰ্শীতাকে প্ৰতিপন্ন কৰিছে।
নীতিগত সংস্কাৰৰ জৰিয়তে শাসন পৰিচালনাৰ বিভিন্ন পৰ্যায়ত নতুন কৰ্ম-সংস্কৃতি গঢ়িব পৰা পৰিবেশ এটাতহে এনেধৰণৰ ব্যাপক পৰিসৰৰ সংস্কাৰ সম্ভৱ হ’ব পাৰে।
মই ইতিমধ্যে উল্লেখ কৰা চৌম্বকীয় ক্ষেত্ৰখন এনে কৰ্ম সংস্কৃতিৰে গঢ়ি তোলা হৈছে। ৰাজ্যখনত হোৱা বিনিয়োগৰ ব্যাপকতা আৰু দ্ৰুত বিকাশৰ ধাৰাবাহিকতাই চৌম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱকে প্ৰতিপন্ন কৰিছে। সেয়ে আজিৰ তাৰিখত আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পৰ বাবদ হোৱা মুঠ ব্যয়ৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ দেশৰ সকলো ৰাজ্যতকৈ আগত আছে। ইফালে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ‘ফৰ্ষ্ট এণ্ড ছুল্লিভান ৰেংকিং’-য়ে -চলোৱা সমীক্ষাত মহাৰাষ্ট্ৰ দেশৰ শীৰ্ষ স্থানত থকা ৰাজ্য হিচাপে পৰিগণিত হৈছে। ২০১৬-১৭ বিত্তীয় বৰ্ষত দেশত হোৱা মুঠ বিনিয়োগৰ প্ৰায় ৫১শতাংশই কেৱল মহাৰাষ্ট্ৰই লাভ কৰিছিল। সেইদৰে ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াত অনুষ্ঠিত ‘মেক ইন ইণ্ডিয়া’ সপ্তাহত উদ্যোগ খণ্ডৰ অধীনত প্ৰায় চাৰি লাখ কোটি টকা পৰিমানৰ বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰে প্ৰায় দুই লাখ কোটি টকা পৰিমানৰ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে।
আজিৰ তাৰিখত মহাৰাষ্ট্ৰত অব্যাহত থকা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আৰম্ভ কৰা প্ৰকল্পসমূহে সমগ্ৰ পৃথিৱীৰে দৃষ্টি আকৰ্ষিত কৰিছে। ‘দিল্লী-মুম্বাই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ’ প্ৰকল্প আজি পৃথিৱীৰ আটাইতকৈ উদ্ভাৱনশীল ১০০টা প্ৰকল্পৰ অন্যতম বুলি পৰিগণিত হৈছে। ‘নৱী মুম্বাই বিমান বন্দৰ’, মুম্বাইৰ সাগৰীয় বন্দৰ সংযোগী নিৰ্মাণসমূহে সেইবোৰ অঞ্চলত বসবাস কৰা লক্ষ লক্ষ জনতাৰ জীৱনলৈ আভাৱনীয় পৰিৱৰ্তনৰ জোৱাৰ আনিব। ইয়াৰ লগতে প্ৰায় ৩৫০কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰো নেটৱৰ্কে মুম্বাইৰ লগতে নৱী মুম্বাই, পুনে আৰু নাগপুৰত বিনিয়োগ আৰু আঞ্চলিক বিকাশৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব।
বন্ধুসকল, এতিয়া মই এটা বিশেষ প্ৰকল্পৰ কথা ক’বলৈ ওলাইছো আৰু সেইটো হৈছেঃ ‘মহাৰাষ্ট্ৰ সমৃদ্ধি কৰিডৰ’। এই প্ৰকল্পই ৰাজ্যখনৰ গ্ৰামীণ এলেকাসমূহ আৰু ইতিমধ্যে থন্ ধৰি উঠা কৃষি আৰু কৃষি-ভিত্তিক উদ্যোগসমূহক উন্নয়নৰ এক নতুন শিখৰলৈ লৈ যাব। সেইদৰে মহাৰাষ্ট্ৰত নিৰ্মাণ কৰিব খোজা ‘স্মাৰ্ট চিটী’ৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা ৭০০কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ছুপাৰ কমিউনিকেশ্যন এক্সপ্ৰেছৱে’ আৰু ইয়াৰ দুয়োকাষে নিৰ্মাণ কৰিব খোজা ২৪টা পথে কমেও ২০-২৫লাখ লোকৰ বাবে কৰ্ম সংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰিছে।
মহাৰাষ্ট্ৰই দেশৰ প্ৰথমখন ‘ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি’ৰ ৰাজ্য হোৱাৰ দিশত কাম কৰি আছে বুলি জানিব পাৰি মই স্বাভাৱিক অৰ্থতে আনন্দিত হৈছো। শিৱাজী মহাৰাজৰ এই পবিত্ৰ জন্মভূমিত যিকোনো লক্ষ্যকে স্পৰ্শ কৰাটো অসম্ভৱ নহয়। আৰু মহাৰাষ্ট্ৰই তেওঁৰ আশীৰ্বাদৰে এই লক্ষ্যত উপনীত হৈ দেশৰ প্ৰথমখন ‘ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি’ৰ ৰাজ্য হিচাপে চিহ্নিত হ’ব পাৰিব বুলি মই ন-দি ক’ব পাৰো।
বন্ধুসকল, ৰাজ্যসমূহে প্ৰগতি কৰিলেহে, দেশে প্ৰগতি কৰিব পাৰিব বুলি মই বিশ্বাস কৰো। এই মুহূৰ্তত আমি সঁচাকৈয়ে যে এনে বৃহত্ লক্ষ্য নিৰ্দ্ধাৰণ কৰিব পাৰো, মহাৰাষ্ট্ৰৰ উন্নয়নে প্ৰতীকী ৰূপত দেশৰ সেই বৰ্দ্ধিত সামৰ্থ্যকে যেন প্ৰতিবিম্বিত কৰিছে! ইয়াক দেশত সম্পাদিত হোৱা পৰিৱৰ্তিত পৰিৱেশ, পৰিৱৰ্তিত মানসিকতাৰ এক জীৱন্ত উদাহৰণ বুলিয়ে উল্লেখ কৰিব পাৰি।
ভাৰতে যেতিয়া প্ৰথমবাৰৰ বাবে ‘ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ক্লাব’ত অন্তৰ্ভুক্ত হৈছিল তেতিয়া সংবাদ মাধ্যমত কিমান ডাঙৰ শিৰোনাম দখল কৰিছিল মোৰ সেই কথা এতিয়াও মনত আছে। অৱশ্যে বছৰদিয়েকৰ পিচতে অৰ্থনৈতিক কেলেংকাৰিৰ পৰিণতিত প্ৰগতিৰ সেই গতিৰুদ্ধ হ’বলগীয়া হৈছিল। তেতিয়া দেশত অন্য এক বাতাবৰণে গা-কৰি উঠিছিল। সেই সময়ত ‘ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি’ৰ কথা আলোচনা হোৱা নাছিল, বৰং হতাশাৰ পাঁচোটা প্ৰসংগৰ কথাহে সৰ্বত্ৰে চৰ্চা হ’বলৈ লৈছিল।
পিছে বিগত তিনিটা, চাৰে তিনিটা বছৰত বৰ্তমানৰ চৰকাৰে চলোৱা দুৰ্বাৰ প্ৰয়াসৰ ফলত দেশত আকৌ এবাৰ ‘পাঁচ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি’ৰ প্ৰসংগ চৰ্চালৈ আহিছে। পৃথিৱীৰ শীৰ্ষ পৰ্যায়ৰ এজেন্সীসমূহে ক’বলৈ ধৰিছে যে আগন্তুক কেইটামান বছৰৰ ভিতৰতে ভাৰতে ‘পাঁচ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ক্লাব’ত প্ৰৱেশ কৰাৰ যোগ্যতা অৰ্জন কৰিব।
বন্ধুসকল, এই দৃঢ়তা সহজে নাহে। এক জন দৰদী, উন্নয়ন অনুকূল, বিনিয়োগ অনুকূল বাতাবৰণ গঢ়ি তোলাৰ বাবে দূৰদৃষ্টিৰ প্ৰয়োজন, গতি প্ৰদানৰ নেপথ্যত এক প্ৰয়াসৰ প্ৰয়োজন। আমি শাসন ব্যৱস্থাক এনে এক পৰ্যয়লৈকে লৈ গৈছিলো, য’ত চৰকাৰৰ হস্তক্ষেপ তেনেই সীমিত কৰি পেলোৱা হ’ল। বন্ধুসকল, দেশে প্ৰগতি তেতিয়াহে কৰে যেতিয়া এক কল্যাণকামী দৃষ্টিভংগী গ্ৰহণ কৰা হয়, যেতিয়া সেই দৃষ্টিভংগী সৰ্বাত্মক আৰু বিস্তৃত পৰিসৰৰ হয়। আজি আমি এনে এক দিশেৰে অগ্ৰসৰ হৈছো, য’ত নীতিৰ আধাৰত দেশে, য’ত শাসনব্যৱস্থাই পাৰদৰ্শীতাৰে আগুৱাইছে, য’ত চৰকাৰ দায়বদ্ধ আৰু য’ত গণতন্ত্ৰই অংশগ্ৰহণকাৰী গণতন্ত্ৰৰ ৰূপ লাভ কৰিছে। এখন নতুন ভাৰত গঢ়াৰ বাবে আমি দেশত এক স্বচ্ছ পাৰিপাৰ্শ্বিকতা গঢ়ি তুলিব খুজিছো, যাৰ চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতা তেনেই সামান্য। এই লক্ষ্যত উপনীত হ’ব পৰাকৈ নীতি নিয়মৰ সৰলীকৰণ হৈছে, প্ৰয়োজনসাপেক্ষে আইনৰ সংস্কাৰ আৰু সংশোধন কৰা হৈছে। প্ৰয়োজন অনুসৰি আইন বাতিলো কৰা হৈছে।
যোৱা তিনিটা বছৰত ভাৰত চৰকাৰে ১৪০০ৰো ওপৰখন আইন বাতিল কৰিছে বুলি আপোনালোকৰ বহুতেই চাগৈ অৱগত, নহয় জানো! আৰু নতুন আইন প্ৰণয়নৰ সময়ত এই আইনসমূহে কথাবোৰ জটিল নকৰি সহজ কৰি তোলাতহে যাতে সহায়ক হয়, সেই কথাত গুৰুত্ব দিয়া হৈছে। শাসন-প্ৰক্ৰিয়াত মানৱীয় হস্তক্ষেপ যিমান পাৰি কমোৱাত গুৰুত্ব দিয়া হৈছে। প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰি প্ৰশাসনীয় ব্যৱস্থাৱলী যিমান পাৰি সৰল কৰাৰ দিহা কৰা হৈছে, সেয়া লাগিলে শ্ৰম আইনেই হওক কিম্বা কৰ প্ৰদানৰ দায়বদ্ধতা সম্পৰ্কীয় প্ৰসংগই হওক।
বন্ধুসকল, আজি যদি প্ৰকল্প বাস্তৱায়নৰ গতিৰ কথা কোৱা হয়, সেয়া লাগিলে ৰাষ্ট্ৰীয় ঘাঁইপথ নিৰ্মাণেই হওক কিম্বা ৰে’লপথ নিৰ্মাণেই হওক, ৰে’লপথৰ বৈদ্যুতিকীকৰণেই হওক অথবা গৃহ নিৰ্মাণ কিম্বা সৌৰ-শক্তিৰ পৰিসৰ বৰ্দ্ধনৰ প্ৰসংগই হওক, মই কমেও ৫০টা এনে ক্ষেত্ৰৰ উদাহৰণ দাঙি ধৰিব পাৰিম, যিবোৰৰ ৰূপায়ণৰ গতিবেগ পূৰ্ব গতিবেগৰ দুগুণ অথবা তিনিগুণলৈ বৃদ্ধি পাইছে।
বন্ধুসকল, আমি যিদৰে সম্পদৰ পূৰ্ণ ব্যৱহাৰত গুৰুত্ব দিছো, সেইদৰে সমল ভিত্তিক উন্নয়নী নীতিৰ আধাৰত আগুওৱাৰ কথাতো মনোনিৱেশ কৰিব খুজিছো। সেইদৰে বাজেত আধাৰিত উন্নয়নী নীতিৰো আমি পোষকতা কৰিছো। বাজেটত আমাৰ চৰকাৰে যেনেদৰে সংস্কাৰৰ প্ৰস্তাৱ উথ্থাপন কৰিছে আৰু বাজেটৰ লগত সংগতি ৰাখি যেনেদৰে সংস্কাৰ সাধনৰ কথা ভবা গৈছে, সিয়ে কেৱল দেশত এক নতুন কৰ্ম সংস্কৃতিকে কেৱল বিকশিত নকৰে বৰং, দেশৰ জন-সাধাৰণৰ সামাজিক-অৰ্থনৈতিক জীৱনকো ৰূপান্তৰিত কৰিব।
ৰে’ল বাজেট এতিয়া সাধাৰণ বাজেটৰ অংশ হৈ পৰিছে। আমি ইমান দিনে চলি অহা ‘প্লান নন প্লান’ৰ ধাৰণাটোকে নোহোৱা কৰি পেলালো। সেইদৰে বাজেট উথ্থাপনৰ সময়ো পূৰ্বৰ তুলনাত প্ৰায় এমাহ আগলৈ অনা হৈছে। এইবোৰ পদক্ষেপৰ সুবাদত এতিয়া সংশ্লিষ্ট বিভাগমূহক আৱণ্টিত পুঁজি আগতীয়াকৈ মোকলাই দিয়াৰ অৱকাশ পোৱা গৈছে আৰু সেয়ে বিভাগসমূহেও আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যাৱতীয় পুঁজিৰ ধন ব্যয়ৰ বাবে অধিক সময় লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে বাৰিষা বতৰৰ বাবে কাম কৰিব নোৱাৰা দিনৰ সংখ্যা পূৰ্বৰ তুলনাত এতিয়া বহুখিনি হ্ৰাস পাইছে। দেশৰ কৃষক, দৰিদ্ৰ, অনুসূচিত জাতি-জনজাতি আৰু পিচপৰা আৰু বঞ্চিত জনগোষ্ঠীসমূহৰ কল্যাণ নিশ্চিত কৰিব পৰাকৈহে সংস্কাৰমূলক কাম-কাজসমূহ গ্ৰহণ কৰাটো নিশ্চিত কৰিছে আমাৰ চৰকাৰে।
বন্ধুসকল, আমাৰ বাজেট কেৱল পুঁজিৰ আৱণ্টনতে সীমাবদ্ধ নহয়, আমাৰ বাজেট পুঁজিৰ অনুমোদনটো সীমাবদ্ধ নহয়। বৰঞ্চ আমাৰ বাজেটত পৰিণতি নিশ্চিতকৰণত গুৰুত্ব প্ৰদান কৰা হয়। ২০২২চনত সকলোৰে বাবে ঘৰ আৰু ২০১৯চনৰ ভিতৰত সকলো ঘৰলৈ বিদ্যুতৰ সংযোগ দিয়াটো নিশ্চিত কৰাৰ বাবে ইতিমধ্যে আমাৰ চৰকাৰে কাম কৰি আছে। সম্প্ৰতি আমাৰ বাজেটত দুটা প্ৰকল্পৰ কাম সম্পন্ন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। সেয়া হৈছে ‘পৰিশ্ৰুত ইন্ধন’ আৰু ‘সকলোৰে বাবে স্বাস্থ্য’ নিশ্চত কৰাৰ প্ৰয়াসক অধিক গতি প্ৰদান কৰা। আমি ‘উজ্জ্বলা আঁচনি’ৰ অধীনত দৰিদ্ৰ পৰিয়ালসমূহলৈ যোগান ধৰি থকা এল পি জি গেছৰ বিনামূলীয়া সংযোগ ৫কোটিৰ পৰা ৮কোটি পৰিয়াললৈ বঢ়োৱাৰ বাবে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছো। দেশৰ মুঠ ২৫কোটি পৰিয়ালৰ ৮কোটিয়েই গেছৰ এই বিনামূলীয়া সংযোগ লাভ কৰিব। এইবোৰ কেৱল আঁচনিয়েই নহয় বৰং এইবোৰে আমাক আগুৱাই যোৱাৰ বাবে দিকদৰ্শনো কৰায়। আপোনালোকে চাগৈ নিশ্চয় মন কৰিছে যে দেশৰ দুখীয়াৰো দুখীয়া লোকসকলৰ সামাজিক তথা অৰ্থনৈতিক কল্যাণ আৰু সামাজিক আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণৰ দৰ্শন হৈছে আমাৰ বাজেটৰ বুনিয়াদ। ‘জনধন যোজনা’, ‘স্বচ্ছ ভাৰত অভিযান’, ‘দক্ষ ভাৰত’, ‘মুদ্ৰা’, ‘ষ্টেণ্ড আপ ইণ্ডিয়া’, ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’-ৰ দৰে আঁচনিসমূহে দৰিদ্ৰ লোকসকলৰ লগতে, নিম্ন মধ্যবিত্তীয়, মধ্যবিত্ত, যুৱ-প্ৰজন্ম আৰু মহিলাসকলক শক্তিৱন্ত হোৱাৰ প্ৰত্যয় দান কৰে।
বন্ধুসকল, স্ব্স্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এনে এক বৃহত্ পদক্ষেপ গ্ৰহণ কৰা হৈছে যে ই সমগ্ৰ পৃথিৱীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দেশৰ শীৰ্ষ পৰ্যায়ৰ কৰ্পোৰেট পৰিয়ালসমূহ তথা তেখেতসকলৰ পৰিচালনাৰে জড়িত বহু ব্যক্তি আজি ইয়াত উপস্থিত আছে। আপোনালোকে চাগৈ জানে ব্যক্তিগতখণ্ডৰ কিমান টকাৰ মাহিলী দৰমহা পোৱা কৰ্মচাৰীসকলে দৰাচলতে তেওঁলোকৰ সমগ্ৰ পৰিয়ালৰ বাবে বছৰি ৫লাখ টকাৰ স্বাস্থ্য বীমাৰ সুৰক্ষা লাভ কৰে! সাধাৰণতে মাহিলী ৬০-৭০হাজাৰ টকাৰ পৰা ১-১.৫ লাখ টকা দৰমহা পোৱা কৰ্মচাৰীসকলেহে এই পৰিমানৰ স্বাস্থ্য বীমাৰ সকাহ লাভ কৰে।
কিন্তু, বৰ্তমানৰ চৰকাৰে ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত দেশৰ প্ৰতিটো দৰিদ্ৰৰো দৰিদ্ৰ পৰিয়াললৈ ৫লাখ টকা পৰিমানৰ স্বাস্থ্য সুৰক্ষা বীমাৰ সুযোগ আগবঢ়োৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে, অৰ্থাত দেশৰ ৫০কোটিৰো অধিক সংখ্যক লোকে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। দীৰ্ঘ দিনে গাত লাগি থকা অসুখ-বিসুখৰ বাবে ভুক্তভোগীসকলে বা তেওঁলোকৰ পৰিয়ালবোৰে যাতে দুহাতে খৰছ কৰি সৰ্বস্বান্ত হব লগা নহয় এই আঁচনিখনে সংশ্লিষ্টসকল এই সুৰক্ষা প্ৰদান কৰিব।
‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত আমি দেশৰ গুৰত্বপূৰ্ণ গাঁও পঞ্চয়তসমূহত ১.৫লাখটা কল্যাণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আঁচনিখন দেশৰ ব্যয়-সাধ্য চিকিত্সা প্ৰতিষ্ঠানসমূহৰ লগতে নতুন চিকিত্সক, নতুন পেৰামেডিকেল কৰ্মী আৰু স্বাস্থ্য সুৰক্ষা খণ্ডৰে জড়িত সকলো পক্ষৰ বাবেই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।
সেইদৰে দেশৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ বাবেও আমি এক নতুন উদ্যোগ গ্ৰহণ কৰিছো। আমাৰ চৰকাৰে এক লাখ কোটি টকা ব্যয় কৰি আগন্তুক চাৰিটা বছৰত দেশত এক উন্নত শিক্ষা পদ্ধতি যুগুতাই উলিওৱাৰ বাবে কামত অগ্ৰসৰ হৈছে। সেইদৰে দেশৰ যুৱ প্ৰজন্ম আৰু বিশেষকৈ ‘এমএছএমই’ খণ্ডত কাম কৰি থকা উদ্যগীসকলৰ মাজত স্ব-নিয়োজনৰ মানসিকতা গঢ়ি তোলাৰ বাবে উত্সাহিত কৰাৰ লক্ষ্যৰে আমি ‘মুদ্ৰা আঁচনি’খনৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰাৰ বাবে সিদ্ধিন্ত গ্ৰহণ কৰিছো। আঁচনিখনৰ আৰম্ভণীৰে এই পৰ্যন্ত প্ৰায় ১০.৫০লাখ কোটি টকা পৰিমানৰ ঋণলৈ অনুমোদন জনোৱা হৈছে। ৪.৬০লাখ কোটি টকাৰ ঋণ আকৌ ‘বেংক গেৰেণ্টী’ নোলোৱাকৈ বিতৰণ কৰা হৈছে। চলিত বৰ্ষৰ বাজেটতো প্ৰায় ৩লাখ কোটি টকা পৰিমাণ মুদ্ৰা ঋণ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এইধৰণৰ অভিযানে আক্ষৰিক অৰ্থাতে দেশৰ দুখীয়া আৰু মধ্যবিত্তীয় পৰিয়ালৰ লোকসকলৰ জীৱন অধিক স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিছে। যিমান অধিক সংখ্যক লোকৰ জীৱনলৈ স্বাচ্ছন্দ্য আহিব সিমানেই ৰাইজে অধিক শক্তিৱন্ত হোৱাৰ প্ৰত্যয় লাভ কৰিব। যিমানে অধিক লোক শক্তিৱন্ত হ’ব, সিমানে আমাৰ সামাজিক অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব। আৰু যদি মই গ্ৰামাঞ্চলৰ উন্নয়নৰ কথা ক’বলৈ যাও, তেন্তে ক’বই লাগিব যে বৰ্তমানৰ বাজেটত ১৪লাখ কোটিৰো অধিক ধন দেশৰ কৃষিখণ্ড আৰু গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছো। যদিও ইয়াৰে সৰহখিনিয়েই কৃষিখণ্ডৰে জড়িত কাম-কাজত ব্যয় কৰা হ’ব, ইয়াৰ মাজতে ৩লাখ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ গ্ৰাম্য পথ, ৫১লাখ নতুন ঘৰ, প্ৰায় ২কোটি নতুন শৌচাগাৰ নিৰ্মাণৰ লগতে ১.৭৫কোটি দুখীয়া পৰিয়াললৈ বিদ্যুতৰ সংযোগ দিয়াৰ কামো কৰা হ’ব।
এইবোৰ প্ৰয়াসে সামগ্ৰিক ভাবে কৃষিখণ্ডৰ বিকাশ নিশ্চিত কৰাৰ লগতে গ্ৰামাঞ্চলত নিয়োগৰ বিশাল সম্ভাৱনাৰ সৃষ্টি কৰিব। এইবছৰ আমি বাজেটত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক লাখ কোটি টকাৰো অধিক পুঁজি আৱণ্টিত কৰিছো। নতুন দলং, নতুন পথ, নতুন মেট্ৰো, নতুন বিমান বন্দৰ আদিয়ে মুম্বাইৰ দৰে বহত্ পৰিসৰৰ মহানগৰীসমূহৰ প্ৰত্যাশা পূৰণ কৰাৰ লগতে দেশৰ মধ্যবিত্তীয় শ্ৰেণীোটোক বিশেষ ভাবে উপকৃত কৰিব।
গোলকীয় পৃথিৱীখনৰ উথ্থান-পতনসমূহক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আমি আমাৰ ভৱিষ্যত কাৰ্যপন্থা যুগুতোৱাৰ লগতে ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহ চিনাক্ত কৰাৰ সময়ত বৰ্তমানৰ সৈতে সংগতি ৰাখি আগবাঢ়িব লাগিব। আৰু তাকে কৰোতে আমি এই দয়োটাকে একেলগে কৰাতো গুৰুত্ব দিব লাগিব। আমি দেশৰ প্ৰয়জনীয়তাসমূহৰ লগতে দেশবাসীৰ প্ৰয়োজনীয়তাসমূহকো হৃদয়ংগম কৰি আগবাঢ়িব পাৰিলেহে নতুন ভাৰত গঢ়াৰ বাবে আমি দেখা আমাৰ সপোন সাৰ্থক কৰিব পাৰিম। আৰু তেতিয়াহে আমি আমাৰ বিশাল সংখ্যাৰ জনসম্পদৰ প্ৰতি ন্যায় দান কৰিব পাৰিম। মহাৰাষ্ট্ৰ চৰকাৰ, আমোলা তন্ত্ৰ-বিষয়াবৰ্গ আৰু ৰাজ্যখনৰ কোটি কোটি জনতাই এই পণ নিৰ্দ্ধাৰিত সময়ত সাৰ্থক কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিব বুলি মই অতিকে আশাবাদী।
মই ‘মেগ্নটিক মহাৰাষ্ট্ৰ’-ৰ নেপথ্যৰ ব্যক্তিসকলৰ লগতে এইখন ৰাজ্যৰ পৰিশ্ৰমী জনতা আৰু উদ্যোগপতিসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ভাষণৰ সামৰণি মাৰিব খুজিছো। পুনৰবাৰ এই কাৰ্যক্ৰমৰ সাফল্য কামনা কৰিলো।
আজিৰ অনুষ্ঠান উপস্থিত থকা দেশ আৰু বিদেশৰ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে মই আশ্বস্ত কৰিব খুজিছো যে ভাৰত চৰকাৰে ৰাজ্যচকাৰসমূহৰ সৈতে একত্ৰিত ভাবে দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে কাম কৰি যোৱাৰ দায়বদ্ধতা স্বীকাৰ কৰিছে। যদি আমাৰ এই প্ৰয়াসে পৃথিৱীৰ এক ষষ্ঠাংশ জনতাৰ কল্যাণ সাধন কৰিব পাৰে তেন্তে ই সামগ্ৰিকভাবে পৃথিৱীখনৰ কিমান মংগল সাধন কৰিব পাৰিব সেয়া আপোনালোকে চাগৈ নিশ্চয় অনুধাৱন কৰিব পাৰিছে।
বহুত বহুত ধন্যবাদ।
******
AKT/SH/KT/DG/AK/KB
ये आयोजन कॉपरेटिव कम्पटीटिव फेडरेलिज्म का बेहतरीन उदाहरण है।
— PMO India (@PMOIndia) February 18, 2018
आज देश के सभी राज्यों में आपस में कम्पटीशन हो रहा है: PM @narendramodi
तमाम अलग-अलग क्षेत्रों में निवेश आकर्षित करने के लिए इस प्रकार के Events का आयोजन किया जा रहा है।
— PMO India (@PMOIndia) February 18, 2018
राज्य अपनी-अपनी जरूरतों के हिसाब से किस क्षेत्र में कहां निवेश होना है, इस पर ध्यान दे रहे हैं: PM @narendramodi
हाल ही में, मुझे असम में हुई "Advantage Assam" Investors Summit में हिस्सा लेने का अवसर मिला था: PM @narendramodi https://t.co/nKkYBp9qQn
— PMO India (@PMOIndia) February 18, 2018
पिछले तीन साल में महाराष्ट्र सरकार ने Investment का माहौल मजबूत करने के लिए अभूतपूर्व कदम उठाए हैं।
— PMO India (@PMOIndia) February 18, 2018
राज्य सरकार की निरंतर कोशिशों ने वर्ल्ड बैंक की Ease of Doing Business की रैकिंग में रिकॉर्ड बदलाव लाने में मदद की है: PM @narendramodi
पिछले साल महाराष्ट्र Infrastructure Projects में हो रहे Total Expenditure में देश के हर राज्य से आगे था।
— PMO India (@PMOIndia) February 18, 2018
फ्रॉस्ट and सुलेवोन्स की रेंकिंग में महाराष्ट्र को Overall Development में देश का
नंबर एक राज्य बताया गया था: PM @narendramodi
आज महाराष्ट्र में चल रहे इंफ्रास्ट्रक्टर प्रोजेक्ट्स पूरी दुनिया का ध्यान खींच रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
एक विशेष प्रोजेक्ट जिसकी मैं चर्चा करना चाहूंगा, वो है महाराष्ट्र समृद्धि कॉरिडोर।
— PMO India (@PMOIndia) February 18, 2018
ये प्रोजेक्ट महाराष्ट्र के ग्रामीण इलाकों को, यहां के Agriculture Sector, Agro-Based Industries को विकास की नई ऊँचाई पर ले जाने की क्षमता रखता है: PM @narendramodi https://t.co/nKkYBpr2eX
शिवाजी महाराज की भूमि पर कोई भी लक्ष्य प्राप्त करना कठिन नहीं है: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
महाराष्ट्र का विकास भारत के बढ़ते हुए सामर्थ्य का प्रतीक है कि हम इस तरह के बड़े लक्ष्य तय कर पा रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
महाराष्ट्र का विकास भारत के बढ़ते हुए सामर्थ्य का प्रतीक है कि हम इस तरह के बड़े लक्ष्य तय कर पा रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
हम न्यू इंडिया के निर्माण के लिए देश में एक Transparent Ecosystem बना रहे हैं जो सरकारी तंत्र पर कम से कम आश्रित हो: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
नियमों को आसान बनाया जा रहा है,
— PMO India (@PMOIndia) February 18, 2018
प्रक्रियाओं को आसान बनाया जा रहा है,
जहां कानून बदलने की आवश्यकता है, वहां कानून बदले जा रहे हैं,
जहां कानून समाप्त करने की आवश्यकता है, वहां कानून समाप्त किए जा रहे हैं: PM @narendramodi
आज National Highways बनाने की स्पीड,
— PMO India (@PMOIndia) February 18, 2018
नई रेल लाइनों के निर्माण की स्पीड,
रेल लाइनों के electrification की स्पीड,
सरकार द्वारा घर बनाने की स्पीड,
Ports पर माल ढुलाई की स्पीड,
Solar Power में कपैसिटी addition की स्पीड,
पहले के मुकाबले दो गुनी - तीन गुनी हो चुकी है: PM
उसका लाभ देश के किसानों, गरीबों, दलितों-पिछड़ों और समाज के वंचित तबकों तक पहुंचे, ये साल दर साल हमारे हर बजट द्वारा सुनिश्चित किया गया है, पुनर्स्थापित किया गया है: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
हम 2022 तक Housing for All, 2019 के अंत तक Power for All
— PMO India (@PMOIndia) February 18, 2018
पर पहले से ही काम कर रहे हैं।
इस वर्ष के बजट में Clean Fuel for All, Health for All, इन दो concepts पर काम और तेज किया गया है: PM @narendramodi
आयुष्मान भारत योजना के तहत साल भर में एक परिवार को 5 लाख रुपए तक का हेल्थ एश्योरेंस देश के गरीब से गरीब व्यक्ति को देने जा रही है: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
देश में Education Infratructure को मजबूत करने के लिए भी हमने एक नया Initiative शुरू किया है। इसके तहत हमारी सरकार अगले चार साल में देश के Education System को सुधारने के लिए एक लाख करोड़ रुपए खर्च करने जा रही है: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018
ये Ease of living जितनी बढ़ेगी, उतना ही लोग empower भी होंगे।
— PMO India (@PMOIndia) February 18, 2018
जितना लोग empower होंगे, उतना ही हमारा social और economic development तेज होगा: PM @narendramodi
इस साल हमने देश के इंफ्रास्ट्रक्टर पर खर्च का बजट भी एक लाख करोड़ रुपए से ज्यादा बढ़ाया है।
— PMO India (@PMOIndia) February 18, 2018
नए पुल,
नई सड़कें,
नई मेट्रो,
नए एयरपोर्ट,
मुंबई जैसे Maximum City की Maximum Aspirations से जुड़े हुए हैं और खासकर देश के मिडिल क्लास की Aspirations को एड्रेस करते हैं: PM
जब हम सभी, देश की आवश्यकताओं को समझते हुए कार्य करेंगे, देश के लोगों की Aspirations को समझते हुए काम करेंगे, तभी न्यू इंडिया के अपने संकल्प को भी पूरा कर पाएंगे। तभी भारत के विशाल Demographic Dividend के साथ न्याय कर पाएंगे: PM @narendramodi
— PMO India (@PMOIndia) February 18, 2018