পি এম ইণ্ডিয়া
মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, ভাৰতৰ ঔদ্যোগিক জীৱনক এক গতি প্ৰদান কৰা, দেশৰ তথ্য-প্ৰযুক্তি খণ্ডটোক শক্তিশালী কৰি ৰখা প্ৰতিগৰাকী দক্ষ লোক, আৰু তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনৰ সৈতে জড়িত যুৱ প্ৰজন্মৰ সকলো বন্ধু-বান্ধৱী। গাওঁত CSC চেণ্টাৰত বহু আশাৰে ৰৈ সপোন ৰচা আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল, আই আই টিকে ধৰি বহু শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল, মোৰ বাবে আনন্দৰ বিষয় এয়েই যে আপোনালোকৰ মাজলৈ এনেদৰে অহাৰ সুযোগ লাভ কৰিছো।
আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰী ৰবিশংকৰজীয়ে চৰকাৰৰ কামক এনেদৰে অগ্ৰগতি প্ৰদান কৰি আহিছে, পিছে মই তেনেবোৰ কথাৰ কাৰণে আপোনালোকৰ মাজলৈ অহা নাই। যিকোনো লোকেই জীৱনত, নিজৰ কেৰিয়াৰত যিমানেই আগবাঢ়ি নাযাওঁক কিয়, যিমানেই পদ-প্ৰতিষ্ঠা লাভ নকৰক কিয়, সকলোৱেই কিন্তু নিজৰ কৰ্মপৰায়নতা, দক্ষতা আৰু বুদ্ধিদীপ্ততাৰে নিজ চকুৰ সমূখতেই কৰি উলিয়াইছে, তথাপি মনত সন্তোষ লাভ কৰিবৰ বাবে উত্ৰাবলতা থাকে, কেনেদৰে লাভ কৰিব আভ্যন্তৰীণ সন্তোষ? আৰু আমি অনুভৱ কৰিছো যে যদিহে আপুনি সকলোবোৰ কৰাৰ পিছতো, সকলো প্ৰাপ্তি অৰ্জন কৰাৰ পিছত অইনৰ বাবেও কিবা কৰে, অইনৰ বাবে জীয়াই থকাৰ প্ৰয়াস কৰে তেন্তে সেই প্ৰয়াসৰ দ্বাৰা জীৱনৰ সন্তুষ্টিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়।
মই এতিয়া প্ৰাৰম্ভিকতে দেখুওৱা ছবিখনত শ্ৰীমান আজিম প্ৰেমজীৰ কথাবোৰ শুনি আছিলো। ২০০৩-০৪ চনত যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো, তেতিয়া এবাৰ আজিম প্ৰেমজীয়ে মোক সাক্ষাৎ কৰিবলৈ আহিছিল, তেতিয়া মোৰ সৈতে তেওঁ ব্যৱসায় বাণিজ্যৰ কথা পাতিছিল, চৰকাৰৰ সৈতে কোনোধৰণৰ কাম সন্দৰ্ভত তেওঁ মোৰ সৈতে কথা পাতিছিল। কিন্তু তাৰ পিছত ১০-১৫ বছৰত মই দেখিছো যে এই সময়ছোৱাত তেওঁক মই যেতিয়াই দেখিছো বা কথা পাতিছো তেতিয়াই কিন্তু তেওঁ এবাৰলৈও তেওঁৰ কোম্পানীৰ কথা মোৰ সৈতে পতা নাই, নিজৰ কৰ্প’ৰেট সম্বন্ধীয় কথা মোৰ সৈতে পতা নাই। তেওঁ যেতিয়াই লগ পাইছে শিক্ষাৰ ওপৰত তেওঁ কৰি থকা বিভিন্ন প্ৰকল্পৰ কথা হৈ কৈছে, আৰু প্ৰ্তিবাৰতেই এইবোৰ কথা ইমান একাত্মতাৰে কৈছে যে তেনে একাত্মতাৰে সম্ভৱতঃ তেওঁ নিজৰ কোম্পানীৰ বিষয়েও কথা নাপাতে। গতিকে মই অনুভৱ কৰো যে এই বয়সলৈ তেওঁ জীৱনত ইমান ডাঙৰ কোম্পানী প্ৰতিষ্ঠা কৰিলে, ইমান সফলতা লাভ কৰিলে, তথাপি তেওঁ শান্তি লাভ কৰিছে এতিয়াহে, এতিয়া যি কাম কৰি আছে সেয়াইহে তেওঁক শান্তি প্ৰদান কৰিছে। ইয়াৰ অৰ্থ এয়াই যে একোগৰাকী লোকৰ জীৱনত তেওঁলোকে নিজৰ পেছা অনুসৰি সদায়েই কাম কৰে, এগৰাকী চিকিৎসকে শুশ্ৰূষা সদায়েই কৰে, একোগৰাকী বিজ্ঞানীয়ে একোটা পৰীক্ষাগাৰৰ ভিতৰত নিজৰ সমগ্ৰ জীৱন উছৰ্গা কৰি দিয়ে আৰু এনে কিছু আৱিস্কাৰ কৰি পেলায় যিয়ে মানৱ জীৱনক প্ৰজন্মই প্ৰজন্মই ধন্য কৰি তোলে। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে সমাজৰ বাবে কাম নকৰে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কেৱল নিজৰ বাবে জীয়ায়, নিজৰ নাম অৰ্জন কিবলৈ কাম কৰে। তেওঁলোকে কাম কৰে দেশৰ বাবে, দহৰ বাবে, কিন্তু সেয়া কৰে নিজ হাতেৰে, নিজ চকুৰ সমূখত, সেই কামৰ সন্তুষ্টি ভিন্ন। আৰু আজি সেই সন্তুষ্টিয়েই হৈ পৰিছে মূল প্ৰেৰণা, সেয়া প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰতেই প্ৰযোজ্য, সেয়া আপুনিও নিজেই অনুভৱ কৰি চোৱাৰ যত্ন কৰকচোন, নিজৰ জীৱনৰ পৰাও এনে ঘটনা বুটলি লওঁক, বহুতেই কয় যে এনে কামে আমাক সন্তুষ্টি দিয়ে, ভিতৰৰ পৰা আনন্দিত কৰি তোলে এনে কামে, এক মানসিক শক্তি প্ৰদান কৰে।
আমি ৰামায়ণত শুনো যে ‘গিলহৰি’ও ৰামসেতু নিৰ্মাণৰ কামত ৰামৰ সৈতে জড়িত হৈ পৰিছিল। কিন্তু এটা গিলহৰিয়ে প্ৰৰণা লাভ কৰি সেই পৱিত্ৰ কামৰ সৈতে জড়িত হোৱাটো ভাল বুলি অনুভৱ কৰি জড়িত হৈ পৰিল, পিছে ইয়াৰ আন এক দৃষ্টিকোণো থাকিব পাৰে যে ৰাম যদিহে সফল হ’ব লাগে তেন্তে গিলহৰিৰ প্ৰয়োজনীয়তা থাকিবই, ঈশ্বৰ হ’লেও তেওঁকো গিলহৰিৰ দৰকাৰ আছে, যেতিয়া এই গিলহৰিবোৰ সংযোজিত হৈ পৰিব তেতিয়া সফলতা আহিবই। চৰকাৰে যিমানেই পদক্ষেপ হাতত নলওঁক কিয়, চৰকাৰে যিমানেই বাজেট আগনবঢ়াওঁক কিয়, তাত যদিহে প্ৰতিগৰাকী নাগৰিকৰ ভুমিকা নাথাকে, অংশ নাথাকে, সহযোগিতা নাথাকে তেন্তে আমি যি ফলাফলৰ অপেক্ষাত আছো, আমি যি ভাৰত গঢ়াৰ সংকল্প কৰি ৰাখিছো সেয়া কেতিয়াও বাস্তৱায়িত নহ’ব। সমগ্ৰ বিশ্বইয়ো এতিয়া ভাৰতে সফলতাৰ বাবে অপেক্ষা কৰি থকাটো নিবিচাৰে। বাৰতে সফলতাৰ নেতৃত্ব লওঁক, বিশ্বইয়ো এতিয়া সেয়াই বিচাৰে। যদিহে সমগ্ৰ বিশ্বই ভাৰতৰ পৰা কোনো দিশ আশা কৰে তেন্তে আমিও আমাৰ দেশক এক উচ্চ স্থানত বহুৱাবৰ বাবে হাতে কামে লাগিব লাগিব। আৰু সেয়া কৰিবলৈ হ’লে দেশৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ পৰিৱৰ্তন আনিব লাগিব। মোৰ যি দক্ষতা আছে, যি কৌশল আছে, যি শক্তি আছে, সামৰ্থ্য আছে, তাৰ কিছু ব্যৱহাৰ অইনৰ বাবে কৰিব নোৱাৰোনে? এটা কথা নিশ্চিত যে এনে কোনো এক স্থান আছে য’ত কোনো দৰিদ্ৰ লোকেই হওঁক বা কোনো ভোকাতুৰেই আহক, তাত কিন্তু তেওঁ আহাৰ পাবই। তাত যিসকল লোকে আহাৰ প্ৰদান কৰে তেওঁলোকেও অতি ভক্তিভাৱেৰে, অতি সমৰ্পনেৰে আহাৰ প্ৰদান কৰে। তাত এক institutional arrangement আছে, এক সুব্যৱস্থা আছে, এনে অনুভৱ হ’ব যে তালৈ গ’লে মই খাবলৈ পামেই। তালৈ যোৱাসকলৰো সেই দিশবোৰৰ প্ৰতি বিশেষ নজৰ নাথাকে যে আহাৰ দিবলৈ অহাজন কোন। আৰু আহাৰ দিয়াজনৰো কোনো নজৰ নাথাকে যে খাবলৈ কোন আহিছে। কিয়নো সেয়া এক অভ্যাসত পৰিণত হৈ পৰিছে। যিয়েই নাহক কিয় তেওঁ আহাৰ গ্ৰহণ কৰি গুচি যায়গৈ। কিন্তু এগৰাকী দৰিদ্ৰ লোকে যদি আন এগৰাকী দৰিদ্ৰ লোকৰ ওচৰলৈ আহাৰ বিচাৰি আহে আৰু তেওঁ যদি নিজৰ ভাগৰে আহাৰখিনি ভগাই খায়, সেই ঘটনা দুয়োৰে জীৱনত অবিস্মৰণীয় হৈ ৰৈ যাব। তাত সন্তুষ্টি লুকাই থাকে, সন্তোষ পোৱা যায়। ব্যৱস্থা অনুসৰি হোৱা কিছু পৰিঘটনাতকৈ স্বপ্ৰেৰণাৰে সংঘটিত ঘটনাই কেনে পৰিবৰ্তন আনি দিব পাৰে সেয়া আমি সকলোৱেই দেখিছো। আমি কেতিয়াবা উৰাজাহাজেৰে কোনো ঠাইলৈ গৈ আছো, কাষতে কোনো বয়োজ্যেষ্ঠ লোক এঝন বহি গৈছে, তেওঁৰ পানীৰ পিয়াহ লাগিছে, কাষতে থকা বটলটো তেওঁ খুলিব পৰা নাই, সেই ঘটনাটোলৈ আমাৰ চকু যায় আৰু আমি বটলটো খুলি দিও, আমি সন্তোষ পাও কিছু হ’লেও। অৰ্থাৎ অইনৰ বাবে কাম কৰি পোৱা আনন্দৰ অনুভৱেই সুকীয়া।
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মই এক পৰম্পৰা আৰম্ভ কৰাৰ প্ৰয়াস কৰিছো, সেই প্ৰয়াস মই মুখ্যমন্ত্ৰী হৈ থাকোতেও কৰিছিলো, মই যেতিয়াই কোনো বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহলৈ যাওঁ তেতিয়াই মোক আমন্ত্ৰণ কৰিবলৈ অহাসকলক মই কওঁ যে বিশ্ববিদ্যালয়ৰ সমীপত যদিহে কোনো চৰকাৰী বিদ্যালয়, অষ্টম নৱম শ্ৰেণীৰ দৰিদ্ৰ পৰিয়ালৰ ল’ৰা ছোৱালী আছে, তেন্তে তেওঁলোক মোৰ ৫০ বিশেষ অতিথি হ’ব আৰু সেই দীক্ষান্ত সমাৰোহত তেওঁলোকক যেন স্থান দিয়া হয়, তেওঁলোকক তালৈ মাতি আনি বহুৱাওঁক, আৰু ঠিক তেনেদৰে তেওঁলোক আহেও। মই অনুভৱ কৰো যে শিশুসকলে যি স্কুলতেই পঢ়ি নাথাকক কিয়, তেওঁলোক যি ধৰণৰ বিদ্যালয়তে পঢ়ি নাথাকক কিয়, তেওঁলোক যেতিয়া এনে দীক্ষান্ত সমাৰোহলৈ আহে তেতিয়াই তেওঁলোকে দেখে যে ইয়াৰ শিক্ষাৰ্থীসকলে এটা ডাঙৰ পোছাক পৰিধান কৰি, মূৰত টুপীসদৃশ কিবা এটা পিন্ধিলৈ মঞ্চলৈ গৈ আছে আৰু তাত তেওঁলোকক এক প্ৰমাণ পত্ৰ প্ৰদান কৰিছে, এনেবোৰ দৃশ্য দেখি তেওঁলোকৰো সপোন জাগি উঠে। তেওঁলোকৰ মনতো একোটি সপোনৰ বীজ ৰোপন কৰা হয় যে ময়ো এদিন এনেদৰে তালৈ গৈতেওঁলোকৰ দৰেকৈ চাৰ্টিফিকেট ল’ম। এই সপোনে এইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰে। এইখিনি কথা কোৱাৰ এটাই মাথো উদ্দেশ্য যে আমাৰ মনৰ মাজত বহু সময়ত বহু কথাই উকমুকনি দি থাকে আৰু সেইবোৰ আমি কৰিবও পাৰো। তাৰ বাবে লাগে কেৱল হেপাঁহ। আমাৰ মাজত আনন্দজী আছেই, মই মুখ্যমন্ত্ৰী হৈ থকা কালৰে পৰা এই পৰ্যন্ত মই এটা কথা সদায়েই নজৰ কৰি আহিছো, মই বহুসময়ত গুজৰাটৰ বিকাশৰ বাবে বিনিয়োগৰ বাবে বিভিন্ন উদ্যোগপতিক সাক্ষাৎ কৰিবলৈ যাওঁ, তেওঁলোকৰ সৈতে মিলিত হওঁ, তেওঁ কেতিয়াও এই সন্দৰ্ভত কেতিয়াও কোনো কথা সোধাও নাছিল, কোনো কথা আলোচনাও কৰা নাছিল। তেওঁ সদায়েই কৈছিল যে ডাঙৰীয়া, সামাজিক কামৰ ভিতৰত কি কি হোৱা সম্ভৱ? যি এই মানসিকতা, সেই মানসিকতাই সমাজৰ বাবে দেশৰ বাবে যথেষ্ট শক্তিৰ কাম কৰে। আৰু আজি মই এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হোৱা, সন্তোষিত হোৱাৰ কাৰণো তেনেবোৰেই। মই সততে ছ’চিয়েল মিডিয়াৰ সৈতে সংযোজিত হৈ থাকো, সেয়েহে মোক যিবোৰ তথ্য দাখিল কৰা হয় মই সেইবোৰ তথ্যৰে পৰিচালিত নহওঁ, মোক যিবোৰ তথ্যৰ প্ৰয়োজন সেইবোৰ মই নিজেই বিচাৰি লওঁ আৰু সেইবাবেই মই নিতৌ ন ন তথ্যৰে সমৃদ্ধ হৈ থাকিব পাৰো। আৰু আজি তেওঁলোকে মোক প্ৰযুক্তিৰ প্লেটফৰ্ম প্ৰদান কৰিছে, তাতো মই দেখিবলৈ পাইছো বহু ল’ৰা-ছোৱালীয়ে কাম কৰি আছে, তিনিজনীয়া – চাৰিজনীয়া একো একোটা গোটে শনিবাৰ ৰবিবাৰে গুচি যায়। গাঁৱে ভূঁঞে সোমাই যায়, বস্তি এলেকালৈ সোমাই যায়, গাওঁবাসীৰ সৈতে সময় কটায়, কেতিয়াবা ল’ৰা ছোৱালীক শিক্ষাদান কৰে, মুঠতে কাম কৰি থাকে। অৰ্থাৎ বিশেষকৈ ভাৰতৰ বৰ্তমান ২৫ ৰ পৰা ৪০ ৰ মাজৰ যি লোক আছে, যি প্ৰজন্ম আছে তেওঁলোকৰ মাজত এই ধৰণৰ এক উদ্দীপনাভৰা মনোবৃত্তি আছে, কিন্তু ইয়াৰ মাজত যদিহে সামুহিকতা আহি পৰে তেন্তে সেয়া হৈ পৰে অভেদ্য শক্তি। আৰু তাক আমি কিবা প্ৰকাৰে হ’লেও অভিযানৰ ৰূপ প্ৰদান কৰি লওঁ। তাৰ বাবে বিশেষ structure ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই। এটা মিছনৰ সৈতে সংযোজিত কৰক, তাত থাকক এক বিশেষ মঞ্চ, সেয়া লাগিলে মজবুত নহওঁকেই, প্ৰতিগৰাকীয়ে নিজ ইচ্ছানুসৰিয়েই কৰক, কিন্তু যিয়ে তেওঁলকৰ কৰ্মস্পৃহা জমা কৰে, তাৰ ফলাফল জমা হৈ গৈ থাকে আৰু এনে পৰিস্থিতিৰ পৰাই পৰিবৰ্তন অহা আৰম্ভ হৈ পৰে। আৰু এই কথা নিশ্চিত যে ভাতৰ ভাগ্য লুকাই আছে প্ৰযুক্তিৰ মাজত। আপোনাৰ মাজত যি প্ৰযুক্তি আছে, যি কৌশল আছে, তাতেই নিহিত হৈ আছে ভাৰতবৰ্ষৰ ভাগ্য। এই দুয়োটাকেই মিলাই লৈ কেনেদৰে কাম কৰিব পাৰি। এখন বাগিচাত যদিহে এগৰাকী মালীয়ে কিছু ফুলৰ বীজ এনেয়ে পেলাই থৈ আহে তাত কিছু দিন পিছত এডাল গছ গজিব, তাৰ পৰা গছ ডাঙৰ হৈ ফুলো ফুলিব, কিন্তু তালৈ মানুহে চাবলৈ যাব নে? নিশ্চয় নাযায়, তাৰ পৰিৱৰ্তে যদিহে মালিগৰাকীয়ে এই ৰঙৰ ফুল ইয়াতে ৰূম, এই ধৰণৰ ফুল ইমান ওখ হ’ব, ইমান চাপৰ হ’ব, ইত্যাদি ধৰণে যদি organized way ত গজাই তোলে তেন্তে সেই বাগিচালৈ ফুলখিনি চাবলৈ, ফুলৰ সৌন্দৰ্য চাবলৈ মানুহ আহিব, কিয়নো এইগৰাকী মালীয়ে organized way ৰে সুন্দৰভাৱে কামখিনি কৰি গৈছে। আমাৰ এয়া যি নিৰ্গুণ সেৱা শক্তি আছে, তাক শেহতীয়াকৈ দেশত আৰম্ভ হোৱা ছ’চিয়েল ষ্টাৰ্ট আপৰ সৈতে সংযোজিত কৰিব পাৰি। মই বাঙ্গালোৰত দেখিছিলো আইটি প্ৰফেছনৰ এজন ল’ৰাক, ছ’চিয়েল মিডিয়াতেই দেখা কথা, তেওঁ কৈছিল যে তেওঁ হেনো প্ৰতিদিনে তিনি-চাৰি ঘণ্টা সময় ড্ৰাইভিং কৰে। কিন্তু কিয়? তেওঁ কয়, দৰিদ্ৰ লোকসকলক অনা নিয়া কৰো, সহায় কৰো তেওঁলোকক, হস্পিতাললৈ লৈ যাওঁ, ভাল লাগে তেনে কাম কৰি।
মই এনেকুৱা অটোৰিক্সাও দেখিছো, য’ত পিছফালে লিখা থাকে যে যদিহে আপুনি চিকিৎসালয়লৈ যাবলগীয়া আছে তেন্তে আহক, মই লৈ যাম, তাৰ বাবে মোক ভাড়া দিয়াৰ দৰকাৰ নাই। ধৰি লওঁক, এদিন তেওঁ ছগৰাকী এনেকুৱা লোক পালে, যি আটাইয়ে চিকিৎসালয়লৈ যাবলগীয়া হৈছে আৰু তাৰ বাবে তেওঁ পইচাও নাপায়, তেনে অৱস্থাত দেখোন তেওঁৰ দৈনিক উপাৰ্জন শূন্য হৈ পৰিব, পৰিয়াল বিপদত পৰিব। কিন্তু এইবোৰ কথালৈ তেওঁৰ ভ্ৰূক্ষেপ নাই। তেওঁ তেওঁৰ অটোৰিক্সাৰ পিছফালে বোৰ্ড লগাই লৈছে আৰু সততাৰে কাম কৰিছে। এনে এক পৰোপকাৰী স্বভাৱ মানুহৰ ভিতৰত স্বাভাৱিকতেই থাকে, কাৰোবাৰ বাবে কিবা এটা কৰিব লাগে আৰু সেই মনোভাৱটোৱেই হৈছে – ‘মই নহয় আমি’। ইয়াৰ অৰ্থ এয়া নহয় যে নিজৰ মাজৰ ‘মই’জনক নাইকিয়া কৰি পেলাম। বৰঞ্চ এক সামূহিক মনোচেতনাৰ বিস্তাৰ কৰা। ‘স্ব’ৰ পৰা সমষ্টিলৈ যাত্ৰা কৰিব লাগে। মানুহে যৌথ পৰিয়াল বা ডাঙৰ পৰিয়ালৰ মাজত থাকি কিয় ভাল পায়? এই ডাঙৰ ডাঙৰ পৰিয়ালবোৰেই একত্ৰিত হৈ সমাজ হৈছে, দেশ হৈছে আৰু ইয়েই নিজৰ মাজত এখ বৃহৎ শক্তিত পৰিণত হয়। আৰু এই ভাৱনাৰেই, এই সেৱাৰ ভাৱনা লৈয়েই আইটিৰ পৰা ছ’চাইটিলৈ যাত্ৰা হৈছে মসৃণতাৰে। গতিকে এনে চিন্তাধাৰাৰেই আমি আগবাঢ়িব লাগিব। মই বিচাৰিছো যে সাতটা-আঠটা স্থানতো যদিহে মই কথা পাতিব লাগে তেন্তে কথা আৰম্ভ কৰো শীঘ্ৰেই।
আমাৰ দেশৰ সাধাৰণ ছবিখন এনে যে ধনাঢ্য লোকক গালি দিয়া, ব্যৱসায়ী, উদ্যোগপতিক গালি দিয়াটো এক ফেশ্বনত পৰিণত হৈছে। নাজানো কিয় এনে হৈছে, ইয়াক লৈ কেতিয়াবা চিন্তাও হয় মোৰ। মই কিন্তু ইয়াৰ ঘোৰ বিৰোধী। দেশ নিৰ্মাথ সকলোৰে অৱদান থাকে। ভালদৰে চাবলৈ গ’লে দেখা যাব যে এই সকলোবোৰ কোম্পানীয়ে নিজ নিজ চিএছআৰৰ মাধ্যমেৰে তেওঁলোকৰ brilliant কৰ্মচাৰীসকলক কৈছে যে পাচদিন আপোনালোক সেৱাৰ বাবে ওলাই যাবলগীয়া আছ যদি যাওঁক, চাকৰি অক্ষুণ্ণ থাকিব আপোনালোকৰ, এয়া সাধাৰণ কথা নহয়। সাধাৰণ জীৱনত এয়া বহু ডাঙৰ অৱদান। কিন্তু যেতিয়া এটা প্লেটফৰ্মত উপৱিষ্ট হ’ব তেতিয়া সকলোৰে চকু খোল খাব। দেশৰ প্ৰতিটো চুকে কোণে আমাৰ দেশৰে বহু লোকে এনেদৰে বহু ভাল কাম কৰি আছে। এই সামুহিকতাত যথেষ্ট শক্তি সমাহিত হৈ থাকে। মোৰ এনে লাগে এই যে ‘আমি’ নামৰ প্ৰেৰণাৰ আধাৰ, তাতো Self আৰু Service নামৰ আমাৰ যি চিন্তাধাৰা, সি যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। আৰু আপোনালোক communication world ৰ লোক, Technology world ৰ লোক, গতিকে আপোনালোকে এই দিশবোৰ অতি সহজেই সৃষ্টি কৰি ল’ব পাৰে আৰু তাৰ প্ৰভাৱো যথেষ্ট বেছি হ’ব, যথেষ্ট reach পাব, আৰু এই সকলোবোৰ দিশৰ সৈতে জড়িত যি ব্যয়ো নিম্নতম হয়। গতিকে আমি যিমানেই এই কাম কৰিম সিমানেই আমি প্ৰেৰণাৰ কাৰণ হৈ পৰিম। আৰু আমাৰ এই প্ৰয়াসৰ পৰা অধিকসংখ্যক লোকে লাভ কৰিব প্ৰেৰণা। চাব চোন, এটা এটা ফুলে আমাক যিমান আনন্দ দিয়ে তাতোকৈ বেছি আনন্দ দিয়ে একোটা ফুলৰ থোপাই। মই বুজো যে আজি আমি এই সেৱাবৃত্তিৰ থোপা নিৰ্মাণৰ কাম কৰিছো। আজি ইয়াত এই প্ৰয়াসেৰে, এই সেৱা ভাৱেৰে, নিজকে সমৰ্পন কৰাসকলে আৰু আমাৰ দেশৰ যুৱচামে কাম কৰিছে। ভাৰত মাতাই নিশ্চিতভাৱে গৰ্বিত অনুভৱ কৰিব যে মোৰ দেশত এনে বহু ফুল আছে যিয়ে অহৰহ সুবাস বিলোৱাৰ কাম কৰি আছে। দেশৰ কোটি কোটি জনতাৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে কাম কৰি আছে।
মই সেই সকলো যুৱচামকে আন্তৰিক অভিনন্দন দিছো, যিসকলে এই কামটোক অতি মনোযোগেৰে কৰিছে, জীৱনৰ সৰ্বস্ব উজাৰি কৰিছে। মই সেই সকলো কোম্পানীকে অভিনন্দন জ্ঞাপন জনাইছোঁ, যিসকলে নিজৰ আৰ্থিক বিকাশৰ লগতে নিজৰ ব্যৱস্থাৰ ব্যৱহাৰেৰে, নিজৰ কৰ্মচাৰীৰ ব্যৱহাৰেৰে সামাজিক দায়বদ্ধতাও নিয়াৰিকৈ পালন কৰিছে। আমাৰ দেশখন প্ৰগতিৰ পথেৰে আগুৱাই লৈ যাবলৈ প্ৰতিজনেই সমানে অৱদান আগবঢ়াব লাগিব, দেশৰ এশ পছিশ কোটি জনতাই যেতিয়া দেশখনক আগুৱাই লৈ যোৱাৰ সংকল্প হাতত ল’ব তেতিয়া বিশ্বত এনে কোনো শক্তি নাথাকিব যিয়ে ভাৰতক পিছুৱাই ৰাখিব পাৰিব। ভাৰত আগুৱাবই লাগিব। এশপছিশ কোটি ভাৰতীয়ই সৰ্বশক্তিৰে আগুৱাই আহিব লাগিব আৰু সঠিক দিশেৰে আগুৱাব লাগিব। প্ৰতিগৰাকীৰে নিজ নিজ দিশেৰে পৰিণাম নাহে, সকলো একগোট হৈ আগুৱালেহে পৰিণাম আহিব আৰু মই অতিকে আশাবাদী লোক। মোৰ চাৰিবছৰৰ সামান্য অভিজ্ঞতাৰে মই ক’ব পাৰো যে দেশ এতিয়ালৈ কিয় আগবঢ়া নাই? এয়া মোৰ বাবে প্ৰশ্ন। কিন্তু মোৰ মনত এই প্ৰশ্ন কেতিয়াও নাই যে দেশ আগবাঢ়িব নে নাবাঢ়ে। কাৰণ মোৰ দৃঢ় বিশ্বাস যে দেশ আগবাঢ়িবই। বহু আগবাঢ়িব। বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বান পাৰ কৰিও আমাৰ দেশে এক সুকীয়া স্থান প্ৰস্তুত কৰি ল’ব, আৰু এই বিশ্বাসেৰেই আজিৰ এই কাৰ্যক্ৰমণিকাৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছো। ইমান সময়ে মোৰ কথাবোৰ আপোনাক আৰু আপোনাৰ কথাবোৰ মোক কোৱাৰ এই সময়কণৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো।
বহু বহু ধন্যবাদ!
अतुल कुमार तिवारी / कंचन पतियाल / तारा/RD
I am sure people want to work for others, they want to serve society and bring a positive difference: PM @narendramodi at the Town Hall programme in Delhi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
Every effort, however big or small, must be valued.
— PMO India (@PMOIndia) October 24, 2018
Governments may have schemes and budgets but the success of any initiative lies in public involvement: PM @narendramodi #Self4Society
Let us think about how we can use our strengths to bring a positive difference in the lives of others: PM @narendramodi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
I am seeing that India's youngsters are leveraging the power of technology wonderfully. They are using technology not only for themselves but also for the welfare of others. I see this as a wonderful sign: PM @narendramodi
— PMO India (@PMOIndia) October 24, 2018
There are many start-ups in the social sector. More power to youngsters doing such wonderful things: PM @narendramodi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
It is essential to step out of our comfort zone.
— PMO India (@PMOIndia) October 24, 2018
There is so much to learn and discover: PM @narendramodi #Self4Society
A team of people from Tech Mahindra are interacting with PM @narendramodi during the Town Hall programme.
— PMO India (@PMOIndia) October 24, 2018
They are talking about their efforts towards social volunteering especially in skilling and cleanliness. #Self4Society https://t.co/4xsWSUrItt
The symbol of the Swachh Bharat Mission is the specs of Bapu, the inspiration is Bapu and we are fulfilling Bapu's vision: PM @narendramodi
— PMO India (@PMOIndia) October 24, 2018
On many occasions, what Sarkar can't do, Sanskar can do.
— PMO India (@PMOIndia) October 24, 2018
Let us make cleanliness a part of our value systems: PM @narendramodi
A group of people from Pune, belonging to Persistent Systems are sharing their efforts towards mitigating droughts in Maharashtra. Watch. #Self4Society https://t.co/4xsWSUrItt
— PMO India (@PMOIndia) October 24, 2018
We have become very careless when it comes to consumption of water.
— PMO India (@PMOIndia) October 24, 2018
In order to learn about water conservation, I urge everyone to visit Porbandar in Gujarat, and see the home of Mahatma Gandhi.
We need to conserve water and recycle water too: PM @narendramodi #Self4Society
I appeal to my hardworking farmers to embrace drip irrigation: PM @narendramodi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
Through volunteering efforts, a lot can be done in the agriculture sector. Youngsters must venture our and work for the welfare of farmers: PM @narendramodi
— PMO India (@PMOIndia) October 24, 2018
More people are paying taxes because they have faith that their money is being used properly and for the welfare of people: PM @narendramodi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
Why is India making a mark in the start-up world?
— PMO India (@PMOIndia) October 24, 2018
Due to the youth of the country: PM @narendramodi
The team from @TCS in Kolkata is interacting with PM @narendramodi.
— PMO India (@PMOIndia) October 24, 2018
This team attaches great importance to communities and finds great satisfaction in working for others.
They are working on women empowerment, literacy among other sectors. https://t.co/4xsWSUrItt
This team is also working to create rural digital entrepreneurs and are making efforts to improve digital literacy.
— PMO India (@PMOIndia) October 24, 2018
Important to create an India where everyone has equal opportunities: PM @narendramodi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
Inclusive growth is the way ahead: PM @narendramodi #Self4Society
— PMO India (@PMOIndia) October 24, 2018
Doing social work must always be a matter of great pride for everyone: PM @narendramodi interacting with a team from Mindtree, based in Odisha
— PMO India (@PMOIndia) October 24, 2018
We have a culture where we like to only criticise business and industry. This is not a line of thought I agree with.
— PMO India (@PMOIndia) October 24, 2018
We have seen today, in this Town Hall programme how leading corporates are doing excellent social work, urging their employees to venture out and serve: PM
#Self4Society
— Narendra Modi (@narendramodi) October 24, 2018
From I to We,
Building synergies for societal change. pic.twitter.com/lgVkr56s9D
My friends in the IT sector, here is a unique opportunity to contribute towards nation building.
— Narendra Modi (@narendramodi) October 24, 2018
Join the movement to transform India, through the #Self4Society portal and App.
Your skills will power India's growth. https://t.co/6KCHlkxiP1
I applaud the IT sector for institutionalising and strengthening CSR initiatives. All over India, wonderful things are happening thanks to volunteering by professionals, towards bringing a qualitative difference in the lives of others. #Self4Society pic.twitter.com/gfccvoSrkJ
— Narendra Modi (@narendramodi) October 24, 2018
Our valued guests during the Town Hall were Divyang basketball players, who joined the interaction from Chennai.
— Narendra Modi (@narendramodi) October 24, 2018
Glad to see increased awareness among the corporate sector towards the welfare of persons with disabilities. #Self4Society pic.twitter.com/zIpkmz4JRp
When we serve, we learn.
— Narendra Modi (@narendramodi) October 24, 2018
When we volunteer, we are also imbibing so much from those we volunteer for.
This two way synergy makes volunteering special. #Self4Society pic.twitter.com/NeC1SFcPO9
Here are some glimpses from today's Town Hall. Always a joy to interact with energetic IT professionals from across India. They are doing exceptional work in furthering education, digital literacy, agriculture welfare and cleanliness as a part of several volunteering initiatives. pic.twitter.com/Ck4mDYYoDG
— Narendra Modi (@narendramodi) October 24, 2018