Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

‘ম্যে নহী হম’ পোর্টেল আৰু এপ উদ্বোধন উপলক্ষে তথ্যপ্ৰযুক্তি তথা বৈদ্যুতিক সা-সামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰীসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীতম্যে নহী হমপোর্টেল আৰু এপ মুকলি কৰে৷

ছেল্ফ৪ছচাইটিঅৰ্থাৎ সমাজৰ বাবে মই ধাৰণাভিত্তিকম্যে নহী হমপোর্টেলটো তথ্যপ্ৰযুক্তিৰ সৈতে জড়িত বৃত্তিধাৰী আৰু সংগঠনসমূহক সামাজিক সমস্যা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত নিজৰ প্ৰচেষ্টাসমূহৰ একেটা মঞ্চলৈ অনাত সহায় কৰিব৷ এই ধৰণৰ কামকাজ সম্পাদনৰ জৰিয়তে সমাজৰ দুর্বল শ্রেণীৰ লোকসকলৰ সেৱাৰ লক্ষ্যৰে প্ৰযুক্তিগত সাসুবিধাসমূহ কাম লগাই আৰু অধিক সহযোগিতা গঢ়ি তুলিবলৈ পোর্টেলটোৱে সহায় কৰিব বুলি আশা কৰা হৈছে৷ সামাজিক কল্যাণৰ স্বার্থত কাম কৰিবলৈ উৎসাহী লোকসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈও পোৰ্টেলটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি ধাৰণা কৰা হৈছে৷

এই উপলক্ষে তথ্যপ্ৰযুক্তি আৰু বৈদ্যুতিক সাসামগ্ৰী নির্মাণৰ সৈতে জড়িত বৃত্তিধাৰী, উদ্যোগপতি আৰু প্ৰযুক্তিবিদসকলৰ সৈত কৰা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল লোকে আনৰ বাবে কাম কৰিবলৈ, সমাজৰ সেৱা কৰিবলৈ আৰু ইতিবাচক পৰিৱর্তন আনিব বিচাৰে তেওঁলোকৰ বাবে এই এপকলৈ সম্পূর্ণ আস্থা আছে।

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত ভাৰতৰ আগশাৰীৰ তথ্যপ্ৰযুক্তি সংস্থাৰ উদীয়মান বৃত্তিধাৰীসকলক উপৰি শ্রী আনন্দ মহিন্দ্রা, শ্রীমতী সুধা মূর্তিও উপস্থিত থাকে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যেক প্ৰচেষ্টা, সেয়া সৰুৱেই হওঁক অথবা ডাঙৰেই হওঁক, সদায় সকলোতে সমান গুৰুত্ব দিব লাগে৷ তেওঁ লগতে কয় যে চৰকাৰে যি আঁচনি আৰু বাজেট গ্ৰহণ কৰে, সেই সকলোবোৰতে সাধাৰণ জনতাক অন্তৰ্ভূক্ত কৰাত গুৰুত্ব আৰোপ কৰা হয়৷ আনৰ জীৱনত ইতিবাচক পৰিৱর্তন আনিবলৈ কিদৰে আমি আমাৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰো, সেই বিষয়ে চিন্তাভাৱনা কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ মত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতৰ যুৱ সম্প্ৰদায়ে প্ৰযুক্তিৰ সক্ষমতাক ব্যাপকধৰণে কার্যকৰী কৰি ইয়াৰ সদ্ব্যৱহাৰ কৰিছে৷ এয়া কেৱল নিজৰ স্বার্থতে প্ৰযুক্তি ব্যৱহাৰ কৰা নাই, বৰঞ্চ আনৰ স্বার্থতো সেয়া কাম লগাইছে৷ তেওঁ এই ধৰনৰ প্ৰচেষ্টাক অসাধাৰণ দৃষ্টান্ত হিচাপে ব্যাখ্যা কৰে৷ সামাজিক ক্ষেত্রত একাধিক ষ্টার্টআপ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উদীয়মান সামাজিক উদ্যোগীসকলৰ সফলতা কামনা কৰে৷

একাধিক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ নির্ধাৰিত কামকাজৰ উপৰি নতুন কিবা এটা কৰাটো এতিয়া অতি জৰুৰী হৈ পৰিছে। এতিয়াও বহু নতুন কথা জনাৰ আৰু আৱিষ্কাৰ কৰিবলৈ বাকী আছে বুলিও তেওঁ মন্তব্য কৰে।

তথ্যপ্ৰযুক্তিৰ বৃত্তিধাৰীসকলে তেওঁলোকে কৰা বিভিন্ন সামাজিক কামকাজ বিশেষকৈ, দক্ষতা বিকাশ আৰু পৰিস্কাৰপৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰচেষ্টাৰ কথা প্ৰধানমন্ত্ৰীৰ আগত ব্যাখ্যা কৰে৷ এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ প্ৰতীক বাপুৰ চশমা, বাপুৱে এই অভিযানৰ অনুপ্রেৰণা আৰু আমি সকলোৱেই বাপুৰ সপোন পূৰণৰ লক্ষৰে কাম কৰিছো৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বহু সময়ত যেতিয়া চৰকাৰেএকো কৰিব নোৱাৰে, তেতিয়া তাকসংস্কাৰৰজৰিয়তে কৰা পৰিলক্ষিত হয় পৰিস্কাৰপৰিচ্ছন্নতাক জীৱননিৰ্বাহৰ অংগ কৰি তোলাৰ বাবেও তেওঁ আহ্বান জনায়।

পানী সংৰক্ষণৰ গুৰুত্ব সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে পানী সংৰক্ষণৰ উপযোগিতা বুজিবলৈ হলে মানুহে গুজৰাটৰ পোৰবন্দৰলৈ যাব লাগিব। তাত গৈ মহাত্মা গান্ধীৰ ঘৰ চাব লাগিব। পানী সংৰক্ষণৰ সমান্তৰালভাৱে  আমি পানীৰ পুনৰ ব্যৱহাৰ কৰাও প্ৰয়োজন। কঠোৰ পৰিশ্ৰমী কৃষকসকলক মইক্ষুদ্ৰ জলসিঞ্চনপদ্ধতি গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছো।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বেচ্ছামুলক ব্যৱস্থাৰ জৰিয়তে কৃষি খণ্ডৰ উন্নতিত বহুখিনি কাম কৰিব পৰা যায়। এই ধৰণৰ প্ৰচেষ্টাৰ বাবে যুৱ সমাজ আগুৱাই আহিব লাগিব আৰু কৃষক সমাজৰ কল্যাণৰ অৰ্থে কাম কৰিব লাগিব।

বহু সংখ্যক লোকে কৰ প্ৰদান কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ মনত বিশ্বাস জন্মিছে যে তেওঁলোকে প্ৰদান কৰা কৰৰ প্ৰতিটো টকাৰ যথাথয ব্যৱহাৰ হৈছে আৰু এয়া জনসাধাৰণৰ কল্যাণমূলক কামত লগোৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ সম্প্ৰদায়ৰ বিচক্ষণতাক কামত লগাই ভাৰতে ষ্টার্টআপৰ ক্ষেত্রত প্ৰভাৱ বিস্তাৰ কৰিছে।

গ্রামীণ ডিজিটেল উদ্যোগী গঢ়ি তোলা কামৰ সৈতে জড়িত এটা দলৰ প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় য়ে আমি এনে এক ভাৰতবর্ষ গঢ়ি তোলা প্ৰয়োজন, সকলোৰে বাবে সমান সুযোগসুবিধা থাকে। তেওঁ কয় যে সামাজিক কাম কৰাটো প্ৰত্যেকৰ বাবে এক গৌৰৱৰ বিষয়।

ব্যৱসায়বাণিজ্য আৰু উদ্যোগক লৈ বিভিন্ন মহলৰ সমালোচনাক নসাৎ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাৰ্তালাপ কার্যসূচীয়ে সামাজিক ক্ষেত্রত অগ্ৰণী কর্পোৰেট সংস্থাসমূহক কি ধৰণৰ কাম কৰিছে তাকে প্ৰতিফলিত কৰিছে আৰু তেওঁ কর্পোৰেট সংস্থাসমূহৰ কর্মচাৰীসকলক সাধাৰণ জনতাৰ সেৱা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়

***

AKT/KP/SK/DB