Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যোগপুৰস্কাৰপ্ৰদানঅনুষ্ঠানতপ্ৰধানমন্ত্ৰীৰভাষণ


 

মঞ্চত উপৱিষ্ট মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান শ্ৰীপদ যোশী নায়ক, পুৰস্কাৰ প্ৰাপক বন্ধুসকল, আয়ুষ বিভাগৰ পদাধিকাৰীসকল, আইসকল আৰু সভাত উপস্থিত থকা সদাশয় ৰাইজ। দেশত ফিট ইণ্ডিয়াআন্দোলনৰ শুভাৰম্ভ ঘোষণাৰ আগদিনা আয়ুষ আৰু যোগ-ৰ সৈতে জড়িত কাৰ্যক্ৰমত উপস্থিত থাকিবলৈ পোৱাতো নিতান্তই এক অদ্ভুত সংযোগ বুলিয়ে মই অনুভৱ কৰিছো। নকলেও হব যে আয়ুষ আৰু যোগ’‘ফিট ইণ্ডিয়া আন্দোলনৰ এক অতিকে মহত্বপূৰ্ণ অংগ।

    বন্ধুসকল, আজি ইয়াত মুঠতে তিনিটা কাৰ্যক্ৰম অনুষ্ঠিত কৰা হৈছে। ইয়াৰে দুটা আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্যৰ পুৰস্কাৰ আৰু সন্মানৰে সম্পৰ্কৃত আৰু আনটো হৈছে স্বাস্থ্যসেৱা খণ্ডৰ আন্তঃগাঁথনি নিৰ্মাণৰে বিজড়িত। আজি হাৰিয়াণাত ১০টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছে। ইয়াৰ বাবে মই হাৰিয়াণাবাসীক অভিনন্দন জ্ঞাপন কৰিছো। আপোনালোক সকলোলৈকে বহুত বহুত শুভকামনা জনাইছো।

    আজিৰ অনুষ্ঠানত মই যোগ-সাধক, যোগ-সেৱক আৰু পৃথিৱীৰ প্ৰান্তে প্ৰান্তে যোগৰ প্ৰচাৰ-প্ৰসাৰত আত্ম নিয়োগ কৰা বন্ধু আৰু বহুকেইটা সংগঠনক পুৰস্কাৰ প্ৰদানৰ সুযোগো লাভ কৰিছো। ইয়াৰ মাজত ইটালী আৰু জাপানৰো বহুকেইগৰাকী সতীৰ্থ আছে, যিসকলে সুদীৰ্ঘ দিন ধৰি যোগৰ প্ৰচাৰ আৰু প্ৰসাৰত নিজকে জড়িত কৰি আহিছে। এণ্টোনিয়তা ৰোজ্জী জী বিগত ৪টা দশক ধৰি সমগ্ৰ ইউৰোপত সৰ্ব যোগ ইণ্টাৰনেশ্বনেল-ৰ জৰিয়তে যোগ জনপ্ৰিয়কৰণ কাৰ্যক্ৰমত সেৱা আগবঢ়াই আহিছে। সেইদৰে জাপান যোগ নিকেতন-ৰ সমগ্ৰ জাপানত হাজাৰৰো অধিক কেন্দ্ৰ আছে। এই সংস্থায়ো বিগত ৪দশক ধৰি জাপানক যোগৰ জৰিয়তে নিৰোগী কৰি ৰখাৰ মহান কৰ্মত আত্ম নিয়োগ কৰি আহিছে। পুৰস্কাৰ প্ৰাপকসকলক মই অন্তঃকৰণৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোক আটাইৰে সফলতা কামনা কৰিছো।

    কিছু সময় আগতে আয়ুষ পদ্ধতিক সমৃদ্ধ কৰা ১২গৰাকী বিশিষ্ট ব্যক্তিক সন্মানিত কৰি প্ৰকাশ কৰি উলিওৱা ডাক টিকটো আনুষ্ঠানিক ভাবে উন্মোচন কৰা হৈছে। এইসকল ব্যক্তিয়ে তেওঁলোকৰ সমগ্ৰ জীৱন ৰাইজৰ ৰোগ নিৰাময়ৰ নামত উচ্চৰ্গা কৰিছিল। জন-সেৱাৰ ক্ষেত্ৰত কোনোবাগৰাকীয়ে যদি যোগ-ক মাধ্যম কৰি লৈছিল আন কোনোবাই আক মাধ্যম কৰিছিল আয়ুৰ্বেদক। কোনোবাই যদি য়ুনানী-ৰ জৰিয়তে সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছিল আন কোনোবাই জনতাৰ জীৱনক ৰোগ-মুক্ত কৰাৰ বাবে মাধ্যম কৰি লৈছিল হোমিওপেথিক

    মই ডাক বিভাগকো অভিনন্দন জনাব খুজিছো, কিয়নো ভাৰতত একেবাৰতে ১২টাকৈ ডাক টিকট ইয়াৰ পূৰ্বে কাহানিও একত্ৰে প্ৰকাশ কৰি উলিওৱা হোৱা নাছিল। এই ডাক টিকটলানিয়ে দেশবাসীৰ মাজত আয়ুষৰ প্ৰতি নতুন চিন্তা উন্মেষ কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি মই আস্বস্ত হৈছো।

    ভাই-ভনীসকল, আজি প্ৰকাশ কৰা ডাক টিকট লানিত দিনেশ মেহটা জীৰ নামতো এটা টিকট প্ৰকাশ কৰা হৈছে। দিনেশ মেহতাজীয়ে গান্ধীজীৰ ব্যক্তিগত চিকিত্সক হিচাপে সেৱা আগবঢ়াইছিল। প্ৰাকৃতিক চিকিত্সা পদ্ধতিৰ তেখেত এগৰাকী উচ্চৰ্গিত কাৰ্যকৰ্তাও আছিল। গান্ধীজীয়ে কৈছিল—প্ৰাকৃতিক চিকিত্সা কেৱল আৰোগ্য লাভৰ ব্যৱস্থাই নহয়, এয়া দৰাচলতে জীৱন যাপনৰ এক উত্কৃষ্ট পন্থাও। তেওঁ আজীৱন এই কথা কামে-কাজে কৰি দেখুওৱাৰ লগতে প্ৰকৃতিক চিকিত্সা পদ্ধতিক জীৱনৰ আধাৰ কৰি লৈছিল।

     বন্ধুসকল, গান্ধীজীয়ে যি শিকিছিল, তাৰ পশ্চাদপটত ভাৰতৰ নিবাৰণ আৰু নিৰাময়শীল স্বাস্থ্য-সুৰক্ষা পদ্ধতিৰ এক সমৃদ্ধ ঐতিহ্য বিজড়িত হৈ আছে। আমাৰ হাতত সহস্ৰ বছৰৰ পুৰণি সাহিত্য-সম্ভাৰ আছে, বেদত গুৰুতৰ ৰোগৰ নিৰাময় সম্পৰ্কীয় চৰ্চা আছে। পিছে দুৰ্ভাগ্য কথা যে আমি এই পুৰাতন গৱেষণাক, জ্ঞানৰ মেটমৰা সম্ভাৰক আধুনিকতাৰে জড়িত কৰাত আশানুৰূপ সাফল্য লাভ কৰিব পৰা নাই। এই পৰিস্থিতিটোকে সলনি কৰাৰ বাবে বিগত ৫টা বছৰত আমি প্ৰয়াস কৰিছিলো। আৰু ইয়াৰ অংশ হিচাপেই আয়ুষক ভাৰতীয় চিকিত্সা ব্যৱস্থাৰ বিশেষ অংগ হিচাপে গঢ়ি তোলাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

আয়ুষ পৰিয়ালত সোৱা ৰিগ্পা পদ্ধতিকো সংযোজিত কৰা হৈছে বুলি মোক জানিবলৈ দিয়া হৈছে। আয়ুৰ্বেদ, যোগ, আৰু প্ৰাকৃতিক চিকিত্সা পদ্ধতি, য়ুনানী, সিদ্ধ আৰু হোমিওপেথীৰ পিচত সোৱা ৰিগ্পা’‘আয়ুষ পৰিয়ালৰ ষষ্ঠ সদস্য হিচাপে পৰিগণিত হল। ইয়াৰ বাবে আপোনালোককো বহুত বহুত শুভকামনা জনালো।

    ভাই-ভনীসকল, যদি ভাৰতৰ স্বাস্থ্যসেৱা পদ্ধতিক ৰূপান্তৰ কৰি সুস্থ সবল সমাজ নিৰ্মাণ কৰিবখোজা হয়, তেন্তে আমি কল্যাণকামী মনোভাৱৰে কামত অগ্ৰসৰ হব লাগিব। পাৰম্পাৰিক আৰু আধুনিক নিদান পদ্ধতিৰ সমন্বয় সাধনৰ জৰিয়তে এক সবল ব্যৱস্থা গঢ়ি তুলিব লাগিব। আয়ুষ আৰু আধুনিক স্বাস্থ্য সুৰক্ষা ব্যৱস্থাক একেলগে, একে হাৰতে বিকশিত কৰিব লাগিব, তেতিয়াহে আমি এক উন্নত স্বাস্থ্য সুৰক্ষা ব্যৱস্থা বিকশিত কৰিব পাৰিম।

   বন্ধুসকল, আয়ুষ্মান ভাৰত যোজনা এই চিন্তাৰে পৰিণাম বুলি পাৰি। ইয়াৰ আধাৰত নিবাৰণশিল স্বাস্থ্য সুৰক্ষা বিধিক লক্ষ্য হিচাপে লৈ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি কৰাৰ দিহা কৰা হৈছে। ইফালে গুৰুতৰ ভাবে অসুস্থ ৰোগীক বিনামূলীয়া চিকিত্সাপ্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী জন-আৰোগ্য যোজনা অব্যাহত ৰখা হৈছে। স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ’‘নিবাৰণশিল আৰু ব্যয়-সাধ্য স্বাস্থ্য সুৰক্ষা বিধিৰ এক অনন্য আৰু অভুতপূৰ্ব আৰ্হি হিচাপে পৰিগণিত হৈছে। এই কেন্দ্ৰসমূহত ৰোগনিবাৰণৰ ব্যৱস্থা উপলব্ধ হোৱাৰ লগতে আৰোগ্য লাভৰো ব্যৱস্থা কৰা হৈছে।

    বন্ধুসকল, দেশত ডেৰলাখটা স্বাস্থ্য অৰু আৰোগ্য কেন্দ্ৰ খোলাৰ ব্যৱস্থা কৰাৰ সময়ত আমি কিন্তু আয়ুষৰ কথা পাহৰি যোৱা নাই। সমগ্ৰ দেশত চাৰে ১২লাখ আয়ুষ কেন্দ্ৰ স্থাপনৰো আমি লক্ষ্য নিৰ্দ্ধাৰণ কৰিছো। আজি ইয়াৰে ১০টা আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰো শুভাৰম্ভ কৰা হৈছে। চলিত বৰ্ষৰ ভিতৰতে এনে ৪হাজাৰ আয়ুষ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে আমি প্ৰয়াস অব্যাহত ৰাখিছো। ব্যয়-সাধ্যতাৰ প্ৰসংগত এটা কথা কবই লাগিব যে আয়ুষ্মান ভাৰত আঁচনিয়ে দুখীয়ৰো দুখীয়া ব্যক্তিসকলক উন্নত স্বাস্থ্যৰ বিশ্বাস প্ৰদান কৰিছে। আয়ুষ্মান ভাৰত যোজনাৰ অধীনত এই পৰ্যন্ত যিমান সংখ্যক ৰোগীয়ে বিনামূলীয়া চিকিত্সা লাভ কৰিছে, তেওঁলোক যদি এই আঁচনিৰ আওতালৈ নাহিলহেতেন তেন্তে ১২হাজাৰ কোটি টকাৰো অধিক খৰছ কৰিব লগা হলহেতেন। সেই অৰ্থত দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ ১২হাজাৰ কোটি টকা ৰাহি হল। যেতিয়া আয়ুষ্মান ভাৰতৰ দৰে আঁচনি নাছিল তেতিয়া দেশৰ দৰিদ্ৰ জনসাধাৰণে চিকিত্সাৰ বাবে কিমান যে আলৈ আহুকালৰ সন্মুখীন হবলগীয়া নহৈছিল আপোনালোকে কল্পনা কৰিব পাৰিবনে! চিকিত্সা-ব্যয়ে তেওঁলোকক আৰু অধিক দুখীয়া কৰি পেলাইছিল।

    ভাই-ভনীসকল, নিৰাময়তা আৰু ব্যয়সাধ্যতাৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবঢ়ায় থকা হৈছে। দুদিন আগতে মাত্ৰ দেশত আৰু ৭৫খন নতুন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত ঘোষণা কৰিছে। দেশৰ প্ৰতিখন জিলাত এখন চিকিত্সা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্তৰ ক্ষেত্ৰত এয়া এক মহত্ত্বপূৰ্ণ পদক্ষেপ বুলিয়ে চিহ্নিত হব। ইয়াৰ ফলত গুৰুতৰ ৰোগৰ চিকিত্সাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ স্তৰ আৰু অধিক উন্নত হোৱাৰ লগতে এমবিবিএছ পাঠ্যক্ৰমৰ বাবে প্ৰায় ১৬হাজাৰ আসনো বৃদ্ধি পাব। শেহতীয়া ভাবে যুগুতাই উলিওৱা ৰাষ্ট্ৰীয় চিকিত্সা আয়োগ আইনেও  দেশৰ চিকিত্সা বিজ্ঞান শিক্ষা আৰু ইয়াৰে সম্পৰ্কীত আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

     বন্ধুসকল, কেৱল আধুনিক চিকিত্সা বিজ্ঞানৰে নহয়, আয়ুষৰ শিক্ষাৰ ক্ষেত্ৰতো আৰু অধিক পেছাদাৰিত্ব অনাৰ বাবে প্ৰয়োজন হোৱা সংস্কাৰৰ দিহা কৰা হৈছে। বিশেষকৈ যেনেধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে, সিয়ে অনাগত ভৱিষ্যতৰ বাবে আয়ুষক তৈয়াৰ কৰি উলিওৱাৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব। আয়ুষ-গ্ৰীডৰ ধাৰণাও নিতান্তই প্ৰশংসনীয়। ইয়াৰ জৰিয়তে আয়ুষ-য়ে যাত্ৰা পথত সন্মুখীন হোৱা বহু সমস্যা আঁতৰ কৰিব পৰা যাব।

     ভাই-ভনীসকল, আয়ুষয়েই হওক কিম্বা সম্প্ৰতি নিৰ্মাণ হৈ থকা চিকিত্সা ক্ষেত্ৰৰ আন আধুনিক আন্তঃগাঁথনিসমূহে আগবঢ়াব লগা সা-সুবিধাসমূহৰ পৰিসৰ কিন্তু অতিকে বিশাল। ইয়ে স্বস্থ্যসেৱাৰ লগতে ভাৰতত কৰ্ম সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো বিশাল সম্ভাৱনাৰ সৃষ্টি কৰিছে। বিশেষকৈ সৰুসৰু গাঁও, আবাসক্ষেত্ৰ, দ্বিতীয়, তৃতীয় শ্ৰেণীভূক্ত চহৰ-নগৰসমূহৰ যুৱক-যুৱতীসকলে ঘৰৰ কাষতে চিকিত্সা বিজ্ঞান কিম্বা আনুষংগিক চিকিত্সা বিজ্ঞানৰ শিক্ষা লাভ কৰা সুযোগ লাভ কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। নতুন চিকিত্সালয় একোখন স্থাপন কৰাৰ লগে লগে সংশ্লিষ্ট অঞ্চলসমূহত চিকিত্সা ক্ষেত্ৰৰে জড়িত এক আবহাৱা গঢ়ি উঠে। ইয়াৰ ফলত কম পঢ়া-শুনা কৰা যুৱক-যুৱতীৰ পৰা ডিগ্ৰী-ডিপ্লোমা গ্ৰহণ কৰা যুৱক-যুৱতীলৈ কৰ্ম সংস্থাপনৰ এক নতুন সম্ভাৱনাৰ সৃষ্টি হয়।

    ভাই-ভনীসকল, আমি আজি যেতিয়া ৫ত্ৰিলিয়ন অৰ্থনীতিক লক্ষ্য হিছাপে গ্ৰহণ কৰি আগবাঢ়িব খুজিছো, সেই মুহূৰ্তত কিন্তু আয়ুষেও এক মহত্ত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হব। আহিবলগীয়া বছৰ দিয়েকত ভাৰতত নিবাৰণশীল স্বাস্থ্যসেৱা খণ্ডৰ এখন বৃহত্ বজাৰে প্ৰসাৰ লাভ কৰিব। স্বাভাৱিকতেই ই এক বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। আমি আমাৰ নিবাৰণশীল স্বাস্থ্যসেৱা পদ্ধতিক পৃথিৱীৰ বাবে আকৰ্ষণৰ সমল কৰিবিকশিত কৰিব লাগিব। এই পৰ্যন্ত পৃথিৱীৰ ১৭খন দেশৰ সৈতে আমি চুক্তি সম্পাদিত কৰিছো। অনাগত দিনত আমি এইক্ষেত্ৰত আৰু অধিক কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব লাগিব।

   বন্ধুসকল, আজিৰ তাৰিখত যোগ সমগ্ৰ বিশ্ববাসীৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হৈ উঠিছে। বিগত ৫টা বছৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ মাধ্যমেৰে যোগৰ প্ৰতি পৃথিৱীবাসীয়ে যেনেধৰণৰ উত্সাহ প্ৰদৰ্শন কৰিছে সেয়া আক্ষৰিক অৰ্থতে অভুতপূৰ্ব। আজি যোগ আৰোগ্য লাভৰ উত্কৃষ্ট আহিলা হোৱাৰ লগতে পৃথিৱীৰে ভাৰতৰ সম্পৰ্ক প্ৰগাঢ় কৰাৰ মাধ্যম হিচাপেও পৰিগণিত হৈছে। এতিয়া আমি যোগৰ লগতে আয়ুষ বিধিকো পৃথিৱীৰ প্ৰান্তে প্ৰান্তে জনপ্ৰিয় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

     বন্ধুসকল, নিজৰ পুৰণি পৰম্পৰাক পাহৰি পেলাই, পুনৰ আন কোনোবাই শিকোৱা দেখি তাকে নতুন বুলি গ্ৰহণ কৰাৰ অভ্যাস আমি পৰিত্যাগ কৰিব লাগিব। মই আপোনালোকক এটা উদাহৰণ দিব খুজিছোঃ আজি আমি যি ভোজন সম্ভাৰ নিলগাই পেলাইছো, সেই ভোজন-সম্ভাৰকে এতিয়া পৃথিৱীয়ে আদৰিবলৈ আৰম্ভ কৰিছে। যৱ, জোৱাৰ, ৰাগী, কোডো, সামা, বাজ্ৰা, সাংৱাৰ দৰে এনেবোৰ পুষ্টিকৰ খাদ্য দ্ৰব্যৰ পৃথিৱীৰআন প্ৰান্তত আক চাহিদা বৃদ্ধি পাবলৈ ধৰিছে। কোনোবাই বিনামূলীয়াকৈ দিলেও যি খাদ্য দ্ৰব্যৰ নিওতা ওলোৱা নাছিল সেই সামগ্ৰীয়েই এতিয়া অন-লাইন যোগে শ শ টকাত বিক্ৰী হৈ থকা দেখি তবধ মানিবলগীয়া হয়।

    বন্ধুসকল, এতিয়া পুষ্টিৰ এই সম্ভাৰসমূহক পুনৰ আদৰাৰ সময় সমাগত হৈছে। দেশত এতিয়া মিলেট ৰিভলিউশ্যন-ৰ বাবে অধিক কামকৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কৃষকে পুষ্টিকৰ খাদ্য সামগ্ৰী উত্পাদন কৰক আৰু উদ্যোগ খণ্ডই এই সামগ্ৰীসমূহৰ সংসাধন কৰি সকলো প্ৰজন্মৰে পচন্দ অনুসৰি আকৰ্ষনীয় খাদ্য-সম্ভাৰ প্ৰস্তুত কৰি উলিয়াওক।

    ভাই-ভনীসকল, আয়ুষৰ আৰু এটা দিশ আছে, যাৰ ওপৰত আমি অধিক গুৰুত্ব প্ৰদানৰে কাম কৰাৰ প্ৰয়োজনীয়তা আছে। ভাৰতত এতিয়া মেডিকেল টুৰিজম দ্ৰুত গতিৰে সম্প্ৰসাৰিত হবলৈ লৈছে। পিছে, এই ক্ষেত্ৰত এতিয়াও বহুখিনি কৰিবলগীয়া আছে। মেডিকেল আৰু মেডিটেশ্যনৰ বাবে যিখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন সেয়া ৰাজ্য চৰকাৰসমূহৰ সহযোগেৰে নিৰ্মাণ কৰি থকা হৈছে। এই ক্ষেত্ৰত আৰু অধিক কৰাৰ বাতাবৰণ সৃষ্টিৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগসমূহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ মই আয়ুষ মন্ত্ৰালয়ক বিশেষ ভাৱে আহ্বান জনাব খুজিছো।

     বন্ধুসকল, আমাৰ পাৰম্পাৰিক চিকিত্সা পদ্ধতিক দৈনন্দিন জীৱনশৈলীৰ অংগ কৰি লোৱাৰ বাবে আমি যদি সকলোৱে ঐক্যবদ্ধ ভাৱে প্ৰয়াস কৰো তেন্তে ২১শতিকাৰ ভাৰতৰ, নতুন ভাৰতৰ সু-স্বাস্থ্য বৰ্তী থকাৰ লগতে সমৃদ্ধিও আহিব। শেষত আকৌ এবাৰ সকলো পুৰস্কাৰ প্ৰাপকলৈ অভিনন্দন জ্ঞাপন কৰি বক্তব্য সামৰিলো।

    দেশ আৰু পৃথিৱীক নিৰোগী কৰি ৰাখিবলৈ আপোনালোকে এনেকৈয়ে কাম কৰি যাওক এই কামনাকে কৰাৰ লগতে আটাইকে কৃতজ্ঞতা জনালো।

    ধন্যবাদ।

*****

KB