পি এম ইণ্ডিয়া

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্রীমতী আনন্দিবেন পেটেলজী, কেন্দ্রীয় মন্ত্রিসভাৰ মোৰ জ্যেষ্ঠ সহযোগী তথা এই ভূমিৰ প্ৰতিনিধি শ্রী ৰাজনাথ সিংজী, এই ৰাজ্যৰ যশস্বী মুখ্যমন্ত্রী যোগী আদিত্যনাথজী, উপ-মুখ্যমন্ত্রী শ্রী কেশৱ প্ৰসাদজী, দীনেশ শর্মাজী, বিধানসভাৰ অধ্যক্ষ মহোদয় শ্রী নাৰায়ণ দীক্ষিতজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্রীবৰ্গ, উত্তৰ প্ৰদেশৰ সাংসদসকলৰ লগতে উপস্থিত ভদ্ৰ পুৰুষ-মহিলাসকল৷
লক্ষ্ণৌৰ সাংসদ মোক আদৰণি জনাইছে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী মোক আদৰণি জনাইছে, তেওঁলোক সকলোকে কাশীৰ সাংসদে ধন্যবাদ জনাইছে৷ আজি মোৰ সৌভাগ্য যে দ্বিতীয় গুৰুত্বপূর্ণ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ পাইছো৷দুয়োটা কাৰ্যসূচীতে শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীজীৰ বন্দনা কৰা, তথা তেওঁৰ দূৰদৃষ্টিক সন্মান জনোৱাৰ সৌভাগ্য হৈছে৷
ইয়ালৈ অহাৰ পূৰ্বে মই দিল্লীত অটল জল যোজনাৰ শুভাৰম্ভ কৰিলো৷ ৬ হাজাৰ কোটি টকা বিনিয়োগেৰে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ জৰিয়তে উত্তৰ প্ৰদেশকে ধৰি দেশৰ ৭খন ৰাজ্যত ভূগর্ভস্থ জলস্তৰ বৃদ্ধিৰ ব্যৱস্থা কৰা হ’ব৷
ইয়াৰ সমান্তৰালভাৱে আজি হিমাচল প্ৰদেশক লাদাখৰ সৈতে সংযুক্ত কৰা, ৰোহতাং সূৰংগৰ নামকৰণ অটল সুৰংগ কৰা হৈছে৷ তেওঁৰ এই সুদৃশ্য মমৰ মূর্তি লোকমন্দিৰসমূহত কর্মৰত প্ৰত্যেককে সদায় সুশাসন আৰু জনসেৱাৰ প্রেৰণা যোগাব৷
বন্ধুসকল, ইয়াৰ উপৰি আজি ইয়াত অটল বিহাৰী বাজপেয়ী চিকিৎসা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে৷ যিখন লক্ষ্ণৌ বহু বছৰ ধৰি অটলজীৰ কর্মভূমি আছিল, যি লক্ষ্ণৌৰ পৰা তেওঁ বাৰেবাৰে জয়লাভ কৰি সংসদত জনপ্ৰতিনিধি হৈছে, সেই লক্ষ্ণৌত আহি শিক্ষা আৰু স্বাস্থ্যৰ সৈতে জড়িত প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগক মই নিজৰ জীৱনৰ অন্যতম সৌভাগ্য বুলি গণ্য কৰিছো৷ আজি মোৰ বাবে সেই সৌভাগ্যৰ মুহূর্ত আহিছে৷
অটলজীয়ে যেতিয়া ইয়াৰ সাংসদ আছিল, তেতিয়া তেওঁ এই অঞ্চলৰ উন্নয়নৰ বাবে বহু প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল৷ ৰিং ৰোড, পুৰণি লক্ষ্ণৌৰ অনাময় ব্যৱস্থা, বিমানবন্দৰৰ আধুনিকীকৰণ, বাল্মীকি-আম্বেদকাৰ আবাস যোজনা, বায়’টেক পার্কৰ দৰে লক্ষ্ণৌক নতুন পৰিচয় প্ৰদানকাৰী একাধিক কাম অটলজীয়ে কৰিছিল৷ এতিয়া এই অঞ্চলৰ সাংসদ হিচাপে শ্ৰদ্ধাৰ ৰাজনাথজীয়ে সেই পৰম্পৰাক আগুৱাই নিছে৷
বন্ধুসকল, অটলজীয়ে কৈছিল যে জীৱনক টুকৰা টুকৰকৈ চোৱাটো অনুচিত৷ ইয়াক সামগ্ৰিকভাৱে চাব লাগিব৷ এইকথা চৰকাৰৰ ক্ষেত্রতো সিমানেই সত্য৷ সুশাসনৰ বাবে এয়াই উপযুক্ত মানদণ্ড৷
যেতিয়ালৈকে আমি সমস্যাবোৰ সম্পূর্ণ ভাৱে নাভাৱিম, সকলো সমস্যা সমাধানৰ চেষ্টা নকৰিম, তেতিয়ালৈকে সুশাসন সম্ভৱ নহয়। মই অতিশয় আনন্দিত যে যোগীজীৰ নেতৃত্বাধীন চৰকাৰেও একেধৰণৰ সামগ্ৰিক ভাৱনা লৈ চৰকাৰ চলোৱাৰ চেষ্টা কৰি আহিছে৷ অটল চিকিৎসা বিশ্ববিদ্যালয় প্ৰকল্প এই চিন্তাৰেই প্ৰতিফলন। এই বিশ্ববিদ্যালয়ে উত্তৰ প্ৰদেশত চিকিৎসা শাস্ত্ৰ অধ্যয়নক সাৰ্বজনীন কৰিব, পাঠ্যক্ৰমৰ পৰা আৰম্ভ কৰি পৰীক্ষালৈকে ইয়াত একসূত্ৰতা, একৰূপতা আৰু স্বাভাৱিক সম্পূর্ণতা থাকিব৷
চিকিৎসা মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, পেৰামেডিকেল মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয় তথা চিকিৎসাৰ সৈতে জড়িত সকলো পাঠ্যক্ৰম ডিগ্রী প্ৰদানৰ বাবে সকলো ধৰণৰ ব্যৱস্থা এই বিশ্ববিদ্যালয়ত থাকিব৷ এই অঞ্চলত চৰকাৰী, অৰ্ধচৰকাৰী তথা বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহ এই বিশ্ববিদ্যালয়ত অন্তর্ভুক্তি কৰা হ’ব৷ এক সামূহিক শিক্ষা পঞ্জী মানি স্বচ্ছভাবে এই সকলো মহাবিদ্যালয়ত উপযুক্ত সময়ত পঢ়াশুনা আৰু পৰীক্ষা ব্যৱস্থা থাকিব৷ ফলত এই বিশ্ববিদ্যালয়ে উত্তৰ প্ৰদেশত চিকিৎসাশাস্ত্ৰ অধ্যয়নত উৎকর্ষবৃদ্ধি কৰিব৷
বন্ধুসকল, উত্তৰপ্ৰদেশকে ধৰি সমগ্ৰ দেশৰ স্বাস্থ্য ক্ষেত্রত উন্নয়নৰ বাবে মোৰ দৃষ্টিভংগী তথা কর্মপদ্ধতি উভয়েই প্ৰথম দিনাৰ পৰাই স্পষ্ট। স্বাস্থ্যৰ লগতে ইয়াৰ সৈতে জড়িত সেৱা উন্নয়নকো আমি অগ্রাধিকাৰ দিছো৷
স্বাস্থ্য ক্ষেত্রৰ বাবে চৰকাৰৰ ৰোড মেপ হ’ল-প্ৰথমতে, প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাক অগ্রাধিকাৰ দিয়া। দ্বিতীয়তে, সুলভ স্বাস্থ্য সেৱাৰ যথাসম্ভৱ বিস্তাৰৰ চেষ্টা। তৃতীয়তে, চাপ্লাই চাইড ইণ্টাৰভেনচন অর্থাৎ স্বাস্থ্য ক্ষেত্রত চাহিদা অনুসৰি যথাযথ যোগান ব্যৱস্থা সুনিশ্চিত কৰা৷ চতুর্থতে, মিচন মোড ইণ্টাৰভেনচন অর্থাৎ স্বাস্থ্য সংক্রান্তীয় পৰিকল্পনাসমূহক মিশন মোডত পৰিচালনা কৰা৷ আপোনালোকে যদি আমাৰ চৰকাৰৰ সকলো পৰিকল্পনা লক্ষ্য কৰি আমি প্ৰতিটো ক্ষেত্রতে এই ধৰণৰ সুপৰিকল্পিত আগুৱাই যাও৷
বন্ধুসকল, অসুস্থতাৰ ক্ষেত্রত চিকিৎসাৰ খৰচ ৰাহি কৰাৰ আটাইতকৈ ভাল উপায় হ’ল অসুস্থ হোৱাৰ পৰা নিজকে ৰক্ষা কৰা৷ একেদৰে আমি কও প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা৷ সেইবাবে আমি যিমান পাৰো মানুহক সজাগ কৰি তুলিব পাৰিম, সিমানে বেছি প্ৰতিৰোধ গঢ়ি উঠিব আৰু শৰীৰ সুস্থ থাকিব৷
আমাৰ স্বচ্ছ ভাৰত অভিযানো এনেধৰণৰে এক প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ডাঙৰ অভিযান। আমি যোগক অগ্রাধিকাৰ দিয়াটোও প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ এক ব্যয়বিহীন স্বাস্থ্য সেৱা৷
উজ্জ্বলা যোজনাৰ জৰিয়তে মাতৃসকলক ধোঁৱাৰ পৰা মুক্তি দিয়াকে ধৰি নাগৰিকসকলৰ বাবে ফিট ইণ্ডিয়া আন্দোলন, আয়ুর্বেদক উৎসাহ প্ৰদানৰ দৰে সাৰ্বজনীন স্বাস্থ্য সেৱাৰ চাহিদা বৃদ্ধিৰ ক্ষেত্রত আমি সফল হৈছো৷
প্ৰত্যেকেই বিচাৰে পার্শ্বপ্ৰতিক্রিয়াহীন চিকিৎসা৷ এইক্ষেত্রত আয়ুষ, আয়ুর্বেদে ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাক আমি যিমান গুৰুত্ব দিম, স্বাস্থ্যৰ ক্ষেত্ৰতো আমাৰ দুশ্চিন্তা সিমানেই হ্রাস পাব৷ ইয়াত আনকি সংৰক্ষণমূলক ৰোগ প্ৰতিৰোধ কৰাও সম্ভৱ হ’ব৷ অন্যহাতে, জীৱনশৈলীৰ কাৰণে আমি যি ৰোগৰ চিকাৰ হও, সেইবোৰ দূৰীকৰণতো কার্যকৰী ভূমিকা পালন কৰিব৷
বন্ধুসকল, প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ বাবে দেশৰ গ্রামাঞ্চলত ১ লাখ ২৫ হাজাৰতকৈও অধিক আৰোগ্য কেন্দ্ৰ গঢ়ি তোলা হৈছে৷ এই স্বাস্থ্য কেন্দ্ৰসমূহত যিকোনো ৰোগক চিহ্নিত কৰি চিকিৎসা আৰম্ভ কৰাৰ ক্ষেত্রত অতি সহায়ক হৈ উঠিছে। সেইদৰে চৰকাৰে টিকাকৰণ আঁচনিৰ বিস্তাৰতো জোৰ দিছে। পূর্বৰ টিকাৰ লগতে কেতবোৰ নতুন ৰোগ প্ৰতিৰোধত কার্যকৰী টিকা যোগ কৰি দেশৰ দুৰ্গম গাওঁ আৰু বনাঞ্চলতো এই টিকাকৰণ অভিযানে সাফল্য লাভ কৰিছে৷
আমি পশুধনৰ ভৰি আৰু মুখৰ ৰোগ প্ৰতিৰোধী আঁচনিও আৰম্ভ কৰিছো৷ শেহতীয়াকৈ কানপুৰত মই এই আঁচনিৰ উদ্বোধন কৰিছো৷ পশুধন সুস্থ থাকিলেও মানুহৰ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ক্ষেত্রত অনুকূল পৰিবেশ গঢ়ি উঠে। সেইদৰে সর্বাংগীন স্বাস্থ্য সেৱাৰ দৃষ্টিকোণৰ পৰা আমি আগুৱাই যাব লাগিব৷
বন্ধুসকল, স্বাস্থ্য সেৱাৰ দ্বিতীয় মাত্রা অর্থাৎ সুলভ স্বাস্থ্য সেৱাক উৎসাহ প্ৰদানৰ বাবেও চৰকাৰে কেতবোৰ ঐতিহাসিক পদক্ষেপ হাতত লৈছে।
আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দেশৰ প্রায় ৭০ লাখ দুখীয়া অসুস্থ ব্যক্তিক বিনামূল্যে চিকিৎসা প্ৰদান কৰা হৈছে৷ এই আয়ুষ্মান ভাৰত যোজনা বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য আঁচনি৷ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাতকৈও অধিক মানুহে ভাৰতত এই প্ৰকল্পৰ হিতাধিকাৰী তালিকাভুক্ত হৈছে৷ ইমান কম সময়ত ৭০ লক্ষাধিক লোকে বিনামূল্যে চিকিৎসা সেৱা লাভ কৰিছে, যিসকলৰ অধিকাংশই ভাবি লৈছে যে তেওঁলোকে আৰ সুস্থ হৈ নুঠে৷ নিজেই কষ্ট সহ্য কৰিও তেওঁলোকে সন্তানক ঋণত জর্জৰিত কৰি দূৰাৰোগ্য ৰোগৰ চিকিৎসা অথবা অপাৰেশন কৰাই দিয়া নাছিল, হৃদযন্ত্ৰ অথবা কেন্সাৰ চিকিৎসা নকৰি সকলো আশা এৰি দিছিল৷
কিন্তু আয়ুষ্মান ভাৰত যোজনাই তেওঁলোকৰ জীৱনত নতুন বিশ্বাস আৰু উৎসাহ আনি দিছে। এটকাও খৰচ নকৰাকৈ ৭০ লাখ দুখীয়া অসুস্থ ব্যক্তিয়ে চিকিৎসা লাভ কৰিছে৷ মই অতিশয় আনন্দিত যে এই প্ৰকল্প প্ৰসাৰত উত্তৰ প্ৰদেশ চৰকাৰে অত্যন্ত সক্রিয় ভূমিকা পালন কৰিছে। কেৱল উত্তৰ প্ৰদেশেই প্রায় ১১ লাখ মানুহে এই প্ৰকল্পৰ দ্বাৰা লাভবান হৈছে৷
সেইদৰে জনঔষধি যোজনাৰ জৰিয়তে সুলভ মুল্যত ঔষধ যোগান ধৰা হৈছে৷ অর্থাৎ যিবোৰ ঔষুধ আপোনালোকে ১০০ টকা দি বজাৰত কিনে. জনঔষধি কেন্দ্রত সেয়া ৩০-৪০ টকাত পোৱা যায়। যিসকলে দীর্ঘদিন ধৰি ঔষুধ খাব লগা হয়, জনঔষধি কেন্দ্রৰ জৰিয়তে তেওঁলোকৰ মাহত ৮০০-১৫০০ টকা ৰাহি হৈছে৷ সমগ্ৰ দেশত এই জনঔষধি কেন্দ্ৰবোৰ অতি জনপ্রিয় হৈ উঠিছে। ষ্টেন আৰু আঠ সংৰোপনৰ খৰচো যথেষ্ট হ্ৰাস পাইছে৷
বন্ধুসকল, দেশৰ দুখীয়া মানুহৰ বাবে স্বাস্থ্য সেৱা যিমান বৃদ্ধি পাইছে, স্বাস্থ্য সেৱাৰ চাহিদাও সিমানেই বৃদ্ধি পাইছে। চাহিদা বৃদ্ধিৰ ফলত নতুন নতুন উন্নত মানৰ হাস্পতাল, ক্লিনিক আৰু নাৰ্চিংহোম খুলিছে।
বিগত পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়সমূত অভিলেখ সংখ্যক আসন বৃদ্ধি হৈছে৷ এই বছৰ সমগ্ৰ দেশত ৭৫খন নতুন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠানৰ আবেদন মঞ্জুৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ দেশৰ প্রায় প্ৰতি তিনটা লোকসভা কেন্দ্রক এক কৰি চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰাৰ লক্ষ্য পূৰণত আমি বহুপৰিমাণে সফল হৈছো৷ উত্তৰ প্ৰদেশেও এই ক্ষেত্রত বহু সুফল পাইছে। বিগত দুই তিনি বছৰত উত্তৰ প্ৰদেশত ২৪খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি পাইছে। সেইবোৰৰ ভিতৰত কেতবোৰ আৰম্ভ হৈছে বা নিৰ্মাণ কাৰ্য চলি আছে।
বন্ধুসকল, চৰকাৰে নাৰী আৰু শিশুসকলৰ স্বাস্থ্যৰ উন্নয়নত মিচন মোডত কাম কৰাৰ বাবে ৰাষ্ট্রীয় পোষণ অভিযানকে ধৰি বহু নতুন কাৰ্যসূচী আৰম্ভ কৰিছে। ২০২৫ চনৰ ভিতৰত ভাৰতৰ পৰা সম্পূর্ণ ৰূপে যক্ষ্মা নির্মূল কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হৈছে৷ দেশৰ জনগণেৰ স্বাস্থ্যৰ উন্নয়ন তথা চিকিৎসা ব্যয় হ্রাস কৰাৰ লক্ষ্যৰে এই চতুর্মুখী কামে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।
বন্ধুসকল, জনস্বাস্থ্যৰ ক্ষেত্রত এই অভূতপূর্ব প্ৰচেষ্টাৰ সুফল উত্তৰ প্ৰদেশবাসীকো লাভবান কৰিছে। এই বছৰ এনকেফেলাইটিচ নির্মূলকৰণত যোগীজী আৰু তেওঁৰ টিমে প্ৰশংসনীয় কাম কৰিছে। সেইবাবে আপোনালোক সকলোৱেই অভিনন্দনৰ পাত্ৰ৷ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনেও উত্তৰ প্ৰদেশৰ এই সাফল্যৰ শলাগ লৈছে। পৰিচ্ছন্নতা আৰু স্বাস্থ্য সেৱাকে গাঁৱে গাঁৱে প্ৰদান কৰাৰ অভিযান সফল কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে, যি উত্তৰ প্ৰদেশৰ জনগণৰ জীৱনযাপনক সহজ কৰি তোলাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ৷
এতিয়া আমাৰ প্ৰচেষ্টা এনে হোৱা উচিৎ ৰাষ্ট্রীয় পোষণ মিচন আৰু মিচন ইন্দ্ৰধনুষৰ কামক আৰু অধিক ত্বৰান্বিত কৰা, যাতে অনাগত দিনত উত্তৰ প্ৰদেশৰ প্ৰতিটো শিশু সুৰক্ষিত থাকে, প্ৰতিগৰাকী নাগৰিক সুস্থ থাকে৷
বন্ধুসকল, আজি সুশাসন দিৱসত যেতিয়া আমি নতুন বছৰ আৰু নতুন দশকত প্ৰৱেশ কৰাৰ দিশে আগবাঢ়িছো, তেতিয়া অটলজীৰ আন এটি কথা নিশ্চিতভাৱে মনত ৰখা উচিৎ৷ অটলজীয়ে কৈছিল যে প্ৰতিটো প্ৰজন্মৰ মানুহে ভাৰতৰ প্ৰগতিত অৱদান আগবঢ়োৱাটো নির্ভৰ কৰে দুটা বিষয়ৰ ওপৰত, আমি যি কামেই নকৰো কিয়, এই দুটা বিষয়ক মনত ৰখা উচিৎ৷ প্ৰথমটো হ’ল—আগৰ পৰাই আমাৰ যিবোৰ সমস্যা আছে, তাৰ কিমানবোৰ আমি সমাধান কৰিছো? দ্বিতীয়টো হ’ল—ৰাষ্ট্রৰ ভৱিষ্যতৰ উন্নয়নৰ বাবে আমি নিজৰ চেষ্টাৰ জৰিয়তে কিমান সুদৃঢ় ভেঁটি স্থাপন কৰিছো?
বন্ধুসকল, এই দুটা প্ৰশ্নৰ কেন্দ্ৰ কৰি আমি আমি ক’ব পাৰো যে ভাৰতে অভূতপূর্ব অভিজ্ঞতা লৈ ২০২০ চনত খোজ পেলাইছে৷ আমি উত্তৰাধিকাৰসূত্রে যিবোৰ সামাজিক, আর্থিক আৰু ৰাজনৈতিক সমস্যাৰ সন্মুখীণ হৈছো, সেইবোৰৰ সমাধানত আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছো৷
সংবিধানৰ ৩৭০ ধাৰা, কিমান পুৰণি সমস্যা, কিমান কঠিন বিষয় আমি উত্তৰাধিকাৰ সূত্রে পাইছিলো৷ কিন্তু আমি এই সমস্যা সমাধানৰ চেষ্টা কৰি গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈ নিজৰ দায়িত্ব পালন কৰিছো৷ সকলোৰে ধাৰণা ভুল প্ৰমাণিত হৈছে৷
ৰাম জন্মভূমিৰ ইমান পুৰণি বিবাদ শান্তিপূর্ণভাৱে সমাধান–দেশ স্বাধীন হৈছে, বিভাজন হৈছে, তেতিয়াৰে পৰা আজিলৈকে লাখ লাখ দলিত, বঞ্চিত, শোষিত মানুহে নিজৰ ধর্ম ৰক্ষাৰ বাবে ধৰৰ কন্যাৰ সন্মান ৰক্ষাৰ বাবে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত শৰণার্থী হিচাপে আশ্ৰয় ল’বলৈ বাধ্য হৈছিল৷ এই শৰণার্থীসকলক নাগৰিকত্ব প্ৰদানৰ পথত এই ধৰণৰ বহু সমস্যাৰ সমাধানত দেশৰ ১৩০ কোটি মানুহে বিচাৰি উলিয়াইছে৷ কিন্তু আমাৰ দায়িত্ব আছিল এনে কঠিন সমস্যা সমাধানৰ বাবে যথাসাধ্য চেষ্টা কৰো৷
এই আত্মবিশ্বাসপূর্ণ ভাৰতে ২০২০ চনত খোজ পেলাইছে, এক নতুন দশকত খোজ পেলাইছে। এতিয়াও যিবোৰ সমস্যা আছে, সেইবোৰৰ সমাধানৰ বাবে সম্পূর্ণ সামর্থ্যৰে প্ৰতিগৰাকী ভাৰতীয়ই চেষ্টা কৰি আহিছে৷ প্ৰতিটো দুখীয়া পৰিয়ালক গৃহ প্ৰদান, প্ৰতিটো ঘৰত পানী যোগান দিয়া কিমান ডাঙৰ প্ৰত্যাহ্বান! আমি এই ধৰণৰ প্ৰত্যাহ্বানক নিজৰ স্বভাৱত পৰিণত কৰিছো৷
বন্ধুসকল, ২০১৪চনৰ পৰা ২০১৯লৈকে এই পাঁচ বছৰত আমি এই ধৰণৰ প্ৰত্যাহ্বানক জনাৰ সুযোগ এনেই যাবলৈ নিদিও৷ ২০১৪ চনৰ পূৰ্বে দেশৰ জনসংখ্যাৰ অধিকাংশতকৈও অধিক লোকৰ শৌচালয় নাছিল৷ এতিয়া প্ৰত্যেকৰে বাবে শৌচালয় আছে। কোটি কোটি দুখীয়া পৰিয়ালৰ মা-ভনীসকলেও ৰন্ধনগৃহৰ ধোঁৱাত কষ্ট পাইছিল৷ এতিয়া তেওঁলোকক ৰন্ধন গেছ প্ৰদান কৰা হৈছে। আমাৰ হাজাৰ হাজাৰ গাঁৱৰ কেইবা লাখ পৰিয়ালে সন্ধ্যা হ’লেই অন্ধকাৰত জীৱনযাপন কৰিবলৈ বাধ্য হৈছিল৷ এতিয়া তেওঁলোকৰ ঘৰত বিদ্যুতৰ পোহৰ প্ৰদান কৰা হৈছে।
জনসংখ্যাৰ আধাতকৈও অধিক লোকে বেংক সেৱাৰ আওঁতাৰ বাহিৰত আছিল৷ তেওঁলোকৰ বাবে এতিয়া বেংকৰ দৰ্জা খোলা হৈছে। কোটি কোটি পৰিয়ালৰ নিজা ঘৰ নাছিল৷ এনে ২ কোটি দুখীয়া পৰিয়ালক ঘৰ বনাই দিয়া হৈছে৷ ২০২২ চনৰ ভিতৰত দেশৰ প্ৰতিটো গৃহহীন দুখীয়া পৰিয়ালক পকা ঘৰ বনাই দিয়াৰ কাম দ্রুত গতিত আগুৱাই গৈছে।
গাঁৱে গাঁৱে নতুন পথ, ৰে’লপথ প্ৰদানৰ কামো দ্রুত গতিত আগুৱাই গৈছে। ২০২৪ চনৰ ভিতৰত প্ৰত্যেক পৰিয়ালক জল যোগানৰ সংকল্প বাস্তবায়িত কৰাৰ বাবে আমি সম্পূর্ণ তৎপৰতাৰে কাম কৰি আছো৷
এই সমাধানে নতুন ভাৰতৰ প্ৰগতিৰ বাবে মজবুত ভেঁটি গঢ়ি তুলিছে। এই মজবুত ভেঁটিৰ ওপৰ থিয় হৈ আমি দেশক ৫ ট্রিলিয়ন ডলাৰৰ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প বাস্তবায়িত কৰাৰ বাবে জোৰদাৰ গতিত কাম কৰি আছো৷ যাতে কোটি কোটি ভাৰতীয়ৰ জীৱনযাপনৰ মান উন্নয়ন কৰিব পাৰো৷
বন্ধুসকল, এয়াই সুশাসন, এয়াই স্বশাসন, যাৰ কল্পনা অটল বিহাৰী বাজপেয়ী আৰু মহামতী মালবীয়জীকে ধৰি ৰাষ্ট্ৰ নির্মাতাসকলে কৰি গৈছে৷
আমাৰ চৰকাৰৰ বাবে সুশাসনৰ অর্থ হৈছে–
সকলোৰে কথা শুনা
সেৱাবোৰ প্ৰত্যেক নাগৰিককে প্ৰদান কৰা
প্ৰত্যেক ভাৰতীয়কে উন্নতিৰ সুযোগ দিয়া
প্ৰত্যেক ভাৰতীয়কে নিৰাপত্তা প্ৰদান কৰা
জনগণৰ বাবে প্ৰত্যেক চৰকাৰী ব্যৱস্থা সুনিশ্চিত কৰা
আমাৰ বাবে সুশাসনৰ এয়াই মন্ত্ৰ সবকা সাথ, সবকা বিকাশ, আৰু সবকা বিশ্বাস।
এই দৃষ্টিভংগী আৰু স্বভাৱে আমাৰ সকলোকে একেলগে কাম কৰাৰ প্রেৰণা যোগায়। আমাৰ চৰকাৰে ক্ষমতাৰ সুখভোগৰ পৰা বাহিৰ হৈ সেৱাক সংস্কাৰত পৰিণত কৰিব বিচাৰে৷ আমি ভাৱো সাধাৰণ লোকৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ যিমান কম হ’ব, সিমানেই মংগল৷
আমাৰ চৰকাৰে কাকো পেলাই নথৈ, জটিলতা সৃষ্টি নকৰাকৈ সমাধানৰ মাধ্যম হৈ উঠিব বিচাৰে৷ আপোনালোকে যদি এই চৰকাৰক মূল্যায়ন কৰে, তেতিয়াহ’লে আপোনালোকে প্ৰতিটো পদক্ষেপত এই প্ৰচেষ্টা অনুভৱ কৰিব৷
এতিয়া দেশত সকলো দলিল প্ৰত্যায়নৰ যুগৰ পৰা আগুৱাই আহিছে। জনগণে নিজেই নিজৰ দায়িত্ব ল’ব এয়াই চৰকাৰৰ বাবে যথেষ্ট।
আজি অধিকাংশ চৰকাৰী সেৱা অনলাইন কৰি দিয়া হৈছে, ডিজিটাইজড্ কৰা হৈছে, জন্ম প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি পেন্সনৰ বাবে প্ৰয়োজনীয় জীৱন প্ৰমাণপত্ৰলৈকে অধিকাংশ সেৱা অনলাইন হৈছে৷ আগতে যেনেকৈ সাধাৰণ মানুহক বিভিন্ন দলিল দস্তাবেজ লৈ চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘুৰি ফুৰিব লগা নহয়, সেয়া এতিয়া কৰিবলগা নহয়৷ সেইদৰেই সাধাৰণ লোকৰ জীৱন সহজ হৈছে৷
বন্ধুসকল, আমি সুশাসনৰ সেই পর্যায়ৰ দিশত আগুৱাই গৈছে, য’ত জনগণৰ আবেদনৰ প্ৰয়োজন নাই, বৰঞ্চ চৰকাৰে তেওঁলোকৰ ঘৰে ঘৰে গৈ নিবেদন কৰি জানিব বিচাৰিব, কোনো সমস্যা আছে নেকি৷ আপোনালোকে হয়তো লক্ষ্য কৰিছে, জনস্বার্থত যিমানবোৰ প্ৰকল্প আৰম্ভ হৈছে, সেইবোৰ হিতাধিকাৰী চিহ্নিতকৰণৰ পৰা আৰম্ভ কৰি সুফল প্ৰদানৰ প্ৰযুক্তিলৈকে সকলো ক্ষেত্রত তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে৷
পোনপটীয়া সুফল, দ্রুত সৰবৰাহ, নির্দিষ্ট লক্ষ্য ইত্যাদিবোৰ দিশত আমাৰ চৰকাৰে এক কর্মসংস্কৃতি আৰম্ভ কৰাৰ চেষ্টা কৰিছে৷ এনে স্বচ্ছতাৰ ফলত দক্ষতা বৃদ্ধি হৈছে, সেৱা দ্রুত হৈছে, দেশৰ সৎ কৰদাতাৰ ধন ৰাহি হৈছে৷
বন্ধুসকল, আজি অটল সিদ্ধিৰ এই ভূমিৰ পৰা মই উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলৰ তথা ইয়াৰৰ প্ৰতিগৰাকী নাগৰিকক এটি অনুৰোধ জনাব আহিছো৷
স্বাধীনতাৰ পাছৰ পৰা আমি ইমান বছৰ ধৰি সৰ্বাধিক জনগণৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিছো৷ কিন্তু এতিয়া আমি স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূর্তিৰ দিশত অগ্ৰসৰ হৈছো৷ স্বাধীনতা সংগ্রামীসকলৰ সপোন পূৰণৰ বাবে এতিয়া সময়ৰ দাবি হ’ল আমি যেন নিজৰ কর্তব্যৰ প্ৰতি সচেতন হৈ সেয়া নিষ্ঠাৰে পালন কৰো৷
এইকথা মই এইদৰে কও যে যিদৰে উত্তৰ প্ৰদেশৰ একাংশ লোকে বিৰোধ প্ৰদর্শনৰ নামত হিংসাৰ আশ্ৰয় লৈছে। চৰকাৰী সম্পত্তি ধ্বংস কৰিছে৷ তেওঁলোকে ঘৰত বহি নিজক প্ৰশ্ন কৰক যে এই পথ কি সঠিক আছিল? যিবোৰ জ্বলাই দিয়া হৈছে, নষ্ট কৰা হৈছে—সেইবোৰ কি তেওঁলোকৰ সন্তানৰ কামত নালাগিব৷
এই বিক্ষোভ প্ৰদর্শন আৰু হিংসাত যিমান লোকৰ মৃত্যু হৈছে, যিসকল সাধাৰণ লোক আৰু আৰক্ষী আহত হৈছে, তেওঁলোক তথা তেওঁলোকৰ পৰিবাৰবর্গৰ কথা এবাৰ ভাবি চাওক৷ সেইবাবে মোৰ অনুৰোধ জনৰৱত কান দি হিংসাৰ আশ্ৰয় নল’ব৷ যিসকলে চৰকাৰী সম্পত্তি নষ্ট কৰিছে, তেওঁলোকক মই ক’ব বিচাৰো যে উন্নত পথ, যানবাহন ব্যৱস্থা, উন্নত অনাময় ব্যৱস্থা, নাগৰিক অধিকাৰ সুৰক্ষিত ৰখা, পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাতো নাগৰিকৰো দায়িত্ব।
অধিকাৰ আৰু দায়িত্ব আমাৰ সমানে মনত ৰাখিব লাগিব৷ উন্নত আৰু সুলভ শিক্ষাই আমাৰ অধিকাৰ, কিন্তু শিক্ষা প্ৰতিষ্ঠানৰ নিৰাপত্তা, শিক্ষকক সন্মান প্ৰদর্শন ইত্যাদি আমাৰ দায়িত্ব।
চিকিৎসা আৰু নিৰাপত্তাৰ অধিকাৰৰ ক্ষেত্রতো এইকথা প্ৰযোজ্য, স্বাস্থ্য কর্মী আৰু সুৰক্ষা কর্মীৰ নিৰাপত্তা আৰু সন্মান আমাৰ দায়িত্ব। আমাৰ চৰকাৰৰ দায়িত্ব হ’ল পাঁচ বছৰৰ পাঁচ প্ৰজন্মৰ কথা ভাবি কাম কৰা৷ মই আনন্দিত যে উত্তৰ প্ৰদেশ চৰকাৰে এই দায়িত্ব পালনত সফল হৈছে৷ মই পুনৰবাৰ উত্তৰ প্ৰদেশৰ জনগণক অটল চিকিৎসা বিশ্ববিদ্যালয়ৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷ এসপ্তাহৰ পাছত নতুন বছৰ আৰম্ভ হ’ব, এই ২০২০ৰ বাবে উত্তৰ প্ৰদেশৰ জনসাধাৰণক বহুত বহুত শুভেচ্ছা জনাইছো৷
বহুত বহুত ধন্যবাদ৷
***
VRRK/VJ/NS/MS/DB
In Lucknow today, I had the honour of laying the foundation stone for the Atal Bihari Vajpayee Medical University.
— Narendra Modi (@narendramodi) December 25, 2019
As you all know, Atal Ji and Lucknow had a strong bond. As Lucknow’s MP, he undertook numerous efforts to transform the city. pic.twitter.com/mo8K32AOxC
Comprehensive roadmap towards a healthier India. pic.twitter.com/iJpg17whoC
— Narendra Modi (@narendramodi) December 25, 2019
Atal Ji had two very simple benchmarks to assess how a government could contribute towards national progress.
— Narendra Modi (@narendramodi) December 25, 2019
We have always worked keeping in mind the tenets of Atal Ji. pic.twitter.com/Wp1jAmGZdK
In addition to rights, let us give as much importance to our duties as citizens. pic.twitter.com/3L6xdIsFOd
— Narendra Modi (@narendramodi) December 25, 2019
ये भी संयोग है कि आज सुशासन दिवस के दिन, यूपी का शासन जिस भवन से चलता है, वहां अटल जी की प्रतिमा का अनावरण किया गया है।
— PMO India (@PMOIndia) December 25, 2019
उनकी ये भव्य प्रतिमा, लोकभवन में कार्य करने वाले लोगों को सुशासन की, लोकसेवा की प्रेरणा देगी: PM @narendramodi
इसके अलावाअटल जी को समर्पित अटलमेडिकल यूनिवर्सिटी का शिलान्यास किया गया है।
— PMO India (@PMOIndia) December 25, 2019
जो लखनऊ, बरसों तक अटल जी की संसदीय सीट रही हो, वहां आकर, शिक्षा से जुड़े, स्वास्थ्य से जुड़े संस्थान का शिलान्यास करना मेरे लिए सौभाग्य की बात है: PM @narendramodi
अटल जी कहते थे, कि जीवन को टुकड़ों में नहीं देखा जा सकता, उसको समग्रता में देखना होगा। यही बात सरकार के लिए भी सत्य है, सुशासन के लिए भी सत्य है। सुशासन भी तब तक संभव नहीं है, जब तक हम समस्याओं को संपूर्णता में,समग्रता में नहीं सोचेंगे: PM @narendramodi
— PMO India (@PMOIndia) December 25, 2019
हेल्थ सेक्टर के लिए सरकार का रोड मैप है-
— PMO India (@PMOIndia) December 25, 2019
पहला- Preventive healthcare पर काम करना,
दूसरा- Affordable healthcareका विस्तार करना,
तीसरा- Supply Side Interventions,यानि इस सेक्टर की हर डिमांड को देखते हुए सप्लाई को सुनिश्चित करना और चौथा- Mission Mode intervention:PM @narendramodi
स्वच्छ भारत से लेकर योग तक, उज्ज्वला से लेकर फिट इंडिया मूवमेंट तक और इन सबके साथ आयुर्वेद को बढ़ावा देने तक- इस तरह की हर पहल बीमारियों की रोकथाम में अपना अहम योगदान दे रही है: PM @narendramodi
— PMO India (@PMOIndia) December 25, 2019
Preventive Health Care की ही एक कड़ी है- देश के ग्रामीण इलाकों में सवा लाख से ज्यादा वेलनेस सेंटरों का निर्माण। ये सेंटर बीमारी के शुरुआती लक्षणों को पकड़कर, शुरुआत में ही उनके इलाज में मददगार साबित होंगे: PM @narendramodi
— PMO India (@PMOIndia) December 25, 2019
आयुष्मान भारत के कारण देश के करीब 70 लाख गरीब मरीजों का मुफ्त इलाज हो चुका है, जिसमें करीब 11 लाख यहीं यूपी के हैं: PM @narendramodi
— PMO India (@PMOIndia) December 25, 2019
स्वच्छता और स्वास्थ्य सुविधाओं को गांव-गांव तक सुलभ कराने का जो अभियान यहां की सरकार ने चलाया है, वो यूपी के लोगों के जीवन को आसान बनाने की दिशा में बड़ा कदम हैं: PM @narendramodi
— PMO India (@PMOIndia) December 25, 2019
हमारी सरकार के लिए सुशासन का अर्थ है-
— PMO India (@PMOIndia) December 25, 2019
सुनवाई, सबकी हो।
सुविधा, हर नागरिक तक पहुंचे।
सुअवसर, हर भारतीय को मिले।
सुरक्षा, हर देशवासी अनुभव करे।
और सुलभता, सरकार के हर तंत्र की सुनिश्चित हो: PM @narendramodi
आज अटल सिद्धि की इस धरती से मैं यूपी के युवा साथियों को, यहां के हर नागरिक को एक और आग्रह करने आया हूं।
— PMO India (@PMOIndia) December 25, 2019
आजादी के बाद के वर्षों में हमने सबसे ज्यादा जोर अधिकारों पर दिया है, लेकिन अब हमें अपने कर्तव्यों, अपने दायित्वों पर भी उतना ही बल देना है: PM @narendramodi
हक और दायित्व को हमें साथ-साथ और हमेशा याद रखना है।
— PMO India (@PMOIndia) December 25, 2019
उत्तम शिक्षा, सुलभ शिक्षा हमारा हक है, लेकिन शिक्षा के संस्थानों की सुरक्षा, शिक्षकों का सम्मान, हमारा दायित्व है: PM @narendramodi
हम अपना दायित्व निभाएं, अपने लक्ष्यों को प्राप्त करें, यही सुशासन दिवस पर हमारा संकल्प होना चाहिए, यही जनता की अपेक्षा है, यही अटल जी की भी भावना थी: PM @narendramodi
— PMO India (@PMOIndia) December 25, 2019