Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লক্ষ্ণৌৰ অগ্নিকাণ্ডত প্ৰাণহানিৰ হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সুত্ৰপাত হোৱা এক অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। তেওঁ উল্লেখ কৰে যে উদ্ধাৰ অভিযান অব্যাহত আছে আৰু কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘এক্স’ পোষ্টত কয়;

“উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে আৰু কৰ্তৃপক্ষই সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”

***********

MJPS/SS/ST/DB