পি এম ইণ্ডিয়া
প্ৰসুন যোশী- নমস্কাৰ মোদী মহোদয়
প্ৰধানমন্ত্ৰী- আপোনাকো নমস্কাৰ আৰু সমগ্ৰ দেশবাসীকে নমস্কাৰ
প্ৰসুন যোশী- মোদী ডাঙৰীয়া, আমি সকলোৱে গম পাওঁ যে আপুনি কিমান ব্যস্ত কাৰ্যসূচীৰ পৰা সময় উলিয়াই ইয়ালৈ আহিছে আৰু আমি আপোনাৰ পৰা ক্ষন্তেক সময় বিচাৰিছোঁ৷ সৰ্বপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ৷ মই কিছু সময় পূৰ্বে ভাৰতৰ বিষয়ে এইদৰে লিখিছিলোঁ যে
‘‘धरती के अंतस: में जो गहरा उतरेगा, उसी के नयनों में जीवन का राग दिखेगा
धरती के अंतस: में जो गहरा उतरेगा, उसी के नयनों में जीवन का राग दिखेगा
जिन पैरों में मिट्टी होगी, धूल सजेगी, उन्हीं के के संग-संग इक दिन सारा विश्वল चलेगा।‘
‘ৰে’লৱে ষ্টেচন’ৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ হৈছে আৰু আজি ‘ৰ’য়েল পেলেচ’লৈ আপুনি অতিথি ৰূপে আহিছে৷ এই যাত্ৰাটোক আপুনি কিভাৱে বৰ্ণনা কৰিব মোদী ডাঙৰীয়া?
প্ৰধানমন্ত্ৰী- প্ৰসুন ডাঙৰীয়া, সৰ্বপ্ৰথমে মই আপোনাৰ প্ৰতি কৃতজ্ঞ যে বিপুল সংখ্যকৰ মাজত আপোনাক দৰ্শন কৰাৰ সৌভাদ্য হৈছে আৰু আপুনি ধৰিত্ৰীৰ ধূলিৰ পৰা নিজৰ কথা আৰম্ভ কৰিছে৷ আপুনিতো কবিৰাজ হয়, এই ‘ৰে’লৱে’ৰ পৰা ‘ৰ’য়েল পেলেচ’লৈ এই কথাংশ আপোনাৰ বাবে বৰ সৰল, কিন্তু জীৱনৰ পথ অতিশয় কঠিন৷ ৰে’লৱে ষ্টেচনৰ পৰিঘটনা মোৰ ব্যক্তিগত জীৱনৰ কাহিনী হয়৷ মোৰ জীৱনৰ সংঘৰ্ষৰ সেয়া এক স্বৰ্ণিল পৃষ্ঠা, যিয়ে মোৰ জীয়াবলৈ শিকালে, যুঁজিবলৈ শিকালে আৰু জীৱনটো নিজৰ বাবে নহয়, আনৰ বাবেও হ’ব পাৰে৷ এয়া ৰে’লৰ চিৰিত দৌৰি আৰু তাৰ পৰা ওলোৱা শব্দ মই শৈশৱৰ পৰা শিকিছোঁ; সেয়া মোৰ নিজৰ কথা৷ কিন্তু ‘ৰ’য়েল পেলেচ’, এয়া নৰেন্দ্ৰ মোদীৰ নহয়৷ এয়া মোৰ কাহিনী নহয়…
প্ৰসুন ডাঙৰীয়া- আৰু যি ভাৱনা আপোনাৰ ভিতৰত….
প্ৰধানমন্ত্ৰী- এই ‘ৰ’য়েল পেলেচ’ ১২৫ কোটি হিন্দুস্তানীৰ সংকল্পৰ পৰিণাম৷ ৰে’লৰ চিৰিৰ মোদী, এয়া নৰেন্দ্ৰ মোদী হয়৷ ‘ৰ’য়েল পেলেচ’ ১২৫ কোটি হিন্দুস্তানীৰ এজন সেৱক হয়, তেওঁ নৰেন্দ্ৰ মোদী নহয়৷ আৰু এয়া ভাৰতৰ লোকতন্ত্ৰৰ শক্তি হয়, ভাৰতৰ সংবিধানৰ সামৰ্থ হয়, যে য’ত এক অনুভৱ হয়, অন্যথা যি ঠাই কিছুমান পৰিয়ালৰ বাবে সংৰক্ষিত হয় আৰু লোকতন্ত্ৰত যদি জনতা-জনাৰ্দন, যি ঈশ্বৰৰ স্বৰূপ, তেওঁলোকে সংকল্প কৰে যদি এজন চাহ বিক্ৰেতাও তেওঁলোকৰ প্ৰতিনিধি হৈ ‘ৰ’য়েল পেলেচ’ত হাত মিলাব পাৰে৷
প্ৰসুন ডাঙৰীয়া- এয়া যিজন ব্যক্তি আৰু নৰেন্দ্ৰ মোদী, যি প্ৰধানমন্ত্ৰী, দেশক প্ৰতিনিধিত্ব কৰে, এই দুয়োজন একত্ৰ হৈ পৰে, যেতিয়া এনেকুৱা স্থানত আপুনি থাকে, অথবা আপুনি দেখে যে মই এটা যাত্ৰা কৰি আছোঁ অথবা সেয়া একত্ৰ হৈ পৰে, সকলো মিলি পৰে, আৰু এজনেই ব্যক্তি থাকি যায়?
প্ৰধানমন্ত্ৰী- এনেকুৱা হয়, মই তাত নাথাকোৱেই৷ আৰু মইতো আদিশংকৰৰ অদ্বৈতৰ সেই সিদ্ধান্তটো যি কোনোবাটো যুগৰ সৈতে জড়িত আছিল, সেয়ে মই জানো যে য’ত মই নাই, তাত তয়েই; য’ত দ্বৈত নাই তাত দ্বন্দ্ব নাই, আৰু সেইবাবে য’ত দ্বৈত নাই, আৰু সেই সেইবাবে যদি মই মোৰ ভিতৰৰ সেই নৰেন্দ্ৰ মোদীজনক লৈ যাওঁ তেনেহ’লে সি হয়তো দেশৰ অন্যায় কৰিব৷ দেশৰ সৈতে তেতিয়াহে ন্যায় হয় যেতিয়া মই নিজকে নিজে পাহৰি যাওঁ, নিজকে নিশ্চিহ্ন কৰি দিওঁ৷ নিজকে ৰোপণ কৰোঁ আৰু তেতিয়াহে হৈ পুলি প্ৰস্ফুটিত হয়৷ বীজো ৰুপিত হয় যি গৈ বটবৃক্ষৰ ৰূপ লয়৷ আৰু সেইবাবে আপুনি যি কৈছে মই সেয়া ভিন্ন ৰূপে দেখোঁ৷
প্ৰসুন ডাঙৰীয়া- কিন্তু যেতিয়া দেশৰ কথা আহে তেতিয়া আপুনি সেয়া অতি গুৰুত্বসহকাৰে লক্ষ্য কৰে আৰু আজি সকলোৱে পৰিৱৰ্তনৰ কথা কয়৷ প্ৰথমে চিন্তাৰ পৰিৱৰ্তন হয় আৰু পিছত কাৰ্যত হয়, আৰু পিছত এটা প্ৰক্ৰিয়াৰ দ্বাৰা অতিক্ৰম হয়৷ আপোনাতকৈ ভালকৈ এই বিষয়ে আৰু কোনে জানিব৷ পিছত পৰিৱৰ্তনে নিজৰ সৈতে আৰু এটা বস্তু লৈ আনে, মোদী ডাঙৰীয়া-অধীৰতা, আতুৰতা, আগ্ৰহ, অধৈৰ্য৷ আহক এই ভিডিঅ’টোত আমাৰ কথাৰ অৰ্থসমূহ জুকিয়াই চাওঁ৷
মোদী ডাঙৰীয়া, এতিয়া আমি সকলোৱে দেখিলো যে টুইটাৰত প্ৰশান্ত দীক্ষিতে এটা প্ৰশ্ন সুধিছে যে বহুত কাম হৈ আছে, পথ নিৰ্মাণ হৈ আছে, ৰে’লৱে চিৰি প্ৰসাৰিত হৈছে, গৃহ নিৰ্মাণ হৈ আছে৷ তেওঁ কৈছে যে প্ৰথমে আমাৰ দুখোজ দিয়াৰ অভ্যাস আছিল, মোদী ডাঙৰীয়া এতিয়া আমি বহুগুণ আগবাঢ়িব পাৰিছোঁ, তথাপিও অধৈৰ্যতা-এতিয়াই, এতিয়াই, এতিয়াই কিয় নহয়….ইয়াক কিদৰে চাই আপুনি?
প্ৰধানমন্ত্ৰী- মই ইয়াক ভিন্ন ৰূপত চাওঁ৷ যিটো সময়ত সন্তোষৰ ভাৱ উৎপন্ন হয়-বহুত হৈ গ’ল, ব’লা ইয়াৰ যোগেদিয়েই জীৱন নিৰ্বাহ কৰিম, তেনেহ’লে জীৱন কেতিয়াও আগ নাবাঢ়িব৷ প্ৰতিটো বয়সত, প্ৰতিটো যুগত, প্ৰতিটো অৱস্থাত কিবা নহয় কিবা এটা কৰাৰ, কিবা এটা নতুন প্ৰাপ্ত কৰাৰ উদ্দেশ্যই গতি প্ৰদান কৰে, নহ’ল মই বুজোঁ যে জীৱন স্তব্ধ হৈ গৈছে৷ আৰু যদি কোনবাই কয় অধৈৰ্যতা বেয়া বস্তু তেন্তে মই বুজোঁ যে তেওঁ বুঢ়া হৈছে৷ মোৰ দৃষ্টিত অধৈৰ্যতা তাৰুণ্যৰ প্ৰতীক আৰু আপোনালোকে দেখিছে যে যাৰ ঘৰত চাইকেল থাকে তেওঁ স্কুটাৰলৈ মন কৰে; স্কুটাৰ থাকিলে চাৰিচকীয়া লৈ মন কৰে; এই আগ্ৰহেই যদি নাথাকে তেন্তে কাইলৈ চাইকেলো গুচি যাব আৰু ক’ব ব’লা বাছত যাওঁ, এয়া জীৱন নহয়৷ আৰু মই সুখী যে আজি এশ পঁচিছ কোটি দেশবাসীৰ হৃদয়ত যি উৎসাহ, আশা, অপেক্ষা এই সকলোবোৰ উদ্ভাসিত হৈ উঠিছে৷ কিন্তু এটা সময়ত নিৰাশাৰ কূঁপত সকলো মজ্জিত হৈ আছিল৷ আৰু এনেকুৱা পৰিস্থিত হৈছিল, আৰে এৰি দিয়া বন্ধু, আৰু একো নহ’ব, হয়েই এনেকুৱা এনেধৰণৰ কথা ওলাইছিল৷ কিন্তু এতিয়া মই সুখী যে আমি এনেকুৱা পৰিৱেসৰ সৃষ্টি কৰিছোঁ যাৰ দ্বাৰা জনসাধাৰণে আমাৰ পৰা আৰু অধিক আশা কৰিছে৷
আপোনালোকৰ যিসকলে বহু পূৰ্বেই ভাৰতৰ পৰা গুচি আহিছে, তেওঁলোকে বোধহয় গম নাপাব, কিন্তু আজিৰ পৰা ১৫-২০ বছৰ পূৰ্বে যেতিয়া খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া গাঁৱৰ জনসাধাৰণে চৰকাৰী বিভাগসমূহলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু কি বিচাৰিছিল-যে এই বাৰ খৰাং বেছি হ’লে আমাৰ ইয়াত মাটি খন্দাৰ কাম নিশ্চয়কৈ কৰক, আৰু আমি পথত মাটি ঢলাৰ কাম কৰিব বিচাৰিছোঁ যাতে ইয়াত কেঁচা পথ নিৰ্মাণ কৰিব পাৰি৷ সেইসময়ত ইমানেই ব্যগ্ৰতা আছিল যে- খৰাং হওক আৰু অপেক্ষা কৰোঁ যাতে মাটি খন্দাৰ কাম পোৱা যায়; আৰু এটা পথত মাটি ঢলাৰ অৱকাশ পোৱা যায়৷ আজি মোৰ অনুভৱ, মই যেতিয়া গুজৰাটত মুখ্যমন্ত্ৰী আছিলোঁ, single lane road থকা মানুহসকলে কয়, আৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া ডাবল ৰোড নিৰ্মাণ কৰক না৷ ডাবল ৰোড নিৰ্মাণ হোৱাৰ পিছত কয়, আৰে চাহাব, এতিয়া পাৱাৰ ৰোড লাগে৷
মোৰ ভালকৈয়ে মনত আছে গুজৰাটৰ প্ৰান্তৱৰ্তী এলেকাৰ তহচীলৰ উচ্চল নিঝৰৰ পৰা কিছুমান ড্ৰাইভাৰে মোক লগ কৰিবলৈ আহিছিল৷ তেওঁলোকে কৈছিল যে তেওঁলোকক পাৱাৰ ৰোড লাগে৷ মই ক’লো, মই তোমালোকৰ এলেকাত আগেয়ে কেতিয়াবা স্কুটাৰ, কেতিয়াবা বাছেৰে যাত্ৰা কৰিছিলোঁ৷ মই বৰ্ষজুৰি জংগলত কাম কৰিছোঁ৷ তোমালোকৰ ইয়াত পথটো আছেই৷ তেওঁলোকে ক’লে, পথটো আছেই, কিন্তু আমি কলৰ খেতি কৰোঁ আৰু কল ৰপ্তানি কৰোঁ৷ এই পথেৰে গ’লে ট্ৰাকত আমাৰ কল নষ্ট হয়৷ আমাৰ ২০% লোকচান হয়, আমাৰ কল নষ্ট নহ’বলৈ আমাক পাৱাৰ ৰোড লাগে৷ মোৰ দেশৰ মানুহৰ অন্তৰত এই ভাৱ সৃষ্টি হোৱা, এই ব্যগ্ৰতা সৃষ্টি হোৱা, এয়াই মোৰ বাবে প্ৰগতিৰ বীজ৷ আৰু সেইবাবে মই ব্যগ্ৰতাক বেয়া বুলি নকওঁ৷
দ্বিতীয়তে, আপোনালোকে পৰিয়ালসমূহত দেখিছে- যদি তিনিজন ল’ৰা আছে- মাক দেউতাকে তিনিওজনকে ভাল পায়৷ কিন্তু কাম থাকিলে এজনক কয়-অলপ চাই দিবা চোন৷ যিয়ে কৰিব তেওঁকেইতো ক’ব৷ যদি আজি, আজি দেশে মোৰ পৰা অধিক আশা কৰে, এই কাৰণে কৰে যে কাৰণ তেওঁলোকৰ বিশ্বাস আছে, আজি বা কাইলৈ, কোনোবাদিনাটো হ’লেও কাম কৰিবই৷
সেই মই বুজোঁ যে-আৰু এয়া শুদ্ধ যে দেশে কেতিয়াও ভবা নাছিল যে এইখন দেশে ইমান ক্ষীপ্ৰতাৰে কাম কৰিব পাৰে৷ অন্যথা এয়া মানি লোৱা হৈছিল-পূৰ্বতে incremental change হওতেও সন্তোষ প্ৰাপ্ত হৈছিল, যে হৈ গ’ল৷ এতিয়া সেয়া নহয়৷ পূৰ্বতে এদিনত যিমান পথ নিৰ্মাণ কৰা হৈছিল এতিয়া প্ৰায় তিনি গুণ আমি নিৰ্মাণ কৰি আছোঁ, পূৰ্বতে যিমান কাম এদিনত হৈছিল, আজি সেয়া তিনি গুণ হৈছে৷ ৰেলৰ চিৰি নিৰ্মাণ কৰাই হওক, দ্বৈত পথ নিৰ্মাণ কৰাই হওক, সৌৰ শক্তি স্থাপন কৰাই হওক, শৌচাগাৰ নিৰ্মাণ কৰাই হওক, সকলো কামতে৷ আৰু এয়াই স্বাভাৱিক যে দেশবাসীয়ে আশা প্ৰকাশ কৰে কাৰণ বিশ্বাস আছে৷
প্ৰসুন ডাঙৰীয়া- হয়, এনে লাগে যেন যেতিয়া পথ তেওঁলোকৰ ওচৰলৈ যায় আৰু যেতিয়া পথ তেওঁলোকৰ সমীপ গৈ পায় তেতিয়া তেওঁলোক বিশ্বৰ সমীপ পায়গৈ৷ এফালে আপুনি আশা জাগ্ৰত কৰাৰ কথা কয় আৰু এই ব্যগ্ৰতাক আপুনি ভালদৰে বুজি পাইছে আৰু তাৰ যি ধনাত্মক দিশ আছে যে কিদৰে তেওঁ ব্যগ্ৰ হৈ পৰে, সেয়া অগ্ৰসৰ হোৱাৰ দ্বৈতক, সেয়া আপুনি আমাক বুজালে৷ মোদী ডাঙৰীয়া, জনসাধাৰণৰ ব্যগ্ৰতা এফালে, কিন্তু যিসমূহ চৰকাৰী ব্যৱস্থাৰ সৈতে আপুনি কাম কৰে তেওঁলোকৰ সৈতে আপুনি ব্যগ্ৰ হৈ পৰে নে? চৰকাৰী কাম-কাজৰ প্ৰক্ৰিয়াৰ দ্বাৰা, অথবা কেতিয়াবা নিৰাশাবোধ হয় নেকি যে মোদী ডাঙৰীয়াৰ হিচাপত কামবোৰ হোৱা নাই, বুলেট ট্ৰেইনৰ গতিৰ হিচাপত হোৱা নাই, যিদৰে আপোনাৰ মনত ঘটিত হয়?
প্ৰধানমন্ত্ৰী- মই গম পোৱা নাছিলোঁ যে এজন কবিৰ হৃদয়ত সাংবাদিক বহি আছে৷ মই স্বীকাৰ কৰোঁ যে যিদিনাই মোৰ ব্যগ্ৰতা সমাপ্ত হ’ব সিদিনা মই দেশৰ একো কামতে নাহিম৷ মই বিচাৰোঁ যে মোৰ ভিতৰত সেই ব্যগ্ৰতা জীয়াই থাকক, কাৰণ সেয়াই মোৰ উৰ্জা, যি মোক শক্তি প্ৰদান কৰে, মোক দৌৰায়৷ প্ৰতি নিশা যেতিয়া শোঁও তেতিয়া পৰৱৰ্তী দিনটোৰ সপোন লৈ শোঁও আৰু ৰাতিপুৱা উঠিয়েই কামত ব্যস্ত হৈ যাওঁ৷ আৰু নিৰাশা সন্দৰ্ভত কওঁ, যেতিয়া নিজৰ বাবে কিবা লোৱা, পোৱা, হোৱা আদি হয় তেতিয়া তাত আশা আৰু নিৰাশা সংবদ্ধ হৈ পৰে৷ কিন্তু যেতিয়া আপুনি ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ এই সংকল্প লৈ আগবাঢ়ে তেতিয়া মই ভাবোঁ যে নিৰাশ হোৱাৰ কোনো কাৰণেই নাই৷
কিছুমান লোকে ভাবে, একো নহ’ব, বেকাৰ চৰকাৰ, বেকাৰ নিয়ম, বেকাৰ আইন, বেকাৰ ব্যুৰ’ক্ৰেচী, বেকাৰ পদ্ধতি; এনেকুৱা কথা কোৱা কিছুমান লোক আপুনি লগ পাব৷ মই দ্বিতীয় প্ৰকাৰৰ মানুহ৷ মই কেতিয়াবা কৈছিলোঁ, যদি এটা এটা গিলাচত আধা ভৰ্তি হৈ আছে, তেন্তে এজন ব্যক্তিয়ে ক’ব, গিলাচটো আধা, এজনে ক’ব গিলাচটো আধা ভৰ্তি হৈ আছে, এজনে ক’ব আধা খালী হৈ আছে৷ মোক সুধিলে মই ক’ম- আধা পানীৰে ভৰা আৰু আধা বতাহেৰে ভৰা৷
আৰু সেইবাবে, এতিয়া আপুনি চাওক, সেয়াই চৰকাৰ, সেয়াই আইন, সেয়াই ব্যুৰ’ক্ৰেট, সেয়াই পদ্ধতি; তাৰ পিছতো যদি চাৰি বছৰৰ খতিয়ান লয়; মই আন চৰকাৰৰ আলোচনা কৰাৰ বাবে এই মঞ্চ ব্যৱহাৰ নকৰোঁ, আৰু মই কৰিবও নালাগে৷ কিন্তু বুজি পোৱাৰ বাবে তুলনাত্মক অধ্যয়নৰ বাবে আৱশ্যক হয় যে বিগত দহ বছৰত যিধৰণে কাম সম্পন্ন হৈছিল সেয়া দেখিলে গম পাব যে চাৰিটা বৰ্ষত কিদৰে হৈছে৷ তেতিয়া আপুনি লক্ষ্য কৰিব পাৰিব যে তেতিয়াৰ নিৰ্ণয় প্ৰক্ৰিয়া, আজিৰ নিৰ্ণয় প্ৰক্ৰিয়া; তেতিয়াৰ কাৰ্য, আজিৰ কাৰ্য; আকাশ-পাতালৰ পাৰ্থক্য পৰিলক্ষিত হ’ব৷ ইয়াৰ অৰ্থ এইটোৱেই যে যদি আপোনাৰ নীতি স্পষ্ট হয়, চিন্তা পৰিষ্কাৰ হয়, উদ্দেশ্য পবিত্ৰ হয় আৰু ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ কৰাৰ অভিপ্ৰায় থাকে তেন্তে এই প্ৰণালীৰ জৰিয়তেই আপুনি ঈপ্সিত পৰিণাম লৈ আগবাঢ়িব পাৰে৷
এয়া মূলতঃ মোৰ চিন্তাৰ কাৰণ, এনেকুৱাতো নহয় যে মই যি বিচাৰোঁ সেয়া সকলো হয়, কিন্তু নহ’লেও মই নিৰাশ নহওঁ, কাৰণ সেয়া কিয় নহ’ল মই চিন্তা কৰোঁ, আগলৈ ইয়াক সম্পন্ন কৰাৰ পথ-মই এইফালেৰে গৈছিলোঁ, এতিয়া অন্য ধৰণে যাওঁ, মই সম্পন্ন কৰোঁৱেই৷
প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, এইখিনিতে আমি এটা প্ৰশ্ন ল’ব বিচাৰিছোঁ যি আমি ভিডিঅ’ৰ মাধ্যমেৰে প্ৰত্যক্ষ কৰিম৷ দিল্লীৰ প্ৰিয়ংকা বৰ্মাই আপোনাৰ বাবে এটা প্ৰশ্ন প্ৰেৰণ কৰিছে৷ আহক চাওঁ-
প্ৰিয়ংকা- মোদী ডাঙৰীয়া, মই দিল্লীৰ পৰা প্ৰিয়ংকা, আজি মোৰো আপোনালৈ এটা প্ৰশ্ন আছে৷ আমি চৰকাৰ নিৰ্বাচন কিয় কৰোঁ যাতে চৰকাৰে আমাৰ বাবে কাম কৰে৷ কিন্তু যেতিয়াৰ পৰা আপুনি আহিছে তেতিয়াৰ পৰা ছিষ্টেম সম্পূৰ্ণ পৰিৱৰ্তন হৈছে৷ আপুনি চৰকাৰৰ সৈতে আমাৰ নিচিনা মানুহবোৰকো কামত লগাই দিছে, যি বহুত ভাল কথা৷ কিন্তু মোৰ প্ৰশ্নটো হ’ল পূৰ্বতে এনে কিয় হোৱা নাছিল? ধন্যবাদ৷
প্ৰসুন ডাঙৰীয়া- এওঁ যি প্ৰশ্ন কৰিছে যে আপুনি চৰকাৰৰ কামৰ সৈতে জনসাধাৰণৰ সৈতে কিদৰে জড়িত৷ সেয়া লাগিলে গেছৰ ৰাজসাহায্যই হওক, বহু ক্ষেত্ৰত আপুনি জনসাধাৰণৰ পৰা আশা কৰে৷
প্ৰধানমন্ত্ৰী- প্ৰিয়ংকাই এটা সুন্দৰ প্ৰশ্ন সুধিছে৷ ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ চাওক৷ তাৰ আগলৈও যাব পাৰে কিন্তু মই ১৮৫৭লৈ গৈছোঁ৷ যেতিয়া ১৮৫৭ চনত প্ৰথম স্বতন্ত্ৰতা আন্দোলন হৈছিল৷ আপুনি যিকোনো এটা বৰ্ষ চাওক, এশ বছৰত যিকোনো এটা বৰ্ষ চাওক, হিন্দুস্তানৰ যিকোনো এটা অঞ্চল প্ৰত্যক্ষ কৰক৷ কোনোবা নহয় কোনোবাজন স্বাধীনতাৰ বাবে শ্বহীদ হৈছে, দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ দিবলৈ কিবা নহয় কিবা এটা কৰিছে, কোনোবা নহয় কোনোবাজন যুৱকে নিজৰ জীৱন কাৰাগাৰত অতিবাহিত কৰিছে৷ অৰ্থাৎ স্বাধীনতাৰ সংঘৰ্ষ কোনোটো সময়ত, কোনোটো অঞ্চলত স্তব্ধ হোৱা নাছিল৷ জনসাধাৰণ এক গোট হৈছিল, স্বাধীনতাৰ কথা কৈছিল৷
কিন্তু মহাত্মা গান্ধীয়ে কি কৰিলে? মহাত্মা গান্ধীয়ে এই সমগ্ৰ ভাৱনাটোক এটা নতুন ৰূপ দিলে৷ তেওঁ জনসাধাৰণক একত্ৰিত কৰিলে৷ সাধাৰণৰ পৰা সাধাৰণতম ব্যক্তিকো সুধিলে যে তোমাক স্বাধীনতা লাগেনে? এনেকুৱা কৰা- তুমি ঝাড়ু লৈ পৰিষ্কাৰ কৰা, দেশে স্বাধীনতা পাব৷ তুমি প্ৰৌঢ় শিক্ষা চকৰিব পাৰা, কৰা৷ তুমি খাদীৰ কাম কৰিব পাৰা, কৰা৷ তুমি যুৱপ্ৰজন্মক লগত লৈ প্ৰভাত ফেৰী কৰিব পাৰৰা, কৰা৷ মহাত্মা গান্ধীয়ে স্বাধীনতাক জন আন্দোলনলৈ পৰিৱৰ্তিত কৰিছিল৷ জনসাধাৰণক তেওঁলোকৰ ক্ষমতা অনুসাৰে কাম দিছিল৷ আৰু জনসাধাৰণে বিশ্বাস কৰিছিল যে স্বাধীনতা ইয়াৰ যোগেদিও আহিব পাৰে৷
মই বুজোঁ যে মৃত্যু বৰণ কৰি খোজা লোকৰ সংখ্যা কম নহয়, কিন্তু তেওঁলোক আহিছিল আৰু শ্বহীদ হৈছিল, পুনৰ কোনোবা এজন আহিছিল, শ্বহীদ হৈছিল৷
গান্ধীজীয়ে একেসময়তে হিন্দুস্তানৰ প্ৰতিটো কোণৰ পৰা কোটি কোটি জনতাক একত্ৰিত কৰিছিল যাৰ বাবে স্বাধীনতা প্ৰাপ্তি সহজ হৈ পৰিছিল৷ মই ভাবোঁ, বিকাশো এক জন আন্দোলন হ’ব লাগে৷ যদি কোনোবাই ভাবে যে চৰকাৰে দেশ পৰিৱৰ্তন কৰিব, চৰকাৰে বিকাশ কৰিব; স্বাধীনতাৰ পিছত এনে এক পৰিৱেশৰ সৃষ্টি হ’ল, স্বাধীন হ’লো, সকলো চৰকাৰে কৰিব৷ গাঁৱত এটা গাঁত হ’লেও গাঁৱৰ লোক লগ হৈ স্মাৰক প্ৰস্তুত কৰি এখন জীপ ভাড়ালৈ ল’ব, তহচীলৰ ভিতৰলৈ গৈ স্মাৰক দিব৷ জীপ ভাড়াৰ খৰচৰে গাঁতটো পূৰ্ণ কৰিব পৰা গ’লহৈ, কিন্তু এতিয়া সেয়া চৰকাৰে কৰিব৷
স্বাধীনতাৰ পিছত এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ’ল, যে কোনো কৰিব, চৰকাৰে কৰিব৷ এইবাবে ধীৰে ধীৰে চৰকাৰ আৰু জনতাৰ মাজত দূৰত্ব বৃদ্ধি হৈ গৈ থাকিল৷ আপোনালোকে দেখিছে- বাছত যিসকলে যাত্ৰা কৰে, আপোনালোকে অনুভৱ কৰিছে- বাছত অকলে বহি আছে, কাষত কোনো সহযাত্ৰী নাই, সময় পাৰ কৰিবলৈ তেওঁ কি কৰে- আসনৰ ভিতৰত আঙুলি সুমুৱাই তাত এটা ফুটাৰ সৃষ্টি কৰে, আৰু ধীৰে ধীৰে সেইটোকে ডাঙৰ কৰি থাকে৷ কিন্তু যিসময়ত সেই লোকজনে গম পাব যে এই বাছখন চৰকাৰৰ, অৰ্থাৎ তেওঁৰ, এই চৰকাৰ তেওঁৰ, দেশ তেওঁৰ, এই ভাব লুপ্ত হৈ যায়৷
মই বিচাৰোঁ যে দেশত এই ভাব বহুত প্ৰবল হ’ব লাগে৷ দ্বিতীয়তে গণতন্ত্ৰ, এয়া কোনো ঠিকাভিত্তিক চুক্তি নহয় যে মই আজি ভোট দিলো, এতিয়া পাঁচ বছৰ তুমি কাম কৰা, পাঁচ বছৰৰ পিছত সুধিম যে কি কৰিলে, নহ’লে দ্বিতীয় এজনক লৈ আনিম৷ এয়া শ্ৰমিক চুক্তি নহয়৷ এয়া সহযোগিতাৰ কাম আৰু সেইবাবে মই participative democracy ৰ ওপৰত গুৰুত্ব দিওঁ৷ আৰু আপোনালোকে অনুভৱ কৰিছে যে যেতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগৰ সৃষ্টি হয়, চৰকাৰতকৈ অধিক সমাজৰ শক্তি জড়িত হৈ পৰে আৰু কিছুসময়ৰ ভিতৰতে সেই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হওঁ৷ কেনেকৈ? জনতা-জনাৰ্দনৰ ওচৰত বহু শক্তি আছে৷ গনতন্ত্ৰত জনতাক যিমান বিশ্বাস কৰিব, জনতাক যিমানে অংশীদাৰবদ্ধ কৰিব, পৰিণাম প্ৰাপ্ত হ’ব৷
চৰকাৰ গঠন কৰাৰ পিছত মই শৌচাগাৰ নিৰ্মাণৰ অভিযান আৰম্ভ কৰিলোঁ৷ আপুনি কল্পনা কৰক, চৰকাৰে পাৰিলেহেঁতেন নে? চৰকাৰেতো প্ৰথমে পাঁচ হাজাৰ বনাইছিল, এতিয়া দহ হাজাৰ বনাব৷ ক’ব যে পুৰণা চৰকাৰে পাঁচ হাজাৰ বনাইছিল আৰু মোদী চৰকাৰে দহ হাজাৰ৷ দহ হাজাৰেৰে কাম কেতিয়া শেষ হ’ব? জনতাই এই দায়িত্ব ল’লে, কাম সম্পূৰ্ণ হ’ল৷
আৰু জনতাৰ শক্তি চাওক৷ ভাৰতত জ্যেষ্ঠ নাগৰিকৰ বাবে ৰে’লৱেত টিকেটত ভাড়া হ্ৰাসৰ সুবিধা আছে৷ মই চৰকাৰ গঠন কৰি ক’লো যে আপোনালোকে যি সংৰক্ষণৰ তালিকা পূৰণ কৰে, তাতে জ্যেষ্ঠ নাগৰিকৰক সুবিধা নালাগে বুলি লিখক৷ সাধাৰণ কথা, প্ৰধানমন্ত্ৰী পৰ্যায়ত মই কেতিয়াও আপীল কৰা নাছিলোঁ৷ আপোনালোকে আচৰিত হ’ব, হিন্দুস্তানৰ বৈশিষ্টতা চাওক, হিন্দুস্তানৰ জনসাধাৰণৰ দেশ ভক্তি চাওক, এতিয়ালৈ ৪০ লাখ জ্যেষ্ঠ নাগৰিকে যি এচিত ভ্ৰমণ কৰে, তেওঁলোকে স্বেচ্ছামূলক ৰাজসাহায্য গ্ৰহণ নকৰে, এইদৰে লিখি সম্পূৰ্ণ টিকেটৰ খৰচত ভ্ৰমণ কৰে৷ যদি মই আইন প্ৰণয়ন কৰিলোহেঁতেন যে আপোনালোক জ্যেষ্ঠ নাগৰিকসকলৰ যিকোনো দবাত পোৱা সুবিধা বন্ধ কৰা হওক, তেতিয়া সমদল বাহিৰ হ’লহেঁতেন, পুত্তলিকা দহন হ’লহেঁতেন আৰু পিছত? পিছত popularity rating আহিলহেঁতেন, মোদী তললৈ নামিলহেঁতেন৷ কিন্তু আপোনালোকে দেখা পালে ৪০ লাখ লোক৷
এদিন মই লালকিল্লাৰ পৰা ক’লো- যিসকলে ব্যয় বহন কৰিব পাৰে, তেওঁলোকে গেছৰ ৰাজসাহায্য কিয় ল’ব লাগে? আমাৰ দেশত গেছ চিলিণ্ডাৰৰ সংখ্যাৰ আধাৰত নিৰ্বাচন খেলা হৈছিল৷ কোনোবাই কৈছিল, মোক প্ৰধানমন্ত্ৰী বনাওক, এতিয়া ৯টা চিলিণ্ডাৰ পায়, মই ১২টা চিলিণ্ডাৰ দিম; এই ঘোষণা কৰা হৈছিল ২০১৪ চনত৷ মই জনতাক ওলোটাকৈ ক’লো, মই ক’লো যে যদি প্ৰয়োজন নাই, তেন্তে ৰাজসাহায্য ত্যাগ কৰক৷ আৰু আপুনি আচৰিত হ’ব, হিন্দুস্তানৰ প্ৰায় ১ কোটি ২৫ লাখতকৈও অধিক পৰিয়ালে গেছৰ ৰাজসাহায্য পৰিত্যাগ কৰিলে৷ দেশত নীতিবান লোকৰ সংখ্যা কম নহয়৷ দেশৰ বাবে জীৱন-মৃত্যুবৰণ তথা কিবা নহয় কিবা এটা কৰা লোকৰ সংখ্যাও কম নহয়৷
আমাৰ কাম হ’ল দেশৰ সামৰ্থতা বুজি পোৱা, সেয়া সংবদ্ধ কৰা আৰু মোৰ এয়ে চেষ্টা যে আমি, চৰকাৰে দেশ চলাব লাগিব, এই চৰকাৰৰ যি অহংকাৰ আছে, সেই অহংকাৰ পৰিত্যাগ কৰগিব লাগে৷ জনতা জনাৰ্দনেই হ’ল শক্তি, তেওঁলোকৰ সৈতে চলিব লাগিব৷ আমি যেনেদৰে বিচাৰিম তেনেকুৱা পৰিণামেই জনতাই আমাক দিব আৰু সেইবাবে জনতাৰ সৈতে লগ হৈ কাম কৰাৰ বিচাৰ সন্মুখত লৈ আগবাঢ়িছোঁ৷
প্ৰসুন মহোদয়- বাহ মোদী ডাঙৰীয়া, দুটা শাৰীৰ এক পুৰণি কথা মনলৈ আহিছে, जो ये सरकार और जनता के बीच की दूरी जो हो गई थी- कि हम नीची नजर करके देखत हैं चरण तुमरे, तुम जाइके बैठे हो इक ऊंची अटरिया मां।
প্ৰধানমন্ত্ৰী- মই জনতা জনাৰ্দনক এয়েই প্ৰাৰ্থনা কৰিম যে আপোনালোকে আমাক আশীৰ্বাদ দিয়ক যাতে মোৰ সেই স্বভাৱ নহয়৷
প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, ইয়াৰ পিছত আমি এটা প্ৰশ্ন লওঁ৷ দৰ্শকৰ পৰা এটা প্ৰশ্নৰ বাবে অনুৰোধ আহিছে- শ্ৰী ময়ুৰেশ ওঝানী ডাঙৰীয়াই এটা প্ৰশ্ন সুধিব বিচাৰিছে৷ ময়ুৰেশ ওঝানী ডাঙৰীয়া আপোনাৰ প্ৰশ্ন সোধক৷
প্ৰশ্নকৰ্তা- নমস্কাৰ মোদী ডাঙৰীয়া৷ যেতিয়া আপুনি ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ অতি গুৰুত্বপূৰ্ণ, ঐতিহাসিক আৰু সাহসীপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল তেতিয়া আপোনাৰ মনত কেনে ভাৱে ক্ৰিয়া কৰিছিল?
প্ৰসুন ডাঙৰীয়া- ছাৰ্জিকেল ষ্ট্ৰাইকৰ ওপৰত আপোনাৰ প্ৰশ্ন আছে৷
প্ৰধানমন্ত্ৰী- মই আপোনাৰ প্ৰতি কৃতজ্ঞ যে আপুনি বাণীৰ দ্বাৰা নিজৰ ভাৱনা প্ৰকট কৰিব পৰা নাই কিন্তু নিজৰ কাৰ্যৰ দ্বাৰা আপোনাৰ ভাৱ প্ৰকট কৰিছে আৰু শব্দৰ দ্বাৰা আপোনাৰ সংগীয়ে মোলৈ এই বাৰ্তাটো কঢ়িয়াই আনিছে৷ এয়াটো এক হৃদয়স্পৰ্শী দৃশ্য, ই মোক স্পৰ্শ কৰিছে৷ ভগবান ৰামচন্দ্ৰ আৰু লক্ষ্মণৰ যি সংবাদ, লংকা এৰাৰ সময়ত, তেতিয়াও সেই সিদ্ধান্ত আমি দেখিছিলোঁ৷ কিন্তু যেতিয়া কোনোবাই সন্ত্ৰাসবাদ ৰপ্তানি কৰাৰ উদ্যোগ নিৰ্মাণ কৰি বহি থাকে, মোৰ দেশৰ নিৰ্দোষ নাগৰিকক হত্যা কৰে, যুদ্ধ কৰাৰ শক্তি নাই, পিঠিৰ পিছৰ পৰা আক্ৰমণ কৰে; তেন্তে এই মোদীয়ে তেওঁলোকৰ ভাষাতেই উত্তৰ দিব জানে৷
আমাৰ সৈন্যদল ৰাতি টেণ্টত শুই থকাৰ মুহূৰ্তত কিছুমান কাপুৰুষ আহি হত্যা কৰি থৈ যায়৷ আপোনালোকৰ কোনোবাই বিচাৰিব যে মই মৌন হৈ বহি থাকিম৷ তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব নালাগে নেকি? আৰু সেইবাবে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলোঁ আৰু মোৰ সৈন্যদলৰ ওপৰত গৌৰৱবোধ হৈছে৷ যি আঁচনি প্ৰণয়ন কৰা হৈছিল, সেয়া এশ শতাংশই কোনো ভুল নকৰাকৈ তেওঁলোকে ৰূপায়ণ কৰিলে আৰু সূৰ্যোদয় হোৱাৰ পূৰ্বে উভতি আহিল৷ আৰু আমাৰ নীতিজ্ঞান চাওক- যিসকল বিষয়াই এয়া কাৰ্যকৰী কৰি আছিল, মই তেওঁলোকক ক’লো- যে হিন্দুস্তানে গম পোৱাৰ পূৰ্বে, মিডিয়া সেই স্থান গৈ পোৱাৰ পূৰ্বে আপোনালোকে পাকিস্তান সৈন্যক ফোন কৰি কওক যে আজি ৰাতি আমি এয়া কৰিলোঁ, যি মৃতদেহ তাত পৰি আছে, আপোনালোকৰ যদি সময় আছে তেন্তে লৈ যাওক৷
আমি পুৱা ১১ বজাৰ পৰা তেওঁলোকক ফোনত চেষ্টা কৰি আছিলোঁ, ফোনৰ কাষলৈ অহাৰ বাবে তেওঁলোকে ভয় খাই আছিল, আহা নাছিল৷ ইয়ালৈ সাংবাদিকসকলক মাতি অনা হৈছিল, আমাৰ আৰ্মী বিষয়া উপস্থিত আছিল, সাংবাদিকসকল আচৰিত হৈছিল যে কি হ’ল, আমাক ইয়ালৈ মাতি আনিলে আৰু কোনেও একো কোৱা নাই যে৷
মই ক’লো, সাংবাদিকসকল বহি আছে, তেওঁলোকক বহাওক৷ ক্ষন্তেক তেওঁলোকৰ খং উঠিব পাৰে কিন্তু প্ৰথমে পাকিস্তানৰ সৈতে কথা পাতক যে এয়া আমি কৰিছোঁ; আমি লুকুওৱা নাই৷ ১২টা বজাত তেওঁলোক টেলিফোনলৈ আহিল, তেওঁলোকৰ সৈতে কথা হ’ল, তেওঁলোকক কোৱা হ’ল যে এনেকুৱা হৈছে আৰু এয়া আমি কৰিছোঁ৷ ইয়াৰ পিছত আমি হিন্দুস্তানৰ মিডিয়া আৰু সমগ্ৰ বিশ্বক জনালো যে এয়া ভাৰতীয় সেনাৰ ন্যায় প্ৰাপ্ত কৰাৰ অধিকাৰ আছিল আৰু আমি এয়া কৰিলো৷ এই ছাৰ্জিকেল ষ্ট্ৰাইক ভাৰতীয় বীৰৰ পৰাক্ৰম আছিল কিন্তু সন্ত্ৰাসবাদ ৰপ্তানি কৰা সকলে গম পাব লাগে যে এতিয়া হিন্দুস্তান পৰিৱৰ্তিত হৈছে৷
প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, যেতিয়া আপুনি বীৰত্বৰ কথা ক’লে তেতিয়া সেনাৰ কথা ক’লে৷ সেনাৰ ইমান ত্যাগৰ পিছতো আমি তাতে ৰাজনীতিৰ প্ৰবেশ হোৱা দেখা পাইছোঁ৷ সেনাৰ বীৰত্বৰ ওপৰত জনতাই প্ৰশ্নচিহ্ন লগোৱাৰ বাবে উন্মুখ হৈ উঠে৷ এয়া কিভাৱে চাই আপুনি?
প্ৰধানমন্ত্ৰী- চাওক, এই মঞ্চখন মই ৰাজনৈতিক প্ৰতিদ্বন্ধীসকলৰ বিষয়ে আলোচনা কৰাৰ বাবে ব্যৱহাৰ কৰিব বিচৰা নাই৷ মই এয়াই ক’ম-ঈশ্বৰে সকলোকে সদবুদ্ধি দিয়ক৷
প্ৰসুন ডাঙৰীয়া- মোদী ডাঙৰীয়া, এয়া আমি পৰিৱৰ্তন, ব্যগ্ৰতাৰ কথা পাতিলো৷ কোৱা হয় য’ত ৰবি উপস্থিত নহয়, তাত কবি উপস্থিত হয়৷ কবি হওঁ বাবই কোৱা নমাই এই কথা৷ প্ৰকৃত প্ৰগতি সেয়াই যি সকলোকে স্পৰ্শ কৰে৷ যিকোনো সভ্যতা-আপুনি এইমাত্ৰ ক’লে৷ যিদৰে আপুনি বয়োবৃদ্ধৰ কথা ক’লে, ব্যংগৰ কথা ক’লে৷ যি সভ্যতাই নিজৰ সমাজৰ সমালোচনা হজম কৰিব নোৱাৰে তেওঁলোকে নিজৰ ওপৰত গৰ্ব কৰিব নোৱাৰে৷
কাৰ্যক্ৰমৰ এই অংশত আমি সেই বৰ্গৰ কথা পাতো আহক যাৰ স্থিতি থাকিও দৃশ্যমান নহয়৷ ডাঙৰ ডাঙৰ যোজনাৰ অন্তৰালত এওঁলোক হেৰাই যায়৷ যিদৰে ঢোলৰ শব্দত বাঁহীৰ মাত মন্থৰ হৈ পৰে৷ আহক কিছু দৃশ্যাৱলী দৰ্শন কৰো৷
মোদী ডাঙৰীয়া, আপুনি লালকিল্লাৰ পৰা প্ৰথমবাৰ শৌচাগাৰৰ দৰে বিষয়ৰ ওপৰত কথা কৈছিল৷ কোনো প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰলৈ এনেকুৱা সৰু কিন্তু গুৰুত্বপূৰ্ণ বিষয়ক প্ৰাথমিকতা প্ৰদান কৰি কথা পাতিছে৷ এয়া আমি দেখিছোঁ৷ এই যি প্ৰাথমিকতাৰ পৰিৱৰ্তন হৈছে, যি প্ৰাথমিকতাৰ বিষয়ে আপুনি সিদ্ধান্ত লৈছে, ইয়াক কিদৰে নিৰ্ণয় কৰে আৰু এই বিষয়টো কিদৰে সন্মুখলৈ আহিল?
প্ৰধানমন্ত্ৰী- চাওক, মই এয়াতো নকওঁ যে স্বাধীনতাৰ ৭০ বছৰৰ ভিতৰত কোনো চৰকাৰে এই বিষয়ৰ ওপৰত ধ্যান দিয়া নাছিল, এয়া ক’লে তেওঁলোকৰ সৈতে অন্যায় কৰা হ’ব৷ মই সেইধৰণে কথা নকওঁ৷ আৰু মইতো লালকিল্লাৰ পৰা এয়াও কৈছিলোঁ যে আজি হিন্দুস্তান যিটো পৰ্যায়ত আছে, স্বাধীনতাৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰৰ, সকলো প্ৰধানমন্ত্ৰীৰ, সকলো ৰাজ্য চৰকাৰৰ, সকলো মুখ্যমন্ত্ৰীৰ, সকলো জন প্ৰতিনিধিৰ কিবা নহয় কিবা এটা অৰিহণা আছে৷ এয়া মই লালকিল্লাৰ পৰা কৈছিলোঁ আৰু এয়া মই মানি লৈছোঁ৷ কিন্তু ই যোজনা, ইমান ধন খৰচ কৰাৰ পিছতো কি কাৰণত জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন নাহিল?
মহাত্মা গান্ধীয়ে আমাক এটা সিদ্ধান্ত দিছিল আৰু মই এটা বুজি পাঁও যে যিকোনো উন্নয়নশীল দেশৰ বাবে ইয়াতকৈ সুন্দৰ সিদ্ধান্ত একো হ’ব নোৱাৰে৷ মহাত্মা গান্ধীয়ে কৈছিল, যিকোনো নীতি গ্ৰহণৰ ক্ষেত্ৰত তাক তুলাচনীত তোলক আৰু চাওক যে শেষত বহি থকা মানুহজনে এই নীতিৰ পৰা কিদৰে লাভবান হ’ব৷ মহাত্মা গান্ধীৰ এইষাৰ কথা মোৰ হৃদয়ৰ ভিতৰলৈ সোমাই গ’ল৷ যে আমি যিমানেই নীতি নবনাও কিয়, যিমানেই ডাঙৰ ডাঙৰ কথা নকও কিয়, কিন্তু যাৰ বাবে এই নীতিসমূহ প্ৰণয়ন কৰা হৈছে, সেই অন্তিম পৰ্যায়ত থকা ব্যক্তিজনৰ কাষলৈ এই নীতিসমূহ লৈ যোৱাৰ বাবে আমি কি কৰিছোঁ?
মই জানো যে মই এনেকুৱা কঠিম কাম মূৰত তুলি লৈছোঁ, হ’ব পাৰে সেই কামৰ পৰা ঋণাত্মক কাৰকো উদ্ভৱ হ’ব পাৰে, কিন্তু এই কামবোৰ কি এৰি দিব লাগে নেকি? দুখীয়াসকল য’ত পৰি আছে তাতেই পৰি থাকিব দিব লাগে নেকি? আৰু তেতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে যেতিয়া কোনো সৰু ছোৱালীৰ বলাৎকাৰ হয়, এয়া কিমান ভয়ানক ঘটনা৷ কিন্তু তেতিয়া আমি ক’ম নেকি যে আপোনালোকৰ চৰকাৰৰ সময়ত ইমানটা হৈছিল আৰু মোৰ চৰকাৰৰ সময়ত ইমান হৈছে৷ মই বুজোঁ যে ইয়াতকৈ ভুল পথ একো হ’ব নোৱাৰে৷ বলাৎকাৰ বলাৎকাৰেই, এজনী কন্যাৰ ওপৰত হোৱা অত্যাচাৰ কিদৰে সহিব পাৰে? আৰু সেইবাবে মই লালকিল্লাৰ পৰা এই বিষয়ৰ ওপৰত নতুন ধৰণে প্ৰকাশ কৰিছোঁ৷ মই কৈছোঁ যে যদি ছোৱালী সন্ধিয়া দেৰীকৈ ঘৰলৈ আহে তেতিয়া মাক-দেউতাকে সোধে, ক’লৈ গৈছিলি? কিয় গৈছিলি? কাক ল’গ কৰিলি? ফোনত কথা পাতি থাকোঁতে মাকে দেখিলে কয়, কথা বন্ধ কৰা, কাৰ সৈতে কথা পাতি আছা? কিয় কথা পাতি আছা?
আৰে তোমালোকে কন্যাসকলকতো সকলো সুধিছাই, কেতিয়াবা পুত্ৰসকলকো সোধা, ক’লৈ গৈছিল? এই কথা মই লালকিল্লাৰ পৰা কৈছিলোঁ৷ আৰু মই মানো যে এই বেয়াখিনি সমাজৰ হয়, ব্যক্তিৰ হয়, বিকৃতি হয়, এয়া হোৱাৰ পিছতো দেশৰ বাবে চিন্তাৰ বিষয় হয়৷ আৰু এই পাপ কৰোঁতাজন কাৰোবাৰতো সন্তান হয়৷ তেওঁৰ ঘৰতো মাক আছে৷
সেইদৰে আপুনি কল্পনা কৰিব পাৰে যে স্বতন্ত্ৰতাৰ ইমান বৰ্ষৰ পিছতো ভাৰতত অনাময়ৰ সীমা ৩৫-৪০ শতাংশৰ আশে-পাশে আছিল৷ আজিও আমাৰ মাতৃ-ভগ্নীসকল, কিয়নো চাওক, ইয়াৰ আন এটা কাৰণো আছে- দৰিদ্ৰতাৰ বিষয়ে জানিবলৈ মই কিতাপ অধ্যয়ন কৰাৰ প্ৰয়োজন নাই৷ মই টিভিত চাই দৰিদ্ৰতা অনুভৱ কৰিব নালাগে, মই সেই জীৱন অতিবাহিত কৰি আহিছোঁ৷ দাৰিদ্ৰতা কি, নিম্নস্তৰ কি, দাৰিদ্ৰৰ জীৱন কেনেকুৱা সেই মই দেখি আহিছোঁ৷
আৰু সেইবাবে, মই মনেৰে মানো যে ৰাজনীতি নিজৰ স্থানত, মোৰ সমাজ নীতিয়েই হওক, মোৰ ৰাষ্ট্ৰনীতিয়েই হওক, মোক কয় যে এওঁলোকৰ জীৱনলৈ কিবা এটাতো পৰিৱৰ্তন আনিব লাগিব মই৷ আৰু সেইবাবে মই লালকিল্লাৰ পৰা কৈছিলো যে আমাৰ বিজুলীৰ ব্যৱস্থা নথকা ১৮ হাজাৰ গাঁও, অৰ্থাৎ বাকীবোৰ অঞ্চললৈ বিজুলী আহিছে৷ যিসকলে এই সুবিধা প্ৰদান কৰিছে তেওঁলোকক শ শ প্ৰণাম৷ কিন্তু ৭০ বছৰৰ পিছত ১৮ হাজাৰ গাঁৱত নোপোৱাটো, এই দায়িত্বটো আমি ল’ব লাগে৷ আৰু মই চৰকাৰী বিভাগসমূহক কৈছোঁ, মই কৈছোঁ- কেতিয়া কৰিবা ভাইসকল? কিছুমানে ক’লে সাত বছৰ লাগিব৷ মই ক’লো- মই সাত বছৰ অপেক্ষা কৰিব নোৱাৰোঁ৷ আৰু মই লালকিল্লাৰ পৰা ঘোষণা কৰিলো-মই ১০০০ দিনত কাম সম্পূৰ্ণ কৰিব বিচাৰিছোঁ৷ কঠিন কাম আছিল, দুৰ্গম এলেকা আছিল, ক’ৰবাত সন্ত্ৰাসবাদী অছিল, ক’ৰবাত মাওবাদী আছিল৷ ১৮ হাজাৰ গাঁৱত বিদ্যুৎ যোগানৰ কাম প্ৰায় সম্পূৰ্ণ হ’ল৷ এতিয়া বোধহয় ডেৰশ, দুশ পঞ্চলিশ গাঁও বাকী আছে৷ কাম চলি আছে৷
আপুনি কল্পনা কৰিব পাৰে যে দুখীয়া মা এগৰাকী শৌচালয় যোৱাৰ বাবে সূৰ্যোদয়ৰ পূৰ্বে হাবিলৈ যোৱাৰ বাবে চিন্তা কৰে আৰু দিনত যাতে যাব লগা নহয় সেই কথা চিন্তা কৰে, শাৰীৰিক পীড়া সহ্য কৰে আৰু সূৰ্যাস্ত হোৱালৈ অপেক্ষা কৰে৷ তেওঁ শৌচালয়ৰ বাবে নাযায়৷ সেই মা গৰাকীৰ কিমান পীড়া হ’ব? কিমান কষ্ট হ’ব? তেওঁৰ শৰীৰত কিমান কষ্ট হ’ব৷ আমি শৌচালয় নিৰ্মাণ কৰিব নোৱাৰোঁ নেকি? এই প্ৰশ্নটোৱে মোক শুবলৈ দিয়া নাছিল৷ আৰু তেতিয়াই মোৰ এনে লাগিছিল যে লালকিল্লালৈ গৈ নিজৰ ভাৱনা ব্যক্ত কৰিব, দায়িত্ব বহু ডাঙৰ হ’ব৷ কিন্তু মই দেখিলো যে দেশে যথেষ্ট সঁহাৰি জনাইছে৷ আজি প্ৰায় তিনি লাখ গাঁও open defecation free হৈ পৰিছে আৰু কাম তীব্ৰ গতিত হ’বলৈ ধৰিছে৷ আৰু সেইবাবে এই গণতন্ত্ৰত চৰকাৰৰ এয়া প্ৰাথমিক দায়িত্ব হৈ পৰিছে৷
আৰু সেইদৰে মই যিদৰে এটা দায়িত্ব গ্ৰহণ কৰিলোঁ- প্ৰথমে প্ৰতিখন গাঁৱলৈ বিদ্যুৎ যোগান ধৰা সেই দায়িত্বটো গ্ৰহণ কৰিলো৷ এতিয়া দায়িত্ব ল’লো প্ৰতিখন ঘৰলৈ বিদ্যুৎ যোগান ধৰাটো৷ চাৰি কোটি পৰিয়াল এনেকুৱা আছে৷ ভাৰতত সৰ্বমুঠ প্ৰায় ২৫ কোটি পৰিয়াল আছে, এশ পঁচিশ কোটি জনসংখ্যা আছে৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছতো চাৰি কোটি পৰিয়ালে আজিও ১৮শ শতিকাৰ জীৱন-যাপন কৰিছে৷ তেওঁলোকে চাকি জ্বলাই জীৱন অতিবাহিত কৰিছে৷
মই দায়িত্ব গ্ৰহণ কৰিলো৷ সৌভাগ্য যোজনাৰ অন্তৰ্গত বিনামূলীয়াকৈ মই সেই চাৰি কোটি পৰিয়াললৈ বিদ্যুতৰ যোগান ধৰিম৷ তেওঁলোকৰ সন্তান বিজুলীৰ পোহৰত পঢ়িব৷ তেওঁলোকৰ ঘৰত যদি কম্পিউটাৰ চলায়, ম’বাইল চাৰ্জ দিয়ে, ইয়াৰ জৰিয়তে তেওঁলোক সমগ্ৰ বিশ্বৰ সৈতে সংযোজিত হ’ব৷ টিভি অনাৰ টকা হয় যদি টিভি চাব, পৰিৱৰ্তিত বিশ্ব প্ৰত্যক্ষ কৰিব৷ সেই বিশ্বৰ সৈতে সংযুক্ত কৰাৰ বাবে তেওঁলোকৰ হৃদয়ৰ ব্যগ্ৰতাও মই উৎপন্ন কৰিব লাগিব৷ তেওঁলোকৰ হৃদয়ত সেই ব্যগ্ৰতা উৎপন্ন কৰিব লাগে যাতে কিবা এটা কৰাৰ বাবে তেওঁলোকৰ মোৰ সৈতে সংবদ্ধ হয় আৰু এয়াইতো সৱলীকৰণ৷ মই দাৰিদ্ৰৰ সৱলীকৰণ কৰি, দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলৈ মোৰ সংগীবৃন্দৰ এটা দল গঠন কৰিব বিচাৰিছোঁ, এই দলটো দাৰিদ্ৰসকলৰ হ’ব আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিব আৰু তেতিয়াহে দৰিদ্ৰতা বিমোচন হ’ব৷ দৰিদ্ৰতা বিমোচনৰ ধ্বনিৰে একো নহয়৷
প্ৰসুন মহোদয়- মোদী মহোদয়, আপুনি সম্পূৰ্ণ কষ্ট কৰি আছে, এয়া সকলোৱে মানে৷ কিন্তু আপুনি অকলে দেশ পৰিৱৰ্তন কৰিব পাৰিব নে?
প্ৰধানমন্ত্ৰী- চাওক, মই কষ্ট কৰোঁ, এই কথা আপুনি ক’লে, মই জানো যে দেশত ইয়াক লৈ কোনো বিবাদ নহয়৷ মই কষ্ট কৰোঁ, এয়া বিষয় নহয়; যদি নকৰিলোহৈ তেন্তে সেয়া বিষয় হ’লহেঁতেন৷ মোৰ পুঁজি হ’ল প্ৰমাণিকতা৷ মোৰ পুঁজি হ’ল দেশৰ এশ পঁচিশ কোটি দেশবাসীৰ প্ৰেম আৰু সেইবাবে মই অধিক পৰিশ্ৰম কৰিব লাগে৷ আৰু মই দেশবাসীক ক’বলৈ বিচাৰিম যে মই আপোনালোকৰ দৰেই এজন সামান্য নাগৰিক৷ এজন সাধাৰণ মানুহৰ গাত থকা দুৰ্বলতাসমূহ মোৰো আছে৷
কোনোৱে মোক ভিন্ন বুলি যেন নাভাবে৷ আপোনালোকে মোক আপোনালোকৰ দৰেই ভাবি লওক আৰু এয়াই সত্য৷ মই যি স্থানত আছোঁ সেয়াতো এক ব্যৱস্থাৰ অংশ, কিন্তু মই সেইজনেই, যি আপুনিও হয়৷ আপোনাতকৈ মই ভিন্ন নহয়৷ মোৰ ভিতৰত এজন শিক্ষাৰ্থী লুকাই আছে৷ আৰু মই শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞ যে সৰুতে তেওঁলোকে মোক এনে পথ দেখুৱালে যে নিজৰ ভিতৰত বিদ্যাৰ্থীজনক মই কেতিয়াও মৃত্যু হ’বলৈ নিদিলো৷ আৰু মই যি দায়িত্ব পাওঁ, তাৰ পৰা মই শিকিবলৈ, বুজিবলৈ চেষ্টা কৰোঁ৷ মই যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো তেতিয়া দেশবাসীক কৈছিলো যে মোৰ ওচৰত অভিজ্ঞতা নাই৷ মোৰ ভুল হ’ব পাৰে৷ কিন্তু মই দেশবাসীক বিশ্বাস প্ৰদান কৰিছিলোঁ যে মই ভুল কৰিব পাৰোঁ কিন্তু বেয়া মনোভাৱেৰে কেতিয়াও ভুল নকৰোঁ৷
দীৰ্ঘসময় ধৰি গুজৰাটত মই longest service chief minister ৰূপত দায়িত্ব পালন কৰিলো, এতিয়া চাৰি বছৰ হ’ল, প্ৰধানমন্ত্ৰীৰ, প্ৰধান সেৱকৰ ভূমিকাত কাম কৰাৰ সুযোগ পাইছোঁ৷ কিন্তু বেয়া উদ্দেশ্যৰে কেতিয়াও কাম নকৰোঁ, এয়া মই দেশবাসীৰ সন্মুখত প্ৰতিজ্ঞা কৰিছিলোঁ৷
এতিয়া প্ৰশ্ন হ’ল এইটো যে মই কেতিআও ভবা নাছিলো যে মই দেশ পৰিৱৰ্তন কৰিম, এয়া কেতিয়াও ভবা নাছিলো৷ কিন্তু মোৰ হৃদয়ত এই বিশ্বাসো আছে যে যদি মোৰ দেশত লাখটা সমস্যাও আছে তেন্তে এশ পঁচিশ কোটি সমাধানো আছে৷ যদি মিলিয়ন সংখ্যক সমস্যা আছে তেন্তে বিলিয়ন সংখ্যক সমাধানো আছে৷ এশ পঁচিশ কোটি দেশবাসীৰ শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই অনুভৱ কৰিব পাৰোঁ যে কোনোবাই বিমূদ্ৰাকৰণৰ কল্পনা কৰিব পাৰেনে?
মোৰ দেশৰ সাধাৰণ নাগৰিক সততাৰ বাবে কষ্ট সহ্য কৰিবলৈ প্ৰস্তুত৷ যদি এয়াই মোৰ দেশৰ শক্তি তেন্তে সেই শক্তিৰ অনুৰূপ নিজৰ জীৱনতো সঞ্চিত কৰিব লাগে৷ আৰু তাৰ ফলস্বৰূপেই আজি যিমানবোৰ পৰিণাম আপুনি দেখিবলৈ পাইছে, মোদীতো কেৱল নিমিত্তহে আৰু প্ৰকৃততেই মোদীৰ ইয়াত প্ৰয়োজন আছে৷ প্ৰয়োজনটো কি, কাৰোবাক যদি পাথৰ মাৰিব লাগে তেন্তে কাক মাৰিব? কাৰোবাক জাবৰ-জোঁথৰ দলিয়াব লাগে তেন্তে ক’ত পেলাব? কাৰোবাক গালি দিব লাগে তেন্তে কাক দিব?
সেয়ে মই নিজকে সৌভাগ্যশালী বুলি ভাবোঁ কাৰণ মোৰ এশ পঁচিশ কোটি দেশবাসীৰ ওপৰত কোনেও পাথৰ মাৰা নাই, কোনেও জাবৰ-জোঁথৰ দলিওৱা নাই, কোনেও গালি পাৰা নাই৷ মই অকলে এই সমূহ গ্ৰহণ কৰিছোঁ, সহ্য কৰিছোঁ৷ আৰু মই আপোনাৰ দৰে কবি নহয় কিন্তু প্ৰতিটো যুগতে কিবা নহয় কিবা কোনোবাই লিখে৷ আপোনালোকৰো সকলোৱে লিখিছে৷ কিন্তু মই কবি হ’ব নোৱাৰোঁ৷ সেয়া প্ৰসুনেই হ’ব পাৰে৷ কিন্তু মই কেতিয়াবা লিখিছিলোঁ৷
প্ৰসুন মহোদয়- হয়৷
প্ৰধানমন্ত্ৰী- যিহেতু মই এনেকুৱা জীৱন অতিবাহিত কৰি আহিছোঁ সেয়েহে এইসমূহ সহ্য কৰাটো মোৰ বাবে স্বাভাৱিক আছিল৷ আমি ঠেকা খাই খাই আহিছোঁ৷ বহু ধৰণৰ সমস্যাৰ মাজৰ পৰা আহিছোঁ আৰু মই এই বিষয়ে লিখিছোঁ-আজি সম্পূৰ্ণ শব্দসমূহ মোৰ মনত নাই কিন্তু কাৰোবাৰ যদি ৰুচি আছে- মোৰ এখন কিতাপ আছে, আপোনালোকে চাই ল’ব৷ মই তাত লিখিছিলো-‘‘ যিসকল লোকে মোলৈ পাথৰ দলিয়াই, সেই পাথৰেৰে মই সোপান গঢ়োঁ আৰু সেই সোপানেৰে মই আগবাঢ়োঁ৷’’
আৰু সেইবাবে মোৰ ধাৰণা হ’ল যে টীম ইণ্ডিয়াত কেৱল চৰকাৰৰেই মানুহ বহি থকা নাই৷ ব্যুৰ’ক্ৰেছী আছে, ৰাজ্য চৰকাৰ আছে, ফেডাৰেল আন্তঃগাঁথনি মোৰ প্ৰথম আৱশ্যকতা৷ কো-অপাৰেটিভ ফেডাৰিলিজমক মই প্ৰতিযোগিতামূলক কো-অপাৰেটিভ ফেডাৰিলিজিমৰ দিশলৈ লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছোঁ৷
এতিয়া মই দেশৰ ১১৫খন জিলা, প্ৰত্যাশী জিলাক চিনাক্তকৰণ কৰিছোঁ৷ মই তেওঁলোকক প্ৰেৰণা দিছো যে তেওঁলোকে ৰাজ্যৰ যি গড়, তালৈ যাওক, মই আপোনালোকৰ সৈতে আছোঁ৷ মই তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰি আছোঁ আৰু তেওঁলোকে কৰি আছে৷ আৰু তাৰেই পৰিণামস্বৰূপে টয়লেটৰ লক্ষ্য পূৰণ হৈছে৷ ১৮ হাজাৰখন গাঁৱত বিদ্যুৎ যোগান ধৰিবলৈ মোদীয়ে নিজে খুঁটা পুতিবলৈ গৈছিল নেকি? খুঁটা পুতিবলৈ মোৰ দেশবাসী গৈছিল৷ বিদ্যুৎ যোগান ধৰিবলৈ মোৰ দেশবাসীসকল গৈছিল৷ আৰু সেইবাবে মহাত্মা গান্ধীৰ সেইষাৰ কথা যি মই মন্ত্ৰৰ ৰূপত গ্ৰহণ কৰিছোঁ যে স্বতন্ত্ৰতাৰ বাবে বহু লোক পগলা হৈ আছিল, স্বতন্ত্ৰতাৰ বাবে মৰিবলৈ বহু লোক আছিল, আৰু তেওঁলোকৰ ত্যাগ-তপস্যাক কোনেও কম নম্বৰ দিব নোৱাৰে, তেওঁলোকৰ বলিদানক কোনেও কম নম্বৰ দিব নোৱাৰে৷ কিন্তু গান্ধীয়ে স্বতন্ত্ৰতাক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল, মই বিকাশক জন আন্দোলনলৈ ৰূপান্তৰিত কৰি আছোঁ৷
মোদীয়ে অকলে একো নকৰে আৰু মোদীয়ে একো কৰিব নালাগে, কিন্তু দেশে সকলো কৰক আৰু মোদীও…কেতিয়াবাতো মই কৈছিলো, যেতিয়া মই গুজৰাটত আছিলো তেতিয়া কৈছিলো, মই কৈছিলো- আমাৰ দেশ এনেকুৱা যে চৰকাৰে যদি বাধকতাসমূহ বন্ধ কৰে তেতিয়া দেশ বহুদূৰ আগুৱাব পাৰে৷ মই সেই মতাদৰ্শত চলা মানুহ৷
প্ৰসুন মহোদয়- আপুনি কবিতাৰ কথা কৈছে যেতিয়া মই এটা কবিতা শুনাও৷ যি কবিতা মই শুনাবলৈ গৈছোঁ সেয়া ভাৰতৰ ওপৰত সুন্দৰকৈ খাপ খায়৷ আপোনাৰ ওপৰতো খাপ খায়৷ আপুনি বুজক মই কি কৈ আছোঁ-
‘কি সৰ্প কিউ ইতনে চকিত হো? সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷
সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু, পী ৰহা হু বিষ য়ুগো ছে, সত্য হু, আশ্বস্ত হু৷
সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু, পী ৰহা হু বিষ য়ুগো ছে, সত্য হু, আশ্বস্ত হু৷
য়ে মেৰী মাটি লিয়ে হে গন্ধ মেৰে ৰক্ত কি, জো কহ ৰহী হে মৌন কি, অভিব্যক্ত কি৷
মে অভয় লেকৰ চলুগাঁ, মে বিচলিত ন ত্ৰস্ত হু৷
সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷
হে মেৰা উদ্গম কহা পৰ ঔৰ কহা গন্তব্য হে?
দিখ ৰহা হে সত্য মুঝকো, ৰূপ জিসকা ভব্য হে৷
মে স্বয়ং কি খোজ মে কিতনে য়ুগৌ সে ব্যস্ত হু৷
সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷
হে মুঝে সজ্ঞান ইসকা বুলবুলা হু সৃষ্টি মে,
হে মুঝে সজ্ঞান ইসকা বুলবুলা হু সৃষ্টি মে,
এক লঘু সী বুন্দ হু মে, এক লঘু সী বুন্দ হু মে, এক শাস্বত বৃষ্টি মে৷
হে নহী সাগৰ কো পানা, মে নদী সন্যস্ত হু৷
সৰ্প কিউ ইতনে চকিত হো? দংশ কা অভ্যস্ত হু৷’
প্ৰধানমন্ত্ৰী- প্ৰসুন মহোদয়, আমি আপোনাৰ ভাৱনাৰ আদৰ কৰোঁ, কিন্তু আমাৰ শিৰাত সেই ভাৱেই আছে- অমৃতস্য পুত্ৰ বয়ং৷
এই ভাৱ লৈয়েই আমি ডাঙৰ-দীঘল হৈছোঁ আৰু সেইবাবে আমাৰ দেশত সকলোৱে দংশনো সহ্য কৰিছে, বিষো পান কৰিছে, দুঃচিন্তাও সহ্য কৰিছে, অপমানো সহ্য কৰিছে কিন্তু সপোনৰ মৃত্যু হ’বলৈ দিয়া নাই৷ আৰু এয়া ইচ্ছাশক্তিয়েই হয় যি দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ শক্তি ধাৰণ কৰিব পাৰে আৰু মই ইয়াক অনুভৱ কৰোঁ৷
প্ৰসুন মহোদয়- এইখিনিতে কেইটামান প্ৰশ্ন লওঁ৷ শ্ৰী ছেমুৱেল ডাওজাৰ্টৰ পৰা এটা প্ৰশ্ন গ্ৰহণ কৰিছোঁ, যি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছে৷
ছেমুৱেল ডাওজাৰ্ট- শুভ সন্ধিয়া প্ৰধানমন্ত্ৰী মহোদয়৷ মোদীকেয়াৰৰ বিষয়ে আপোনাৰ মন্তব্য কি? সকলোৱে ইয়াৰ বিষয়ে কৈ আছে৷ ধন্যবাদ৷
প্ৰসুন মহোদয়- মই ভাবোঁ মোদী কেয়াৰ, তেওঁ এনেয়ে মোদী কেয়াৰ, অ’বামা কেয়াৰৰ মাজত সমান্তৰাল ৰেখা অংকিত কৰিছে৷ তেওঁ স্বাস্থ্য ক্ষেত্ৰৰ বিষয়ে বোধহয় জানিব বিচাৰিছে৷
প্ৰধানমন্ত্ৰী- চাওক, মই অনুভৱ কৰোঁ যে তিনিটা কথাত মোৰ এটা আগ্ৰহ আছে, মই কোনো ডাঙৰ ডাঙৰ কথা কোৱা লোক নহওঁ৷ মোৰ জীৱনৰ পচ্ছাদপট এনেকুৱা, ইয়াত আমাৰ মেঘনাথ ভাই বহি আছে, মই এনেকুৱা কথা কোৱা পৰম্পৰা থকা লোক নহয়৷ কিন্তু তিনিটা বস্তু- ল’ৰা-ছোৱালীৰ শিক্ষা, যুৱ প্ৰজন্মৰ উপাৰ্জন, বৃদ্ধৰ ঔষধ- এইকেইটা বস্তু আমি এখন সুস্থ সমাজৰ বাবে চিন্তা কৰিব লাগে৷ মই অনুভৱ কৰিছোঁ যে যিমানেই ভাল পৰিয়াল নহওক কিয়, কোনো বেয়া নাথাকিলেও সেই পৰিয়ালত যদি এটা বেমাৰে দেখা দিয়ে৷ কল্পনা কৰক, ছোৱালী ডাঙৰ হৈছে, ছোৱালীৰ বিয়া দিবলগীয়া আছে, আৰু ঘৰত যদি কোনোবা বেমাৰত আক্ৰান্ত হয়, সম্পূৰ্ণ পৰিকল্পনা নষ্ট হৈ যায়৷ ছোৱালী কুমাৰী হৈ থাকিবলগীয়া হয়, বেমাৰে গোটেই পৰিয়ালটোক তছ-নছ কৰি পেলায়৷ এজন দুখীয়া মানুহে অটো ৰিক্সা চলাই আছে, বেমাৰত আক্ৰান্ত হ’ল৷ তেতিয়া সেই ব্যক্তিজনেই নহয়, সম্পূৰ্ণ পৰিয়ালটোৱেই বেমাৰত আক্ৰান্ত হৈ পৰে৷ আৰু সেইবাবে মই ভাবিলোঁ আৰু স্বাস্থ্য ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলোঁ৷ কিছুমান লোকে ইয়াক মোদী কেয়াৰ হিচাপে প্ৰচলন কৰি আছে৷ মূলতঃ যোজনাটোৰ নাম হ’ল আয়ুস্মান ভাৰত৷ আৰু আমি প্ৰতিৰোধীয় স্বাস্থ্য, ব্যয়সাধ্য স্বাস্থ্য, বহনক্ষম স্বাস্থ্য, এই সকলো বিষয়সমূহক লৈ আমি আগবাঢ়ি আছোঁ৷ ইয়াৰ দুটা অংশ আছে৷ এক- আমি দেশত প্ৰায় দেৰ লাখতকৈ অধিক কল্যাণ কেন্দ্ৰ স্থাপন কৰিব বিচাৰিছোঁ যাতে নিকটৱৰ্তী ১২-১৫খন গাঁৱৰ লোকৰ বাবে স্বাস্থ্যৰ সকলো সুবিধা প্ৰাপ্ত হওক, আৰু সকলো প্ৰযুক্তি চালিত হওক৷ যাতে ৰোগীসকলে তালৈ আহিলে তেওঁলোকক তাৎক্ষণিক গাইড কৰা হওক যে কি দৰৱ লাগে, কি ব্যৱস্থা লাগে৷
দ্বিতীয়তে- প্ৰতিৰোধীয় স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হওক৷ লাগিলে সেয়া যোগেই হওক, জীৱন-শৈলীয়েই হওক বা পুষ্টিয়েই হওক, এই সকলো বস্তুৰ প্ৰতিৰোধীয় স্বাস্থ্যৰ বাবে আমি এক পোষণ অভিযান আৰম্ভ কৰিছোঁ৷ মহিলা আৰু শিশু স্বাস্থ্য সুৰক্ষাৰ বাবে তেওঁলোকৰ দ্বাৰা আমি কাম কৰিছোঁ৷
বিশ্বৰ সমৃদ্ধ দেশসমূহতো প্ৰসূতীকালীন ছুটিৰ বাবে আজিও ইমান উদাৰতা নেদেখুৱাই যিমানখিনি আমাৰ চৰকাৰে কৰিছে৷ মই মানো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণো এয়া জানি সুখী হ’ব যে, আমি শিশুৰ স্বাস্থ্যৰ চিন্তা কৰি, তেওঁলোকৰ মাকসমূহৰ স্বাস্থ্যৰ কথা চিন্তা কৰি, প্ৰসূতীকালীন ছুটি ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছোঁ৷
আৰু এটা পদক্ষেপ হ’ল পৰিয়ালসকললৈ এনেকুৱা ব্যৱস্থা প্ৰদান কৰা হওক৷ ভাৰতৰ প্ৰায় দহ কোটি পৰিয়াল অৰ্থাৎ ৫০ কোটি লোক, অৰ্থাৎ অৰ্ধেক জনসংখ্যা, তেওঁলোকক বছৰি পাঁচ লাখ টকা পৰ্যন্ত বেমাৰৰ খৰচ চৰকাৰে প্ৰদান কৰিব৷ এবছৰত পৰিয়ালৰ এজন ব্যক্তি, সকলো ব্যক্তি, যিমানেই বেমাৰ হওক, পাঁচ লাখ পৰ্যন্ত খৰচ চৰকাৰে বহন কৰিব৷ ইয়াৰ জৰিয়তে দুখীয়াৰ জীৱনলৈ যি সংকট আহে তাৰ পৰা মুক্তি পাব৷ মই জানো এয়া এক বৃহৎ কাম কিন্তু কোনোবা এজনেতো কৰিব লাগে৷
দ্বিতীয়তে- ইয়াৰ জৰিয়তে চহৰসমূহলৈ যি ব্যক্তিগত চিকিৎসালয় অহাৰ সম্ভাৱনা আছে-টায়াৰ-২, টায়াৰ-৩, ভাল চিকিৎসালয়ৰ নেটৱৰ্ক স্থাপন হ’ব৷ কাৰণ তেওঁলোকে জানে যে ৰোগী আহিব, আৰু ৰোগীসকলে জানিব যে কোনোবাই তেওঁলোকৰ হৈ ধন পৰিশোধ কৰিব, তেওঁলোকে নিশ্চয় যাব৷
সামান্য বেমাৰ হ’লে দুদিন পিছত ঠিক হৈ যাব বুলি নাযায়, তেওঁ সহ্য কৰি লয়৷ কিন্তু যেতিয়া গম পাব তেতিয়া যাব৷ চিকিৎসালয়েও গম পায় যে ৰোগী আহক কিয়নো ধন পৰিশোধ অন্যই কৰিব৷ আৰু ইয়াৰ বাবে নতুন চিকিৎসালয়ৰ শৃংখল সৃষ্টি হ’ব৷
আৰু মই মানো যে নিকট ভৱিষ্যতত আপোনালোকৰ যিয়ে স্বাস্থ্য খণ্ডত কাম কৰিবলৈ বিচাৰে, এক হাজাৰতকৈ অধিক নতুন ভাল চিকিৎসালয় নিৰ্মাণৰ সম্ভাৱনা সৃষ্টি হৈছে৷ এয়া স্থায়ী সমাধান ব্যৱস্থাৰ দ্বাৰা সৃষ্টি হৈছে৷
সেইদৰে ঔষধ- পেকিং ভাল হয়, ঔষধ লিখোঁতাসকলেও কিবা পায়৷ আপুনি জানে যে চিকিৎসকলৰ সমাৰোহ কেতিয়াবা ছিংগাপুৰত হয়, কেতিয়াবা ডুবাইত হয়৷ তাত কিবা বেমাৰ আছে, সেইবাবে নাযায়৷ ফাৰ্মাচিউটিকেল উদ্যোগসমূহৰ বাবে এয়া প্ৰয়োজনীয়, সেইবাবে যায়৷
সেয়ে আমি কি কৰিলো- জেনেৰিক ঔষধ, আৰু সেয়া সিমানেই উত্তম গুণগতমানৰ৷ যি ঔষধ পূৰ্বে ১০০ টকাত প্ৰাপ্ত হৈছিল, আজি জেনেৰিক মেডিকেলৰ দোকানত ১৫ টকাত পোৱা যায়৷ প্ৰায় ৩ হাজাৰ এনেকুৱা জন-ঔষধালয়ৰ কাম কৰিছোঁ আৰু ইয়াৰ সংখ্যা আমি বৃদ্ধি কৰি আছোঁ যাতে সাধাৰণ লোকে ইয়াৰ দ্বাৰা উপকৃত হয়৷
***
अतुल तिवारी/ हिमांशु सिंह/ निर्मल/MANN
Your life began from a Railway Station, and you are coming to this programme from the Royal Palace. What do you have to say about your life journey, asks Prasoon Joshi to PM @narendramodi. Watch. https://t.co/uhwZ5577gM #BharatKiBaat
— PMO India (@PMOIndia) April 18, 2018
My life at the Railway Station taught me so much. It was about my personal struggles. When you said Royal Palace, it is not about me but about the 125 crore people of India: PM @narendramodi #BharatKiBaat pic.twitter.com/JeCvkGUOtg
— PMO India (@PMOIndia) April 18, 2018
The person in the Railway Station was Narendra Modi. The person in the Royal Palace in London is the Sevak of 125 crore Indians: PM @narendramodi #BharatKiBaat
— PMO India (@PMOIndia) April 18, 2018
रेलवे स्टेशन मेरे जीवन का स्वर्णिम पृष्ठ जिसने मुझे जीना और जूझना सीखाया: PM @narendramodi https://t.co/uhwZ5577gM
— PMO India (@PMOIndia) April 18, 2018
Prashant Dixit asks- yes work is happening, but still there is still some degree of impatience. What do you have to say to this. #BharatKiBaat
— PMO India (@PMOIndia) April 18, 2018
'Besabri' is not a bad thing. If a person has a cycle, a person aspires a scooter. If a person has a scooter, a person aspires a car. It is nature to aspire. India is getting increasingly aspirational: PM @narendramodi https://t.co/uhwZ5577gM
— PMO India (@PMOIndia) April 18, 2018
जिस पल संतोष का भाव पैदा हो जाता है, जीवन फिर आगे नहीं बढ़ता। हर आयु, हर युग में कुछ न कुछ नया पाने को गति देता है: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
जज्बा होना सबसे ज़रूरी है... मुझे ख़ुशी है कि आज सवा सौ करोड़ लोगों के मन में एक उमंग, आशा और संकल्प का भाव है और लोग मुझसे अपेक्षा कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
जज्बा होना सबसे ज़रूरी है... मुझे ख़ुशी है कि आज सवा सौ करोड़ लोगों के मन में एक उमंग, आशा और संकल्प का भाव है और लोग मुझसे अपेक्षा कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
लोगों की मुझसे अपेक्षा इसलिए है कि उन्हें विश्वास है कि हम करके जरूर दिखाएंगे: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
बेसब्री मेरे लिए ऊर्जा है और जब आप ‘सर्वजन हिताय, सर्वजन सुखाय’ के संकल्प को लेकर चलते हैं तो निराशा की बात ही नहीं उठती: PM @narendramodi pic.twitter.com/3U9uS2Fmyy
— PMO India (@PMOIndia) April 18, 2018
‘तब और अब’ में जमीन आसमान का अंतर क्योंकि जब नीति स्पष्ट हो, नीयत साफ़ हो, और इरादे नेक हों तो उसी व्यवस्था के साथ आप इच्छित परिणाम ले सकते हैं: PM @narendramodi pic.twitter.com/k0O8OII99I
— PMO India (@PMOIndia) April 18, 2018
Priyanka Verma from Delhi has a question for the PM- we select a Government that works for us. You have tried to change systems, but my question is should all this not have been done earlier. #BharatKiBaat
— PMO India (@PMOIndia) April 18, 2018
During the freedom struggle Mahatma Gandhi did something very different.
— PMO India (@PMOIndia) April 18, 2018
He turned the freedom struggle into a mass movement. He told every person that whatever you are doing will contribute to India's freedom: PM @narendramodi
Today the need of the hour is to make development a mass movement: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
Participative democracy makes good governance possible: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
लोकतंत्र कोई कॉन्ट्रैक्ट एग्रीमेंट नहीं, ये भागीदारी का काम; जनता-जनार्दन की ताकत बहुत होती है और उन पर जितना भरोसा होगा, उसके परिणाम देखने को मिलेंगे: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
There is a question from the audience on the surgical strikes. https://t.co/uhwZ5577gM
— PMO India (@PMOIndia) April 18, 2018
Look back at India's history. India has never desired anyone else's territory. During World War 1 and 2 we had no stake but our soldiers took part in the Wars. These were big sacrifices. Look at our role in UN Peacekeeping Forces: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
We believe in peace. But we will not tolerate those who like to export terror. We will give back strong answers and in the language they understand. Terrorism will never be accepted: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
Those who like exporting terror, I want to tell them that India has changed and their antics will not be tolerated: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
I do not need to read books to understand poverty. I have lived in poverty, I know what it is to be poor and belong to the backward sections of society.
— PMO India (@PMOIndia) April 18, 2018
I want to work for the poor, the marginalised and the downtrodden: PM @narendramodi
18,000 villages did not have electricity. So many women do not have access to toilets. These realities of our nation did not let me sleep. I was determined to bring about a positive change in the lives of India's poor: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
Prasoon Joshi asks the Prime Minister- you are working hard but can you change the nation alone?
— PMO India (@PMOIndia) April 18, 2018
I am like any common citizen. And, I also have drawbacks like normal people do: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
मेरी पूँजी है – कठोर परिश्रम, प्रमाणिकता और सवा सौ करोड़ लोगों का प्यार: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
मैंने देशवासियों को भरोसा दिलाया था कि मैं गलतियाँ कर सकता हूँ लेकिन गलत इरादे से कोई काम नहीं करूँगा: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
We have a million problems but we have a billion people who can solve them: PM @narendramodi #BharatKiBaat
— PMO India (@PMOIndia) April 18, 2018
सवा सौ करोड़ देशवासियों की शक्ति पर मेरा भरोसा और आज जितने बदलाव देश में देखने को मिल रहे हैं, ये उसी का परिणाम है: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
सवा सौ करोड़ देशवासियों की शक्ति पर मेरा भरोसा और आज जितने बदलाव देश में देखने को मिल रहे हैं, ये उसी का परिणाम है: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
बच्चों को पढ़ाई, युवा को कमाई और बुजुर्गों को दवाई – इन तीनों पर ही हमने विशेष ध्यान दिया: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
देश में वेलनेस सेंटर हो या प्रिवेंटिव हेल्थकेयर हो, हम हर भारतीय के स्वास्थ्य के लिए काम कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
Santosh Patil from Karnataka asks a question to PM @narendramodi on how Bhagwan Basaveshwara has influenced him.
— PMO India (@PMOIndia) April 18, 2018
भगवान बसवेश्वर ने लोकतंत्र के लिए अपना पूरा जीवन खपा दिया और समाज को जोड़ने का अभूतपूर्व काम किया : PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
लोकतंत्र, सामाजिक चेतना और नारी सशक्तिकरण के लिए किया गया भगवान बसवेश्वर का प्रयास हम सभी के लिए प्रेरणास्त्रोत : PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
हम एक ऐसा इको-सिस्टम बना रहे हैं जहाँ सभी के लिए अवसर हो: PM @narendramodi pic.twitter.com/Rit4Pzu5oK
— PMO India (@PMOIndia) April 18, 2018
आज हम किसान कल्याण के लिए काम कर रहे हैं चाहे वो 2022 तक कृषि से होने वाली आय को दोगुनी करनी हो, यूरिया की आसान उपलब्धता हो या यूरिया की नीम-कोटिंग हो, हम एक निश्चित लक्ष्य के साथ आगे बढ़ रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
चाहे कोई पैरामीटर हो, देश के लिए अच्छा करने में हमने कोई कमी नहीं रखी है: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
The 125 crore people of India are my family: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
आज हम आर्टिफिसियल इंटेलिजेंस के युग में जी रहे हैं और हम टेक्नोलॉजी से अलग नहीं रह सकते: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
What prevented Indian Prime Ministers from going to Israel.
— PMO India (@PMOIndia) April 18, 2018
Yes, I will go to Israel and I will even go to Palestine.
I will further cooperation with Saudi Arabia and for the energy needs of India I will also engage with Iran: PM @narendramodi
भारत आँख झुकाकर या आँख उठाकर नहीं बल्कि आँख मिला कर बात करने में विश्वास करता है: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
Democracy cannot succeed without constructive criticism: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
I want this Government to be criticised. Criticism makes democracy strong: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
My problem is not against criticism. To criticise, one has to research and find proper facts. Sadly, it does not happen now. What happens instead is allegations: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
इतिहास में नाम अंकित करना मेरा लक्ष्य नहीं, मैं उसी तरह जैसे मेरे सवा सौ करोड़ देशवासी: PM @narendramodi
— PMO India (@PMOIndia) April 18, 2018
I was not born with an aim to be in history books.
— PMO India (@PMOIndia) April 18, 2018
I request you all- remember our country and not Modi. I am just like you all, a common citizen of India: PM @narendramodi