Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ

লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ

লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ

লণ্ডনত অনুষ্ঠিত ভাৰত কী বাত সবকে সাথ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ কিয়দংশ


ব্ৰিটেইনৰ লণ্ডনত অনুষ্ঠিত হোৱা ভাৰত কী বাত সবকে সাথ কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰে৷ অনুষ্ঠানত তেওঁ অংশগ্ৰহণকাৰীসকলৰ প্ৰশ্নৰ উত্তৰো দিয়ে৷ অংশগ্ৰহণকাৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ প্ৰধান অংশ তলত প্ৰদান কৰা হ’লঃ

ৰে’লৱে ষ্টেচন হ’ল মোৰ জীৱনৰ এক স্বৰ্ণিল পৃষ্ঠা যিয়ে মোক জীয়াবলৈ তথা যুঁজিবলৈ শিকালে৷

ৰে’লৱে ষ্টেচনৰ ব্যক্তিজন আছিল নৰেন্দ্ৰ মোদী৷ লণ্ডনৰ ৰ’য়েল পেলেচৰ ব্যক্তিজন হ’ল ১২৫ কোটি ভাৰতীয়ৰ সেৱক৷

ৰে’লৱে ষ্টেচনৰ জীৱনে মোক বহু কথা শিকাইছিল৷ এয়া মোৰ ব্যক্তিগত সংঘৰ্ষ আছিল৷ যেতিয়া আপোনালোকে ৰ’য়েল পেলেচ বুলি কৈছিল, এয়া মোৰ বিষয়ে নহয়, এয়া ভাৰতৰ ১২৫ কোটি ভাৰতীয়ৰ বাবে৷

‘অধীৰাগ্ৰহ’ বেয়া কথা নহয়৷ যদি এজন ব্যক্তিৰ চাইকেল আছে, ব্যক্তিজনে স্কুটাৰ বিচাৰিব৷ যদি এজন ব্যক্তিৰ স্কুটাৰ আছে, তেন্তে তেওঁ গাড়ী বিচাৰিব৷ এয়া প্ৰত্যাশাৰ প্ৰকৃতি৷ ভাৰতো বৰ্তমানে প্ৰত্যাশী হৈ উঠিছে৷

যেতিয়া সন্তোষৰ ভাব উৎপন্ন হ’ব, জীৱনৰ উন্নতি নহয়৷ প্ৰতিটো বয়স, প্ৰতিটো যুগতে কিবা নহয় কিবা এটা পোৱাৰ প্ৰত্যাশা হয়৷ আবেগ থকাটো প্ৰয়োজনীয়…মই সুখী যে আজি ১২৫ কোটি লোকৰ মনত এক উৎসাহ, আশা আৰু সংকল্পৰ ভাব উৎপন্ন হৈছে আৰু জনসাধাৰণে মোৰ পৰা প্ৰত্যাশা বিচাৰিছে৷

মই ইতিহাসৰ গ্ৰন্থত স্থান লাভ কৰাৰ উদ্দেশ্যে জন্ম গ্ৰহণ কৰা নাছিলোঁ৷ মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ-আমাৰ দেশক স্মৰণ কৰক, মোদীক নহয়৷ মই আপোনালোকৰ দৰেই ভাৰতৰ এজন সাধাৰণ নাগৰিক৷

হয়, জনসাধাৰণে আমাৰ পৰা বহু প্ৰত্যাশা কৰে কাৰণ তেওঁলোকে জানে যে আমি প্ৰদান কৰিব পাৰোঁ৷ জনসাধাৰণে জানে যে যেতিয়া তেওঁলোকে কিবা কয়, চৰকাৰে সেয়া শুনিব আৰু সেইমতে কাম কৰিব৷

জনসাধাৰণে মোৰ পৰা এই কাৰণেই প্ৰত্যাশা কৰে কিয়নো তেওঁলোকৰ বিশ্বাস যে মই সেয়া নিশ্চয় কৰি দেখুৱাম৷

অধীৰাগ্ৰহ মোৰ বাবে শক্তি আৰু যেতিয়া আপুনি ‘সৰ্বজন হিতায়, সৰ্বজন সুখায়’ৰ সংকল্প লৈ আগবাঢ়ে, তেতিয়া নিৰাশাৰ প্ৰশ্ন নাহে৷

তেতিয়া আৰু এতিয়াৰ মাজত আকাশ-পাতালৰ পাৰ্থক্য আছে কাৰণ যেতিয়া নীতি স্পষ্ট হ’ব, উদ্দেশ্য পৰিষ্কাৰ হ’ব আৰু মনোবাঞ্চা পবিত্ৰ হ’ব তেতিয়া সেই ব্যৱস্থাৰ সৈতে আপুনি ঈপ্সিত পৰিণাম প্ৰাপ্ত কৰিব পাৰে৷

স্বাধীনতাৰ যুদ্ধৰ সময়ত মহাত্মা গান্ধীয়ে কিছুমান ভিন্ন কাম কৰিছিল৷ তেওঁ স্বাধীনতা সংগ্ৰামক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিছিল৷ তেওঁ প্ৰত্যেক মানুহকে কৈছিল যে আপোনালোকে যি কাম কৰিব সেয়াই ভাৰতৰ স্বাধীনতাত অৰিহণা প্ৰদান কৰিব৷

আজি বিকাশক জন আন্দোলনলৈ পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে৷ অংশীদাৰীত্বৰ গণতন্ত্ৰই ভাল শাসন সম্ভৱপৰ কৰি তোলে৷

গণতন্ত্ৰ কোনো ঠিকাভিত্তিক চুক্তি নহয়, এয়া অংশীদাৰীত্বৰ কাম; জনতা-জনাৰ্দনৰ ওচৰত অপৰিসীম শক্তি আছে আৰু তাৰ ওপৰত যিমানেই বিশ্বাস হ’ব সিমানেই তাৰ পৰিণাম দেখিবলৈ পোৱা যাব৷

ভাৰতৰ ইতিহাসলৈ চাওক৷ ভাৰতে কেতিয়াও কাৰো স্থানৰ লিপ্সা কৰা নাই৷ প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমাৰ কোনো অংশীদাৰীত্ব নাছিল কিন্তু আমাৰ সৈন্যসকলে যুদ্ধত অংশগ্ৰহণ কৰিছিল৷ এয়া এক মহান ত্যাগ আছিল৷ ৰাষ্ট্ৰসংঘৰ শান্তিকামী শক্তিত আমাৰ ভূমিকা চাওক৷

আমি শান্তিত বিশ্বাস কৰোঁ৷ কিন্তু সন্ত্ৰাসবাদ ৰপ্তানিকাৰীসকলক আমি সহ্য নকৰোঁ৷ আমি তেওঁলোকে বুজি পোৱা ভাষাত ঘূৰাই শক্তিশালী প্ৰত্যুত্তৰ দিম৷ সন্ত্ৰাসবাদ কেতিয়াও গ্ৰহণ কৰা নহ’ব৷ যিসকলে সন্ত্ৰাসবাদ ৰপ্তানি কৰি ভাল পায়, মই তেওঁলোকক ক’ব বিচাৰোঁ যে ভাৰত পৰিৱৰ্তিত হৈছে আৰু তেওঁলোকৰ সন্ত্ৰাস কেতিয়াও সহ্য কৰা নহ’ব৷

দাৰিদ্ৰতা বুজিবলৈ মই কিতাপ পঢ়াৰ প্ৰয়োজন নাই৷ মই দাৰিদ্ৰ জীৱন নিৰ্বাহ কৰি আহিছোঁ৷ দাৰিদ্ৰতা আৰু সমাজৰ পিছ পৰা অংশৰ অন্তৰ্ভুক্ত হোৱাটো কি মই জানো৷ মই দাৰিদ্ৰ, প্ৰান্তৱৰ্তী আৰু পিছপৰা মানুহৰ বাবে কাম কৰিব বিচাৰোঁ৷

১৮,০০০খন গাঁৱত বিজুলী নাছিল৷ বহু মহিলাই শৌচাগাৰলৈ যাব পৰা নাছিল৷ আমাৰ ৰাষ্ট্ৰৰ এই বাস্তৱিকতাই মোৰ নিদ্ৰা হৰিছিল৷ মই ভাৰতীয় দাৰিদ্ৰৰ জীৱনত ধনাত্মক পৰিৱৰ্তন আনিবলৈ সিদ্ধান্ত লৈছিলোঁ৷

মই এজন সাধাৰণ নাগৰিকৰ দৰে একেই৷ আৰু সাধাৰণ লোকৰ থকাৰ দৰেই মোৰো কিছুমান অপূৰ্ণতা আছে৷ মোৰ সঞ্চয় হ’ল-কঠোৰ পৰিশ্ৰম, প্ৰামাণিকতা আৰু ১২৫ কোটি লোকৰ প্ৰেম৷

মই দেশবাসীক প্ৰত্যয় দিয়াইছিলোঁ যে মই ভুল কৰিব পাৰোঁ কিন্তু বেয়া উদ্দেশ্যৰে কেতিয়াও কাম নকৰোঁ৷

আমাৰ মিলিয়ন সংখ্যক সমস্যা আছে কিন্তু সেইসমূহ সমাধান কৰিবলৈ আমাৰ বিলিয়ন সংখ্যক লোক আছে৷

দেশত কল্যাণ কেন্দ্ৰ অথবা প্ৰতিৰোধী স্বাস্থ্য সেৱা স্থাপন হওক, আমি প্ৰত্যেক ভাৰতীয় স্বাস্থ্যৰ বাবে কাম কৰি আছোঁ৷

লণ্ডনত মোৰ আন এটা কাম আছিল ভগৱান বাছেশ্বৰক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা৷ ভগবান বাছেশ্বৰে গণতন্ত্ৰৰ বাবে নিজৰ সমগ্ৰ জীৱন সমৰ্পিত কৰিছিল আৰু সমাজৰ বান্ধোনৰ বাবে অভূতপূৰ্ব কাম কৰিছিল৷ লোকতন্ত্ৰ, সামাজিক চেতনা আৰু নাৰী সশক্তিকৰণৰ বাবে ভগবান বাছেশ্বৰে কৰা প্ৰয়াস আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস৷

আমি এনেকুৱা এটা পৰিৱেশ তন্ত্ৰ নিৰ্মাণ কৰি আছোঁ য’ত সকলোৱে সুবিধা পাব৷

আজি আমি কৃষকৰ কল্যাণৰ বাবে কাম কৰি আছোঁ, লাগিলে সেয়া ২০২২ পৰ্যন্ত কৃষিৰ পৰা হোৱা উপাৰ্জন দুগুণ কৰাই হওক, ইউৰিয়াৰ উপলব্ধতা সহজ হওক অথবা ইউৰিয়াৰ নীম-কাটিঙেই হওক, আমি এক নিশ্চিত লক্ষ্যৰ সৈতে আগবাঢ়ি আছোঁ৷

যিয়েই মাপকাঠি নহওক কিয়, দেশৰ কল্যাণৰ বাবে আমি একোতে কম কৰা নাই৷ এই ১২৫ কোটি ভাৰতীয় মোৰ পৰিয়াল হয়৷

আজি আমি কৃত্ৰিম বুদ্ধিমতাৰ যুগত জীৱন নিৰ্বাহ কৰি আছোঁ আৰু আমি প্ৰযুক্তিৰ পৰা নিলগত থাকিব নোৱাৰোঁ৷

ইজৰাইললৈ যোৱাত ভাৰতীয় প্ৰধানমন্ত্ৰীসকলক কিহে বাধা দিছিল? হয়, মই ইজৰাইললৈ যাম আৰু আনকি পেলেষ্টাইনলৈও যাম৷ মই চৌদি আৰবীয়াৰ সৈতে সহযোগিতা স্থাপন কৰিম আৰু ভাৰতৰ প্ৰয়োজনীয় শক্তিৰ বাবে ইৰাণৰ সৈতে সংবদ্ধতা স্থাপন কৰিম৷

ভাৰতে চকু নমাই অথবা চকু উঠাই কেতিয়াও কথা পতা নাই, ইয়াৰ পৰিৱৰ্তে চকু মিলাই কথা পতাতহে বিশ্বাসী৷

গঠনাত্মক সমালোচনা অবিহনে গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে৷

মই এই চৰকাৰ সমালোচিত হোৱা বিচাৰোঁ৷ সমালোচনাই গণতন্ত্ৰক শক্তিশালী কৰে৷ মোৰ সমস্যা সমালোচনাৰ বিৰুদ্ধে নহয়৷ সমালোচনা কৰিবলৈ গৱেষণা তথা উপযুক্ত সত্য প্ৰাপ্তিৰ প্ৰয়োজন৷ দুখজনক ভাৱে এয়া এতিয়া হোৱা নাই৷ অভিযোগৰ পৰিৱৰ্তে কি হৈছে?

ইতিহাসত মোৰ নাম অংকিত কৰা মোৰ লক্ষ্য নহয়৷ যিদৰে ১২৫ কোটি ভাৰতীয়, মইও ঠিক একেই৷ ইতিহাসৰ বুকুত নাম খোদিত কৰাৰ লক্ষ্যৰে মই জন্ম লোৱা নাছিলো৷ মই সকলোকে অনুৰোধ জনাইছোঁ- আপোনালোকে দেশক মনত ৰাখক, মোদীক নহয়৷ মই আপোনালোক সকলোৰে দৰেই এজন সাধাৰণ ভাৰতীয়৷

***

AKT/HS/MANN