পি এম ইণ্ডিয়া
অধ্যক্ষ মহোদয়া, মই মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণৰ ধন্যবাদ জনাবলৈ উপস্থিত হৈছো৷ এইবাৰৰ ভাষণৰ ৰাষ্ট্ৰপতি মহোদয়ে যিধৰণে দেশৰ পথ প্ৰদৰ্শন কৰি চৰকাৰৰ দৃষ্টিভংগীৰ ব্যৱস্থা কৰিছে৷ এই চৰকাৰৰ মুৰব্বী হিচাপে মই তেওঁক আন্তৰিক কৃতজ্ঞতা জনাইছো৷ দায়বদ্ধতাই চৰকাৰৰ পৰিচয়৷ পাৰদৰ্শিতাই এই চৰকাৰৰ পৰিচয়৷ তদুপৰি, দুখীয়াৰ প্ৰতি সংবেদনশীলতা, ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা আৰু দ্ৰুতিগতিত কাম কৰাৰ বাবে সকলোৰে মাত এই চৰকাৰে পৰিচয়া লাভ কৰিছে৷ টিভিৰ সেই দৃশ্য এতিয়াও মনত আছে, যেতিয়া টকা জেপত ৰাখিছিল৷ আজি এই সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গে জী, শ্ৰী ভৰ্তৃহৰি জী, শ্ৰী বেনুগোপাল জী, হৰছিমৰত কৌৰ বাদল জী, শ্ৰীমান দিনেশ ত্ৰিবেদী জী, শ্ৰী মহম্মদ ছলীম জী, শ্ৰীমান সৌমিত্ৰ খান জীৰ লগতে বহু আদৰণীয় সদস্যই নিজৰ নিজৰ চিন্তাধাৰা প্ৰকট কৰিছে৷
এক সাৰ্থক চৰ্চাৰ প্ৰয়াস কৰা হৈছে আৰু সদনে এই সকলোবোৰ যিধৰণে শুনিছে, সেইবোৰ কথাই উৎসাহিত কৰিছে. সেয়েহে চিন্তাধাৰাৰ অভিব্যক্তি তথা চিন্তাধাৰাত উৎসাহ যোগোৱা সমগ্ৰ সদনক মই ধন্যবাদ জনাইছো৷ কেতবোৰ আলোচনাও হ’ল৷ কিছুমান নিজৰ মনত যি ভাল লাগে, সেইবোৰো কিছুমানে বাৰে বাৰে ক’লে৷ কিন্তু নিৰ্বাচনৰ বছৰ যিহেতু সেয়েহে কিবা এটা ক’বলৈ বাধ্য৷ এয়া স্বাভাৱিক কথা৷ কিন্তু এইটোও সঁচা যে আমি ইয়াৰ পৰা যোৱাৰ পাছত জনতা, জনাৰ্দনে নিজৰ কাম-কাজ, লেখা-জোখা দিব, কাৰণ নিৰ্বাচনৰ বছৰত গৈ জনতাক কাম হিচাপ দিব লাগিব আৰু মই আপোনালোকক নিৰ্বাচনৰ সুস্থ প্ৰতিযোগিতাৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷ কোটি কোটি নৱপ্ৰজন্মক অভিনন্দন জনাইছো, যিসকলে এই শতাব্দীৰ প্ৰথমবাৰলৈ সংসদীয় নিৰ্বাচনত ভোট দান কৰিব৷ তেওংলোক সকলোক অভিনন্দনৰ অধিকাৰী কিয়নো ভোট দান কৰা তথা ভোটাধিকাৰ প্ৰাপ্ত কৰাটো সৰু ঘটনা নহয়৷ মই আমাৰ নৱ প্ৰজন্মৰ প্ৰতিগৰাকীকে, যি প্ৰথমবাৰলৈ একবিংশ শতিকাৰ সংসদীয় নিৰ্বাচনত ভোট দান কৰিব, তেওঁলোকক স্বাগতম জনাইথো, কিয়নো তেওঁলোক দেশৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অংশীদাৰ হ’বলৈ গৈ আছে৷ সেয়ে সেই নতুন ভোটদাতা, যুৱক-যুৱতীসকলক বহুত বহুত শুভেচ্ছা জনাইছো আৰু মোৰ বিশ্বাস নতুন প্ৰজন্মই দেশৰ পথ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
আদৰণীয় অধ্যক্ষ মহোদয়া, যেতিয়া আমি নতুন ভাৰতৰ কথা কও, তেতিয়া এক আশা আৰু বিশ্বাসৰ কথা কও৷ এইটো সত্য যে নিৰাশাৰ অটল গহ্বৰত সোমাই থকা ব্যক্তি তথা সমাজে নিজৰ বাবে কিবা কৰেনে নে উত্তৰ প্ৰজন্মৰ বাবে কিবা কৰিব পাৰে, সেইসকলেহে কৰিব পাৰে, যিসকলৰ আশা আৰু বিশ্বাস পৰিপূৰ্ণ হৈ আছে৷ কন্দা-কতা কৰাসকলক ইফালে-সিফালে থকা পাঁচ-দহগৰাকী লোকে আশ্বাস দিব, কিন্ত পৰিৱৰ্তনৰ সংকল্প কৰা লোকসকলে তেওঁলোকক হতাশ নকৰে৷ এতিয়া, যেতিয়াই মই নতুন ভাৰত কথা কও, তেতিয়াই স্বামী বিবেকানন্দ জীৰ উক্তি উল্লেখ কৰিব বিচাৰো৷ স্বামী বিবেকানন্দ জীয়ে কৈছিল-“অতীতক আমি যি হাৰত কটাবলগীয়া হ’ল, সেই সকলোবোৰ আৱশ্যক আছিৱ, কাৰণ মাজে মাজে বিনাশৰ যি কাল আহিছিল, তাৰ পৰা ওলায়েই ভৱিষ্যতৰ ভাৰত আহি আছে৷ সেয়া অংকুৰিত হৈ গ’ল, তাৰ পৰা নতুন পুল ওলাইছে আৰু সেই শক্তিশালী বৃক্ষ, বিশালকায় বৃক্ষ হ’বলৈ আৰম্ভ কৰিছে৷” অনুকূল পৰিস্থিতিত আশা আৰু বিশ্বাসে দেশক উন্নতিৰ দিশে লৈ যায়৷ প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাটো এই দেশৰ স্বভাৱ, সেই দেশেই প্ৰত্যাহ্বানক পৰাস্ত কৰে৷ যিসকলে প্ৰত্যাহ্বানলৈ ভয় কৰি পলায়ন কৰে, তেওঁলোকে নতুন নতুন প্ৰত্যাহ্বানক হাত বাউলি মাতে৷ সেয়েহে প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাই সাধাৰণ জনতাৰ আশা-আকাংক্ষাক পুৰণ কৰিবলৈ আমি সৰ্বশক্তিৰে লাগি আছো৷
আজি ইয়াত ১৯৪৭ৰ কেতবোৰ কথা কোৱা হৈছে৷ কিন্তু কেতিয়া এনে লাগে যে আমি যেতিয়া ইতিহাসৰ কথা কও, তেতিয়া দুটা সময়ৰ বিষয়ে আলোচনা কৰো৷ বিচি আৰু এডি আজি মই যি ভাষণ শুনিলো যে ৪৭ৰ পৰা ১৪লৈ, সেয়া মোৰ বিচি আৰু এডি ব্যৱস্থা যেন লাগিল৷ বিচি তেওঁলোকৰ মতে বিফৰ কংগ্ৰেছ অৰ্থাৎ কংগ্ৰেছৰ পূৰ্বে দেশত একো নাছিল৷ সকলো বিধ্বস্ত হৈছিল, গহ্বৰত আছিল৷ আৰু এডি মানে হৈছে আফটাৰ ডাইনেষ্টী অৰ্থাৎ যি হৈছে তেওঁলোকৰ পাছত হৈছে, কিন্তু শেষত যিকোনো কাম তুনলামূলক দৃষ্টিভংগীৰে চাবলগীয়া হৈছে, এনেকৈ ভবাৰ কোনো কাৰণ নাই, আমি ইমান বিচলিত হ’ব নালাগিব৷
চাৰে চাৰি বছৰৰ পূৰ্বে কি হৈছিল আৰু পাছত আমি কেনে ধৰণে আগবাঢ়িছো সকলোৱে জানে৷ বিগত চাৰে চাৰি বছৰত ভাৰতৰ অৰ্থনীতি ১০ আৰু ১১ নম্বৰৰ পৰা ষষ্ঠ স্থানলৈ উন্নীত হৈছে৷ এই কথা কেতিয়াও নাপাহৰিব যে যেতিয়া ১১ নম্বৰত উপনীত হৈছিল, তেতিয়া এই সদনত বহি থকা একাংশই তাকে লৈ বহুত গৌৰৱ কৰিছিল৷ মই বুজি পোৱা নাই যে যিসকলে ১১ নম্বৰত উপনীত হওতেই উপনীত কৰা হওঁতেই গৌৰৱ কৰিছিল, সেই সকলে ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ পাছত ইয়াৰ দুখ কিয় হৈছে? পূৰ্বৰ তুলনাত সৰ্বাধিক বিদেশী প্ৰত্যক্ষ বিনিয়োগ বৰ্তমান ভাৰতত হৈছে৷
মেক ইন ইণ্ডিয়াৰ শক্তিয়ে নিৰ্মাণ খণ্ডক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে৷ বিশ্বৰ দ্বিতীয় বৃহত্তম ষ্টীল উৎপাদনকাৰী দেশত পৰিণত হৈছে ভাৰত, বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল ফোনৰ নিৰ্মাণকাৰী হৈছে ভাৰত, বিশ্বৰ চতুৰ্থ বৃহত্তম অ’টো ম’বাইল নিৰ্মাণকাৰীও হৈছে ভাৰতবৰ্ষ৷ শস্য আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে অভিলেখ ৰচনা কৰিছে৷ আটাইতকৈ সস্তীয়া ইণ্টাৰনেট ডাটা আৰু ইণ্টাৰনেট ডাটা সৰ্বাধিক উপভোগ কৰা দেশো হৈছে ভাৰতবৰ্ষ৷ ষ্টাৰ্ট অৱ ইক’ছিষ্টেমে যিদৰে নিজৰ স্থান নিগাজী কৰিছে, সেইদৰে বৃহৎ বৃহৎ মাল্টিনেচনেল কোম্পানীসমূহকো প্ৰত্যাহ্বান জনাই আহিছে৷ অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত ভাৰত ক্ষীপ্ৰতম গতিৰে অগ্ৰসৰ হৈছে৷ বিৰোধীয়ে বিৰোধীতা কৰাটো আৱশ্যক, মোদীক সমালোচনা কৰা দৰকাৰ, আমাৰ নীতিসমূহক সমালোচনা কৰা দৰকাৰ৷ ভাল কথা, গণতন্ত্ৰতো বহুত দৰকাৰী৷ কিন্তু দেখিছো যে মোদীক সমালোচনা কৰি কৰি, বিজেপিক সমালোচনা কৰি কৰি দেশৰ হানি কৰাত লাগি গৈছে, সেইবাবে দেশ পিছপৰি আছে৷ আমি ভুলতো দেশৰ বেয়া কৰাটো উচিত নহয়৷ বহুত ধৰণৰ কথা, লণ্ডনত গৈ সংবাদমেল পাতি দেশৰ সন্মান বৃদ্ধি কৰিব পাৰিনেকি? মিছা সংবাদমেল পাতি আপুনি মোক শুধি আছে কি কি কোৱা নাই৷ এইটো ভাল কথা যে মই মোৰ মৰ্যাদাত আছো৷
আজি আমাৰ খৰ্গে জীয়ে কৈছে যে মোদী জীয়ে বাহিৰত ৰাইজক যিবোৰ কথা কয়, ৰাষ্ট্ৰপতি ডাঙৰীয়াইও সেই কথাকে সদনতো কৈছে৷ অৰ্থাৎ এইটো ঠিৰাং হৈ গ’ল যে সত্য কথা কোৱাসকলে বাহিৰতো যি কয়, ভিতৰতো একে কথাই কয়৷ মই আপোনাৰ ওচৰত বহুত কৃতজ্ঞ যে আপুনি এই কথা নিশ্চিত কৰিলে যে মই সত্য কথা কও, ৰাজহুৱা সভাতো সঁচা কথা কওঁ, জনসভাটো সঁচা কথা কও, লোকসভাতো সত্য কথাই কওঁ৷ প্ৰধানমন্ত্ৰীয়েও সঁচা কথা কয়, ৰাষ্ট্ৰপতিয়েও সঁচা কথা কয়৷ বৰ্তমান আপোনালোকৰ সমস্যা হৈছে যে সঁচা কথা শুনাৰ অভ্যাসো নাইকিয়া হৈ গ’ল৷
আপুনি কৈছে যে মোদীয়ে সংস্থাসমূহ শেষ কৰিলে, বৰ্বাদ কৰিলে৷ আমাৰ এক প্ৰবচন আছে-চোৰে ওলোটাই চকিদাৰক গালি পাৰে৷ আপোনালোকে কিছুমান কথা চিন্তা কৰাৰ আৱশ্যকতা আছে৷ দেশত জৰুৰী অৱস্থা কংগ্ৰেছে জাৰি কৰিছিল, কিন্তু কয় যে মোদীয়ে নিঃশেষ কৰিলে৷ সেনা কংগ্ৰেছে অপমান কৰিলে, কয় মোদীয়ে নিঃশেষ কৰিলে৷ দেশৰ সেনাধ্যক্ষক গুণ্ডা আখ্যা দিয়ে, আকৌ কয় যে মোদীয়ে প্ৰতিষ্ঠানসমূহ নিঃশেষ কৰিলে৷ এইবোৰে ভাৰতীয় সেনাৰ ওপৰত কিমান ডাঙৰ দাগ লগালে আপোনালোকে অনুমান কৰিব নোৱাৰে৷ আপোনালোকে এসপ্তাহ অথবা দুসপ্তাহ ৰাজনীতি কৰিব৷ কিন্তু আপোনালোকে যি পাপ কৰিলে, তাৰ জৰিয়তে আমাৰ সেনাৰ অন্তৰত যি দুখ দিলে, ভাৰতীয় সেনাই কাহিনী সলনি কৰাৰ কাম কৰি আছে, সেয়া দেশৰ ভালৰ দিনতো তথা বেয়া দিনটো কৰিছে, দুৰ্বল প্ৰধানমন্ত্ৰী তথা দুৰ্বল চৰকাৰ দিনটো কৰি আছে৷ সেনাই কেতিয়াও এনেকুৱা পাপ কেতিয়াও কৰা নাই৷ আমি কেৱল ৰাজনীতিৰ খাতিৰত যিকোনো কথা কওঁ, কিন্তু মই ভাৱো তেওঁলোকে এয়া বহুত ডাঙৰ পাপ কৰিলে৷ আমি দায়িত্বশীল ব্যক্তি আৰু শাসনত বহি থকা লোকৰ দ্বাৰা এইধৰণৰ কথা কয়, ইয়াৰ পাছতো তেওঁলোকে কয় মই সংস্থাসমূহ নিঃশেষ কৰিলো!
এইখন দেশৰ নিৰ্বাচন আয়োগ বিশ্বৰ বাবে গৌৰৱৰ কেন্দ্ৰ হ’ব পাৰে৷ সৰু-সুৰা দোষ থকাৰ পাছতো সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগৰ সিদ্ধানত্ মানি আহিছো৷ আমি ইয়াকো নিঃশেষ কৰিহে এৰিম নেকি৷ ইয়াৰ অন্যথা একো ভাবিব নোৱাৰো নেকি? সেইদৰে নিজৰ বিফলতা ইভিএমৰ ওপৰত জাপি দিয়ে…মই আচৰিত হওঁ, দেশে বাজেটক লৈ আলোচনা কৰে, এওঁলোকে ইভিএমক লৈ কান্দি আছে৷ ইমান ভয় খাবলৈ কি হৈছে আপোনালোকৰ?
ন্যায়পালিকাক ভাবুকি দিয়ে কংগ্ৰেছে৷ ন্যায়পালিকাৰ সিদ্ধান্তক লৈ কংগ্ৰেছৰ সৈতে জড়িত লোকসকলে যিধৰণে মন্তব্য দি আছে, এনেকুৱা পূৰ্বতে কেতিয়াও হোৱা নাছিল৷ ন্যায়পালিকাৰ সিদ্ধান্ত ভাল হওক বা বেয়া হওক, ইয়াৰ সন্মান এইবাবে কৰা হয়, কাৰণ এই সংস্থাটোক ৰক্ষা কৰিব লাগিব৷ কিন্তু আমাৰ পছন্দমতে নহ’লেই যিকোনো কথা কৈ দিম, যিকোনে কথা লিখি দিম এনেকুৱা হ’ব নালাগে৷ আপোনালোকে সমগ্ৰ ন্যায়পালিকাক ভয় খুৱাবৰ বাবে মহাভিযোগৰ নামত সম্পূৰ্ণ ব্যৱস্থাটোক শিথিল কৰাৰ চেষ্টা কৰি আছে৷
সেইটোৱেই কংগ্ৰেছ দল, যিটোৱে পৰিকল্পনা আয়োগক জকাৰৰ গোট বুলি আখ্যা দিছিল৷ জানে নে কোনে কৈছিল? আপোনালোকে আজি পৰিকল্পনা আয়োগৰ ইমান গুণ গৰিমা বখানি আছে, সেই পৰিকল্পনা আয়োগক আপোনালোকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে জকাৰৰ গোট কৈছিল৷ প্ৰতিষ্ঠানৰ সন্মান..এটা শব্দক ধৰি লৈছে হয়, কিন্তু নিজক বাকী কাম-কাজবোৰ লক্ষ্য কৰক৷ ১০০বাৰতৈ অধিক ৩৫৬ৰ অপব্যৱহাৰ আপোনালোকে কৰিলে৷ নিৰ্বাচিত চৰকাৰক আপোনালোকে বৰ্খাস্ত কৰিলে৷ শ্ৰীমতী ইন্দিৰা গান্ধীয়েই অকলে ৫০ বাৰ ইয়াৰ প্ৰয়োগ কৰিলে, ৫০বাৰ চৰকাৰ ভাঙিলে আৰু এই ২০১৯ কি কামৰ বাৰ্ষিকী, মনত পেলাওক, কেৰালাৰ বন্ধুসকলক ক’ব বিচাৰো যে ১৯৫৯ত যেতিয়া নেহৰু ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল আৰু ইণ্ডিৰা গান্ধী কংগ্ৰেছৰ অধ্যক্ষ আছিল, তেওঁ কেৰালালৈ গৈছিল, নাজানো কি দেখিলে, কি কি পালে, কি শুনিলে, তাৰ পৰা আহিয়েই কেৰালাৰ নিৰ্বাচিত কমিউনিষ্ট চৰকাৰক ভাঙি পেলালে, এয়াই ২০১৯ৰ বাৰ্ষিকী৷ আপোনালোকেই প্ৰতিষ্ঠানৰ মান-সন্মানৰ কথা কয়৷ আপোনালোকে দেশৰ সৈতে, এনটিআৰৰ সৈতে, এমজিআৰৰ সৈতে কি ধৰণে কাম কৰিছে৷
ইমানেই নহয় আপোনালোকে মন্ত্ৰীপৰিষদ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্ত সংবাদমেলত গৈ কিদৰে ফাদিল কৰে৷ ক’ত আপোনালোকৰ পবিত্ৰতা, কিধৰণৰ প্ৰতিষ্ঠানৰ সন্মান কথা কয়, সেয়েহে মোদীৰ প্ৰতি আঙুলি উঠোৱাৰ পূৰ্বে অনুগ্ৰহ কৰি আপোনালোকে জানি ল’ব যে আপোনাৰ চাৰিটা আঙুলি নিজৰ ফালে থাকে৷ আচলতে খৰ্গে জী এগৰাকী নম্ৰ ব্যক্তি, কিন্তু নাজানো কি বাধ্যবাধকতাত পৰি আছে৷ আপুনি নম্গৰ ব্যক্তি কিন্তু আপোনাৰ সৈতে মোৰ প্ৰতি কথা দ্বিমত আছে৷ মই সদনত সেই কথা ক’ম৷ এগৰাকী জ্যেষ্ঠ ব্যক্তি হোৱাৰ খাতিৰতে আপুনি মোৰ কথা চিন্তা কৰাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ৷
অধ্যক্ষ মহোদয়া, এই সকলো সমস্যাৰ আঁৰত এক ডাঙৰ কাৰণ হৈছে এগৰাকী দুখীয়া পৰিয়াল লোক, যি কেতিয়াও দিল্লীৰ গলিকে দেখা নাছিল৷ তেওঁ ইমান ডাঙৰ চুলতাক প্ৰত্যাহ্বান জনালে৷ তেওঁলোকে সেইটো হজম কৰিব পৰা নাই৷ তেওঁলোকে এইটো ভাৱে যে আমিয়েই এই দেশৰ শাসনৰ অধিকাৰী৷ ক’ৰ এগৰাকী পৰি থকা ব্যক্তি আহিল, সেই কথা তেওঁলোকৰ মুৰৰ পৰা আঁতৰা নাই৷ সেই নিচাশক্তিয়ে তেওঁলোকৰ সমস্যাৰ কাৰণ৷
আদৰণীয় অধ্যক্ষ মহোদয়া, কিছি সময়ৰ পূৰ্বে আমাৰ চৰকাৰ, আপোনাৰ চৰকাৰৰ কেতবোৰ হিচাপ চলি আছিল, মইও কওঁ৷ তেওঁলোকৰ ৫৫ বছৰ আৰু মোৰ ৫৫ মাহ, চাওক ৫৫ বছৰত স্বচ্ছতা ২০১৪লৈকে ৪০% আছিল৷ বৰ্তমান চাৰে চাৰি বছৰত এয়া ৯৮%ত উপনীত হৈছে৷ চাৰে চাৰি বছৰত ১০ কোটিতকৈ অধিক শৌচালয়ৰ নিৰ্মাণ হৈছে৷ যিসকলে কয় যে এই চৰকাৰ ধনীৰ বাবে আৰু মই আনন্দিত হওঁ যে মোৰ দেশৰ ১০ কোটি ধনী লোকৰ বাবে মই শৌচালয় নিৰ্মাণ কৰিলো৷ তেওঁলোকেই মোৰ ধনী লোক, তেওঁলোকেই মোৰ সন্মান৷ তেওঁলোকেই মোৰ জীৱন৷ তেওঁলোকৰ বাবেই জীয়াই আছো, তেওঁলোকৰ বাবেই ইয়ালৈ আহিছো৷ গেছ সংযোগ ৫৫ বছৰত আছিল ১২ কোটি আৰু ৫৫ মাহত দিয়া হৈছে ১৩ কোটি গেছ সংযোগ আৰু ইয়াৰে ৬ কোটি উজ্জ্বালা, কাম কি গতিত হৈছে আৰু কাৰ বাবে হৈছে৷ ইয়াৰ আপোনালোকে কেৱল অনুমান কৰিব পাৰে৷
বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰিলে, দুখীয়াৰ নামত কথা কয়, ৰাজনীতি কৰে, নিৰ্বাচনত জয়ী হয়, ভোট খুজিবলৈ যায়, কিন্তু আমাৰ দেশত ৫৫ বছৰত ৫০শতাংশ লোকৰ হৈ বেংকৰ একাউণ্ট আছিল, ৫৫ মাহতে আমি ১০০শতাংশ বেংক একাউণ্ট খোলাৰ গৌৰ অৰ্জন কৰিলো৷ আপোনালোকে শুনিবলৈ বেয়া পাব যে আমি ১৮ হাজাৰ গাঁও বিদ্যুতীকৰণ কৰিলো৷ সংখ্যাৰ হিচাপত চাবলৈ গ’লে ১৯৪৭ৰ পূৰ্বে এখন গাঁৱতো বিদ্যুৎ নাছিল সেয়া আপোনালোকে আৰম্ভ কৰিছিল, কিন্তু কি গতিত চৰকাৰ চলিছিল৷ স্বাধীনতাৰ পাছত ইমান বাধা নাছিল, বিৰোধীতা নাছিল, ইমান আইনী সমস্যাও নাছিল, ইমান সংবাদমাধ্যমো নাছিল৷ আপোনালোকে ইচ্ছা কৰা হ’লে প্ৰথম দুটা দশকতে প্ৰতিখন গাঁৱত বিদ্যুৎ যোগান দিব পাৰিলেহেতেন৷ যি কাম ২০ বছৰত হ’ব লাগিছিল, সেয়া মই আহি কৰিবলগীয়া হ’ল৷ ইমানেই নহয়, আপোনালোকৰ ২০০৪ৰ নিৰ্বাচনী ইস্তাহাৰ চাওক, আপোনালোকৰ ২০০৯ৰ নিৰ্বাচনী ইস্তাহাৰ চাওক, আপোনালোকৰ ২০১৪ৰ নিৰ্বাচনী ইস্তাহাৰ চাওক৷ প্ৰতিবাৰতে তিনি বছৰৰ ভিতৰত প্ৰতি ঘৰতে বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰত বিদ্যুৎ যোগানৰ কথা আছে৷ দৰিদ্ৰতা নিৰ্মূল কৰিম কৰিম বুলি নিৰ্বাচন খেলিলে কিন্তু ২০০৪ পৰা তিনি বছৰৰ ভিতৰত বিদ্যুৎ যোগান দিম দিম বুলি কোৱাৰ পাছত মইহে কষ্ট কৰিবলগীয়া হ’ল৷ আঢ়ৈ কোটি পৰিয়াল বিদ্যুৎ যোগানৰ কাম সম্পূৰ্ণ কৰিলো৷
অনাগত দিনত আমি ১০০ শতাংশ বিদ্যুতীকৰণ কৰাৰ গৌৰৱ অৰ্জন কৰিম বুলি মই আপোনালোকক বিশ্বাস দিছো৷ একাংশ লোক যিসকলে বিভ্ৰান্ত কৰাৰ প্ৰয়াস কৰে, কিন্তু তেওঁলোকেতো সংখ্যাক অস্বীকাৰ কৰিব নোৱাৰে৷ ২০১৪ত ৩০ বছৰৰ পাছত দেশবাসীয়ে সংখ্যাগৰিষ্ঠ চৰকাৰ নিৰ্বাচন কৰিছে আৰু দেশে অনুভৱ কৰিছে৷ জোঁটবন্ধনৰ চৰকাৰে হ’লে কি অৱস্থা হয়৷ আৰু এতিয়াতো মহাজোঁটবন্ধন আহিব৷ সংখ্যাগৰিষ্ঠ চৰকাৰ হ’লে কিমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি, কিমান গতিৰে আগবাঢ়িব পাৰি আৰু এইটো নিৰ্দিষ্ট যে মহাজোঁটবন্ধন ইয়াত অহাটো অনিশ্চিত৷ এই মহাজোঁটবন্ধন আপোনালোকে কলকাতাত একেৱগ কৰক৷ এই মহাজোঁটববন্ধনৰ অৱস্থা চাওক, কেৰালাত ইজনে সিজনৰ মুখ চাব নোৱাৰে, এই মহাজোঁটবন্ধনৰ নেতৃত্ব কৰাজনক উত্তৰপ্ৰদেশৰ পৰা বাহিৰ কৰি দিলে, এই মহাজোঁটবন্ধনৰ খেলৰ বাবেই বিগত ৩০ বছৰত দেশত অস্থিৰ চৰকাৰ আছিল আৰু দেশৰ অৱস্থা তথৈবচ হৈছে৷ যিসকল স্বাস্থ্য সজাগ লোক আছে তেওঁলোক জোটবন্ধনৰ পৰা দূৰৈত আছে৷ সুস্থ গণতান্ত্ৰিক লোকসকলো ইয়াৰ পৰা আঁতৰত থাকে৷ যেতিয়া সংখ্যাগৰিষ্ঠ চৰকাৰ হয়, প্ৰজা, দেশবাসীৰ নামত উচৰ্গিত চৰকাৰ হয় তেতিয়া কাম কেনেদৰে হয়৷
২০১৪ৰ পূৰ্বে আপোনালোকৰ চৰকাৰ আছিল৷ দুখীয়াসকলে ঘৰ লাভ কৰা উচিত, এয়া ১৯৪৭ৰ পৰা প্ৰতিখন চৰকাৰে চিন্তা কৰি আহিছে, কিন্তু ২০১৪ চনৰ পূৰ্বে পাঁচ বছৰত আপোনালোকৰ চৰকাৰে ২৫ লাখ আৱাস নিৰ্মাণ কৰিছিল, আমি ৫৫ মাহৰ ভিতৰত ১ কোটি ৩০ লাখ আৱাস নিৰ্মাণ কৰি চাবি প্ৰদান কৰিলো আৰু প্ৰতিটো ঘৰত শৌচালয়, বিদ্যুৎ, গেছ সংযোগ সকলো আছে, কেৱল চাৰিখন বেৰ বনোৱা নাই আৰু আজি সেই কথা আপোনালোকৰ মানুহে আহি ক’বলৈ লৈছে যে মোৰ এলেকাতো আৱাস আৱণ্টন কৰি দিয়ক আৰু পইচা দুখীয়া লোকসকলৰ একাউণ্টত পোনপটীয়াকৈ জমা হৈ আছে৷ কোনো মধ্যস্থতাকাৰী নাই৷
২০০৪, ২০০৯ আৰু ২০১৪ৰ নিৰ্বাচনী ইস্তাহাৰত আপোনালোকে তিনি বছৰৰ এক সংজ্ঞা ক’ৰ পৰা আনি লিখে মই নাজানো৷ প্ৰতিটো কথাই তিনি বছৰত কৰি দিম বুলি কয়৷ ২০০৪ৰ পৰা ২০১৪ লৈকে ক’লে তিনি বছৰৰ ভিতৰত প্ৰতিখন গাঁও পঞ্চায়তত অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ ব্যৱস্থা কৰিম৷ কিন্ত ২০০৪ পৰা ২০১৪ লৈকে আপোনালোকে কেৱল ৫৯খন গাঁৱত ব্ৰোডবোণ্ড সংযোগ প্ৰদান কৰিলে৷ কিন্তু বিগত ৫৫ মাহত আমাৰ চৰকাৰে ১লাখ ১৬ হাজাৰ গাঁৱত ব্ৰোডবেণ্ড সংযোগ প্ৰদান কৰিছো৷ আপোনালোকে প্ৰতিশ্ৰুতি দি থাকোতে গ’ল, খৰ্গে চাহাবে শ্বায়েৰী কৰি থাকিল৷ কবিতা জীয়ে হুছৰ পৰা আৰম্ভ কৰিলে৷ মই বুজি পোৱা নাই কবিতা জীয়ে কিয় সুন্দৰী পক্তি পছন্দ কৰিলে৷ সেই কবিতাত আপুনি যি পৰিৱেশত জন্ম গ্ৰহণ কৰি আহিছে সেই পৰিৱেশত এইধৰণৰ পক্তিৰ আহিব নালাগিছিল৷ সেই কবিতাটোত লিখিছিল….
যেতিয়া মিথ্যাচাৰৰ আৱেশত সত্যক দেখো,
তেতিয়াই মোৰ দুবাহুত এটি সন্তানক দেখা পাও৷
আপোনাৰ মিছা কথাটো কি, সেইটো কবিতাত দেখুৱাই দিব লাগিব, কিন্তু সেইটো দেখা নগ’ল…সেই কবিতাটোৰ আগত লিখিছে…যদি সংবেদশীলতা বুলি কিবা কথা আছে, তেতিয়া সত্ত্বাত থকাৰ বাবে ছাগৈ সেয়া নাইকিয়া হৈ গ’ল…বাচি থকা হ’লে তেওঁৰ আগৰ আৱেশে নিশ্চিয় অন্তৰ চুই গ’লহেতেন৷
নিজৰ গৃহৰ প্ৰাচীৰৰ ভিতৰত এতিয়া লিখিলেও শিহৰণ হয়,
যিদিনাৰ পৰা একাংশই পথতো বহুত অশান্তি দেখিছে৷
সেইবাবে সংবেদনা হয়, দুখ অনুভৱ হয়, তেতিয়াহে কামটো হয়৷
কংগ্ৰেছৰ ৫৫ বছৰৰ শাসন আৰু আমাৰ ৫৫ মাহ…সেৱাৰ মনোভাৱেৰ ৫৫ মাহ, ৫৫ বছৰীয়া শাসনত ভোগ আৰু ৫৫ মাহৰ সেৱা ভাৱ, আৰু যেতিয়া নীতি স্পষ্ট হয়, উদ্দেশ্য পৰিষ্কাৰ হয়, লক্ষ্য ভাল হয়, নিষ্ঠা অটল হয় তেতিয়া আমি ২৪ ঘণ্টাই দুখীয়াৰ বাবে, দেশৰ কল্যানৰ বাবে, দেশ বিকাশৰ বাবে নিজে নিজক সমৰ্পিত কৰাৰ এক নতুন শক্তি, এক নতুন প্ৰেৰণা একেৰাহে পাই থাকে৷
আপোনালোকে কি ধৰণৰ কাম কৰে? মই একবিংশ শতিকাৰ ভোটদাতাসকলৰ মনত পেলাই দিব বিচাৰিছো যে কি উদ্দেশ্যত ৫৫ বছৰে শাসন ভোগ কৰিবলৈ পালে৷ আপোনালোকে চাওক যেতিয়া কমনৱেল্থ গেমছ আৰম্ভ হৈছিল, তেতিয়া দেশৰ শৌৰ্য-বীৰ্য সমগ্ৰ বিশ্বৰ চুকে-কোণে পোৱাবলৈ এক সুবৰ্ণ সূযোগ পাইছিল, কিন্তু সেই সময়ত এফালে আমাৰ খোলুৱৈসকলে পদক জয়ৰ বাবে পৰিশ্ৰম কৰি থাকিল আৰু এই কমন ৱেল্থত একাংশই নিজৰ নিজৰ সম্পত্তি গোটাবলৈ ধৰিলে৷
২জি স্পেকট্ৰামৰ আৱণ্টন, আপোনালোকে লক্ষ্য কৰক ২জি স্পেকট্ৰামক লৈ তেওঁলোকৰ শাসনৰ পৰিণাম কি হ’ল আৰু এওঁলোকৰ উদ্দেশ্য এয়াই নিজৰ লগতে আত্মীয়ৰ লাভালাভ চিন্তা কৰা৷ আমাৰ উদ্দেশ্য হৈছে জনতাক সস্তাত ডাটা, ফোনত কথা পাতোতো কম টকা ব্যয় হওক আৰু এই স্পেকট্ৰামৰ নিবিদা ব্যৱস্থা আমি সম্প্ৰসাৰিত কৰিলো৷
বেংকিং ব্যৱস্থা কি কৰি ৰাখিছিল৷ ফোন বেংকিং চলি আছিল, নামদাৰে জানিছিল কাৰ সহায়ৰ প্ৰয়োজন হয়, বেংকলৈ ফোন গৈছিল৷ লগে লগে টকা ওলাই গৈছিল, কি কামৰ বাবে, কোনে নিব একো উৱাদিহ নাছিল৷ এতিয়া সকলো ওলাই গ’লে সমস্যা বৃদ্ধি হ’বই৷ এই কথা পাহৰিব নালাগিব যে স্বাধীনতাৰ পাছত ২০০৮ চনলৈকে বেংকসমূহে সৰ্বমুঠ ১৮ লাখ কোটি টকা ঋণ লৈছিল আৰু ঋণ দিছিল৷ কিন্তু ক্ষমতা ভোগ কৰাৰ যি ৰাজনীতি চলিছিল, দেশ চলোৱাৰ যি ব্যৱস্থা আছিল, ৫৫ বছৰীয়া শাসন পৰিণাম চাওক…২০০৮ৰ পৰা ২০১৪লৈ; ৬ বছৰত ১৮ লাখ কোটিৰ পৰা ৫২ লাখ কোটি হ’ল৷ এয়া ফোন বেংকিঙৰ ফল আছিল, জনতাৰ পইচা এফালৰ পৰা লুটিছিল৷ সোধোতা কোনো নাছিল৷ এয়াই আপোনালোকৰ ব্যৱস্থা আছিল, এয়া একবিংশ শতিকাৰ ভোটাৰে জনা উচিত৷ এতিয়া এইসকল জনতাক শিক্ষিত কৰাটো আমাৰ কাম৷
২০১৪ত আপোনালোকে এৰি যোৱা ঋণৰ সুদ বাঢ়ি গৈ আছে৷ আমি এনে আইন বলবৎ কৰিলো যে তিনি লাখ কোটি টকা ঘুৰি আহিবলৈ আৰম্ভ কৰিছে৷ অধ্যক্ষ মহোদয়া, মুদ্ৰা যোজনাৰ জৰিয়তে আমি ৭ লাখ কোটি টকা এনে লোকক প্ৰদান কৰিছো, যিসকলৰ কোনো ধৰণৰ গেৰাণ্টিৰ কোনো ক্ষমতা নাছিল আৰু তেওঁলোকক স্বাৱলম্বী কৰি তুলিলো৷ তেওঁলোকো সংস্থাপনৰ সূযোগ সৃষ্টি কৰিলে৷ সেই কাম আমি কৰিছো৷ যিসকল পলাই গ’ল, তেওঁলোকে টুইটাৰত কান্দি আছে যে মই ৯হাজাৰ কোটি লৈছিলো কিন্তু মোদীয়ে মোৰ ১৩ হাজাৰ কোটি টকা জব্দ কৰিলে৷ পুৱা শুই উঠি ক’ব আজি মোৰ অমূক সম্পত্তি জব্দ কৰিলে৷ বিশ্বৰ যি দেশতেই সম্পত্তি থাকিব, তাকো জব্দ কৰিব পৰা হ’ল৷ এই আইন আমি ৰূপায়ণ কৰিলো৷ লুণ্ঠনকাৰীক আপোনালোকে লুটিবলৈ দিলে আৰু আমি আইন প্ৰণয়ন কৰি সেইবোৰ ঘুৰাই আনিবলৈ যত্ন কৰি আছো৷
অধ্যক্ষ মহোদয়া, মই ভাবো আমাৰ কংগ্ৰেছৰ বন্ধুসকলে কিছুমান কাম আউটচৰ্ছ কৰি দিলে, সেইদৰে এতিয়া দুদিন পূৰ্বে অলপটো সহায় কৰিবই লাগিব বুলি ক’সে৷ মাননীয় অধ্যক্ষ মহোদয়া কংগ্ৰেছ সেয়া ক’লে যেতিয়া ছাৰ্জিকেট ষ্ট্ৰাইকৰ কথা আহিলে৷ মই ইয়াত উৰি বোলছবিৰ সম্পৰ্কে আলোচনা কৰা নাই৷ মই ছাৰ্জিকেট ষ্ট্ৰাইকৰ কথা কৈ আছো আৰু কংগ্ৰেছে কয় আমাৰ দিনতো ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিল৷ হয়…হয় আপোনালোকৰ ওচৰত সকলো আছিল৷ আপোনালোকেই সকলে, ৰ’ব আপোনালোকৰ ওচৰত সকলো আছে, আপোনাক কেইবা ঘণ্টা ক’বলৈ দিলো, যদি সেই সময়ত সেনাৰ সেই অৱস্থা নকৰিলেহেতেন, আপোনালোকে সেনাক অক্ষম কৰিছিল৷ ছাৰ্জিকিলে ষ্ট্ৰাইকৰ সিদ্ধান্ত ল’ব পৰা কোনো পৰিৱেশেই নাছিল৷ সেই অৱস্থা কৰিছিল৷ এনেকুৱা দিন আছিল, য’ত বুলেট প্ৰুফ জেকেটো উপলব্ধ নাছিল৷ আপোনালোকে ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কেনেদৰে ভাবিব পাৰে আৰু আপোনালোকে ভাৰতবাসীৰ চকুত ধূলি দি আছিল৷ যোগাযোগৰ ডিভাইচ আছিল নে, হেলমেট আছিল নে, ভাল জোটা আছিল, মইতো যুদ্ধ সামগ্ৰীৰ কথা কোৱাই নাই, এয়া সাধাৰণ ব্যৱস্থাৱলী কথা৷
২০০৯ চনত ভাৰতীয় সেনাই ১ লাখ ৮৬ হাজাৰ বুলেট প্ৰুফ জেকেট বিচাৰিছিল, পাঁচ বছৰৰ পাছতো ২০১৪লৈ বুলেট প্ৰুফ জেকেট কিনা নহ’ল…; এতিয়া তেওঁলোকে ছাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কয়৷ এই স্থিতি জনাৰ পাছত ২০১৬ত আমি ৫০ হাজাৰ বুলেট প্ৰুফ জেকেট কিনিলো আৰ ২০১৮ত সমগ্ৰ ১ লাখ ৮৬ হাজাৰ বুলেট প্ৰুফ জেকেট আমাৰ জোৱানক প্ৰদান কৰিলো৷
২০১৪ৰ পাছত জনসাধাৰণ অতি দায়বদ্ধ হ’ল, তেওঁলোকে ভুল নকৰিলে, কিন্তু ২০১৪ৰ পাছতো যদি ইউপিএ চৰকাৰ গঠন হোৱা হ’লে দেশৰ গৌৰৱ তেজছ যুদ্ধ বিমান এতিয়াও মাটিটে পৰি থাকিল হেতেন, আকাশ উৰিবলৈ নাপালেহেতেন৷ ২০১৬ৰ জুলাইত আমি ৪৫ স্কোৱাৰ্ডন অন্তৰ্ভূক্ত কৰিলো আৰু ৮৩খন তেজছ বিমান ক্ৰয় কৰাৰ বাবে অনুমতি প্ৰদান কৰিলো৷ আপোনালোকৰ এইবোৰক লৈ চিন্তা কৰা নাছিল, সেনা শক্তিশালী হওক সেই কথা আপোনালোকে কেতিয়াও ভবাই নাছিল৷
দেশৰ সুৰক্ষা দিয়া জোৱানসকলক লৈ আপোনালোকৰ কিয় অলপো সহানুভূতি নাছিল, আপোনোলোকৰ কংগ্ৰেছে বিগত ১০ বছৰত স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাৰ আৱশ্যকতাক লৈ কিয় অলপো গুৰুত্ব দিয়া নাছিল? কল্পনা কৰকছোন সেই সময়ত কোনো শত্ৰুৱে আক্ৰমণ কৰা হ’লে আজি দেশৰ অৱস্থা কি হ’লহেতেন, আপোনালোকে ইমান অপৰাধমূলক অৱজ্ঞা কৰিলে যে দেশবাসীয়ে তাক কেতিয়াও ক্ষমা নকৰে৷ মোক এইটো কওক যে তিনি দশক হোৱাৰ পাছতো কি কাৰণত দেশত এখনো পৰৱৰ্তী প্ৰজন্ম যুঁজাৰু বিমান আমাৰ সেনাৰ হাতত দিয়া নাই৷ অৰ্থাৎ ৩০ বছৰত আমাৰ প্ৰতিবেশীসকলে সকলো প্ৰকাৰৰ যুদ্ধ সামৰ্থ্য বৃদ্ধি কৰি থাকিল৷ কিন্তু দেশৰ নিৰাপত্তাৰ বিষয়ত গুৰু্ত্ব নিদিয়াতো বিশ্বাসঘাটকতা নহয়, তেওঁলোকৰ দায়বদ্ধতা নাছিল৷ এক এক অভিযোগ নিৰ্মলা জীয়ে গণি-গণি দিছে৷ উচ্চতম ন্যায়ালয়ে প্ৰতিটো বিষয় চালি-জাৰি চাইছে আৰু প্ৰশ্ন হয় যে কংগ্ৰেছ দলে নিবিচাৰে নেকি যে দেশৰ সেনাৰ হাতত আমাৰ বায়ু সেনা শক্তিশালী হওঁক৷ মই গুৰু্তৰ অভিযোগ উত্থাপন কৰিছো যে কংগ্ৰেছ দলে নিবিচাৰে যে আমাৰ বায়ু সেনা শক্তিশালী হওক, বৰ্তমান ৰাফেল চুক্তি বন্ধ হওক, ইয়াৰ জৰিয়তে কাৰ উপকাৰ হ’ব৷ আপোনালোকে কোন সহযোগীৰ ভালৰ বাবে খেল খেলি আছে৷ আপোনালোকে এইদৰে দেশৰ সেৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে৷ ৩০ বছৰ ধৰি দেশৰ সেনাক যে নিৰস্ত্ৰ কৰি ৰাখিছিল ইতিহাস ইয়াৰ সাক্ষী… কংগ্ৰেছ দল আৰু তেওঁলোকৰ ইউপিএ চৰকাৰে ক্ষমতা ভোগৰ সময় প্ৰতিৰক্ষা চুক্তিত দালাল অবিহনে কাম কৰিবই পৰা নাছিল৷
মই কেতিয়াবা ভাৱো যে ৰাফেলক লৈ এই মিছা ইমান বিশ্বাসেৰে কিয় কয়, সেয়েহে মই সবিশেষ চাই গম পালো যে তেওঁলোকে এই ভাবি আছে যে বিগত ৫৫ বছৰে ক্ষমতাত থকাৰ সময়ত দালাল অবিহনে এটাও প্ৰতিৰক্ষা চুক্তি হোৱা নাছিল৷ ক’ৰ ক’ৰ খুড়া, মামা…ইয়াৰ বিপৰীতে এতিয়া পাৰদৰ্শিতাৰে, দায়বদ্ধতাৰে দেশৰ বায়ুসেনাক শক্তিশালী কৰাৰ কাম কৰা হৈছে৷ মাননীয় অধ্যক্ষ মহোদয়া কংগ্ৰেছৰ লোকসকল অতিকে নাৰ্ভাছ হৈ যায়৷ সত্য কথা শুনাটো তেওঁলোকৰ অভ্যাসেই নাই আৰু এতিয়া সমস্যাত পৰিছে.. আমি আহি দেশৰ বিভিন্ন সংস্থাক চিঠি লিখিছো৷ আমি কৈছো যে আপোনালোকে বিদেশৰ পৰা টকা লাভ কৰিছে, এফচিআৰএৰ আইনৰ অধীনত আপোনালোকে অনুমতি লাভ কৰিছে, সেয়েহে লাভ কৰা ধনৰ হিচাপ দিয়ক৷ বিদেশৰ পৰা টকা আহে, ক’ত ব্যৱহাৰ কৰে৷ ইমানেই…কোনো তালাচী কৰিবলগীয়া নহয়৷ কোনো আয়কৰ বিভাগৰ লোক যাবলগীয়া নহ’ল আৰু আপোনাকে জানি আচৰিত হ’ব এখন সৰু চিঠিৰ পাছতে এই দেশৰ ২০,০০০তকৈ অধিক সংগঠনে নিজৰ দোকান বন্ধ কৰিলে, যিসকলে বিদেশৰ পৰা ধন লৈছিল৷ এই ২০,০০০ সংস্থাই কি কৰিছিল…সীমান্তৱৰ্তী গাঁৱৰ পৰা সংসদ, ন্যায়পালিকা, বিচাৰপ্ৰক্ৰিয়ালৈকে প্ৰভাৱ বিস্তাৰ কৰিছিল৷ তেওঁলোকৰ ওপৰত হাত উঠোৱা কামো আমি কৰিছো৷ ভাৰতবৰ্ষৰ ক্ষতি কৰিবলৈ…২০,০০০ সংস্থা…আপোনালোকে এইবোৰ বন্ধ কৰিব নোৱাৰিলেহেতেন, কিয় চলি থাকিবলৈ দিলে, কি আশীৰ্বাদ আছিল. কি ভাল হৈছিল আপোনালোকৰ, বিদেশৰ পৰা ধন লোৱাৰ এই পথ কাৰ আছিল৷ এই যুঁজ আমি কৰি আছো আৰু সেইবাবে চাৰিওফালৰ পৰা অভদ্ৰ ভাষা শুনিবলৈ পাও, গালি-গালাজ শুনিবলৈ পাও, লেতেৰা অভিযোগ শুনিবলৈ পাও, ইয়াৰ কাৰণ হৈছে ইয়াৰ ফলত বহু লোকৰ সমস্যা হৈছে যে এখন দায়িত্বশীল প্ৰকৃত চৰকাৰ, দেশৰ হিত চিন্তা কৰা চৰকাৰ আহিলে কি হ’ল৷ ইয়াৰ দ্বাৰা এইটো গম পায়৷ ২০,০০০ সংস্থা এক ডাঙৰ সংখ্যা আৰু এতিয়াটো মই দেখিছো যিসকল ডাঙৰ ডাঙৰ নাম ইয়াৰ সৈতে জড়িত সেইবোৰ ভাৰতত তেওঁলোক কাম-কাজ বন্ধ কৰি নতুন নামেৰে সোমাবলৈ ৰাস্তা বিচাৰি আছে, সেই অৱস্থা হৈছে আৰু আপোনালোকেও দেখিছে৷
মোৰ মনত আছে গুজৰাটত চৰ্দাৰ সৰোবৰ বান্ধ, নৰ্মদা… পণ্ডিত নেহৰু জীয়ে সেইবোৰৰ আধাৰশিলা স্থাপন কৰিছিল, পণ্ডিত নেহৰু জী আৰু মই উদ্বোধন কৰিলো, কিমান দেশৰ পইচা আৰু তাতো মই বিদেশী ধনেৰে খেলা কৰা এনডিঅ’…কোনেও ৰখোৱা নাছিল তেওঁলোকক…২০,০০০ সংস্থা বন্ধ হৈ গ’ল৷ অনাগত দিনত এই সংখ্যা বৃদ্ধি পাব৷ কাৰণ আমি প্ৰতি অনাৰ হিচাপ লৈ আছো৷
অধ্যক্ষ মহোদয়া ৫৫ বছৰীয়া ক্ষমতা ভোগ কৰা কোনো দলৰ লোকে এনে অভ্যাসক বেয়া কৰি দিয়ে আৰু তেওঁলোকে নিজকে এনেকুৱা শ্বাহেনশ্বাহ বুলি ভাবে তথা বাকীবোৰক ইমান নিকৃষ্ট বুলি ভাবে, প্ৰতিটো ব্যৱস্থাক নিকৃষ্ট বুলি ভাবে, সকলোকে অপমান কৰাটো তেওঁলোকৰ স্বভাৱ৷ সেয়েহে মুখ্য ন্যায়াধীশকো বিতৰ্কত সুমুৱাই লোৱা, সমগ্ৰ ব্যৱস্থাটোক ভাঙি পেলোৱাৰ প্ৰয়াস কৰা, ন্যায় ব্যৱস্থাৰ অপমান কৰা, ৰিজাৰ্ভ বেংকৰ অপমান কৰা, সেনা অধ্যক্ষৰ অপমান কৰা, নিৰ্বাচন আয়োগৰ অপমান কৰা, দেশৰ সৰ্বোচ্চ তদন্ত সংস্থাক অপমান কৰা, গণতন্ত্ৰক অপমান কৰা…এইবোৰক মই ভাবো ক্ষমতাত থাকি থাকি আপোনালোকৰ ভিতৰত হোৱা বিকৃতি৷ মহাত্মা গান্ধীয়ে বহুত আগতেই ইংগিত পাইছিল যে সকলো বেমাৰৰ আটাইতকৈ বেছি গ্ৰহণ ক্ষমতা থকা যদি কোনোবা আছে, সেয়া হৈছে কংগ্ৰেছ৷ সেয়েহে, মহাত্মা গান্ধীয়ে সেই সময়তে কৈছিল, কংগ্ৰেছক ভাঙি পেলোৱা, কংগ্ৰেছ মুক্ত ভাৰত এয়া মোৰ সপোন নহয়, মই মহাত্মা গান্ধীজীৰ ইচ্ছা পুৰণ কৰি আছো৷ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি হিচাপে এইটো মই কৰিবই লাগিব৷ যিমানেই মহাজোঁট গঠন নকৰক কিয়, সাৰিব নোৱাৰে৷ আমাৰ বাবে আমাৰ সংস্থা পৃথক৷ আমাৰ বাবে দল ডাঙৰ, দলতকৈ ডাঙৰ আমাৰ দেশ৷ সেয়েহে, অধ্যক্ষ মহোদয়া, যিখন সংবিধানে সংস্থাৰ অপমান, ভ্ৰষ্টাচাৰ, বংশবাদ এইবোৰ কংগ্ৰেছৰ সহযোগীসকলেও জোটবন্ধনৰ সংস্কৃতি স্বীকাৰ কৰি ল’লে, বংশবাদৰ বাদে তেওঁলোকৰ কোনো সহযোগী নাই৷ কাৰণ তেওঁলোকৰ বাবে ই এক সংস্কাৰত পৰিণত হ’ল, এয়া তেওঁলোকৰ সংস্কৃতিত পৰিণত হ’ল৷ সেয়েহে, মহাজোঁটবন্ধনৰ কাম সহজে কৰিব পাৰে, কাৰণ সকলো বংশবাদী৷ প্ৰায় সকলোৱেই জামিনত আছে, সেয়েহে বহুত স্বাভাৱিক যে পুনৰ…
বৰ্তমানৰ একক সংখ্যাগৰিষ্ঠ চৰকাৰ যদি অটল বিহাৰী বাজপেয়ী জীয়েও লাভ কৰিলেহেতেন, তেতিয়াহ’লে দেশক ক’ৰ পৰা ক’লৈ নিলেহেতেন, সেয়া আমি জানো আৰু যিসকলে এতিয়া আপোনালোকৰ কাষলৈ আহিছেষ সেই সময়ক তেওঁলোক আমাৰ কাষলৈও আহিছিল, তেওঁলোকে এনে প্ৰৱঞ্চনা কৰিলে৷ আহক প্ৰৱঞ্চক লোকসকলক লগত লৈ আমি দেশত জোটবন্ধনৰ সংস্কৃতি, মহাজোঁটবন্ধন কৰো৷
আজি বাবা চাহেব আম্বেদকাৰৰ নামো উল্লেখ হৈছে, বাবা চাহেব আম্বেদকাৰে এবাৰ কৈছিল, হয়তো জোটবন্ধনৰ পথত যোৱা একাংশ লোকৰ যদি বাবা চাহেব আম্বেদৰকাৰৰ প্ৰতি শ্ৰদ্ধা আছে, তেন্তে কামত আহিব৷ আম্বেদকাৰে কৈছিল যে কংগ্ৰছৰ সৈতে একেলগ হোৱাটো আত্মহত্যা কৰাৰ সমান৷ এয়া বাবা চাহেব আম্বেদকাৰৰ কথা৷ খৰ্গেজী আপোনাক চিআৰ কোনে ভাঙিব নোৱাৰে, চিন্তা নকৰিব, আপুনি শতায়ু গৰকিব৷ আপোনাৰ প্ৰতি মোৰ শুভকামনা আছে৷
অধ্যক্ষ মহোদয়া, আজি সদনত মুল্যবৃদ্ধিক লৈ কেতবোৰ আলোচনা হৈছে৷ বাস্তৱত কি হৈ আছে, মই তেওঁলোক সকলোকে মনত পেলাই দিব বিচাৰিছো, আমাৰ দেশত দুটা গান বহুত জনপ্ৰিয় হৈছিল কোনো এটা সময়ত৷ এটা আছিল, বাকী সকলো বাচি থাকিল, মুল্যবৃদ্ধিয়ে মাৰি দিলে৷ আনটো আছিল মুল্যবৃদ্ধি জনপ্ৰিয় হৈছিল, মুল্যবৃদ্ধি ডাইনীয়ে খালে…মুল্যবৃদ্ধি ডাইনীয়ে খালে৷ এই দুটা গীত কাৰ কাৰ্যকালৰ আছিল, প্ৰথমটো গান জনপ্ৰিয় হৈছিল তেতিয়া, যেতিয়া শ্ৰীমতী ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল আৰু মুদ্ৰাস্ফীতি ২০ শতাংশতকৈ অধিক আছিল৷ দ্বিতীয়টো গীত ৰিম’চ কণ্ট্ৰলৰ চৰকাৰৰ দিনৰ আছিল ১০ শতাংশতকৈ অধিক মুদ্ৰাস্ফীতি আছিল৷ তেতিয়াই এই গান লিখিছিল, মুল্যবৃদ্ধি আৰু আপোনালোকৰ মাজত নিবিড় সম্পৰ্ক আছে৷
এইখন দেশত কংগ্ৰেছে যেতিয়াই শাসন কৰিছে, তেতিয়াই মুল্যবৃদ্ধি হৈছে৷ ইন্দিৰা জীৰ দিনত ৩০শতাংশতকৈ অধিক মুদ্ৰাস্ফীতি হৈছিল৷ আপোনালোকে ১৯৪৭ৰ পৰা আৰম্ভ কৰিছে, মই খুলি ক’বলৈ হ’লে কি কি ওলাব ঠিকনা নাই৷ সেয়েহে, চাৰে চাৰিবছৰীয়া মুল্যবৃদ্ধিৰ হাৰ, ৫৫ মাহৰ সেৱা ভাৱেৰে চলা চৰকাৰে ৪ শতাংশত নিয়ন্ত্ৰণ কৰি ৰাখিছে৷ মধ্যবিত্ত শ্ৰেণীৰ সহায় হোৱাকৈ বহুত কাম আমাৰ চৰকাৰে একেৰাহে কৰি আহিছে৷ দেশত যিধৰণে আৰ্থিক গতিবিধি চলি আছে, তাৰ পৰিপ্ৰেক্ষিতত মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা বৃদ্ধি পোৱাটো অতি স্বাভাৱিক৷ মই ভাৱো সেইটো যিকোনো দেশৰ প্ৰগতিৰ বিকাশৰ বাবে বহুত অনিবাৰ্য অংগ, যিটো বিগত ৫৫ মাহত দেশে অনুভৱ কৰিছে৷ নতুন নতুন আশা-আকাংক্ষা এইবোৰ বিকাশৰ আটাইতকৈ ডাঙৰ লক্ষ্য৷ মই সেইবোৰ গৌৰৱেৰ লক্ষ্য কৰিছো, কাৰণ সেইবোৰে দৌৰাৰ শক্তি দিয়ে, নতুন কিবা এটা কৰাৰ প্ৰেৰণা দিয়ে৷
জিএছটিক পাছত অত্যাৱশ্যকীয় সামগ্ৰীক কৰৰ তালিকাৰ পৰা বাদ দিয়াৰ কাম আমি কৰিলো, আপোনালোকে মনত পেলাওক যে গাখীৰতো কৰ লৈছিল, নাজানো কি কি সামগ্ৰীত আপোনালোকে কৰ লৈছিল৷ সেই দিন…আপোনালোকৰ কথা কোৱাৰ কোনো অধিকাৰ নাই আৰু গড় কৰ জিএছটিৰ পূৰ্বে ৩০ শতাংশতকৈ অধিক আছিল৷ আৰু আপোনালোকে এনেকুৱা কথা কয়, যেন এতিয়া জিএছটি পৰিষদে সিদ্ধান্ত কৰিব য’ত আপোনালোকৰ দলৰ লোকেও আছে, আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰী, আৰু আপোনালোকৰ চৰকাৰৰ লোকো আছে৷
বৰ্তমান ৯৯শতাংশ সামগ্ৰী ১৮শতাংশতকৈ তলত আহিছে, এই বাজেটত আয়কৰৰ ক্ষেত্ৰত ৫ লাখলৈকে ৰেহাই দিয়াৰ কাম আমি কৰিছো আৰু এই দাবী আমাৰ দিনত যে আহিছে, এনে নহয়, যেতিয়া অৰ্থনীতিবিদ প্ৰধানমন্ত্ৰী হৈ আছিল, তেতিয়াও আহিছিল৷ ১৯৯২টো এনে দাবী উত্থাপন হৈছিল৷ কিন্তু ইমান দিনে আপোনালোকে গুৰুত্ব নিদিলে, আমি চিন্তা কৰি ইয়াৰ সমাধা কৰিলো৷
শৈক্ষিক ঋণ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালে লয়৷ শৈক্ষিক ঋণৰ ক্ষেত্ৰত সুদৰ হাৰ আমি ১৫ শতাংশৰ পৰা হ্ৰাস কৰি ১১ শতাংশ কৰিছো৷ সেয়েহে এগৰাকী তৰুণ শিক্ষাৰ্থীয়ে ১০লাখ টকাৰ ঋণ ল’লে, তেওঁলোকে পৰিশোধ কৰাৰ সময়ত আধালাখ টকাৰ ৰাহি হয়৷ সেইদৰে, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যদি মধ্যবিত্ত শ্ৰেণীৰ লোকে বেংকৰ পৰা ঋণ লয়, তেওঁলোকে বেংকত পৰিশোধ কৰাৰ ক্ষেত্ৰত পাঁচৰ পৰা ৬ লাখ টকা ৰাহি হয়৷ সেই কাম আমি কৰিলো৷ সেইদৰে এলইডি বাল্বৰ দামক লৈ মইতো আচৰিত হৈ গ’লো, কাৰণ ইউপিএৰ দিনত প্ৰতিটো বাল্বৰ দাম ৩০০, ৪০০, ৪৫০ আছিল আৰু আমি ৬০ অতবা ৭০ টকাতে কোটি কোটি এলইডি বাল্ব বিক্ৰী কৰিছো৷ ইয়াৰ ফলত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ কিমান কোটি টকা ৰাহি হ’লে, সেয়া কল্পনা কৰিব নোৱাৰিব৷ তদুপৰি, ইলইডডি বাল্বৰ বাবে দেশৰ বিদ্যুতৰ বিল ৫০ হাজাৰ কোটি টকাৰ কম হৈছে৷ সেয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জেপৰ পৰা ৰাহি হৈছে৷ যদি ৫০ হাজাৰ কোটিৰ পেকেজ ঘোষণা কৰো, তেতিয়া মিডিয়াই ২৪ ঘণ্টা আলোচনা কৰিব, বাতৰিকাকতত শিৰোনাম দখল কৰিব৷ ইমানবোৰ টকা ৰাহি কৰি মধ্যবিত্ত শ্ৰেণীক সহায়ক কাম আমাৰ চৰকাৰে কৰিছে৷
হৃদৰোগীৰ ষ্টেণ্টৰ দাম কিমান বৃদ্ধি কৰিছিল৷ কিন্তু আমি জিলা পৰ্যায়লৈকে বিনামূলীয়া ডায়েলিছিছৰ সুবিধা লৈ গ’লো৷ আগতে দুখীয়া লোকসকলে ডায়েলিছিছৰ বাবে ২ৰ পৰা ৩ হাজাৰলৈকে খৰচ কৰিবলগীয়া হৈছিল৷ এতিয়া ইয়াৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা আমি কৰিলো৷ পাঁচ হাজাৰতকৈ অধিক জন ঔষধি কেন্দ্ৰ আমি আৰম্ভ কৰিলো, সেই জন ঔষধি কেন্দ্ৰৰ ফল আজি দুখীয়া পৰিয়াল, য’ত যুটীয়া পৰিয়ালৰ ৬০ বছৰতকৈ অধিক বয়সৰ লোক আছে, তেওঁলোকৰ কিবা নহয় কিবা এবিধ ঔষধ সদায় ল’ব লাগে৷ ইয়াৰ বাবে ন্যূনতম ১০০ টকা ব্যয় হৈছিল, কিন্ত এতিয়া জেনেৰিক ঔষধ ৩০ টকাতে পাবলৈ সক্ষম হৈছে৷ ইয়াৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণীৰ লোক আটাইতকৈ উপকৃত হোৱাৰ কাম আমি কৰিছো, সেইদৰে দুখীয়া লোকৰ চিকিৎসাৰ চিন্তাও আমি কৰিছো৷ মই আচৰিত যে আয়ুষ্মান্ ভাৰত আঁচনিৰ ক্ষেত্ৰত মোদীলৈ প্ৰেৰণ কৰা চিঠিক লৈ চিন্তিত কাৰণ চিঠিত লিখিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বৃহৎ দায়িত্ব লয় বহুত ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে৷ আৰু সাধাৰণ জনতাক বিশ্বাস প্ৰদান কৰে যে আপোনালোকে চিন্তা নকৰিব আমি আপোনালোকৰ লগত আছো৷ আপোনালোকৰ লগতে সদন সঁচাকৈ সুখী হ’ব যে এই দেশত দৰিদ্ৰতাৰ বাবে বহু লোকৰ মৃত্যুয়ে অপেক্ষা কৰিছিল৷ তেওঁলোকে হস্পিটেললৈ যোৱাটো পছন্দ নকৰিছিল আৰু কেৱল সাধাৰণ জৰি-বুটী লৈ চিকিৎসা কৰি লৈছিল৷ বহু জটিল ৰোগত ভোগিব লগীয়া হৈছিল৷ পৰিয়ালৰ লোকসকলৰ অৱস্থাও উপায়হীন হয়৷ ২ৰ পৰা ৪ বছৰলৈ জটিল ৰোগত আক্ৰান্ত হৈ আছিল; কিন্তু ১০০ দিনতকৈও কম সময়ৰ ভিতৰতে এই আয়ুষ্মান যোজনাৰ অধীনত বৰ্তমানলৈকে প্ৰায় ১১ লাখ দুখীয়া লোক উপকৃত হৈছে৷ এয়া আমাৰ সকলোৰে দায়িত্ব৷ মই লক্ষ্য কৰিছো যে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ আমাৰ সকলো সাংসদে চিঠি লিখে যে ভাই আমাৰ অঞ্চলত কেন্সাৰ ৰোগী আছে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁলোকক সাহায্য প্ৰদান কৰক৷ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আমি সেই কাম ধাৰাবাহিকভাৱে কৰি আহিছো, মোৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলেও সেই কাম কৰিছিল৷ কিন্ত এই আয়ুষ্মান ভাৰতৰ পাছত বৰ্তমান কোনো সাংসদে কোনো ধৰণৰ চিঠি লিখাৰ দৰকাৰ পৰা নাই, তেওঁলোকে গল্ড কাৰ্ড পাই সকলো কাম ক্ষীপ্ৰতাৰে হৈছে৷ প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সীমিত ধন দিয়া হয়, ইয়াৰ দ্বাৰা সম্পূৰ্ণ খৰচ দিয়া হৈছে৷ প্ৰতিগৰাকী সাংসদে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা পাবলগীয়া ধন সন্দৰ্ভত মোক লগ কৰে, সন্তোষ ব্যক্ত কৰে, মোৰ এলেকাৰ ইমানজন লোক লাভান্বিত হৈছে, চাহাব প্ৰথম সপ্তাহত হৈ গ’ল, তৃতীয় সপ্তাহত হৈ গ’ল.. আৰু মইও তেওঁলোকক চিঠি লিখো৷ প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা যিসকল লোকে পইচা লাভ কৰে, মই তেওঁলোকক চিঠি লিখো যে নিশ্চিত হ’ব লাগিব যে ৰোগ হৈছে নাই৷ আকৌ চিঠি লিখো৷ মই যেতিয়া গুজৰাটত আছিলো, তেতিয়া আমি এটা কথা প্ৰয়োগ কৰিছিলো, চাৰ্কিট হাউচত বিভিন্ন লোক থাকে, নেতা লোক থাকিলেও তেওঁলোকে ৰেহাই লাভ কৰে, তেতিয়া আমাৰ এগৰাকী চাৰ্কিট হাউচ মেনেজাৰ আছিল, যিমান ব্যক্তি আহে তেওঁলোকক চিঠি লিখিছিল যে আপুনি আৰু আপোনাৰ পত্নী দুয়ো অমুক তাৰিখে আহিছিল৷ আপোনাৰ কোনো অসুবিধাটো হোৱা নাছিল৷ চাহাব পৰিস্থিতি এনে হৈছিল যে লোকসকল অহাই বন্ধ কৰি দিলে৷ মই চিঠি লিখো যে আপোনাক এই ৰোগৰ বাবে মই ইমান পইচা পঠিয়াইছো, আপোনাৰ স্বাস্থ্য নিশ্চিয় ভাল হোৱাৰ বাবে…আৰু পিছত সেয়া আধাৰৰ সৈতে জড়িত কৰিলো৷ এক নয়া পইচাও দালালী হোৱা নাই…কিন্তু আয়ুষ্মান ভাৰতৰ ক্ষেত্ৰতো সকলো সাংসদক আহ্বন জনাও যে আপোনালোকে নিৰ্বাচনৰ বাবে গৈ আছে, আপোনালোকৰ এলেকাত কিমান দুখীয়া লোক আছে, সকলোকে আয়ুষ্মান ভাৰতৰ সুবিধা প্ৰদান কৰিব পাৰে কৰক৷ মই স্পষ্টভাৱে আহ্বান জনাইছো, কাৰণ ইয়াৰ দ্বাৰা দুখীয়া লোকসকলৰ ভাল হ’ব, নিৰ্বাচন আহি-গৈ থাকিব৷ এই দুই-তিনি মাহতে অলপ কাম কৰি লওক৷ এয়াই আপোনালোকৰ সূযোগ, সেয়েহে ক’লো৷
অধ্যক্ষ মহোদয়া, এক বিশেষ আঁচনিৰ সন্দৰ্ভত মই বিস্তৃতভাৱে ক’ব বিচাৰিছো৷ সংবিধান সংশোধন কৰি আমি দেশৰ দুখীয়া যুৱকসকলক তেওঁলোকৰ সপোন বাস্তৱ কৰাৰ বাবে এক সুবিধাতো কৰিছোৱেই, কিন্তু সামাজিক সমস্যা যিমান নাইকিয়া কৰিব পাৰো, তাৰো পথ বিচাৰিছো৷ এছচি, এছটি, অবিচিৰ ব্যৱস্থাৰ কোনো অসুবিধা নকৰাকৈ ১০শতাংশ দুখীয়া লোকসকলৰ বাবে সংৰক্ষণৰ বিষয়টো আমি অহাৰ পাছতে আহিছে এনে নহয়, আগৰে পৰা আছিল. আমি সাহস দেখুৱালো আৰু এই সদনৰ ওচৰত কৃতজ্ঞ, সকলো ওচৰত কৃতজ্ঞ যে সৰ্বসন্মতিক্ৰমে ইয়াত সহযোগ কৰিলে, সেয়েহে আজি কৃতজ্ঞতা প্ৰকাশ সূয়োগ পালো৷ ইয়াৰ সমান্তৰালভাৱে এই ক্ষেত্ৰত যাতে অন্যায় নহয়, ইয়াৰ বাবে শিক্ষা ক্ষেত্ৰতৰ অনুপাতৰ ভিতৰি আসন বৃদ্ধি কৰাৰো সিদ্ধান্ত ল’লো, যাতে আমাৰ যি প্ৰগতিৰ যাত্ৰাত কোনেও দুখ-অসুবিধা নাপায়৷ ৫৫ বছৰীয়া শাসন সত্ত্বেও দেশৰ পৰিস্থিতি কি হ’ল৷ ৫৫ বছৰে কোনো মানসম্পন্ন ব্যৱস্থাৰ বিকশিত হোৱা নাছিল৷ ৫৫ বছৰত আমাৰ বাবে সেই এজেণ্ডা নাছিল, পুৰণি চৰকাৰে সংস্থাপনৰ প্ৰতি গুৰু্ত্ব দি ব্যৱস্থা বিকশিত কৰিব লাগিছিল, কিন্তু একো ব্যৱস্থা নকৰিলে, সেয়েহে শাসন ক্ষমতাত থকা লোকসকলৰ দায়িত্ব অধিক৷ আমি ক্ষমতালৈ আহি চেষ্টা কৰিছো যে যদি ১০০টা খণ্ডত নতুন চাকৰি সৃষ্টি কৰো, তেতিয়া হ’লো তাৰ ৭-৮টা খণ্ডক গণনা কৰি এক অনুমান কৰিলো, আজি যি গতি, ১০০টা খণ্ডত সংস্থাপন…৭-৮টাত টোকেনভিত্তিক হয় আৰু তাৰ হিচাপৰ পৰাম অনুমান হয় যে এতিয়া সময় সলনি হ’ল, সকলো মাপকাঠিৰ সলনি হৈছে, সংস্থাপনৰ প্ৰকাৰ সলনি হৈছে, এতিয়া সেইবাবে আমি আজি এই সদনক প্ৰকৃত কথা ক’ব বিচাৰিছো, বাস্তৱৰ আধাৰত ক’ব বিচাৰিছো আৰু মই দেশবাসী, যিসকলে টিভি চাই আছে তেওঁলোকক বিশেশভাৱে কৈছো যে মোৰ পূৰ্বে যি ভাষণ শুনিলে তাৰ গম্ভীৰতাৰে শুনক, যাতে যিধৰণে সত্যৰ কোনো স্থান নথকাকৈ এনেকৈ ক্ষমতা লিপ্সা থকা লোকে যি কথা ক’লে, তাৰ পোনপটীয়া উত্তৰ দেশৰ জনতাইহে দিব পাৰিব৷ এতিয়া চাওক, দেশত অসংগঠিত ক্ষেত্ৰই প্ৰায় ৮৫-৯০ শতাংশ লোকক সংস্থাপন দিয়ে৷ ইয়াৰ বিপৰীতে সংগঠিত ক্ষেত্ৰত কেৱল ১০ৰ পৰা ১৫ শতাংশ লোককহে দিয়ে৷ সেই সত্যক স্বীকাৰ কৰিবই লাগিব৷ অসংগঠিত ক্ষেত্ৰত ৮০ৰ পৰা ৯০ শতাংশ আছে, ইয়াৰ বিপৰীতে সংগঠিত ক্ষেত্ৰত কেৱল ১০ৰ পৰা ১৫ শতাংশহে আছে৷ যিটো খণ্ডই সংস্থাপন কেৱল ১০ শতাংশ প্ৰতিনিধিত্ব কৰে, মই তাৰ সংখ্যা জানিব বিচাৰিছো, ৯০শতাংশৰ হিচাপ পাছত চাম৷ ২০১৭ৰ ছেপ্তেৰৰ পৰা ২০১৮ৰ নৱেম্বৰলৈ অৰ্থাৎ প্ৰায় ১৫ মাহত এক কোটি ৮০ লাখ লোকে প্ৰথমবাৰলৈ ভৱিষ্যনিধিৰ ধন কটাবলৈ আৰম্ভ কৰে৷ এয়া সংস্থাপন অবিহনে হয় নেকি? ইয়াৰে ৬৪ শতাংশ লোক ২৮ বছৰৰ তলৰ৷ সেয়েহে, খৰ্গে জীয়ে আজি পুৱা যি যুক্তি দি আছিল, তাৰ কোনো নীতি নাই৷ ২৮ বছৰতকৈ কম বয়সৰ ব্যক্তি মানে এটা নতুন চাকৰি লাভ কৰাক বুজায়৷ তদুপৰি, আন এটা তথ্যও মই আপোনালোক দিব বিচাৰিছো৷ আমাৰ দেশত ২০১৪ৰ মাৰ্চলৈকে প্ৰায় ৬৫ লাখ লোকক ৰাষ্ট্ৰীয় পেন্সন আঁচনিত পঞ্জীয়ন কৰা হৈছিল৷ পিছৰ বছৰৰ অক্টোবৰত এই সংখ্যা বৃদ্ধি পাই ১ কোটি ২০ লাখ হৈ গ’ল৷ এইবোৰো চাকৰি নোপোৱাকৈয়ে হ’ল নেকি? কোনোবাই এনেয়ে কৰি দিয়ে নেকি? আৰু এটা সংখ্যা মই জনাব বিচাৰিছো৷ প্ৰতি বছৰে আয়কৰ ৰিটাৰ্ণ ভৰাৰ সময়ত অনা-কৰ্প’ৰেট কৰদাতাসকলে নিজেই নিজৰ আয় ঘোষণা কৰে৷ তেওঁলোকে নিজে দৰমহা নাপায়, কিন্তু এই লোকসকলে যিসকলক নিযুক্তি দিয়ে, তেওঁলোকক দৰমহা দিয়ে৷ বিগত চাৰি বছৰত এনেকুৱা প্ৰায় ৬লাখ ৩৫ হাজাৰ নতুন বৃত্তি জড়িত হৈছে৷
এতিয়া মই আপোনালোকক অনানুষ্ঠানিক খণ্ডৰ পৰিসংখ্যা দিম৷ অনানুষ্ঠানিক ক্ষেত্ৰৰ ভিতৰত পৰিবহণ ক্ষেত্ৰত সৰ্বাধিক লোক নিয়োজিত হৈ থাকে৷ যোৱা চাৰি বছৰত প্ৰায় ৩৬ লাখ ডাঙৰ ট্ৰাক অথবা বাণিজ্যিক বাহন, প্ৰায় ডেৰ কোটি যাত্ৰীবাহী বাহন আৰু ২৭লাখ নতুন অ’টো বিক্ৰী হৈছে৷ ইমানবোৰ গাড়ী ক্ৰয় কৰা লোকসকলে গাডীবোৰ পাৰ্কিং কৰিটো ৰখা নাই৷ গতিকে, ইয়াৰ চলোৱা, মেৰামতি কৰা ইত্যাদি কামৰ বাবে কিমান লোকৰ প্ৰয়োজন হয়? অৰ্থাৎ যোৱা চাৰি বছৰত পৰিবহণ খণ্ডত প্ৰায় ডেৰ কোটি লোকে কৰ্মসংস্থাপনৰ সূযোগ লাভ কৰিছে৷ একেদৰে, হোটেল উদ্যোগতো প্ৰায় ৫০ শতাংশ বৃদ্ধি হৈছে৷ তদুপৰি, পৰ্যটন খণ্ডটো ডেৰ কোটি চাকৰি সৃষ্টি হৈছে৷
দেশত টেক্সিৰ সেৱা ইমান সম্প্ৰসাৰিত হৈছে, কিন্তু বিৰোধীয়ে ভাবিছে এয়া এপভিত্তিক কোম্পানীয়ে কৰি আছে৷ এয়া এপেৰেই চলিছে, কিন্তু চালকবিহীন গাড়ী চলি আছেনেকি? অৰ্থাৎ এই গাড়ীবোৰৰ সৈতে বহু লোক জড়িত হৈ আছে৷ তেওঁলোকে সংস্থাপন লাভ কৰিছে৷ মুদ্ৰা যোজনাৰ অধীনত প্ৰথমবাৰলৈ ঋণ লাভ কৰা লোকৰ সংখ্যা চাৰে চাৰি কোটিতকৈও অধিক হৈছে৷ এইসকলো নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিছে যদিও এওঁলোক চাকৰিৰ তালিকালৈ নাহে৷ আমাৰ চৰকাৰৰ কাৰ্যকালত গ্ৰামাঞ্চলত দুই লাখতকৈ অধিক নতুন কমন ছাৰ্ভিছ চেণ্টাৰ মুকলি কৰা হৈছে৷ এইবোৰৰ জৰিয়তেও জানো একাংশই চাকৰি লাভ কৰা নাই? এটা সময় আছিল ক’ৰবাত এছটিডি বুথ মুকলি কৰিলেও সংসদত তাকে সংস্থাপনৰ পৰিসংখ্যাত উল্লেখ কৰিছিল৷
সেইদৰে দেশৰ দুগুন হাৰত ঘাইপথ নিৰ্মাণ হৈ আছে, নতুন বিমানবন্দৰ নিৰ্মাণ কৰি থকা হৈছে, ৰে’ল ষ্টেচনৰো আধূনিকীকৰণ হৈ আছে৷ কোটি কোটি নতুন ঘৰ নিৰ্মাণ হৈছে৷ এইবোৰ সংস্থাপনৰ নতুন সূযোগ নিদিয়ে নেকি? আমাৰ দেশৰ নৱপ্ৰজন্মই বৰ্তমান নিজৰ ভৰিত থিয় দিছে৷ স্কিল ইণ্ডিয়া, ষ্টাৰ্ট আপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া, মুদ্ৰা যোজনা এইবোৰ আমাৰ দেশৰ স্বাৱলম্বনৰ প্ৰচেষ্টা৷
অধ্যক্ষ মহোদয়া, আমাৰ দেশত যুৱক-যুৱতী দেশৰ ভৱিষ্যতৰ সৈতে পোনপটীয়াকৈ জড়িত হৈছে৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে দেশৰ কৃষকসকলৰ প্ৰতিও যিদৰে চিন্তা কৰা হৈছে, আপোনালোকে বাজেটখন চাওক৷ আপুনি এমএছপিত কিমান টকা খৰচ কৰে আৰু আমি এমএছপিত কিমান টকা খৰচ কৰো৷ আপোনালোকৰ চৰকাৰ দিনত কিমান আছিল আৰু ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ দিনত কিমান চাওক৷ পৰিসংখ্যা দেখিলেই গম পাব কৃষকৰ বাবে কিমান কাম হয়৷ ৫৫ বছৰীয়া ক্ষমতা ভোগ আৰু ৫৫ মাহৰ সেৱা৷ আপোনালোকে ১০ বছৰত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ঋণ ৰেহাইৰ এক চক্ৰ গঢ়ি তুলিছিল৷ সেইদৰে খেল খেলিছিল৷ ১০ বছৰে ঘোষণাতে গ’ল, চকুত ধূলি দি পুনৰ নিৰ্বাচনৰ সময়ত ভোটৰ বাবে সেই কথাৰ পুনৰাবৃত্তি হয়৷
২০০৯ত নিৰ্বাচনত জয়ৰ বাবে ঋণ ৰেহাইৰ কথা ঘোষণা কৰিছিল৷ কৃষকৰ ঋণৰ পৰিমাণ আছিল ৬ লাখ কোটি৷ ইমানকৈ হৈ-হাল্লা কৰিলে আৰু সেই পৰিস্থিতিতো তেওঁলোকক কোনেও প্ৰশ্ন নকৰিলে৷ ৬ লাখ কোটি টকা ঋণ আছিল আৰু আপোনালোকে মাত্ৰ ৰেহাই দিলে ৫২ হাজাৰ কোটি টকা, এইবোৰ কি, সেইবোৰ বিচাৰ কৰাৰ প্ৰয়োজন হ’লে টকা ধাৰে দিওতাৰ ওচৰলৈ যাব লগা হয়, আৰু তেওঁলোক সুদৰ বাবে সৰ্বস্বান্ত হয়, তাৰপাছতো আপোনালোকৰ তেওঁলোকক লৈ চিন্তা নাছিল৷ সেইসময়ত কেগৰ যি প্ৰতিবেদন সংসদত দাখিল কৰা হয়৷ কিন্তু সেই সময়ত ইমান ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছিল যে বহুত বস্তুৰ প্ৰতি গুৰুত্বই নাছিল৷ ২জি স্পেকট্ৰাম, কয়লাকে ধৰি বিভিন্ন৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, কেগৰ প্ৰতিবেদনত যি ৫২ হাজাৰ কোটি টকাৰ কথা উল্লেখ কৰা হৈছিল, তাৰো বহুত এনেকৱা আছিল যে কোনো মালিক নাছিল৷ তাতো দালালী, তাতো খেল৷ কৃষকৰ সবলীকৰণৰ ক্ষেত্ৰত আমি ৯৯টা প্ৰধানমন্ত্ৰী সিঞ্চন আঁচনিৰে সমাধাৰ কৰা হৈছে, যাক লৈ আপোনালোকৰ সমস্যা হৈছে৷ এই আঁচনিবোৰ নেহৰুৱে আধাৰশিলা স্থাপন কৰিছিল, মই উদ্ঘাটন কৰিলো৷ ৯৯খন এনেকুৱা যোজনা অৰ্ধনিৰ্মিত হৈ আছিল, হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আমি সেই সম্পূৰ্ণ কৰিলো৷ আমি নতুন মেগা ফুড পাৰ্ক আৰু শীতলীগৃহ নিৰ্মাণতো জোৰ দিছো৷ আমি ২২ হাজাৰ গ্ৰামীণ হাট গঢ়ি তোলাৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰি আছো৷ আমি ই-নামৰ জৰিয়তে অলনাইনযোগে কৃষকসকলৰ নিজা উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছো, যাতে তেওঁলোকে উপযুক্ত দাম লাভ কৰে৷
মাননীয় অধ্যক্ষা মহোদয়া, এই যোজনাৰ জৰিয়তে কৃষকসকলক প্ৰতি বছৰে ৬হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছো৷ এই সিদ্ধান্ত অনাগত দিনত ফল লাভ কৰিব৷ ১২ কোটি কৃষক ইয়াৰ হিতাধিকাৰী হ’ব৷ আপোনালোকৰ পূৰ্বৰ আঁচনিবোৰ ১ কোটি, ২ কোটি লোকৰ মাজতে সীমিত আছিল৷ এক একৰ অথবা দুই একৰ ভূমিৰ গৰাকীসকলে লাভ কৰা নাছিল৷ আমাৰ দেশৰ এনে ভূমি থকা কৃষক ৮৫% আছে৷ তেওঁলোকে এই সুবিধা লাভ কৰিব৷ প্ৰায় ১২ কোটি কৃষকে তেওঁলোকৰ প্ৰাপ্য পোনপটীয়াকৈ একাউণ্টযোগে পাব, কোনো মধ্যস্থতাকাৰী নাই৷ মই আচৰিত যে একাংশ ৰাজ্যই বুকু ডাঠ কৰি কৈছে যে আমি মোদীৰ এই আঁচনি গ্ৰহণ নকৰো৷ কিন্তু সেই ৰাজ্যৰ কৃষকসকলক সোধক যে তেওঁলোকক ৬ হাজাৰ টকা লাগে নে নালাগে? আপোনালোকক এটকাও নিদিও৷ ৰাজনীতিত কিছুমান লোকক চিন্তাধাৰা এনেকুৱাই হয়, ঘোষণা কৰি দিয়ে যে এই যোজনাৰ সুবিধা নলওঁ৷ আপোনালোকে নিজৰ কৃষকৰ কথা চিন্তা কৰক৷ আয়ুষ্মান আমি নলও বুলি যে কয় দুখীয়া লোকসকলৰ কথা চিন্তা কৰক৷
কৃষক আৰু টকা ধাৰে দিয়াসকলৰ পৰা লোক ঋণ কেতিয়াও ৰেহাই দিয়া নহয়৷ মই কৰ্ণাটকৰ উদাহৰণ দিব বিচাৰিছো৷ আপুনি কৰ্ণাটকৰে, আপোনালোকৰ কৃষক নেতা নিজে বহি আছে, আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়া জীক এগৰাকী কৃষকবন্ধু হিচাপে সকলোৱে কয়৷ আপোনাৰ চৰকাৰৰ দিনত ডাঙৰ ঘোষণা কৰিছিল আৰু কৈছিল যে ঘোষণা কৰি মোদীয়ে ভোট ল’লে, আপোনাৰ কৰ্ণাটকৰ কৃষকৰ ঋণ ৰেহাইৰ কৰিবলৈ কৈছিল৷ এই যোজনাৰ অন্তৰ্গত কৰ্ণাটকৰ হিতাধিকাৰীৰ সংখ্যা চৰকাৰী তথ্যমতে ৪৩লাখ আৰু ইয়াৰে ৬০ হাজাৰে ইতিমধ্যে সুবিধা পাইছে৷ কিন্তু আপোনালোকৰ ১০ বছৰ পূৰ্বে ঘোষণাৰ ধন আজি বহুতে নাপালে৷
আমাৰ যোজনাৰ অধীনত প্ৰতি ১০ বছৰৰ হিচাপ কৰিলে কৃষকসকলৰ একাউণ্টত চাৰে সাত লাখ কোটি টকৰা জমা হ’ব৷ ক’ৰ ৫২ হাজাৰৰ খেল আৰু চাৰে সাত লাখ৷ ইমানেই নহয়, আমি এই বাজেটত ৰাষ্ট্ৰীয় কামধেনু আয়োগ, মৎসজীৱিসকলৰ বাবেও বিশেষ ব্যৱস্থা কৰিছো৷ পূৰ্বতে কিষাণ কাৰ্ডৰ সুবিধা কেৱল কৃষকসকলে পাইছিল, কিন্তু এতিয়াৰে পৰা পশুপালন আৰু মৎসপালনৰ ক্ষেত্ৰতো ই প্ৰযোজ্য হ’ব৷ এতিয়া হয়তো এইবোৰ আপোনালোকৰ দিনতো এইবোৰ আছিল বুলি ক’ব৷ হয়, কিন্তু সেইবোৰ অসম্পূৰ্ণ আছিল, যিবোৰ আমি সম্পূৰ্ণ কৰিবলগীয়া হৈছে৷
টীকাকৰণ মোদী অহাৰ পাছত হোৱা নাই, পূৰ্বতেও আছিল৷ ইয়াৰ দৰিয়তে সন্তান আৰু মাক উপকৃত হয়, কিন্তু টীকাকৰণ সঠিকভাৱে হোৱা নাছিল৷ আমাৰ দুখীয়া, আদিবাসী, দলিত, পীড়িত, শোষিত, বঞ্চিত লোকসকল ইয়াৰ আওতালৈ অহা নাছিল৷ আমি মিচন ইন্দ্ৰধনূষৰ জৰিয়তে টীকাকৰণৰ কাম ক্ষীপ্ৰগতিত কৰিলো৷
আধাতে পঢ়া-শুনা লোকৰ বাবে দক্ষতা বিকাশৰ কাম, আত্ম-সংস্থাপনৰ কামৰ বাবে কৌশল বিকাশ শীৰ্ষক এক ডাঙৰ অভিযান আৰম্ভ কৰিলো৷ ইয়াৰ দ্বাৰা লাখ-লাখ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিলো৷ কমিউনিষ্ট দলে দীৰ্ঘদিন ধৰি অসংগঠিত শ্ৰমিক সকলৰ বাবে পেন্সন দাবী কৰি আহিছিল৷ আমি প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনাৰ অধীনত দেশৰ ৪০-৪২ কোটি অসংগঠিত শ্ৰমিকক প্ৰথমবাৰলৈ প্ৰতি মাহত ৩ হাজাৰকৈ পেন্সন প্ৰদানৰ ব্যৱস্থা হাতত লৈছো৷ মই স্বীকাৰ কৰো যে কমিউনিষ্ট দলৰ যি চিন্তাধাৰা আছিল, সেয়া কৰিব পৰা নাই, সেয়েহে আমি কৰি দেখুৱালো৷ মৎসজীৱি সকলৰ বাবে পৃথক মন্ত্ৰালয়ৰ দাবী কৰি আছিল, সেয়েহে এইবাৰৰ বাজেটট পৃথক মন্ত্ৰালয়ৰ ব্যৱস্থা হাতত লোৱা হৈছে৷ একেদৰে ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক গতিবিধিৰ ভূমিকা আছে৷ কিন্তু তাৰবাবে কোনেও চিন্তা কৰা নাছিল৷ আমাৰ চৰকাৰে যিটো বিভাগ আছিল তাক ডিআইপিপিক সলনি কৰি ডিপাৰ্টমেণ্ট ফৰ প্ৰমোচন অৱ ইণ্ডাষ্ট্ৰী এণ্ড ইণ্টাৰ্নেল ট্ৰেডৰ সৈতে যুক্ত কৰিলে, যাতে ব্যৱসায়ক চোৱা-চিতা কৰিবলৈ ভাৰত চৰকাৰৰ এটা বিভাগ থাকে৷
অঘৰী সমূদায় বছৰ বছৰ ধৰি আছিল, কিন্তু পূৰ্বৰ কোনো চৰকাৰে তেওঁলোকৰ প্ৰতি চিন্তা কৰা নাছিল, আপোনালোকেতো দুখীয়া শ্ল’গান দিয়ে, কিন্তু বিদেশী পৰ্যটকক সাপৰ খেলা দেখুওৱা অঘৰী সমূদায়ৰ বাবে চিন্তা কৰিবলৈ সময় নোলাল৷ আমি প্ৰথমবাৰলৈ এই সম্প্ৰদায়ৰ লোকসকলৰ কল্যানৰ বাবে এখন বোৰ্ড গঠন কৰাৰ সিদ্ধান্ত লৈছো, যাতে বিভিন্ন আঁচনিৰ লাভালাভ তেওঁলোকেও লাভ কৰে৷ মই গুজৰাটত থকা সময়তো এই সমূদায়ৰ বাবে ঘৰ নিৰ্মাণ কৰিছিলো৷ মোৰ ইচ্ছা এই যে তেওঁলোকৰ সন্তানেও পঢ়ক…কিন্তু তেতিয়া তেওঁলোকে কৈছিল যে চাহাব আমাৰ ঘৰ নাই, আমি ক’লে যাম, ক’ত থাকিম৷ কিন্তু তেওঁলোকে যেতিয়া ঘৰ লাভ কৰিলে, এতিয়া তেওঁলোকৰ সন্তানে কম্পিউটাৰ চলাব পৰা হ’ল, আৰামেৰে জীৱন-নিৰ্বাহ কৰিছে৷ যদি এই সমাজৰ শক্তি আছে, তেন্তে সেই সমাজৰ বাবে কাম কৰক আৰু আমি কৰি আছো৷
অধ্যক্ষা মহোদয়া, আজি বিশ্বই ভাৰতৰ কথা শুনিবলৈ লৈছে৷ কোনটো বিষয়ত ভাৰতে কি ভাবিব, তাকলৈ বিশ্বই প্ৰথমে চিন্তা কৰিবলগীয়া হৈছে৷ আজি বিশ্বৰ যিকোনো সিদ্ধান্ত পূৰ্বে ভাৰতক ফোন কৰে৷ পেৰিছ চুক্তিৰ সময়তে চাওক, পেৰিছ চুক্তি চূড়ান্ত হোৱাৰ পূৰ্বে ভাৰতক একেৰাহে ডাঙৰ ডাঙৰ হস্তীয়ে ফোন কৰে যে এই শব্দ ৰাখিম নে নাৰাখিম৷ অৰ্থাৎ ভাৰতে নিজৰ স্থান নিগাজী কৰি ল’লে আৰু পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত উত্তেজনা থাকিব পাৰে, কিন্তু সেই দুয়োখন আমাৰ বন্ধু দেশ হ’ব পাৰে৷ একেদৰে, ছৌদি আৰৱ আৰু ইৰাণৰ মাজত উত্তেজনা থাকিবেও দুয়োখন দেশ আমাৰ বন্ধু হ’ব পাৰে৷ পূৰ্বতে কেতিয়াও আমাৰ প্ৰবাসী ভাৰতীয় লোকসকলক লৈ চিন্তা কৰা হোৱা নাছিল, মই আনন্দিত যে মোৰ যত্নৰ পাছত সকলো ৰাজনৈতিক দলে বিদেশত থকা ভাৰতীয়সকলৰ প্ৰতি দৃষ্টি দিছে৷ সেইবোৰ আমাৰ দেশৰ বাবে ডাঙৰ শক্তি৷ আমি তেওঁলোকক চিনাক্ত কৰিলো আৰু আজি তেওঁলোকেও তেওঁলোক যে আমাৰ সেই অনুভৱ কৰিছে৷ প্ৰতিটো ক্ষেত্ৰত কথা পোৱাইছে৷ বৰ্তমান প্ৰবাসী ভাৰতীয় দিৱসত আটাইতকৈ বেছি প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে, সেইটো অতি আনন্দৰ কথা৷
কুম্ভমেলাক বিশ্বৰ ঐতিহাসিক সমাৰোহ বুলি স্বীকাৰ কৰিছে, কিন্তু আমি এনেকুৱৈ মানসিক ৰোগী হৈ গ’লো যে কুম্ভমেলাৰ কথা আহিলেই সাম্প্ৰদায়িকতাৰ দাগ লগাৰ ভয়ত পলাবলৈ ধৰো৷ কিন্তু এতিয়া সকলো দেশৰ প্ৰতিনিধি কুম্ভ মেলালৈ আহে৷ বিশ্বৰ সকলো দেশৰ ৰাষ্ট্ৰদূতে কুম্ভমেলালৈ গৈ তাত নিজৰ দেশৰ পতাকা উত্তোলন কৰি থৈ আহিছে৷ এয়াই ভাৰতৰ শক্তি৷
অধ্যক্ষ মহোদয়া, মোৰ বাবে আনন্দৰ কথা যে ২০১৪ত আমি যি লক্ষ্য লৈ ওলাইছিলো, দেশৰ সপোন পুৰণ কৰিবলৈ আমি যি কৰিলো, দেশৰ বাবে দিনে-ৰাতি পৰিশ্ৰম কৰিলো…দেশৰ ক’ৰবাত আৱদ্ধ হৈ থকা ৰোগী উদ্ধাৰ কৰাৰ বাবে কাম কৰিলো, তাৰ পৰিপ্ৰক্ষিতত প্ৰতিখন আঁচনিৰ জৰিয়তে সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি দেশৰ উপকাৰৰ বাবে আমি একেৰাহে কাম কৰি আছো৷ আমি কৰিছো, কৰি থাকিম বুলি দেশবাসীক বিশ্বাস দিছো৷
২০১৮ত মোৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱেৰে মোৰ টেটু চেপি ধৰিবলৈ বহুত প্ৰচেষ্টা চলালে৷ ডেৰ ঘণ্টালৈকে বিভিন্ন শ্ল’গানৰ মাজতো ঈশ্বৰৰ কৃপাত মই মোৰ কথা দেশ তথা বিশ্ববাসীৰ সন্মুখত ৰাখিলো আৰু সেই সময়ত মই আপোনালোকক শুভকামনা দিছিলো আৰু সেই একেই শুভকামনা আজি পুনৰ দিব বিচাৰিছো, আপোনালোকে ইমান প্ৰস্তুতি চলাওক যে ২০১৩ত পুনৰ অনাস্থা প্ৰস্তাৱ উত্থাপনৰ বাবে আপোনালোকে সূযোগ পায়… এই অহংকাৰ মনোভাৱৰ পৰিণতিতে ৪০০ৰ পৰিৱৰ্তে ৪০ হ’ল আৰু সেৱা মনোভাৱৰ ফলত ২খন আসনৰ পৰা ইয়াত বহিব পৰা হ’ল৷ মিত্ৰজোঁটৰ দুনিয়াত ঘুৰিব লগীয়া হৈছে৷ আপোনালোকৰ মুখত দীঘলীয়া ভাষণ শোভা নাপায় আৰু সেইবাবে অনাগত দিনত যিসকলে দেশ আগুৱাই গ’ল বুলি কৈ আছে তেওঁলোকক কওঁ ১৯৪৭ত দেশ স্বাধীন হোৱাৰ পৰা ২০১৪লৈকে কি প্ৰগতি হৈছে তাৰ লেখ-জোখ কৰিলে জানিব পাৰিব যে প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে কেৱল বিফলতাহে দেখিবলৈ পাব৷ বাকী দেশেই সেই সময়ছোৱাত আটাইতকৈ বৃহৎ বিফলতাৰে দিন পাৰ কৰিলছে, আমাৰ ওচৰত সম্ভাৱনা আছিল, আপোনালোকৰ গতিত দম নাছিল, নীতি নাছিল, কোনো দূৰদৃষ্টি নাছিল, সেয়েহে ৫-১৫টা সংস্থাৰ নাম দি আপোনালোকে গীত গাই থাকে, যদি সেই গতিতে চলি থাকি দেশৰ সমস্যাসমূহ সমাধান কৰাহ’লে, কৃষকসকলক পানী, সকলোৰে ঘৰত বিদ্যুৎ দিয়া হ’লে ভাল আছিল, কিন্তু একোৱেই নকৰিলে…আমি ৫৫ মাহত সম্পূৰ্ণ কৰিলো৷
শেষত মই ক’ব বিচাৰো যে খৰ্গে জীয়ে আজি পুৱাই বছবণ্বৰ কেতবোৰ বচন কৈছিল, কিন্তু খৰ্গে চাহাব আপুনিতো কৰ্ণাটকৰ হে, ইমান দিনৰ পাছত কিয় পঢ়িলে, এয়া যদি ২৫-৩৯ বছৰৰ পূৰ্বে পঢ়িলে হয়, তেতিয়াহ’লে যিসকল বেয়া পথত গৈছিল, তেওঁলোক নগ’লহেতেন, ভুল কাম নকৰিলেহেতেন৷ মই ভাবো যে প্ৰতিজন কংগ্ৰেছৰ ঘৰত এই বচন আঁৰি থোৱা উচিত৷ চৰকাৰে এতিয়া সূযোগ পাওতেই ডাঙৰ ডাঙৰ আখৰেৰে আঁৰি ৰাখিব, যাতে এই ৰোগীয়ে অপল ভয় খায় আৰু তাত ভুলতো মোদীৰ ফটো নাৰাখিব, নহ’লে বেচেৰাই ভয় খাব৷ সমস্যা আহিবই আৰু দেশৰ লুটিপুতি খোৱা সকলে মোদীক ভয় কৰি থাকিব, দেশবাসীয়ে মোক সেই কামৰ বাবে বহুৱাইছে, যিসকলে লুণ্ঠন চলাইছে, যিসকলে দেশৰ সৰ্বনাশ কৰিছে, তেওঁলোকে ভয় খাবই লাগিব আৰু তাৰবাবেই মই মোৰ জীৱন উচৰ্গা কৰিছো, এনে লোকৰ বিৰুদ্ধে যুঁজিবলৈকে জীৱন উচৰ্গা কৰিছো৷
মাননীয় অধ্যক্ষ মহোদয়া, শেষত মই এটা কথা কও যে এইখন দেশত চোৰ, লুণ্ঠনকাৰী, বদমাছসকলৰ কোনো ভয় নাছিল বাবে দেশ সৰ্বস্বান্ত হৈছিল৷ তেওঁলোকৰ মাজত ভয় সৃষ্টি কৰাৰ বাবে মোক ইয়াত বহুৱাইছে৷ এই কাম আগুৱাই নিয়াৰ ক্ষেত্ৰত মই এটা কথা কৈ মোৰ ভাষণ সামৰিম…
সুৰ্য অস্ত গ’লেও ক’ত যাব
তেওঁ ইয়াতে থাকিব লাগিব
আমাৰ উশাহত
আমাৰ শৰীৰত
আমাৰ সংকল্পত
আমাৰ ৰজনীত
তুমি উদাস নহ’বা
মই এতিয়াই কোনো সূৰ্যক অস্ত যাব নিদিও৷
বহুত বহু ধন্যবাদ৷
***
অতুল কুমাৰ তিৱাৰী /শ্বাহবাজ হচিবি /বাল্মিকী মাহাতো /মমতা/তাৰা/দিগন্ত বৈৰাগী
A Government has to work for the people of India, a Government has to be sensitive to people's aspirations.
— PMO India (@PMOIndia) February 7, 2019
There is no room for corruption: PM @narendramodi
So many members spoke in the debate in the Parliament. I thank them all: PM @narendramodi in the Lok Sabha
— PMO India (@PMOIndia) February 7, 2019
I congratulate all those who will be voting for the first time in the 2019 Parliamentary polls.
— PMO India (@PMOIndia) February 7, 2019
Those born in the 21st century are now going to be voters and thus, they will play a role in shaping India's progress: PM @narendramodi in the Lok Sabha
It is trust and optimism that will take our nation forward.
— PMO India (@PMOIndia) February 7, 2019
We are not those who run away from challenges.
We face the challenges and work to fulfil people's aspirations: PM @narendramodi
Our friends in the Congress see things in two time periods.
— PMO India (@PMOIndia) February 7, 2019
BC- Before Congress, when nothing happened.
AD- After dynasty- where everything happened: PM @narendramodi
India is seeing remarkable progress in the last four years.
— PMO India (@PMOIndia) February 7, 2019
In all spheres, investment, steel sector, start ups, milk and agriculture, aviation, India's progress is outstanding: PM @narendramodi
In hating Modi, the Opposition has begun to hate the nation.
— PMO India (@PMOIndia) February 7, 2019
That is why their leaders go to London and do press conferences to show India in bad light: PM @narendramodi
You know what is my crime for them?
— PMO India (@PMOIndia) February 7, 2019
That a person born to a poor family is challenging their Sultunate: PM @narendramodi
In their 55 years, sanitation coverage was around 38% and in our 55 months it is nearly 98%.
— PMO India (@PMOIndia) February 7, 2019
Gas connections in their 55 years was 12 crore, it is 13 crore in 55 months. We have worked at greater speed in our five years: PM @narendramodi
Think about it,
— PMO India (@PMOIndia) February 7, 2019
Congress imposed Emergency, but Modi is destroying institutions.
Congress insults Army, calls the Army Chief a Gunda but Modi is destroying institutions.
Congress leaders create stories that Indian Army is doing a coup…but Modi is destroying institutions: PM
Congress questions the EC and EVM but Modi is destroying institutions.
— PMO India (@PMOIndia) February 7, 2019
Congress bullies the judiciary but Modi is destroying institutions.
Congress calls Planning Commission a bunch of jokers…but Modi is destroying institutions: PM @narendramodi
Congress misuses Article 356 several times…but Modi is destroying institutions: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
The people of India have seen the work a Government with a full majority can do.
— PMO India (@PMOIndia) February 7, 2019
They have seen the work of NDA.
They do not want a महामिलावट Government of those who assembled in Kolkata: PM @narendramodi
During the CWG 2010, our players were playing hard to win medals for India.
— PMO India (@PMOIndia) February 7, 2019
But, for Congress, Commonwealth Games were an opportunity to boost personal wealth of a few in the Party: PM @narendramodi
The phone banking of the UPA did wonders for the friends of their leaders.
— PMO India (@PMOIndia) February 7, 2019
Due to such favouritism, our banking system witnessed many problems: PM @narendramodi
I want to say it on the floor of the Parliament that the Indian National Congress does not want our armed forces to be strong.
— PMO India (@PMOIndia) February 7, 2019
They do not want our security apparatus to be strong.
Which companies are they bidding for that they are acting so shamefully: PM @narendramodi
Dr. Babasaheb Ambedkar was always ahead of his time.
— PMO India (@PMOIndia) February 7, 2019
He had said that joining Congress is like committing suicide: PM @narendramodi
Thousands of organisations were getting funds from overseas.
— PMO India (@PMOIndia) February 7, 2019
We sought transparency in the process but these organisations shut down.
Why was such money allowed to come in without accountability: PM @narendramodi
Price rise and Congress are a team.
— PMO India (@PMOIndia) February 7, 2019
When Congress comes, so does rising prices.
The NDA Government has worked to keep prices under check: PM @narendramodi
What was the reason LED bulbs were so costly during the UPA era: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
Our Government has worked towards the good health and wellbeing of the people of India.
— PMO India (@PMOIndia) February 7, 2019
Prices of stents, knee surgeries and medicines are coming down.
This is helping the poorest of the poor: PM @narendramodi
सितंबर 2017 से लेकर नवंबर 2018 तक यानि करीब-करीब 15 महीने में लगभग 1 करोड़ 80 लाख लोगों ने पहली बार प्रॉविडेंट फंड का पैसा कटाना शुरू किया है। इनमें से भी 64 प्रतिशत 28 साल से कम आयु के हैं: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
इसके अलावा एक और तथ्य है। हमारे देश में मार्च 2014 में करीब-करीब 65 लाख लोगों को नेशनल पेंशन सिस्टम (NPS) में रजिस्टर किया गया था। पिछले साल अक्तूबर में ये संख्या बढ़कर करीब 1 करोड़ 20 लाख हो गई है। क्या ये भी बिना नई नौकरी के ही हो गया: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
एक और आकड़ा है। हर साल इनकम टैक्स रिटर्न भरते समय, Non-Corporate Taxpayers भी अपनी आय घोषित करते हैं। इन्हें खुद Salary नहीं मिलती, लेकिन ये लोग यहां नियुक्त लोगों को Salary देते हैं: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
पिछले चार वर्षों में देश में ऐसे 6 लाख 35 हजार नए प्रोफेशनल्स जुड़े। क्या आपको लगता है कि एक डॉक्टर ने अपना क्लिनिक या नर्सिंग होम खोला है, तो उसने सिर्फ एक व्यक्ति को ही नौकरी दी होगी, या कोई चार्टर्ड अकाउंटेंट सिर्फ एक व्यक्ति को नौकरी पर रखकर अपना दफ्तर चला रहा होगा? नहीं: PM
— PMO India (@PMOIndia) February 7, 2019
हज़ारों करोड़ रुपए की लागत से 99 लटकी पड़ी सिंचाई परियोजनाओं को पूरा किया जा रहा है: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
India will be friends with both Israel and Palestine.
— PMO India (@PMOIndia) February 7, 2019
India will be friends with both Saudi Arabia and Iran.
Our foreign policy has led to India's voice becoming stronger at the world stage: PM @narendramodi
We will always fulfil the aspirations of the people of India: PM @narendramodi
— PMO India (@PMOIndia) February 7, 2019
Arrogance got them down to 44 from 400.
— PMO India (@PMOIndia) February 7, 2019
Commitment to the nation and our hardwork got us from 2 to 282: PM @narendramodi
I assure you, those who have looted the nation will continue to be scared of Narendra Modi: PM @narendramodi in the Lok Sabha
— PMO India (@PMOIndia) February 7, 2019
सूरज जायेगा भी तो कहाँ
— PMO India (@PMOIndia) February 7, 2019
⁰उसे यहीं रहना होगा
⁰यहीं हमारी सांसों में
⁰हमारी रगों में
⁰हमारे संकल्पों में
⁰हमारे रतजगों में
⁰तुम उदास मत होओ
⁰अब मैं किसी भी सूरज को नही डूबने दूंगा।