Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শক্তি সুৰক্ষা খণ্ডলৈ উদগনি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ গাণ্টুৰ ভ্ৰমণ কৰে আৰু তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰকল্প মুকলি কৰা এই অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশআৰু তেলেংগানাৰ ৰাজ্যপাল শ্ৰী ই এছ এল নৰসিংহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা অসামৰিক বিমা পৰিবহন মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভূও উপস্থিত থাকে।

দেশৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা খণ্ডলৈ এক ক্ষীপ্ৰতা আনিবৰ উদ্দেশ্য আগত ৰাখি ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভ লিমিটেড (আইএছপিআৰএল)ৰ অধীনত নিৰ্মাণ কৰি উলিওৱা এই ১.৩৩ এমএমটি বিশাখাপট্টনম ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভ দেশবাসীৰ প্ৰতি উছৰ্গা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে এই সমগ্ৰ প্ৰকল্পটো নিৰ্মাণৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ১১২৫ কোটি টকা। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ ‘আণ্ডাৰগ্ৰাউণ্ড ষ্টোৰেজ কম্পাৰ্টমেণ্ট’ (ভুগৰ্ভত পেট্ৰ’লিয়াম মজুতকৰণ ভাণ্ডাৰ)ৰ সুবিধা থকা প্ৰকল্পই হৈছে এই প্ৰকল্প।

প্রধানমন্ত্রীয়ে কৃষ্ণপটনমত ভাৰত পেট্রলিয়াম কর্প’ৰেশ্যন লিমিটেড কোষ্টেল ইনষ্টলেশ্যনপ্ৰকল্পৰো আধাৰশিলা মুকলি কৰিব। ১০০ একৰভূমিত নিৰ্মাণ হ’বলগীয়া এই প্রকল্প নির্মাণত ব্যয় হ’ব ৫৮০ কোটি টকা। ২০২০ চনৰ নৱেম্বৰমাহত এই প্রকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব। সম্পূর্ণ স্বয়ংক্রিয় আৰু দেশীয় প্রযুক্তিৰেপ্ৰস্তুত কৰা কোষ্টেল ইনষ্টলেশ্যন প্ৰকল্পটো আৰম্ভ হ’লে অন্ধ্রপ্রদেশত পেট্র’লিয়ামজাত সামগ্রী সম্পূর্ণ সুৰক্ষিত থাকিব।

PM India

গেছভিত্তিক অর্থনীতিক অধিক শক্তিশালী কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণা – গোদাবৰী অৱবাহিকাত  অ’এনজিচি-ৰ এছ-১ বশিষ্ট উন্নয়ন প্ৰকল্পটো দেশৰ প্ৰতি উছৰ্গা কৰে। এই প্রকল্প নিৰ্মাণৰ ক্ষেত্ৰতহ’বলগীয়া ব্যয়ৰ পৰিমাণ হৈছে ৫ হাজাৰ ৭০০ কোটি টকা। এই প্রকল্পৰ ফলত, আগন্তুক ২০২০ চনৰ ভিতৰতদেশলৈ তেলৰ আমদানি ১০ শতাংশ হ্ৰাস কৰাৰ প্রধানমন্ত্রীয়ে কৰি ৰখা পৰিকল্পনা  ফলপ্ৰসূ হ’ব।

****

AKT/KP/RD